ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ১/১ পৃষ্ঠা ১৩-১৭
  • আপোনাৰ প্ৰেম সীমিত নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ প্ৰেম সীমিত নে?
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পৰিয়ালৰ মাজত প্ৰেম
  • খ্ৰীষ্টান ভাইসকলৰ প্ৰতি প্ৰেম প্ৰকাশ কৰক
  • ঈশ্বৰৰ দৰে আমিও জগতক প্ৰেম কৰা উচিত
  • নিজৰ শত্ৰুক প্ৰেম কৰা
  • আমি কেনেকৈ এই প্ৰেমক বিকাশিত কৰিব পাৰোঁ?
  • প্ৰেমেৰে নিজকে গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰকৃত প্ৰেম কিদৰে বিকাশিত কৰিব পাৰি
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ১/১ পৃষ্ঠা ১৩-১৭

আপোনাৰ প্ৰেম সীমিত নে?

“আৰু তাৰে নিচিনা দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।”—মথি ২২:৩৯.

১. যদি আমি যিহোৱাক প্ৰেম কৰিব বিচাৰোঁ, তেনেহʼলে আমি কিয় চুবুৰীয়াক প্ৰেম কৰা উচিত?

যেতিয়া সকলোতকৈ মহান আজ্ঞাৰ বিষয়ে যীচুক প্ৰশ্ন সোধা হৈছিল, তেতিয়া তেওঁ এইদৰে প্ৰত্যুত্তৰ দি কৈছিল: “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা; আৰু তাৰে নিচিনা দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।” (মথি ২২:৩৭, ৩৯) চুবুৰীয়াক প্ৰেম কৰা অৰ্থ হৈছে এজন ব্যক্তিয়ে নিজকে সত্য খ্ৰীষ্টান হোৱাৰ পৰিচয় দিয়া। দৰাচলতে, যদি আমি যিহোৱাক প্ৰেম কৰোঁ তেন্তে চুবুৰীয়াকো প্ৰেম কৰা উচিত। কিয়? কিয়নো ঈশ্বৰৰ আজ্ঞাক পালন কৰাৰ দ্বাৰা দেখুৱাব পাৰোঁ যে আমি তেওঁক প্ৰেম কৰোঁ। গতিকে যদি আমি আমাৰ ভাই-ভনীসকলক প্ৰেম নকৰোঁ তেন্তে তেওঁৰ প্ৰতি থকা আমাৰ প্ৰেম ব্যৰ্থ হʼব।—ৰোমীয়া ১৩:৮; ১ যোহন ২:৫; ৪:২০, ২১.

২. আমাৰ চুবুৰীয়াৰ প্ৰতি কেনেধৰণৰ প্ৰেম প্ৰকাশ কৰা উচিত?

২ যেতিয়া যীচুৱে কৈছিল যে চুবুৰীয়াক প্ৰেম কৰা উচিত, ইয়াৰ অৰ্থ আছিল যেনেকৈ মিত্ৰক প্ৰেম কৰা যায় তাতকৈও অধিক কৰা। তেওঁ এনে এক প্ৰেমৰ বিষয়ে উল্লেখ কৰিছিল যি পৰিয়াল বা স্বামী-স্ত্ৰীৰ মাজত থকা প্ৰেমতকৈও উচ্চ। উদাহৰণস্বৰূপে, যেনেকৈ যিহোৱা আৰু তেওঁৰ সমৰ্পিত সেৱকসকলৰ মাজত প্ৰকাশ পোৱা প্ৰেমৰ বিষয়ে উল্লেখ কৰিছিল। (যোহন ১৭:২৬; ১ যোহন ৪:১১, ১৯) এজন যিহূদী অধ্যাপক যিজনে যীচুক পৰীক্ষা কৰাৰ মনেৰে সুধিছিল, তেৱোঁ যীচুৰ সৈতে সন্মত হৈছিল যে ঈশ্বৰক “সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে” প্ৰেম কৰা উচিত। (মাৰ্ক ১২:২৮-৩১) তেওঁৰ উত্তৰ সঠিক আছিল। এজন খ্ৰীষ্টানে ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেম বিকাশিত কৰা আৱশ্যক আৰু ইয়াত সন্মিলিত আছে আমাৰ আৱেগ আৰু বুদ্ধি। হৃদয়ে ইয়াক অনুভৱ কৰে আৰু মনৰ দ্বাৰা পথ-প্ৰদৰ্শন কৰা হয়।

৩. (ক)যীচুৱে এজন “বিধান-পন্ডিতক” কেনেকৈ শিকালে যে যিজন তেওঁৰ চুবুৰীয়া তেওঁৰ প্ৰতি বহল দৃষ্টিভঙ্গী ৰখা উচিত? (খ) বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলে কেনেকৈ যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰে?

৩ লূকৰ বৃত্তান্তত, যেতিয়া যীচুৱে কৈছিল যে আমি আমাৰ চুবুৰীয়াক প্ৰেম কৰা উচিত সেই সময়ত “এজন বিধান-পণ্ডিতে” সুধিছিল: “মোৰ ওচৰ চুবুৰীয়া নো কোন?” যীচুৱে তেওঁক এটা দৃষ্টান্তৰ দ্বাৰা তেওঁক উত্তৰ দিছিল। এজন মানুহ ডকাইতৰ হাতত পৰিল; তাতে সিহঁতে তেওঁৰ সকলোবোৰ লুটি লৈ মৰিয়াই আধা মৰাকৈ ৰাস্তাৰ দাঁতিত এৰি গুচি গʼল। প্ৰথমে এজন পুৰোহিত আৰু লেবীয়াই তেওঁক দেখি এফলীয়া হৈ গুচি গʼল। দুয়োজনে তেওঁক নেদেখা ভাও জুৰি এৰি দিলে। শেষত, এজন চমৰীয়াই সেই পথেদি গৈ থাকোঁতে সেই মানুহজনক তেনেদৰে পৰি থকা দেখি মৰম লাগিল আৰু তেওঁৰ প্ৰতি বৃহৎ উপকাৰ কৰিলে। এই তিনি জনৰ মাজত কোনজন সেই মানুহজনৰ চুবুৰীয়া আছিল? ইয়াৰ উত্তৰ একেবাৰে স্পষ্টৰূপে ওলাই পৰিল। (লূক ১০:২৫-৩৭) যেতিয়া যীচুৱে কʼলে যে পুৰোহিত আৰু লেবীয়াতকৈ উত্তম চুবুৰীয়া এজন চমৰীয়া, এই কথা শুনি সেই বিধান-পণ্ডিতজনে অতি আচৰিত হʼল। স্পষ্টৰূপে, যীচুৱে সেই পন্ডিতজনক অন্য জাতিৰ লোকসকলো যে তেওঁৰ চুবুৰীয়া তাক বুজিবলৈ সহায় কৰিছিল। খ্ৰীষ্টানসকলেও সেইদৰে প্ৰেম কৰা উচিত। সেইসকলৰ বিষয়ে বিবেচনা কৰক যিসকলক তেওঁলোকে প্ৰেম কৰে।

পৰিয়ালৰ মাজত প্ৰেম

৪. প্ৰথমে, কোনটো ক্ষেত্ৰত খ্ৰীষ্টানসকলে প্ৰেম প্ৰদৰ্শন কৰা উচিত?

৪ খ্ৰীষ্টানসকলে নিজৰ পৰিয়ালৰ সদস্যক প্ৰেম কৰে। স্ত্ৰীয়ে স্বামীক, স্বামীয়ে স্ত্ৰীক আৰু পিতৃ-মাতৃয়ে নিজৰ সন্তানক প্ৰেম কৰে। (উপদেশক ৯:৯; ইফিচীয়া ৫:৩৩; তীত ২:৪) সঁচাকৈ, বেছিভাগ পৰিয়ালত প্ৰকৃত প্ৰেমৰ বন্ধনক দেখা পোৱা যায়। যিহেতু, ৰিপৰ্টে দেখুৱাই যে বৰ্তমান সময়ত পৰিয়ালবোৰ বিস্তাৰিত হোৱাৰ বাবে সেই প্ৰেমক বজাই ৰাখিব পৰা নাই। এই হেতুকে বিবাহ-বিচ্ছেদ, বৈবাহিক সঙ্গীৰ অপব্যৱহাৰ, সন্তানসকলক অৱহেলা বা অপব্যৱহাৰ দিনে-দিনে বৃদ্ধি হৈছে। (২ তীমথিয় ৩:১-৩) এক সফলপ্ৰাপ্ত পৰিয়াল জীৱন গঢ়ি তুলিবলৈ হʼলে খ্ৰীষ্টানসকলে যিহোৱা আৰু যীচুৰ দৰে প্ৰেম প্ৰকাশ কৰা আৱশ্যক।—ইফিচীয়া ৫:২১-২৭.

৫. নিজৰ সন্তানক প্ৰতি-পালন কৰিবলৈ পিতৃ-মাতৃসকলে কালৈ অপেক্ষা কৰা উচিত আৰু বহুতৰ বাবে কেনেধৰণৰ পৰিণাম কঢ়িয়াই আনিছে?

৫ খ্ৰীষ্টান পিতৃ-মাতৃসকলে নিজৰ সন্তানক যিহোৱাৰ পৰা পোৱা এক বহুমূলীয়া দানৰূপে দৃষ্টি কৰে। গতিকে তেওঁলোকে নিজৰ সন্তানক প্ৰতি-পালন কৰিবলৈ যিহোৱাৰ সহায়লৈ অপেক্ষা কৰে। (গীতমালা ১২৭:৩-৫; হিতোপদেশ ২২:৬) এইদৰে তেওঁলোকে খ্ৰীষ্টান প্ৰেমক বিকাশিত কৰে আৰু নিজৰ সন্তানবোৰক ভ্ৰষ্ট হোৱা প্ৰভাৱৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ সহায় আগবঢ়ায়, যি প্ৰভাৱৰ দ্বাৰা আজি বহুতো কিশোৰ-কিশোৰীয়ে ফান্দত পৰে। পৰিণামস্বৰূপে, বহুতো খ্ৰীষ্টান পিতৃ-মাতৃয়ে আনন্দিত হৈছে। উদাহৰণস্বৰূপে, নেডাৰলেণ্ডৰ এগৰাকী মাতৃয়ে নিজৰ পুত্ৰক বাপ্তিষ্মা লোৱা দেখি উল্লাসিত হৈছিল। যোৱা বছৰ নেডাৰলেণ্ডত ৫৭৫ জন বাপ্তিষ্মা লোৱা লোকসকলৰ ভিতৰত তাইৰ পুত্ৰও এজন আছিল। তাই এইদৰে লিখিছে: “সেই সময়ত, মই যোৱা ২০ বছৰৰ পৰিশ্ৰমৰ ফল পাওঁ। সকলো সময় আৰু শক্তি, তদুপৰি দুখ, প্ৰচেষ্টা আৰু বেদনা এইবোৰ মই এতিয়া পাহৰিলোঁ।” যেতিয়া তাইৰ পুত্ৰই যিহোৱাক সেৱা কৰা ইচ্ছাক বাঁচনি কৰে সেই সময়ত তাই কিমান যে সুখী হয়! যোৱা বছৰত নেডাৰলেণ্ডত গড় হিচাপে ৩১, ০৮৯ জন প্ৰচাৰকে ৰিপৰ্ট কৰে, যʼত সন্মিলিত আছিল সেইবিলাক সন্তান যিসকলে নিজৰ পিতৃ-মাতৃৰ পৰা যিহোৱাক প্ৰেম কৰিবলৈ শিকিছিল।

৬. কেনেকৈ খ্ৰীষ্টান প্ৰেমে বৈবাহিক বন্ধনক শক্তিশালী কৰিবলৈ সহায় কৰে?

৬ পৌলে এই প্ৰেমক “সৰ্ব্বসিদ্ধিৰ বান্ধনি” বুলি কৈছিল আৰু এই প্ৰেমে বৈবাহিক বন্ধনক ধুমুহাৰূপী সমস্যাৰ মাজতো ঐক্যতাৰে বান্ধি ৰাখে। (কলচীয়া ৩:১৪, ১৮, ১৯; ১ পিতৰ ৩:১-৭) টাহিটিৰ পৰা ৭০০ কিলোমিটাৰ দূৰত থকা ৰুৰুটু নামৰ এটা সৰু দ্বীপত এজন ব্যক্তিয়ে যিহোৱাৰ সাক্ষীৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰে। কিন্তু তেওঁৰ স্ত্ৰীয়ে ইয়াৰ বাবে ঘোৰ বিৰোধ কৰে আৰু শেষত, নিজৰ সন্তানবোৰক লৈ টাহিটিলৈ গুচি যায়। তথাপি তেওঁ নিয়মিতৰূপে টকা পঠিয়াই আৰু ফোন কৰি সোধে যে তাইক বা সন্তানবোৰক যদি কোনো বস্তুৰ আৱশ্যকতা আছে তেনেহʼলে তেওঁক যাতে জনায়। এইদৰে তেওঁ নিজৰ পৰিয়ালৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰে আৰু খ্ৰীষ্টান বাধ্যতাক পালন কৰি যিমান সম্ভৱ হয় নিজৰ পৰিয়ালৰ বাবে সকলোবোৰ কৰে। (১ তীমথিয় ৫:৮) তেওঁ সদায় ইয়াকে প্ৰাৰ্থনা কৰিছিল যে তেওঁৰ স্ত্ৰী আৰু সন্তানবিলাক যাতে পুনৰাই ঘূৰি আহি আকৌ একেলগে পৰিয়ালৰূপে থাকে। অৱশেষত তেওঁলোকে এক পৰিয়াল হিচাপে জীৱন-যাপন আৰম্ভ কৰিবলৈ সক্ষম হʼল। এইবাৰ তেওঁ তাইৰ সৈতে আগতকৈও অধিক ‘প্ৰেম, ধৈৰ্য্য, মৃদুভাৱেৰে’ ব্যৱহাৰ কৰিছিল। (১ তীমথিয় ৬:১১) ১৯৯৮ চনত, তেওঁ বাপ্তিষ্মা লয় আৰু যেতিয়া তেওঁৰ স্ত্ৰীয়ে বাইবেল অধ্যয়নক স্বীকাৰ কৰে সেই সময়ত তেওঁ আনন্দত প্ৰফুল্লিত হয়। যোৱা বছৰৰ টাহিটি ক্ষেত্ৰত বাইবেল অধ্যয়ন কৰা তাই ১, ৩৫১ জনৰ মাজৰ এগৰাকী মহিলা আছিল।

৭. জাৰ্মানীৰ এজন ব্যক্তিৰ মতে, কিহে তেওঁৰ বৈবাহিক বন্ধনক শক্তিশালী কৰিলে?

৭ জাৰ্মানৰ এজন ব্যক্তিয়ে তেওঁৰ পত্নীয়ে যিহোৱাৰ সাক্ষীসকলৰ সৈতে বাইবেল অধ্যয়ন কৰাৰ বাবে বিৰোধ কৰিছিল। কিয়নো তেওঁ ভাবিছিল যে যিহোৱাৰ সাক্ষীসকলে তাইক প্ৰবঞ্চনা কৰিবলৈ বিচাৰিছে। যিহেতু পাছলৈ সেই ব্যক্তিজনে, তেওঁৰ পত্নীক শুভবাৰ্ত্তা দিয়া সাক্ষী ভনীয়ে গৰাকীলৈ এইদৰে লিখে: “যিহোৱাৰ সাক্ষীৰ সৈতে মোৰ পত্নীক চিনাকি কৰি দিয়াৰ বাবে আপোনাক নথৈ ধন্যবান জনাইছো। প্ৰথমে মই যিহোৱাৰ সাক্ষীসকলৰ সম্পৰ্কে বহুতো অপ্ৰীতিকৰ কথা-বতৰা শুনিবলৈ পাইছিলোঁ। কিন্তু, এতিয়া মই মোৰ পত্নীৰ সৈতে সভাবোৰত উপস্থিত হৈ জানিবলৈ পাৰিলোঁ যে মোৰ কিমান যে ভুল ধাৰণা আছিল। মই জানো যে ইয়ে সত্য আৰু যিয়ে আমাক বৈবাহিক বন্ধনক শক্তিশালী কৰিবলৈ সহায় আগবঢ়াইছে।” জাৰ্মানৰ ১৬২, ৯৩২ জন যিহোৱাৰ সাক্ষী, টাহিটি সংস্থাৰ অধীনত থকা দ্বীপবোৰৰ ১, ৭৭৩ জনে আৰু লগতে বহুতো পৰিয়ালে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰি তেওঁৰ প্ৰেমত একলগ হৈছে।

খ্ৰীষ্টান ভাইসকলৰ প্ৰতি প্ৰেম প্ৰকাশ কৰক

৮, ৯. (ক)আমাৰ ভাইসকলক প্ৰেম কৰিবলৈ আমাক কোনে শিক্ষা দিয়ে আৰু এই প্ৰেমে আমাক কি কৰিবলৈ প্ৰেৰণা দিয়ে? (খ) সমূহীয়াভাৱে সমৰ্থন কৰিবলৈ এই প্ৰেমে কেনেকৈ ভাইসকলক সহায় কৰিলে তাৰে এটা উদাহৰণ দিয়ক।

৮ থিচলনীকীয়াত থকা খ্ৰীষ্টানসকললৈ পৌলে এইদৰে কৈছিল: “তোমালোকে নিজে পৰস্পৰ প্ৰেম কৰিবলৈ ঈশ্বৰৰ শিক্ষিত লোক।” (১ থিচলনীকীয়া ৪:৯) সঁচাকৈ যিসকল “যিহোৱাৰ দ্বাৰা শিক্ষিত” তেওঁলোকে পৰস্পৰে প্ৰেম কৰে। (যিচয়া ৫৪:১৩) যেতিয়া পৌলে কৈছিল “প্ৰেমেৰে এজনে আন জনৰ দাস্যকৰ্ম্ম কৰা,” তেওঁ দেখুৱাৰ দৰে তেওঁলোকৰ প্ৰেম কাৰ্য্যৰ দ্বাৰা প্ৰকাশিত হয়। (গালাতীয়া ৫:১৩; ১ যোহন ৩:১৮) উদাহৰণস্বৰূপে, অসুস্থ ভাই-ভনীসকলক চাবলৈ যোৱা, নিৰুৎসাহিত লোকসকলক উৎসাহিত কৰা আৰু দুৰ্ব্বল লোকসকলক সহায় কৰাৰ যোগেদি তেওঁলোকে প্ৰেম প্ৰদৰ্শন কৰে। (১ থিচলনীকীয়া ৫:১৪) আমাৰ প্ৰকৃত খ্ৰীষ্টান প্ৰেমে আধ্যাত্মিক পৰমদেশক বৃদ্ধি কৰাত সহায় কৰে।

৯ ইকোৱাদৰ দেশত থকা ৫৪৪ খন মণ্ডলীৰ ভিতৰত এনকন মণ্ডলীও এখন—যাৰ ভাইসকলে তেওঁলোকৰ প্ৰেম ব্যৱহাৰিকৰূপে প্ৰস্তুত কৰিলে। আৰ্থিক সমস্যা উৎপন্ন হোৱাৰ বাবে সেই ঠাইৰ ভাইসকলৰ কোনো কাম বা উপাৰ্জন নাছিল। গতিকে তাত থকা ভাইসকলে, ৰাতি মাছ মাৰি ঘৰলৈ উভতি অহা মাছমৰীয়াসকলক খোৱা বস্তু বিক্ৰি কৰি উপাৰ্জন কৰিবলৈ সিদ্ধান্ত লʼলে। সেই সিধান্তত সকলোৱে এক মত হʼল, আনকি ইয়াত সৰু-সৰু লʼৰা-ছোৱালীবোৰেও ভাগ লʼলে। তেওঁলোকে পুৱতি নিশা এক বজাৰ পৰা আৰম্ভ কৰিলে যাতে চাৰিটা বজাত মাছমৰীয়াসকলক আহাৰ দিব পাৰে। যিবোৰ টকা এই উপাৰ্জনৰ পৰা লাভ হʼল, ভাইসকলে নিজৰ আৱশ্যকতাৰ অনুসৰি ভগাই লʼলে। এনেধৰণৰ সমূহীয়া সহায়ে প্ৰকৃত খ্ৰীষ্টীয় প্ৰেমক প্ৰদৰ্শন কৰি দেখুৱালে।

১০, ১১. যিসকলক আমি ব্যক্তিগতৰূপে নাজানো তেওঁলোকক আমি কেনেকৈ ভাতৃত্বৰ প্ৰেম দেখুৱাব পাৰোঁ?

১০ যিহেতু, যিসকলক আমি ব্যক্তিগতৰূপে জানো তেওঁলোকৰ প্ৰতি আমাৰ প্ৰেম সীমিত নহয়। পাঁচনি পিতৰে কৈছিল: “সকলোকে সমাদৰ কৰা ভাইমাত্ৰকেই প্ৰেম কৰা।” (১ পিতৰ ২:১৭) আমি আমাৰ ভাই-ভনীসকলক প্ৰেম কৰোঁ কিয়নো তেওঁলোক যিহোৱা ঈশ্বৰৰ সঙ্গী উপাসক। এই প্ৰেমক প্ৰদৰ্শন কৰিবলৈ সময়ে হয়তো সুযোগ দিব পাৰে। উদাহৰণস্বৰূপে, ২০০০ চনৰ সেৱা বছৰত, মজাম্বিকৰ বহুতো স্থানত জল-প্ৰলয়ে চাৰখাৰ কৰে, আৰু অঙ্গোলাত হোৱা ঘৰুৱা যুদ্ধই বহুতো লোকক দুৰ্ব্বল কৰে। এইবোৰৰ দ্বাৰা মজাম্বিকত থকা ৩১, ৭২৫ জন ভাই-ভনী, আৰু অঙ্কোলাত ৪১, ২২২ জন ভাই-ভনীয়ে প্ৰভাৱিত হয়। গতিকে, চুবুৰীয়া দেশ, দক্ষিণ আফ্ৰিকাৰ সাক্ষীসকলে প্ৰচুৰ পৰিমাণত খাদ্য আৰু অন্যান্য বস্তু এই স্থানৰ ভাইসকললৈ পঠায়। তেওঁলোকে নিজৰ “উপচয়ৰ” পৰা পীড়িত ভাইসকললৈ দান কৰি নিজৰ প্ৰেম প্ৰদৰ্শিত কৰিলে।—২ কৰিন্থীয়া ৮:৮, ১৩-১৫, ২৪.

১১ যেতিয়া বহুতো দেশৰ ভাইসকলে অনুন্নত স্থানবোৰত ৰাজ্য গৃহ আৰু সন্মিলন গৃহক নিৰ্ম্মাণ কৰিবলৈ দান কৰে সেইসময়ত তেওঁলোকৰ প্ৰেম দেখা পোৱা যায়। চলোমন দ্বীপবোৰৰ উদাহৰণকে লওঁক। সেই দ্বীপবোৰত আন্দোলন চলি থকাৰ স্বত্ত্বেও যোৱা বছৰত প্ৰকাশৰ সংখ্যা ৬ শতাংশ লৈ বৃদ্ধি হয় আৰু ইয়াৰ গড়ৰ সংখ্যা হৈছে ১, ৬৯৭ জন। তেওঁলোকক এখন সন্মিলন গৃহৰ আৱশ্যকতা আছিল। যদিও বহুতো দ্বীপবাসীয়ে দ্বীপ এৰি অন্য স্থানলৈ গুচি গৈছিল, সেই সময়ত গৃহ নিৰ্ম্মাণৰ সহায়ৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা সেচ্ছাকৰ্ম্মীসকল আহে। যদিও তেওঁলোকে সেই স্থান ত্যাগ কৰিবলগীয়া হৈছিল কিন্তু ইয়াৰ আগতে তেওঁলোকে স্থানীয় ভাইসকলক ইয়াৰ নিৰ্ম্মাণ সম্পূৰ্ণ কৰিবলৈ শিক্ষিত কৰি যায়। সেই গৃহৰ বাবে পূৰ্বৰে পৰা নিৰ্মাণ কৰা স্টিলৰ দুৱাৰ, খিৰিকী আদি অষ্ট্ৰেলিয়াৰ পৰা পঠোৱা হয় আৰু সেই সময়ত এই উপাসনা গৃহৰ নিৰ্ম্মাণ কাৰ্য্য সম্পূৰ্ণৰূপে শেষ হয়, যি সময়ত অন্য নিৰ্ম্মাণ কাৰ্য্যবোৰ এনেই পৰি থাকে। ইয়ে এক যিহোৱাৰ নামৰ সাক্ষী দিবলৈ আৰু ভাইসকলে প্ৰেম প্ৰদৰ্শিত কৰিবলৈ এক মহান সুযোগ।

ঈশ্বৰৰ দৰে আমিও জগতক প্ৰেম কৰা উচিত

১২. আমি কেনেকৈ যিহোৱাক অনুকৰণ কৰি যিসকলে সত্যক নাজানে তেওঁলোকৰ প্ৰতি প্ৰেম প্ৰদৰ্শিত কৰিব পাৰোঁ?

১২ আমাৰ প্ৰেম মাত্ৰ আমাৰ পৰিয়াল আৰু ভাইসকলৰ মাজতে সীমাবদ্ধনে? নহয়, যদিহে আমি “ঈশ্বৰৰ অনুকাৰী” হওঁ। কিয়নো যীচুৱে কৈছিল: “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” (ইফিচীয়া ৫:১; যোহন ৩:১৬) যিহোৱা ঈশ্বৰৰ দৰে আমিও সকলোৰে প্ৰতি প্ৰেমেৰে কাৰ্য্য কৰা উচিত। ইয়াৰ ওপৰিও আমি সেইসকলৰ প্ৰতি প্ৰেম প্ৰকাশ কৰা আৱশ্যক যিসকলে সত্যত নাই। (লূক ৬:৩৫, ৩৬; গালাতীয়া ৬:১০) বিশেষকৈ, ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰি আমি তেওঁলোকৰ প্ৰতি আমাৰ প্ৰেম প্ৰদৰ্শন কৰোঁ আৰু জনাওঁ যে কেনেকৈ ঈশ্বৰে তেওঁলোকৰ প্ৰতি প্ৰেম প্ৰদৰ্শিত কৰিলে। যিসকলে তেওঁৰ বাৰ্ত্তাৰ প্ৰতি মনোযোগ দিব ইয়ে তেওঁৰ বাবে উদ্ধাৰৰ কাৰণ হʼব।—মাৰ্ক ১৩:১০; ১ তীমথিয় ৪:১৬.

১৩, ১৪. যদিও ব্যক্তিগতভাৱে অসুবিধা আছিল তথাপি অন্য লোকসকলক প্ৰচাৰ কৰা কিছুমান ভাইসকলৰ অনুভৱবোৰ কেনেধৰণৰ?

১৩ নেপালৰ চাৰিজন অগ্ৰগামীৰৰ বিষয়ে বিবেচনা কৰক। সেই দেশৰ দক্ষিণ-পশ্চিমে থকা এখন চহৰত তেওঁলোকক নিযুক্তি দিয়া হৈছিল। তেওঁলোকে যোৱা পাঁচ বছৰ ধৰি সেই চহৰখনত আৰু ওচৰে-পাজৰে থকা গাওঁবোৰত ধৈৰ্য্যৰে প্ৰচাৰ কাৰ্য্য কৰি তেওঁলোকৰ প্ৰেম প্ৰদৰ্শন কৰে। গোটেই এলেকাত প্ৰচাৰ কৰিবলৈ তেওঁলোকে প্ৰায় চাইকেলেৰে বহুত ঘন্টা ধৰি যাত্ৰা কৰিবলগীয়া হয় আৰু প্ৰায়ে ইয়াৰ তাপমান ৪০ ডিগ্ৰী চেলচিয়াচলৈকে থাকে। তেওঁলোকৰ প্ৰেমে আৰু “সৎকৰ্মত ধৈৰ্য্য” ধৰাৰ বাবে উত্তম পৰিণাম কঢ়িয়াই আনিলে। তাৰে এখন গাৱঁত এটা পুস্তক অধ্যয়ন গ্ৰুপ স্থাপিত হʼল। ২০০০ চনৰ মাৰ্চ মাহত, ভিজিটিং চাৰ্কিট ওভাৰচিয়াৰে দিয়া জন ভাষণত ৩২ জন লোক উপস্থিত আছিল। নেপালত যোৱা বছৰত প্ৰচাৰকৰ সংখ্যা আছিল ৪৩০ জন আৰু গড় হিচাপে নেপালত ৯ শতাংশ বৃদ্ধি হয়। স্পষ্টৰূপে সেই দেশৰ ভাইসকলৰ প্ৰেমৰ উৎসাহৰ বাবে যিহোৱাই আশীৰ্ব্বাদ কৰে।

১৪ ৱেও ইন্ডীয়ানচ্‌ লোকসকলক প্ৰচাৰ কৰিবলৈ কʼলম্বীয়াৰ পৰা কিছুমান বিশেষ অগ্ৰগামীয়ে সেই স্থানলৈ গৈছিল। ইয়াৰ বাবে তেওঁলোকে সেই জনজাতীয় ভাষা শিকে আৰু প্ৰচাৰ কৰে। ফলস্বৰূপে তেওঁলোকৰ প্ৰেমৰ বাবে ধাৰাসাৰে বৰষুণ হোৱাৰ স্বত্ত্বেও ২৭ জন লোকে ৰাজহুৱা ভাষণত উপস্থিত হৈছিল। সেই অগ্ৰগামীসকলৰ প্ৰেমময় উৎসাহৰ বাবে কʼলম্বীয়াত গড় হিচাপে ৫-শতাংশ বৃদ্ধি হয় আৰু প্ৰচাৰকৰ সংখ্যা হʼল ১০৭, ৬১৩ জন। ডেনমাৰ্কত থকা এজনী ভনীয়ে অন্যৰ সৈতে শুভবাৰ্ত্তা বিলাবলৈ বিচাৰিছিল কিন্তু তাই শাৰীৰিকভাৱে অক্ষম আছিল। তথাপি তাই নিৰাশ নহʼল আৰু আগ্ৰহী লোকসকলক চিঠিৰে যোগাযোগ কৰিলে। বৰ্তমান তাই ৪২ জন লোকৰ সৈতে চিঠিৰ দ্বাৰা আদান প্ৰদান কৰিছে আৰু ১১ জনৰ সৈতে বাইবেল অধ্যয়ন সঞ্চালন কৰিছে। যোৱা বছৰত ডেনমাৰ্কত প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট কৰা ১৪, ৮৮৫ জন প্ৰচাৰকৰ ভিতৰত তাইও আছিল।

নিজৰ শত্ৰুক প্ৰেম কৰা

১৫, ১৬. (ক)আমাৰ প্ৰেম কিমানলৈকে বিস্তৃত হোৱা উচিত বুলি যীচুৱে কৈছিল? (খ) যিজন ব্যক্তিয়ে যিহোৱাৰ সাক্ষীৰ বিৰোদ্ধে ভুল অভিযোগ লগাইছিল আৰু দায়ীত্বশীল ভাইসকলে উৎপন্ন হোৱা সেই সমস্যাক কেনেকৈ সমাধান কৰিলে?

১৫ যীচুৱে সেই বিদ্বান পণ্ডিতক কৈছিল যে এজন চমৰীয়া ব্যক্তিকো চুবুৰীয়াৰ দৰে দৃষ্টি কৰা উচিত। নিজৰ পৰ্ব্বতীয়া উপদেশত, যীচুৱে আগলৈ এইদৰে কৈছিল: “তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা, আৰু তোমাৰ শত্ৰুক ঘিণ কৰিবা; ইয়াক যে কোৱা হৈছিল, তাক তোমালোকক শুনিলা। কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুবিলাকক প্ৰেম কৰিবা, আৰু, তোমালোকক তাড়ানা কৰাবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা; তেহে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ সন্তান হবা।” (মথি ৫:৪৩-৪৫) আনকি যদি কোনোৱাই আমাক বিৰোধ কৰে সেই সময়তো আমি “সুকৰ্ম্মৰ দ্বাৰাই কুকৰ্ম্মক পৰাজয়” কৰিবলৈ চেষ্টা কৰা উচিত। (ৰোমীয়া ১২:১৯-২১) যদি সম্ভৱ হয়, আমি তেওঁলোকৰ সৈতে এই বহুমূলীয়া সত্যক জনোৱা উচিত।

১৬ উক্ৰেইন দেশৰ ক্ৰেমেনচোক হাৰেলড নামৰ বাতৰি কাকতখনৰ এটা লেখত এইদৰে প্ৰকাশ কৰে যে যিহোৱাৰ সাক্ষীসকল হৈছে এটা বিপদজনক দল। এইটো সংবাদ এক গভীৰজনক আছিল কিয়নো ইউৰোপত এইদৰে যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে কোৱাৰ অৰ্থ হৈছে লোকসকলক ভুলোৱাৰ বাবে সাক্ষীসকলৰ কাৰ্য্যক বাধা বা বন্ধ কৰা উচিত। সেইবাবে, সম্পাদকক লগ ধৰি ভাইসকলে এই লেখক শুধৰণি কৰি নতুনকৈ ছপা কৰিবলৈ প্ৰেছক অনুৰোধ কৰা হʼল। সম্পাদকজনে সন্মত হʼল, কিন্তু যেতিয়া বাতৰি কাকতখন প্ৰকাশ হয়, তেওঁ এইদৰে মন্তব্য দিয়ে যে প্ৰথম লেখটো বাস্তৱ ঘটনাৰ ভিত্তিত লিখা হৈছিল। গতিকে দায়ীত্বশীল ভাইসকলে তেওঁক আকৌ লগ ধৰি যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে আৰু অধিক সূচনা দিয়ে। শেষত, সম্পাদকজনে স্বীকাৰ কৰিলে যে প্ৰথম লেখটো ভুলকৈ প্ৰকাশ কৰা হৈছিল, সেইবাবে তেওঁ ইয়াক শুধৰণি কৰি যিহোৱা সাক্ষীসকলৰ বিষয়ে শুদ্ধকৈ সুচনা দি এটা নতুন লেখ প্ৰকাশ কৰিলে। সেই সম্পাদকজনৰ সৈতে বন্ধুতা আৰু নম্ৰ হোৱাটো আছিল এক প্ৰেমময় কাৰ্য্য, যিয়ে এই পৰিস্থিতিক সমাধান কৰিবলৈ সহায় কৰিলে আৰু শেষত ভাল পৰিণাম হʼল।

আমি কেনেকৈ এই প্ৰেমক বিকাশিত কৰিব পাৰোঁ?

১৭. কিহে দেখুৱাইছে যে সকলো সময়তে আনৰ প্ৰতি প্ৰেম দেখুৱাটো সিমান সহজ নহয়?

১৭ যেতিয়া এটা শিশুৰ জন্ম হয়, পিতৃ-মাতৃয়ে সহজে তাক ভাল পাব ধৰে। কিশোৰ-কিশোৰীৰ সৈতে প্ৰেমেৰে ব্যৱহাৰ কৰাটো সকলো সময়তে ইমান সহজ নহয়। সেইবাবে বাইবেলে এজনে-আনজনক প্ৰেম কৰিবলৈ বাৰে-বাৰে আগ্ৰহ কৰে, যাক আমি বিকাশিত কৰিবলৈ কাৰ্য্যৰ প্ৰয়োজন। (১ পিতৰ ১:২২; ৪:৮; ১ যোহন ৩:১১) যেতিয়া যীচুৱে কৈছিল যে আমি নিজৰ ভাইক “সত্তৰ গুণ সাতবাৰলৈকে” ক্ষমা কৰা উচিত, সেই সময়ত তেওঁ জানিছিল যে আমাৰ প্ৰেম পৰীক্ষিত হʼব। (মথি ১৮:২১, ২২) পৌলেও আমাক “পৰস্পৰ সহনীয়” হʼবলৈ আগ্ৰহ কৰিছিল। (কলচীয়া ৩:১২, ১৩) ইয়াত আচৰিত হʼব লগীয়া কথা নহয় কিয়নো আমাক কোৱা হৈছিল: “প্ৰেমক খেদি যোৱা”! (১ কৰিন্থীয়া ১৪:১) আমি ইয়াক কেনেকৈ কৰিব পাৰোঁ?

১৮. আনৰ প্ৰতি প্ৰেমক বিকাশিত কৰিবলৈ আমাক কিহে সহায় কৰিব?

১৮ প্ৰথমে, আমি সদায় এইটো মনত ৰখা উচিত যে আমি যিহোৱাক প্ৰেম কৰোঁ। এই প্ৰেমে আমাক চুবুৰীয়াক প্ৰেম কৰিবলৈ উৎসাহিত কৰে। কিয়? কিয়নো যেতিয়া আমি প্ৰেমেৰে কাৰ্য্য কৰোঁ ইয়াৰ দ্বাৰা আমি আমাৰ স্বৰ্গীয় পিতৃৰ প্ৰেমক প্ৰতিফলিত কৰোঁ আৰু তেওঁলৈ স্তুতি আৰু মহিমা কঢ়িয়াই আনো। (যোহন ১৫:৮-১০; ফিলিপীয়া ১:৯-১১) দ্বিতীয়তে, আমি সকলোবোৰ বস্তু যিহোৱাৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। আমি সকলো সময়তে যিহোৱাৰ বিৰোদ্ধে পাপ কৰোঁ, তথাপি, সময়ৰ অনুসৰি তেওঁ আমাক ক্ষমা কৰি আকৌ আকোঁৱালি লয়। (গীতমালা ৮৬:৫; ১০৩:২, ৩; ১ যোহন ১:৯; ১ যোহন ৪:১৮) যদি আমি যিহোৱাৰ দৃষ্টিভঙ্গীক অনুকৰণ কৰোঁ তেনেহʼলে আমি আনক প্ৰেম কৰিবলৈ আৰু আমাৰ বিৰোদ্ধে কৰা অপৰাধক ক্ষমা কৰিবলৈ ইচ্ছুক হম। (মথি ৬:১২) তৃতীয়তে, আনে যিদৰে আমাৰ সৈতে ব্যৱহাৰ কৰাটো বিচাৰোঁ সেইদৰে আমিও তেওঁলোকৰ সৈতে কৰিব পাৰিম। (মথি ৭:১২) আমি অসিদ্ধ হোৱাৰ বাবে, প্ৰায়ে আমাক ক্ষমাৰ আৱশ্যক। উদাহৰণস্বৰূপে, যেতিয়া আমি এনে কিবা কথা কওঁ যিয়ে আনৰ মনত দুখ দিয়ে, সেই সময়ত আমি আশা কৰোঁ যে তেওঁলোকে যাতে মনত ৰাখক যে প্ৰত্যেক ব্যক্তিয়ে মাজে সময়ে তেনেধৰণৰ পাপ কৰে। (যাকোব ৩:২) যদি আমি আনে আমাৰ সৈতে প্ৰেমেৰে ব্যৱহাৰ কৰাটো বিচাৰোঁ, তেনেহʼলে আমিও তেওঁলোকৰ সৈতে প্ৰেমেৰে ব্যৱহাৰ কৰা উচিত।

১৯. প্ৰেমক বিকাশিত কৰিবলৈ আমি কেনেকৈ পবিত্ৰ আত্মাৰ সহায় বিচাৰিব পাৰোঁ?

১৯ চতুৰ্থতে, আমি পবিত্ৰ আত্মাৰ সহায় বিচাৰিব পাৰোঁ কিয়নো প্ৰেম হৈছে আত্মাৰ ফলৰ এটা ভাগ। (গালাতীয়া ৫:২২, ২৩) বন্ধুত্ব, পৰিয়ালৰ প্ৰতি মোহ আৰু ৰোমান্তিক প্ৰেম হৈছে প্ৰায়ে স্বাভাৱিক। কিন্তু যিহোৱাৰ দৰে প্ৰেমক বিকাশিত কৰিবলৈ আমাক যিহোৱাৰ আত্মাৰ সহায়ৰ আৱশ্যক। কিয়নো এই প্ৰেম হৈছে সৰ্ব্বসিদ্ধৰ বান্ধনি। ঈশ্বৰৰ প্ৰেৰণাৰ দ্বাৰা লিখা তেওঁৰ বাক্য অৰ্থাৎ বাইবেলক পঢ়াৰ দ্বাৰা আমি পবিত্ৰ আত্মাৰ সহায় বিচাৰিব পাৰোঁ। উদাহৰণস্বৰূপে, যদি আমি যীচুৰ জীৱনীৰ বিষয়ে অধ্যয়ন কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে তেওঁ কেনেকৈ লোকসকলৰ সৈতে ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ যোগেদি আমি তেওঁক অনুকৰণ কৰিবলৈ শিকিব পাৰোঁ। (যোহন ১৩:৩৪, ৩৫; ১৫:১২) তদুপৰি, বিশেষকৈ যেতিয়া এনে এক পৰিস্থিতি আহে যি সময়ত প্ৰেমেৰে কাৰ্য্য কৰাটো কঠিন হৈ পৰে সেইসময়ত আমি যিহোৱাৰ পৰা পবিত্ৰ আত্মা বিচাৰিব পাৰোঁ। (লূক ১১:১৩) শেষত, আমি খ্ৰীষ্টান মণ্ডলীৰ সৈতে ঘনিষ্ঠ সম্বন্ধ বজাই ৰাখিব পাৰোঁ। যদি আমি মণ্ডলীৰ প্ৰেমময় ভাই-ভনীসকলৰ সৈতে থাকোঁ, তেওঁলোকে আমাক সেই প্ৰেম বিকাশিত কৰিবলৈ সহায় কৰিব।—হিতোপদেশ ১৩:২০.

২০, ২১. চন ২০০০-ৰ সেৱা বছৰত যিহোৱাৰ সাক্ষীসকলে কেনেধৰণ উল্লেখনীয় প্ৰেম প্ৰদৰ্শিত কৰিলে?

২০ যোৱা বছৰত, গোটেই বিশ্বত ৰাজ্য প্ৰচাৰকৰ সংখ্যা আছিল ৬, ০৩৫, ৫৬৪ জন। যিহোৱাৰ সাক্ষীসকলে আনক শুভবাৰ্ত্তা কবলৈ ১, ১৭১, ২৭০, ৪২৫ ঘন্টা ব্যয় কৰে। এয়াই হৈছে প্ৰেম যিয়ে তেওঁলোকক এই কাৰ্য্যৰ বাবে ৰʼদ, বৰষুণ, শীত, আদি পৰিৱেশতো সহন কৰিবলৈ সহায় কৰিলে। এই প্ৰেমে তেওঁলোকক সহপাঠী, সহকৰ্ম্মীসকলক আৰু ৰাস্তাত লগ পোৱা অচিনাকি ব্যক্তি আৰু অন্য স্থানৰ লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰেৰণা দিয়ে। সাক্ষীসকলে লগ পোৱা বহুতো ব্যক্তি নিৰুৎসাহী আছিল, মাত্ৰ কিছু সংখ্যক লোকেহে বিৰোধ কৰিছিল। তথাপি, বহুতো লোকে আগ্ৰহ দেখুৱাৰ বাবে ৪৩৩, ৪৫৪, ০৪৯ টা পুনৰ সাক্ষাৎ আৰু ৪, ৭৬৬, ৬৩১ টা বাইবেল অধ্যয়ন পৰিচালনা কৰা হৈছিল।

২১ যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি দেখুৱা প্ৰেমৰ কিযে এক বৃহৎ প্ৰদৰ্শন আছিল! সেই প্ৰেম কেতিয়াও চেঁচা নহয়। আমাৰ বিশ্বাস যে ২০০১ চনৰ সেৱা বছৰতো ইয়াতকৈ অধিক সাক্ষী দিয়া কাৰ্য্য সম্পন্ন কৰা হʼব। যিহোৱা ঈশ্বৰে তেওঁৰ নিষ্ঠাবান আৰু উৎসাহী উপাসকসকলক আশীৰ্ব্বাদ দিয়ে যেন, যাতে তেওঁলোকে ‘সকলো কৰ্ম্ম প্ৰেমেৰে কৰা হয়’!—১ কৰিন্থীয়া ১৬:১৪. (w01 1/1)

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

•যেতিয়া আমাৰ চুবুৰীয়াক প্ৰেম কৰোঁ সেই সময়ত আমি কাক অনুকৰণ কৰোঁ?

•আমাৰ প্ৰেম কিমানলৈকে বিস্তাৰিত হোৱা উচিত?

•খ্ৰীষ্টান প্ৰেম প্ৰদৰ্শন কৰা কিছুমান অনুভৱ কি কি?

•আমি কেনেকৈ খ্ৰীষ্টান প্ৰেমক বিকাশিত কৰিব পাৰোঁ?

[১৫ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টান প্ৰেমে পৰিয়ালৰ সদস্যক একেলগে বান্ধি ৰাখে

[১৭ পৃষ্ঠাৰ ছবি]

আনক আমি পোৱা আশাৰ বিষয়ে কবলৈ প্ৰেমে আমাক প্ৰেৰিত কৰে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক