যুদ্ধৰ ফলত হোৱা মানসিক আঘাতসমূহ
দ্বিতীয় বিশ্ব যুদ্ধত ভাগ লোৱা এজন ভূতপূৰ্ব সৈনিকে এইদৰে কৈছিল, “যুদ্ধ পথাৰত কোনো বিজয়ী নহয়। মাত্ৰ পৰাস্তহে হʼব লগা হয়।” তেওঁ কোৱা এই কথাফাঁকিত বহুতে সন্মত হʼব। কিয়নো যুদ্ধৰ সময়ত উভয় পক্ষই অধিক মাত্ৰাত ধন, অস্ত্ৰ-শস্ত্ৰ, আনকি সৈনিককো হেৰুৱাব লগা হয়। যুদ্ধ শেষ হোৱাৰ পাছতো লাখ সংখ্যক লোকে শাৰীৰিক আৰু মানসিকভাৱে ক্ষতিত ভুগিবলগীয়া হয়।
কেনে ধৰণৰ ক্ষতি ভুগিবলগীয়া হয়? উদাহৰণস্বৰূপে এখন যুদ্ধত, বৃহত সংখ্যক লʼৰা-ছোৱালীয়ে নিজৰ পিতৃক হেৰুৱাৰ বাবে মাউৰা হৈ পৰে আৰু স্ত্ৰীসকলে নিজৰ স্বামীক হেৰুৱাই গোটেই জীৱনটো বিধৱাৰূপে কটাব লগীয়া হয়। যিসকলে যুদ্ধৰ পৰা ৰক্ষা পাই তেওঁলোকেও শাৰীৰিকভাৱে অক্ষম হৈ পৰে, যাৰ ফলত তেওঁলোকে মানসিকভাৱে ভাঙি পৰে। তদুপৰি বহুতো লোকে নিজৰ ঘৰ-দুৱাৰ হেৰুৱাই শৰণাৰ্থীৰূপে আশ্ৰয় লবলগীয়া হয়। আমি তেনে এক ঘৃণনীয়, বেদনাদায়ক পৰিস্থিতিৰ বিষয়ে কল্পনা কৰিব পাৰোঁনে যিয়ে সকলোকে মানসিক আৰু শাৰীৰিকৰূপে আঘাত দিয়ে?
যুদ্ধৰ ফলত হোৱা দীৰ্ঘকলীয়া আঘাত
যুদ্ধ সমাপ্তি হোৱাৰ পিছতো লোকসকলৰ হৃদয়ত বহুদিনৰ বাবে এনে এক বেদনাদায়ক আঘাত থাকি যায়। যিয়ে আহিবলগীয়া বংশৰ মনতো সেই ঘৃণাৰ ভাব গভীৰৰূপে বাঁহ লয় যাৰ ফলস্বৰূপে তেওঁলোকেও ইজনে সিজনক শত্ৰুভাবে দৃষ্টি কৰে আৰু ইয়ে আন এক যুদ্ধৰ মুখ্য কাৰণ হৈ পৰে।
উদাহৰণস্বৰূপে, ১৯১৯ চনত প্ৰথম বিশ্ব যুদ্ধৰ সমাপ্তিৰ বাবে ভ্যাৰচ্যালেচ্ নামৰ এখন চুক্তি পত্ৰ জাৰি কৰা হৈছিল। সেই চুক্তিখনৰ অনুসাৰে জাৰ্মানীৰ ওপৰত বহুতো প্ৰতিবন্ধক আৰু সৰ্ত্ত ৰখা হৈছিল। কিন্তু জাৰ্মানীৰ লোকসকলে সেই প্ৰতিবন্ধক আৰু সৰ্ত্তবোৰক পালন কৰিবলৈ অস্বীকাৰ কৰিলে। কিয়নো তেওঁলোকে সেইবোৰক কঠোৰ শাস্তি আৰু প্ৰতিশোধ লোৱা যেন বোধ কৰিছিল। ইয়াৰ বিষয়ে বিশ্বকোষ ব্ৰিটানিকাই এইদৰে কৈছে, “সেই চুক্তিয়ে জাৰ্মানৰ নাগৰিকসকলৰ মনত প্ৰতিশোধ লোৱা মনোবৃত্তিৰ জন্ম দিলে।” এতেকে কিছু বছৰৰ পাছত “হিটলাৰ নামৰ এজন ব্যক্তিয়ে সেই চুক্তিৰ বিৰুদ্ধে থিয় দিয়ে আৰু পৰিণামস্বৰূপে দ্বিতীয় বিশ্ব যুদ্ধৰ আৰম্ভ হয়।”
এই দ্বিতীয় বিশ্ব যুদ্ধ পʼলেণ্ড দেশৰ পৰা আৰম্ভ হৈ পূব ফালে থকা ৰুমানীয়া, বুলগেৰিয়া, য়ুগʼস্লভিয়া, গ্ৰীছ আৰু ওচৰে-পাজৰে থকা দেশবোৰতো বিয়পি পৰে। ইয়াৰ উপৰিও, ১৯৪০ চনত সেই যুদ্ধৰ ফলত উৎপন্ন হোৱা জাতিগত সংঘৰ্ষ ইমানে বৃদ্ধি পালে যে ১৯৯০ চনতো ইয়াৰ প্ৰভাৱ অধিকৈ দেখা পোৱা গৈছিল। ইয়াৰ বিষয়ে দ্যা জাইট নামৰ এখন জাৰ্মানীৰ বাতৰি কাকতে এইদৰে মন্তব্য দিছিল: “সেই সময়ত সৃষ্টি হোৱা ঘৃণা ভাব আৰু প্ৰতিশোধ লোৱা মনোবৃত্তি আজিলৈকে প্ৰবল হৈ আছে।”
যেতিয়ালৈকে এই ক্ষতি পূৰণ নহয় তেতিয়ালৈকে মানৱে কেতিয়াও সুখ আৰু শান্তিৰে জীৱন নিৰ্বাহ কৰিব নোৱাৰিব। ইয়াক কেনেকৈ সম্পন্ন কৰিব পৰা যায়? কেনেকৈ এই ঘৃণা ভাব আৰু দুৰ্দশা অৱস্থা দূৰ কৰা যাব? যুদ্ধৰ ফলত হোৱা ক্ষতিবোৰক কোনে পূৰণ কৰিব পাৰে?
(w01 1/1)
[২ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
COVER: Fatmir Boshnjaku
[৩ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
U.S. Coast Guard photo; UN PHOTO 158297/J. Isaac