ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ১৩
  • ঈশ্বৰৰ বন্ধু—অব্ৰাহাম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ বন্ধু—অব্ৰাহাম
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • অব্ৰাহাম আৰু চাৰাই ঈশ্বৰৰ কথা মানিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • অব্ৰাহামৰ দৰে আপোনাৰো বিশ্বাস আছেনে?
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • আপুনি “ভিত্তিমূল থকা সেই নগৰলৈ” অপেক্ষা কৰিছেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • ঈশ্বৰৰ দ্বাৰা অব্ৰাহামৰ পৰীক্ষা
    বাইবেলৰ কাহিনী
আৰু চাওক
বাইবেলৰ কাহিনী
my কাহিনী ১৩
অবাহামে তৰাৰে পৰিপূৰ্ণ হৈ থকা আকাশখনলৈ মূৰ তুলি চাইছ

কাহিনী ১৩

ঈশ্বৰৰ বন্ধু—অব্ৰাহাম

জল-প্লাৱনৰ পাছত কিছুমান লোকে ঊৰ নামৰ ঠাইখনত থাকিবলৈ আহিল। লাহে লাহে এই ঠাইখন এক গুৰুত্বপূৰ্ণ নগৰ হৈ পৰিল। ইয়াৰ কিছুমান ঘৰ দেখিবলৈ বৰ সুন্দৰ আছিল। কিন্তু ঊৰ আৰু বাবিলৰ লোকসকলে নোহ আৰু তেওঁৰ পুত্ৰ চেমৰ দৰে যিহোৱাক উপাসনা নকৰিছিল। ইয়াত বাস কৰা লোকসকলে মিছা দেৱতাবোৰক উপাসনা কৰিছিল।

জল-প্লাৱন হোৱা ৩৫০ বছৰৰ পাছত নোহৰ মৃত্যু হয়। নোহৰ মৃত্যুৰ দুবছৰৰ পাছত ছবিখনত দেখুৱা মানুহজনৰ জন্ম হৈছিল। তেওঁৰ নাম হৈছে অব্ৰাহাম। তেওঁ ঈশ্বৰৰ বৰ প্ৰিয় আছিল। ঊৰ নামৰ নগৰখনত অব্ৰাহামে তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰিছিল।

এদিনাখন যিহোৱা ঈশ্বৰে অব্ৰাহামক কʼলে: ‘তুমি নিজ দেশ, নিজ জ্ঞাতি-কুটুম্ব আৰু নিজ পিতৃৰ ঘৰ ত্যাগ কৰি, মই যি দেশ তোমাক দেখুৱাম, সেই দেশলৈ যোৱা।’ ঈশ্বৰৰ কথা অনুসৰি অব্ৰাহামে ঊৰ নগৰৰ সকলো লাহ-বিলাহ ত্যাগ কৰি আন এক দেশলৈ যাবনে? হয়, তেওঁ তাকে কৰিলে। অব্ৰাহামে সদায় ঈশ্বৰৰ আজ্ঞা পালন কৰিছিল আৰু সেইবাবে তেওঁক ঈশ্বৰৰ বন্ধু বুলি কোৱা হয়।

ঊৰ নগৰ ত্যাগ কৰাৰ সময়ত অব্ৰাহামৰ পিতৃ তেৰহ, পত্নী চাৰা আৰু ভতিজা লোটে তেওঁৰ লগত যাবলৈ ওলাল। এসময়ত তেওঁলোক হাৰণ নামৰ ঠাইখন পালেহি আৰু ইয়াত অব্ৰাহামৰ পিতৃ তেৰহৰ মৃত্যু হয়। তেওঁলোক এতিয়া ঊৰ নগৰৰপৰা বহুত দূৰ পালেগৈ।

কিছুদিনৰ পাছত অব্ৰাহাম আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে হাৰণ ত্যাগ কৰি কনান দেশ পালেহি। ইয়াত যিহোৱাই অব্ৰাহামক কʼলে: “তোমাৰ বংশকেই মই এই দেশ দিম।” ইয়াৰ পাছত অব্ৰাহামে কনান দেশত বাস কৰিবলৈ ধৰিলে।

ঈশ্বৰে আশীৰ্ব্বাদ কৰাৰ ফলত অব্ৰাহামৰ বহুতো জীৱ-জন্তু, ভেড়া আৰু দাস-দাসী হʼল। কিন্তু অব্ৰাহামৰ নিজৰ কোনো সন্তান নাছিল।

অব্ৰাহামৰ ৯৯ বছৰ বয়সত যিহোৱাই তেওঁক কʼলে: ‘মই প্ৰতিজ্ঞা কৰিছোঁ যে তুমি জাতিসমূহৰ আদিপিতৃ হʼবা।’ কিন্তু এই বয়সত অব্ৰাহাম আৰু চাৰাৰ সন্তান হোৱাটো সম্ভৱ জানো?

আদিপুস্তক ১১:২৭-৩২; ১২:১-৭; ১৭:১-৮, ১৫-১৭; ১৮:৯-১৯.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক