ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ১৪
  • ঈশ্বৰৰ দ্বাৰা অব্ৰাহামৰ পৰীক্ষা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ দ্বাৰা অব্ৰাহামৰ পৰীক্ষা
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • বিশ্বাসৰ পৰীক্ষা
    বাইবেলৰ পৰা শিকোঁ আহা
  • অব্ৰাহাম আৰু চাৰাই ঈশ্বৰৰ কথা মানিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • আপুনি “ভিত্তিমূল থকা সেই নগৰলৈ” অপেক্ষা কৰিছেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • ঈশ্বৰে অব্ৰাহামৰ লগত এক নিয়ম স্থাপন কৰিলে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
আৰু চাওক
বাইবেলৰ কাহিনী
my কাহিনী ১৪
অবাহামে ইচ্‌হাকক বলি দিবলৈ পতুত হৈছ; এটা ভেড়া ওচৰৰ জোপোহাত লাগি ধৰিছ

কাহিনী ১৪

ঈশ্বৰৰ দ্বাৰা অব্ৰাহামৰ পৰীক্ষা

ছবিখনত দেখুৱা এই দুজন লোক কোন হয় কʼব পাৰিবানে? ছুৰীখন ধৰি থকা মানুহজন হৈছে অব্ৰাহাম আৰু বেদীৰ ওপৰত থকা লʼৰাজন হৈছে তেওঁৰ পুত্ৰ। কিন্তু ছুৰীখনেৰে অব্ৰাহামে কি কৰিব বিচাৰিছে? এনে লাগিছে যেন তেওঁ নিজৰ পুত্ৰক হত্যা কৰিবলৈ গৈ আছে। অব্ৰাহামে এনে কিয় কৰিব বাৰু? ইয়াৰ উত্তৰ পোৱাৰ আগতে আহাঁ আমি চাওঁ যে অব্ৰাহাম আৰু চাৰাৰ জীৱনলৈ কেনেকৈ এই পুত্ৰ আহিল।

অব্ৰাহাম আৰু চাৰাক ঈশ্বৰে কি প্ৰতিজ্ঞা কৰিছিল, তাৰ বিষয়ে তোমাৰ নিশ্চয় মনত আছে। এটা পুত্ৰ সন্তান জন্ম হʼব বুলি ঈশ্বৰে তেওঁলোকক কৈছিল। চাৰা আৰু অব্ৰাহাম বুঢ়া হোৱাৰ বাবে তেনে হোৱাটো অসম্ভৱ যেন লাগিব পাৰে। কিন্তু অব্ৰাহামে বিশ্বাস কৰিছিল যে ঈশ্বৰৰ দৃষ্টিত কোনো কাম অসম্ভৱ নহয়। ঈশ্বৰৰ এই প্ৰতিজ্ঞা পূৰ হʼলনে?

ঈশ্বৰে অব্ৰাহামক প্ৰতিজ্ঞা কৰা প্ৰায় এবছৰেই হʼল। অব্ৰাহামৰ ১০০ বছৰ আৰু চাৰাৰ ৯০ বছৰ বয়সত, তেওঁলোকৰ এটা পুত্ৰ সন্তানৰ জন্ম হয়। তেওঁলোকে এই পুত্ৰৰ নাম ইচ্‌হাক ৰাখিলে। এইদৰে ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা পূৰ কৰিলে।

ইচ্‌হাক ডাঙৰ হোৱাত যিহোৱা ঈশ্বৰে অব্ৰাহামৰ বিশ্বাসৰ পৰীক্ষা লʼলে। ঈশ্বৰে অব্ৰাহামক কʼলে: ‘হে অব্ৰাহাম,’ তেতিয়া অব্ৰাহামে উত্তৰ দিলে, ‘চাওক, মই আছোঁ।’ ঈশ্বৰে কʼলে: ‘তোমাৰ মৰমৰ পুত্ৰ ইচ্‌হাকক লগত লৈ মই যি পৰ্ব্বতৰ কথা তোমাক কʼম, তাৰ ওপৰত তাক বলিদান কৰাগৈ।’

ঈশ্বৰে অব্ৰাহামৰ একমাত্ৰ পুত্ৰক বলিদান কৰিবলৈ কোৱাৰ বাবে তেওঁৰ মনত নিশ্চয় আঘাত লাগিছিল। অব্ৰাহামক কৰা ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়ে তোমাৰ হয়তো মনত আছে। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল যে অব্ৰাহামৰ বংশৰ লোকসকলে কনান দেশত বাস কৰিব। কিন্তু যদি ইচ্‌হাকৰ মৃত্যু হয়, তেনেহʼলে এই প্ৰতিজ্ঞা কেনেকৈ পূৰ হʼব? ইয়াৰ উত্তৰ অব্ৰাহামে বিচাৰি নাপালে। কিন্তু তেতিয়াও তেওঁ ঈশ্বৰৰ আজ্ঞা পালন কৰিলে।

ঈশ্বৰৰ বাক্য অনুসৰি অব্ৰাহামে পৰ্ব্বত পালেগৈ। এই পৰ্ব্বতত অব্ৰাহামে এটা বেদী তৈয়াৰ কৰিলে আৰু ইচ্‌হাকক বান্ধি সেই বেদীৰ ওপৰত ৰাখিলে। অব্ৰাহামে এখন ছুৰীৰে নিজ পুত্ৰক বলিদান কৰিবলৈ সাজু হʼল। সেই মুহূৰ্ত্ততে ঈশ্বৰৰ দূতে অব্ৰাহামক কʼলে: ‘হে অব্ৰাহাম, অব্ৰাহাম!’ আৰু অব্ৰাহামে উত্তৰ দিলে, ‘চাওকচোন, মই আছোঁ।’

ঈশ্বৰে কʼলে: ‘তুমি লʼৰাৰ গাত হাত নিদিবা আৰু তাক একোকে নকৰিবা। কিয়নো তুমি যে ঈশ্বৰ বিশ্বাসী লোক, তাক মই এতিয়া জানিছোঁ। কাৰণ তোমাৰ একমাত্ৰ পুত্ৰকো মোক দিবলৈ তুমি অসন্মত নহʼলা।’

ঈশ্বৰৰ প্ৰতি অব্ৰাহামৰ কি যে দৃঢ় বিশ্বাস আছিল! যিহোৱা ঈশ্বৰৰ বাবে যে একো অসম্ভৱ নহয়, তাক অব্ৰাহামে ভালদৰে জানিছিল। তেওঁ বিশ্বাস কৰিছিল যে ইচ্‌হাকৰ মৃত্যু হʼলেও ঈশ্বৰে তেওঁক পুনৰ জীয়াই তুলিব পাৰে। কিন্তু অব্ৰাহামে ইচ্‌হাকক বলিদান কৰাটো ঈশ্বৰৰ উদ্দেশ্য নাছিল। সেইবাবে ঈশ্বৰে বলিদান কৰিবলৈ ভেড়া এটাক জোপোহাত লাগি ধৰাৰ ব্যৱস্থা কৰিলে আৰু ইচ্‌হাকৰ পৰিৱৰ্তে এই ভেড়াক বলিদান দিবলৈ ঈশ্বৰে অব্ৰাহামক আজ্ঞা দিলে।

আদিপুস্তক ২১:১-৭; ২২:১-১৮.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক