ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৫/১ পৃষ্ঠা ৮-১৩
  • “এইদৰে ঘটিব লাগে”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “এইদৰে ঘটিব লাগে”
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • অদূৰ ভৱিষ্যতে এক শোকাৱহ ঘটনা পূৰ্ণ হোৱা
  • এই সময়ৰ লোকে ইয়াক দেখা পাব
  • আন এক পূৰ্ণতাৰ সমীপবৰ্ত্তী হোৱা
  • ভৱিষ্যতে ন্যায় হবলগীয়া আছে!
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৫/১ পৃষ্ঠা ৮-১৩

“এইদৰে ঘটিব লাগে”

“তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক কলে, . . . কিয়নো এইদৰে ঘটিব লাগে; কিন্তু তেতিয়াও শেষ নৌ হয়।”—মথি ২৪:৪-৬.

১. কি বিষয়ত আমি বিশেষকৈ আগ্ৰহী হোৱা উচিত?

আপুনি নিঃসন্দেহ নিজৰ জীৱন আৰু ভৱিষ্যতৰ বিষয়ে আগ্ৰহী হব। তেনেহʼলে আপোনাক এনে বিষয়তো আগ্ৰহী হোৱা উচিত যি বিষয়ৰ সম্পৰ্কে ১৮৭৭ চনত চি. টি. ৰাচেলে বুজি পাইছিল। ৰাচেলে পাছলৈ ৱাৰ্চ টাৱাৰ চোচাইটি স্থাপন কৰিছিল। তেওঁ দ্যা অৱজেক্ট এনড্‌ মেন্নাৰ অফ আৱৰ লৰ্ডচ ৰিটাৰ্ন নামৰ পুস্তিকাখন লিখিছিল। ৬৪ পৃষ্ঠাৰ এই পুস্তিকাখনত যীচুৰ ঘুৰি অহা বা ভৱিষ্যতৰ আগমনৰ বিষয়ে কোৱা হৈছিল। (যোহন ১৪:৩) এক উপলক্ষ্যত যেতিয়া যীচুৱে জৈতুন পৰ্ব্বতত বহাত তেওঁৰ পাঁচনিসকলে তেওঁৰ ঘুৰি অহাৰ সম্পৰ্কে প্ৰশ্ন কৰিলে: “এইবোৰ কেতিয়া হব? আৰু আপোনাৰ আগমন [বা, “উপস্থিতি,” NW] আৰু এই জগতৰ শেষ হোৱাৰ চিন কি? তাক আমাক কওক।”—মথি ২৪:৩.

২. যীচুৰ ভৱিষ্যতবাণীৰ প্ৰতি কিয় ইমান ভিন্ন ভিন্ন দৃষ্টিভঙ্গী পোৱা গৈছে?

২ যীচুৱে কি উত্তৰ দিছিল তাক আপুনি জানেনে আৰু তাক বুজি পাইছেনে? এই উত্তৰসমূহ শুভবাৰ্ত্তাৰ তিনিখন কিতাপত লিখা আছে। প্ৰফেচাৰ ডি. এ. কাৰচনে এইদৰে মতামত দি বাখ্যা কৰি কয়: “মথি ২৪ আৰু ইয়াৰ একেই সমান্তৰলত থকা কিতাপ মাৰ্ক ১৩ আৰু লূক ২১ অধ্যায়তকৈ মাত্ৰ কিছুমান অধ্যায়তেহে অনুবাদসকলৰ মাজত অমিল আছিল।” তেওঁৰ মতামতো অন্য মতবিৰোধকাৰী ব্যক্তিৰ দৰে আছিল। একাধিক শতাব্দী ধৰি এইদৰে বহু ভিন্ন দৃষ্টিভঙ্গীৰ পৰা প্ৰকাশ পোৱা গৈছে, ইয়াৰ পৰা এইটো জানিব পৰা যায় যে লোকসকলৰ মাজত বিশ্বাসৰ অভাৱ আছে। সমালোচকসকলে নিজা মতামত দি এইদৰে কয় যে শুভবাৰ্ত্তা কিতাপত যিবোৰ কথা আমি পঢ়ো সেইবোৰ যীচুৱে কেতিয়াও কোৱা নাছিল। তেওঁলোকে এইটোও কয় যে যীচুৰ কথাবোৰ পাছলৈ সলনি কৰা হʼল বা তেওঁৰ ভৱিষ্যতবাণীবোৰ পূৰ্ণ নহল। এজন বিবৃতিদাতাও “মহায়ানা-বুদ্ধৰ দৰ্শনশাস্ত্ৰৰ দৃষ্টিৰে” মাৰ্কৰ শুভবাৰ্ত্তাৰ কিতাপ অধ্যয়ন কৰি সেই একেই মতামত দিছিল!

৩. যীচুৰ ভৱিষ্যতবাণীৰ প্ৰতি যিহোৱাৰ সাক্ষীসকলে কেনেধৰণৰ দৃষ্টিভঙ্গী ৰাখে?

৩ ইয়াৰ বিপৰীতে, যিহোৱাৰ সাক্ষীসকলে বাইবেলক যথাৰ্থতা, বিশ্বাসযোগ্যতা আৰু ইয়াৰ উপৰিও যীচুৰ মৃত্যু হোৱা তিনিদিনৰ আগতে জৈতুন পৰ্ব্বতত তেওঁৰ চাৰিজন পাঁচনিৰ সৈতে হোৱা কথোপকথনত কোৱা কথাবোৰ স্বীকাৰ কৰে। চী. টি. ৰাচেলৰ সময়ত, ঈশ্বৰৰ লোকসকলে যীচুৰ সেই ভৱিষ্যতবাণীক ক্ৰমান্বয়ে ভালদৰে বুজি পালে। যোৱা কিছু বছৰৰ প্ৰহৰীদূৰ্গ আলোচনীয়ে এই ভৱিষ্যতবাণীৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভঙ্গী আৰু ভালদৰে স্পষ্টীকৰণ কৰিলে। আপুনি নিজৰ জীৱনত ইয়াৰ প্ৰভাৱক অনুভৱ কৰি সেই বৃত্তান্তসমূহক বুজি পাইছেনে?a আহঁক আমি এই বিষয়ে পুনৰ আলোচনা কৰোঁহঁক।

অদূৰ ভৱিষ্যতে এক শোকাৱহ ঘটনা পূৰ্ণ হোৱা

৪. পাঁচনিসকলে ভৱিষ্যতৰ সম্পৰ্কে যীচুক কিয় সুধিছিল?

৪ পাঁচনিসকলে জানিছিল যে যীচুৱে মচীহ। সেইবাবে, যেতিয়া তেওঁলোকে তেওঁৰ মৃত্যু, পুনৰুত্থান আৰু ঘুৰি অহাৰ বিষয়ে শুনিলে, তেওঁলোক আচৰিত হৈছিল, ‘যদি যীচুৰ মৃত্যু হয় আৰু দূৰলৈ আঁতৰি যায়, তেনেহʼলে মচীহে কৰিবলগীয়া আচৰিত কাৰ্য্যবোৰ কেনেকৈ তেওঁ সম্পন্ন কৰিব?’ কিয়নো আগলৈ, যীচুৱে যিৰূচালেম আৰু ইয়াৰ মন্দিৰৰ ধ্বংসৰ সম্পৰ্কে কৈছিল। ‘এইবোৰ কেতিয়া আৰু কেনেকৈ হব?’ এই বুলি ভাবি হয়তো পাঁচনিসকলে বেছি আচৰিত হৈছিল। এইবোৰৰ বিষয়ে বুজিবলৈ চেষ্টা কৰি, পাঁচনিসকলে সুধিছিল: “এইবোৰ কেতিয়া ঘটিব? আৰু এই সকলো সিদ্ধ হবলৈ উদ্যত হোৱাৰ চিন কি?”—মাৰ্ক ১৩:৪; মথি ১৬:২১, ২৭, ২৮; ২৩:৩৭–২৪:২.

৫. যীচুৱে প্ৰথম শতাব্দীৰ পূৰ্ণতাৰ সম্পৰ্কে কেনেকৈ উত্তৰ দিছিল?

৫ যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে যুদ্ধ, আকাল, মহামাৰী, ভূমিকম্প হব আৰু খ্ৰীষ্টানসকল ঘৃণাৰ পাত্ৰ হব আৰু তেওঁলোকক অত্যাচাৰ কৰা হব, ভূৱা খ্ৰীষ্ট্‌ ওলাব আৰু ৰাজ্যৰ শুভবাৰ্ত্তা গোটেই জগতত প্ৰচাৰ কৰা হব। তেতিয়াহে শেষ হব। (মথি ২৪:৪-১৪; মাৰ্ক ১৩:৫-১৩; লূক ২১:৮-১৯) সা.যু. ৩৩ চনৰ আৰম্ভণিতে যীচুৱে এই কথা কৈছিল। তাৰ পাছৰ দহ বছৰ কালত সতৰ্ক থকা তেওঁৰ শিষ্যসকলে চিনাক্ত কৰিলে যে যিবোৰ কথাৰ ভৱিষ্যতবাণী কৰা হৈছিল সেইবোৰ দৰাচলতে স্পষ্টৰূপে পূৰ্ণ হʼল। অৱশ্যে, ইতিহাসে প্ৰমাণ কৰিছে যে যেতিয়া সা.যু. ৬৬-৭০ চনত ৰোমানসকলে যিহুদী ৰীতি-ব্যৱস্থাক ধ্বংস কৰে তেতিয়া এই চিহ্নৰ পূৰ্ণ হয়। কিন্তু এইটো কেনেধৰণে হৈছিল?

৬. সা.যু. ৬৬ চনত ৰোমীয়া আৰু যিহুদীসকলৰ মাজত কি হৈছিল?

৬ সা.যু. ৬৬ চনৰ গ্ৰীষ্ম কালত যিহূদাত যিহুদী ধৰ্মান্ধসকলে যিৰূচালেমৰ মন্দিৰৰ ওচৰৰ দূৰ্গত পহৰা দি থকা ৰোমীয়া সৈনিকসকলৰ ওপৰত আক্ৰমণ কৰে, যাৰবাবে সেই দেশৰ অন্য স্থানবোৰত বিদ্ৰোহৰ জুই জ্বলি উঠে। ইতিহাস লেখক প্ৰফেচাৰ হাইনৰিক গ্ৰেটচে যিহুদীসকলৰ বুৰঞ্জী (ইংৰাজী) নামৰ কিতাপখনত এইদৰে লিখে: “অৰামীয়াৰ শাসনকৰ্ত্তা হিচাপে চেচটীআচ গেলচ্‌ৰ কৰ্তব্য আছিল যে ৰোমীয়া সৈন্য বাহিনীৰ সন্মান বজাই ৰখা, . . . কিন্তু তেওঁৰ চাৰিওফালে হৈ থকা বিদ্ৰোহক তেওঁ বেছি সময় সহন কৰি থাকিব নোৱাৰিলে কিয়নো সেই বিদ্ৰোহক দমন কৰিবলৈ কোনো প্ৰচেষ্টা চলোৱা নাছিল। সেইবাবে তেওঁ নিজৰ সৈন্যসকলক মাতি পঠিয়ালে আৰু ওচৰে-পাজৰে থকা শাসকসকলে স্বইচ্ছাৰে নিজ-নিজ সৈন্যসকলক পঠিয়াই দিলে।” এইবাৰ ৩০,০০০ সৈন্যই যিৰূচালেমক আগুৰি ধৰিলে। কিছু সময় যুদ্ধ কৰাৰ পাছত যিহুদী লোকসকলে মন্দিৰৰ ওচৰত থকা দেৱালবোৰৰ পাছফাললৈ আঁতৰি গʼল। “তাৰ পাছত একেৰাহে পাচঁ দিনলৈকে ৰোমীয়া সৈনিকসকলে দেৱালবোৰত আক্ৰমণ কৰি ভাঙিবলৈ চেষ্টা কৰিলে, কিন্তু প্ৰত্যেক বাৰে যিহুদীসকলৰ ক্ষেপন অস্ত্ৰৰ আগত হাৰ মানিবলগীয়া হৈছিল। ছয় দিনৰ দিনা তেওঁলোক মন্দিৰৰ সন্মূখৰ দেৱালৰৰ উত্তৰ ফালে থকা এটা ভাগক ধ্বংস কৰি বিজয় প্ৰাপ্ত কৰিলে।”

৭. যীচুৰ শিষ্যসকলে অন্য যিহুদীসকলতকৈ কিয় বেলেগ প্ৰতিক্ৰিয়া দেখুৱাইছিল?

৭ ক্ষন্তেক সময় চিন্তা কৰক, বহু সময় ধৰি তেওঁলোকে ভাবি আহিছে যে ঈশ্বৰে তেওঁলোকক আৰু তেওঁৰ পবিত্ৰ নগৰক ৰক্ষা কৰিব কিন্তু যেতিয়া তেনেদৰে নহল যিহুদীসকলে কিমান বিমূঢ়ত পৰিছিল! কিন্তু যিৰূচালেমত বিপত্তি আহিব বুলি যীচুৰ শিষ্যসকলক আগৰ পৰাই সাৱধান কৰি দিয়া হৈছিল। যীচুৱে তেওঁলোকক কৈছিল: “তোমাৰ কৃপাদৃষ্টিৰ কাল তুমি নজনা হেতুকে, যি কালত তোমাৰ শত্ৰুবিলাকে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি, সকলো পিনে তোমাক আগচি ধৰিব, আৰু ভিতৰত থকা তোমাৰ সন্তানবিলাকে সৈতে তোমাক মাটিৰ সমান কৰি, তোমাৰ মাজত শিলৰ ওপৰতো শিল থকাকৈ এৰি নিদিব।” (লূক ১৯:৪৩, ৪৪) কিন্তু কি ঘটনাই সা.যু. ৬৬ চনত যিৰূচালেমত থকা খ্ৰীষ্টানলোকৰ বাবে মৃত্যুৰ সংবাদ কঢ়িয়াই আনিছিল?

৮. যীচুৱে কি দুঃখজনক ঘটনাৰ বিষয়ে কৈছিল আৰু সেই মনোনীত লোকসকল কোন যিসকলৰ বাবে সেই দিনৰ সংখ্যা কম কৰা হʼল?

৮ যীচুৱে জৈতুন পৰ্ব্বতত পাঁচনিসকলক উত্তৰ দিয়াৰ দ্বাৰা ভৱিষ্যতবাণী কৰিছিল: “সেই কেইটা দিন যেনে ক্লেশযুক্ত হব, ঈশ্বৰে স্ৰজা সৃষ্টিৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহবও। আৰু প্ৰভুৱে সেই দিনৰ সংখ্যা কম নকৰা হলে, কোনো প্ৰাণীৰ ৰক্ষা নহলহেঁতেন; কিন্তু তেওঁ বিলাকক মনোনীত কৰিলে, সেই মনোনীত মানুহৰ নিমিত্তে তেওঁ সেই দিনৰ সংখ্যা কম কৰিলে।” (মাৰ্ক ১৩:১৯, ২০; মথি ২৪:২১, ২২) সেইবাবে সেই দিনৰ সংখ্যা কম কৰা হʼল আৰু “মনোনীত মানুহৰ” ৰক্ষা পৰিল। তেওঁলোক কোন আছিল? নিঃসন্দেহ সেই বিৰোধী যিহুদীসকল নাছিল যিসকলে যিহোৱাক সেৱা কৰাৰ দাবী কৰিছিল কিন্তু তেওঁৰ পুত্ৰক অস্বীকাৰ কৰিছিল। (যোহন ১৯:১-৭; পাঁচনিৰ কৰ্ম্ম ২:২২, ২৩, ৩৬) সত্য মনোনীত লোক সেই যিহুদী আৰু পৰজাতি লোকসকল আছিল যিসকলে যীচুক মচীহ আৰু উদ্ধাৰকৰ্ত্তা বুলি বিশ্বাস কৰিছিল। ঈশ্বৰে এনে লোকসকলকহে মনোনীত কৰিছিল আৰু সা.যু. ৩৩ পেনটিকৱচ্‌ট্‌ত তেওঁলোকক নতুন আত্মিক জাতি, “ঈশ্বৰৰ ইস্ৰায়েল” হিচাপে গঠিত কৰা হʼল।—গালাতীয়া ৬:১৬; লূক ১৮:৭; পাঁচনিৰ কৰ্ম্ম ১০:৩৪-৪৫; ১ পিতৰ ২:৯.

৯, ১০. ৰোমীয়া আক্ৰমণৰ দিনৰ সংখ্যা কিদৰে “কম কৰা হʼল” আৰু তাৰ কি পৰিণাম হʼল?

৯ কি সেই দিনৰ সংখ্যা কম কৰা হʼল নে আৰু যিৰূচালেমত থকা মনোনীত লোকসকল ৰক্ষা পৰিলনে? ইতিহাস লেখক গ্ৰেট্‌চে পৰামৰ্শ দিছে: “[চেচটিয়াচ গেলেচে] বীৰ, উদ্যমী যুজাৰুসকলৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু সেই ঋতুত দীঘলীয়া অভিযান আৰম্ভ কৰাটো ​বুদ্ধিমানৰ কাম নহয় বুলি জ্ঞাত কৰিছিল কিয়নো অতি সোনকালে বৰষুণ আৰম্ভ হবলৈ আছিল . . . আৰু হয়তো সৈন্যসকলৰ বাবে খোৱাবস্তু পোৱাটো কঠিন হʼলহেঁতেন। সেইবাবে তেওঁ হয়তো উভতি যোৱাটো উপযুক্ত বুলি ভাবিলে।” চেচটিয়াচ গেলেচে যিয়ে নাভাৱক কিয়, ৰোমীয়া সৈন্যসকলে নগৰৰ পৰা আতঁৰি গʼল আৰু পাছে পাছে খেদি অহা যিহুদীসকলৰ হাতত তেওঁলোকৰ বহু ক্ষতি হʼল।

১০ ৰোমীয়সকলে আতঁৰি যোৱাটো অতি আচৰিত আছিল কিন্তু ইয়াৰ কাৰণে “প্ৰাণী” ৰক্ষা পৰিল, সেই “প্ৰাণী” যীচুৰ সেই শিষ্যসকল আছিল যিসকলৰ জীৱন যিৰূচালেম ভিতৰত বিপদজনক আছিল। বুৰঞ্জীয়ে ৰেকৰ্ড কৰিছে যে যেতিয়া এই সুযোগৰ দুৱাৰ মুকলি হʼল খ্ৰীষ্টানসকলে পৰ্ব্বতলৈ পলাই গʼল। ভৱিষ্যতৰ বিষয়ে জনোৱা আৰু নিজৰ উপাসকসকল নিশ্চিতৰূপে ৰক্ষা কৰা ঈশ্বৰৰ ক্ষমতাক তেওঁ সুন্দৰকৈ প্ৰদৰ্শিত কৰি দেখুৱালে! কিন্তু, যিৰূচালেম আৰু যিহূদিয়াত থকা সেই অবিশ্বাসী যিহুদীসকলৰ কি হʼল?

এই সময়ৰ লোকে ইয়াক দেখা পাব

১১. “এই কালৰ” বিষয়ে যীচুৱে কি কৈছিল?

১১ বহুতো যিহুদীয়ে ভাবিবলৈ ধৰিলে যে তেওঁলোকৰ উপাসনা মন্দিৰত একেৰাহে চলি থাকিব। কিন্তু যীচুৱে কৈছিল: “ডিমৰু গছৰ পৰা . . . শিকা। যেতিয়া তাৰ ঠাল কোমল হৈ, কুঁহি পাত মেলে, তেতিয়া জহ কাল ওচৰ হৈছে বুলি তোমালোকে জানা। সেইদৰে, যেতিয়া এই সকলোকে দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি, দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটেমানে, এই কালৰ মানুহবিলাক লুপ্ত নহব। আকাশ আৰু পৃথিবী লুপ্ত হব, কিন্তু মোৰ বাক্য লুপ্ত নহব।”—মথি ২৪:৩২-৩৫.

১২, ১৩. “এইকালৰ” বিষয়ে যীচুৱে যি কৈছিল, শিষ্যসকলে কিদৰে বুজিবলৈ আছিল?

১২ সা.যু. ৬৬ চনৰ পৰা, খ্ৰীষ্টানসকলে বহুতো চিহ্নৰ প্ৰাথমিক ভাগ পূৰ্ণ হোৱা দেখিলে—যেনে যুদ্ধ, আকাল, ইয়াৰ ওপৰিও ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰচাৰ বৃদ্ধি হোৱা। (পাঁচনিৰ কৰ্ম্ম ১১:২৮; কলচীয়া ১:২৩) তেনেʼহলে, কেতিয়া শেষ হবলৈ আছিল? যীচুৰ অৰ্থ কি আছিল যেতিয়া তেওঁ কৈছিল: ‘এই কাল (গ্ৰীক, য়েনাহ) শেষ নহব’? যীচুৱে প্ৰায়ে বিৰোধী যিহুদীসকল আৰু তাৰ লগতে ধৰ্ম্মৰ গুৰুসকলক ‘দুষ্ট আৰু ব্যভিচাৰী মানুহ’ বুলি কৈছিল। (মথি ১১:১৬; ১২:৩৯, ৪৫; ১৬:৪; ১৭:১৭; ২৩:৩৬) যেতিয়া তেওঁ জৈতুন পৰ্ব্বতত ‘এই কালৰ’ বিষয়ে পুনৰ কৈছিল, প্ৰত্যক্ষৰূপে তেওঁ ইতিহাসৰ সকলো যিহুদীক বুজোৱা নাছিল; নাইবা যদিও তেওঁৰ শিষ্যসকল ‘মনোনীত লোকৰ বংশ’ আছিল তথাপিও তেওঁলোকক নিৰ্দ্দেশিত কৰা নাছিল। (১ পিতৰ ২:৯) যীচুৱে এইটোও কোৱা নাছিল যে “এই কাল” এটা নিদ্ধাৰিত সময়ক বুজায়।

১৩ তাৰ বিপৰীতে, যীচুৱে দিয়া চিহ্নৰ পূৰ্ণতা সেই যিহুদী বিৰোদ্ধীসকলে অনুভৱ কৰিছিল। লূক ২১:৩২ পদত দিয়া “এইকালৰ” বিষয়ে প্ৰফেচাৰ যোৱেল বি. গ্ৰীনে কৈছে: “তৃতীয় শুভবাৰ্ত্তাৰ কিতাপখনত, ‘এইকালৰ’ (আৰু তাৰ সমান্তাৰল থকা বাক্যসমূহ) অৰ্থ প্ৰত্যেকবাৰে এনে লোকসমূহক চিহ্নিত কৰি আহিছে যিসকলে ঈশ্বৰৰ উদ্দেশ্যক বিৰোধ কৰে। . . . এইটো সেই লোকসকলক বুজাই যিসকলে কঠোৰ মনেৰে ঈশ্বৰৰ উদ্দেশ্যক আওকাণ কৰে।b

১৪. সেই ‘কালৰ’ লোকসকলে কি কি পৰিস্থিতিৰ সন্মূখীন হব লগা হৈছিল, কিন্তু খ্ৰীষ্টানসকলৰ পৰিণাম কেনেকৈ তেওঁলোকতকৈ বেলেগ আছিল?

১৪ যিহুদী বিৰুদ্ধী দুষ্ট ব্যৱস্থাই এই চিহ্ন সম্পূৰ্ণ হোৱা দেখিলেহেঁতেন আৰু তেওঁলোকে যিহুদী ব্যৱস্থাৰ সমাপ্তিও অনুভৱ কৰিব পাৰিলেহঁতেন। (মথি ২৪:৬, ১৩, ১৪) আৰু তেওঁলোকে ঠিক সেইদৰেই অনুভৱ কৰিলে! সা.যু. ৭০ চনত সম্ৰাট ৱেস্পেচিয়নৰ পুত্ৰ টাইটাচৰ অধীনত ৰোমীয়া সৈন্যসকল আকৌ যিৰূচালেমলৈ ঘুৰি আহিল। নগৰৰ ভিতৰত যিহুদীসকলে যি কষ্টদায়ক অৱস্থাত ভুগিবলগীয়া হৈছিল তাৰ আমি কল্পনাও কৰিব নোৱাৰো।c প্ৰত্যক্ষদৰ্শী ফ্লাৱি-আচ যʼচিফচে ৰিপৰ্ট কৰিছে যে ৰোমীয়া সৈন্যই নগৰখন চূৰ্ণ-বিচূৰ্ণ কৰি দিয়ে আৰু প্ৰায় ১১,০০,০০০ জন যিহুদীক হত্যা কৰে আৰু কিছু ১,০০,০০০ লোকক বন্দী কৰি নিয়ে। তাৰে কিছুমানে খাদ্যৰ অভাৱত মৃত্যুবৰণ কৰিছিল বা কিছুমানক ৰোমীয়াসকলে আমোদ-প্ৰমোদৰ বাবে ব্যৱহাৰ কৰাৰ ফলত তেওঁলোকৰ প্ৰাণ হানি হৈছিল। সচাঁকৈ, সা.যু. ৬৬-৭০ চনত হোৱা ক্লেশে যিৰূচালেম আৰু যিহুদী ব্যৱস্থাত হোৱা আটাইতকৈ ডাঙৰ ক্লেশ আছিল যি আগতে কেতিয়াও হোৱা নাছিল। যীচুৰ ভৱিষ্যতবাণীত মনোযোগ দিয়াৰ বাবে ৬৬ চনত যিৰূচালেম ত্যাগ কৰি যোৱা খ্ৰীষ্টানসকলৰ বাবে কিমান যে উত্তম পৰিণাম হৈছিল! সা.যু. ৭০ চনত ‘মনোনীত কৰা’ অভিষিক্ত খ্ৰীষ্টানসকলক ৰক্ষা কৰা হৈছিল বা সুৰক্ষিত ৰখা হৈছিল।—মথি ২৪:১৬, ২২

আন এক পূৰ্ণতাৰ সমীপবৰ্ত্তী হোৱা

১৫. আমি কেনেকৈ নিশ্চিত হব পাৰোঁ যে যীচুৱে কৰা ভৱিষ্যতবাণী, সা.যু. ৭০ চনৰ পাছতো বৃহতৰূপে পূৰ্ণ হবলগীয়া আছিল?

১৫ যিহেতু সেইটো সমাপ্তিৰ শেষ নাছিল। পূৰ্ব্বেই যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে নগৰখন চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পাছত, তেওঁ যিহোৱাৰ নামেৰে আহিব। (মথি ২৩:৩৮, ৩৯; ২৪:২) তাৰ পাছত তেওঁ জৈতুন পৰ্ব্বতত কোৱা ভৱিষ্যতবাণীক স্পষ্টৰূপে বুজাই দিছিল। “মহা ক্লেশৰ” বিষয়ে উল্লেখ কৰাৰ পাছত, তেওঁ কৈছিল যে ভাঁৰি-কোৱা খ্ৰীষ্ট্‌ ওলাব আৰু বহু সময়ৰ লৈকে যিৰূচালেমক পৰজাতি মানুহৰ ভৰিৰে গচকা হব। (মথি ২৪:২১, ২৩-২৮; লূক ২১:২৪) কি এইটো হব পাৰেনে যে অন্য এটা ডাঙৰ ভৱিষ্যতবাণী পূৰ্ণ হবলৈ আছে? বাস্তৱতে ইয়াৰ উত্তৰ হৈছে, হয়। যেতিয়া আমি (সা.যু. ৭০ চনত যিৰূচালেমত ঘটিত হোৱা ক্লেশৰ পাছত লিখা) প্ৰকাশিত বাক্য ৬:২-৮ পদৰ সৈতে মথি ২৪:৬-৮ আৰু লূক ২১:১০, ১১ পদ তুলনা কৰো, আমি পাওঁ যে ভৱিষ্যতে ইয়াতকৈ ডাঙৰ যুদ্ধ, আকাল আৰু ক্লেশ হবলগীয়া আছে। যীচুৰ ভৱিষ্যতবাণীৰ এক ডাঙৰ পূৰ্ণতাক ১৯১৪ চনৰ প্ৰথম বিশ্বযুদ্ধৰ পৰাই আৰম্ভ হোৱা দেখা যায়।

১৬-১৮. এতিয়া আমি কি কি ঘটনা ঘটাৰ বাবে আশা কৰিব পাৰোঁ?

১৬ শতাব্দী ধৰি যিহোৱা সাক্ষীসকলক শিকোৱা হৈছে যে আমাৰ সময়ত চিহ্নৰ পূৰ্ণতাৰ অৰ্থ হৈছে এক ডাঙৰ “মহা ক্লেশ” আহিব লগা আছে। বৰ্তমান দুষ্ট ‘ব্যৱস্থাই’ সেই ক্লেশ দেখা পাব। এনে বোধ হয় যে ই আকৌ এবাৰ (মিছা ধৰ্ম্মৰ ওপৰত এক আক্ৰমণ) আৰম্ভ হব, যেনেকৈ সা.যু. ৬৬ চনত গেলাচে যিৰূচালেমৰ ওপৰত ক্লেশৰ দ্বাৰা আৰম্ভ কৰিছিল।d তাৰ পাছত কিছু অনিৰ্দ্দিষ্ট সময়ৰ পাছত শেষ হব। এই শেষ গোটেই পৃথিৱীজুৰি হব যিদৰে সা.যু. ৭০ চনত যিৰূচালেমত হৈছিল।

১৭ আমাৰ সন্মূখত থকা ক্লেশৰ বিষয়ে উল্লেখ কৰি যীচুৱে কৈছিল: “কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য্য অন্ধকাৰময় হব, চন্দ্ৰয়ো পোহৰ নিদিব, আকাশৰ পৰা তৰাবোৰ খহি পৰিব, আৰু আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হব। তেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হব; আৰু তেতিয়া পৃথিবীৰ সকলো ফৈদে হিয়া ভুকুৱাব, আকাশৰ মেঘৰ ওপৰত মানুহৰ পুত্ৰক; পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিব।”—মথি ২৪:২৯, ৩০.

১৮ সেইবাবে, যীচুৱে নিজেই কৈছিল “সেই কালৰ ক্লেশৰ পাছতে,” কিছুমান অদ্ভুত লক্ষণ দেখা যাব। (যোৱেল ২:২৮-৩২; ৩:১৫ পদ তুলনা কৰক।) ইয়াৰ বাবে অৱজ্ঞাকাৰী মানৱজাতিৰ অত্যন্ত ভয়ৰ কাৰণ হব আৰু ইমানে আঘাত পাব যে তেওঁলোকে নিজৰ “হিয়া ভুকুৱাব।” বহুতে “ভয়ত . . . বিমুচ্ছিত হব; কিয়নো আকাশৰ শক্তিবোৰ লৰোৱা হব।” কিন্তু খ্ৰীষ্টানসকলৰ বাবে তেনেধৰণৰ কোনো ভয়ৰ কাৰণ নহব! এইবোৰ, ‘তেওঁলোকৰ মূৰ দাঙি ওপৰলৈ চোৱাৰ কাৰণ হʼব, কিয়নো তেওঁলোকৰ মুক্তি ওচৰ চাপিছেহি।’—লূক ২১:২৫, ২৬, ২৮.

ভৱিষ্যতে ন্যায় হবলগীয়া আছে!

১৯. মেৰ আৰু ছাগলীৰ দৃষ্টান্ত কেতিয়া পূৰ্ণ হব বুলি আমি আশা কৰিব পাৰোঁ?

১৯ লক্ষ্য কৰক মথি ২৪:২৯-৩১ পদত ভৱিষ্যতবাণী কৰিছে যে (১) মানুহৰ পুত্ৰ আহিব, (২) তেওঁ পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে আহিব, (৩) তেওঁৰ সৈতে স্বৰ্গদূতসকল হব, আৰু (৪) পৃথিবীৰ সকলো জাতিয়ে তেওঁক দেখা পাব। যীচুৱে এই ঘটনাত মেৰ আৰু ছাগলীৰ দৃষ্টান্তৰ সম্পৰ্কে পুনৰ উল্লেখ কৰিছিল। (মথি ২৫:৩১-৪৬) এইবাবে, আমি মিমাংসা কৰিব পাৰোঁ যে যেতিয়া যীচুৱে নিজ দূতবিলাকৰ সৈতে আহিব আৰু ন্যায় কৰিবলৈ নিজৰ সিংহাসনত বহিব, এই দৃষ্টান্তৰ কাৰ্য্য ক্লেশৰ আৰম্ভণি দ্বাৰা কৰা হব। (যোহন ৫:২২; পাঁচনিৰ কৰ্ম্ম ১৭:৩১; ১ ৰাজাৱলি ৭:৭; দানিয়েল ৭:১০, ১৩, ১৪, ২২, ২৬; মথি ১৯:২৮ সৈতে তুলনা কৰক।) কোনসকলৰ ন্যায় কৰা হব আৰু তেওঁলোকৰ পৰিণাম কি হব? এই দৃষ্টান্তই দেখুৱাই যে যীচুৱে সকলো জাতিলৈ মনোযোগ দিব যে তেওঁলোকে তেওঁৰ স্বৰ্গীয় সিংহাসনৰ ঠিক সন্মূখত একত্ৰিত হৈছে নে নাই, ই ঠিক তেনেদৰে একত্ৰিত কৰা হʼব যেনেকৈ দৰবাৰত বিচাৰকৰ সন্মূখত ন্যায়ৰ বাবে উপস্থিত কৰোৱা হয়।

২০, ২১. (ক) যীচুৰ দৃষ্টান্তত থকা মেৰৰূপী ব্যক্তিসকললৈ কি ঘটিব? (খ) ভৱিষ্যতে ছাগলীবৰ্গৰ ব্যক্তিসকলে কি অনুভৱ কৰিব?

২০ মেৰৰূপী স্ত্ৰী আৰু পুৰুষক, যীচুৰ অনুগ্ৰহৰ সোঁফালে ৰখা হব। কিয়? কিয়নো তেওঁলোকে যীচুৰ ভাইবিলাকৰ প্ৰতি—অভিষিক্ত খ্ৰীষ্টানসকলৰ প্ৰতি, যিসকলে তেওঁৰ সৈতে স্বৰ্গীয় ৰাজ্যত ভাগ লব—তেওঁলোকৰ সুযোগক উচিতৰূপে ব্যৱহাৰ কৰিলে। (দানিয়েল ৭:২৭; ইব্ৰী ২:৯–৩:১) দৃষ্টান্তৰ অনুসাৰে, লাখ লাখ মেৰৰূপী খ্ৰীষ্টানে আত্মিক ভাইসকলক চিনি পালে আৰু তেওঁলোকৰ কাৰ্য্যক সমৰ্থন কৰিলে। ফলস্বৰূপে, বৰ লোকসমূহৰ ওচৰত “মহা ক্লেশৰ” পৰা ৰক্ষা পাই, পৃথিবীত ঈশ্বৰৰ ৰাজ্য অৰ্থাৎ পৰমদেশত অনন্ত জীৱন পাবলৈ বাইবেল-আধাৰিত আশা প্ৰাপ্ত কৰিলে।—প্ৰকাশিত বাক্য ৭:৯, ১৪; ২১:৩, ৪; যোহন ১০:১৬.

২১ ছাগলীৰূপী ব্যক্তিসকলৰ বাবে কি যে বেয়া পৰিণাম হব! তেওঁলোকৰ বিষয়ে মথি ২৪:৩০ পদত বৰ্ণনা কৰিছে যে যেতিয়া যীচু আহিব তেওঁলোকে ‘হিয়া ভুকুৱাব।’ কিয়নো তেওঁলোকে নিজ কাৰ্য্যৰে দেখুৱাইছে যে তেওঁলোকে ৰাজ্য শুভবাৰ্ত্তাক অস্বীকাৰ কৰিলে, যীচুৰ শিষ্যসকলক বিৰোধ কৰিলে আৰু আঁতৰি যাব লগীয়া জগতক পছন্দ কৰিলে। (মথি ১০:১৬-১৮; ১ যোহন ২:১৫-১৭) পৃথিবীত থকা তেওঁৰ কোনো শিষ্যই নকৰিব কিন্তু যীচুৱে নিদ্ধাৰিত কৰিব যে ছাগলীবৰ্গৰ ব্যক্তিসকল কোন হয়। এই ছাগলীৰ বিষয়ে তেওঁ কৈছে: ‘অনন্ত দণ্ডলৈ যাব।’—মথি ২৫:৪৬.

২২. যীচুৰ ভৱিষ্যতবাণীৰ কোনটো ভাগত আমাক বেছিকৈ মনোযোগ দিয়া উচিত?

২২ মথি ২৪ আৰু ২৫ অধ্যায়ৰ ভৱিষ্যতবাণীক বুজিবলৈ আমাৰ অতি আচৰিতজনক উন্নতি হৈছে। কিন্তু, যীচুৰ ভৱিষ্যতবাণীৰ এটা ভাগত আমি আৰু বেছি মনোযোগ দিয়া উচিত আৰু সেইটো হৈছে, ‘ধ্বংসকাৰী ঘিণলগীয়া বস্তু পবিত্ৰ ঠাইত থিয় দি আছে।’ যীচুৱে নিজৰ অনুগামীসকলক বিবেচনাশীল হৈ কাৰ্য্য কৰিবলৈ উৎসাহিত কৰিছিল। (মথি ২৪:১৫, ১৬) সেই “ধ্বংসকাৰী ঘিণলগীয়া বস্তু” কি? ই কেতিয়াৰ পৰা পবিত্ৰ ঠাইত থিয় দিয়েহি? আৰু ই আমাৰ বৰ্তমান আৰু ভৱিষ্যত জীৱনৰ সম্ভাৱনাৰ সৈতে কেনেকৈ জড়িত্ব হৈ আছে? পৰবৰ্ত্তী লেখত ইয়াৰ বিষয়ে আলোচনা কৰা হব।

[Footnotes]

a ফেব্ৰুৱাৰী ১৫, ১৯৯৪ (ইংৰাজী); অক্টোবৰ ১৫ (ইংৰাজী) আৰু নৱেম্বৰ ১, ১৯৯৫ (ইংৰাজী); আৰু আগষ্ট ১৫, ১৯৯৬ চনৰ প্ৰহৰীদূৰ্গ-ৰ (ইংৰাজী) অধ্যয়নৰ লেখসমূহত চাওঁক।

b ব্ৰিটিচ্‌ বিদ্বান জী. আৰ. বীজেলী-মৰীয়ে এইদৰে নিজৰ মন্তব্য দিয়ে “ ‘এইকালৰ,’ উক্তিটোৰ বাবে অনুবাদসকলে কঠিন পোৱাটো উচিত নহয়। যিহেতু প্ৰথমৰ গ্ৰীক ভাষাত জেনিয়া-ৰ অৰ্থ হৈছে জন্ম, বংশ আৰু সেইবাবে জাতিও . . . [গ্ৰীক চেপ্চুৱাজেট] শব্দত, ইব্ৰী পদ ডৌৰ শব্দক বহুবাৰ বয়স, বা মানৱজাতিৰ আয়ুস, বা কালৰ অৰ্থত অনুবাদ কৰা হৈছে। . . . যীচুৱে কোৱা উক্তিটো দুই অৰ্থত বুজোৱা যেন বোধ হয়: এক অৰ্থত ই সদায় তেওঁৰ লোকসকলক বুজাই আৰু আন অৰ্থত ই সদায় স্পষ্টৰূপে প্ৰতিকূল সমালোচনাৰ অৰ্থ বহন কৰে।”

c যিহুদীসকলৰ ইতিহাস লেখক গ্ৰেটচে এইদৰে কৈছে যে মাজে সময়ে ৰোমীয়াসকলে এদিনত ৫০০ জন বন্দীক শূলত দিছিল। বন্দী কৰা অন্য যিহুদীসকলক তেওঁলোকৰ হাত দুখন কাটি নিজৰ নগৰলৈ ঘূৰাই পঠিয়াইছিল। নগৰখন কি অৱস্থাত আছিল? “ধন-সম্পত্তিৰ কোনো মূল্য নাছিল কিয়নো তাৰ দ্বাৰা খাদ্য কিনিব পৰা নগৈছিল। সকলোতকৈ জঘন্য আৰু ঘৃণনীয় ভোজন, এমুঠি খেৰ, চামৰাৰ টুকুৰা বা কুকুৰক দিয়া খাদ্যৰ বাবে তেওঁবিলাকে কুকুৰ-মেকুৰীৰ দৰে যুঁজ কৰিছিল। . . . বহুতো মৰাশ এনেই পৰি আছিল, যাৰবাবে গ্ৰীষ্ম দিনৰ বতাহ বিষাক্ত হৈ পৰিল আৰু তাত থকা লোকবিলাকে ৰোগগ্ৰস্ত, আকাল আৰু তৰোৱালৰ দ্বাৰা মৃত্যুবৰণ কৰিবলগীয়া হʼল।”

d পৰবৰ্ত্তী লেখত, আহিবলগা আগন্তক ক্লেশৰ এই দিশৰ বিষয়ে আলোচনা কৰা হৈছে।

আপুনি স্মৰণ কৰেনে?

◻ প্ৰথম শতাব্দীত মথি ২৪:৪-১৪ পদৰ কোনটো ভৱিষ্যতবাণী পূৰ্ণ হৈছিল?

◻ পাঁচনিবিলাকৰ সময়ত, মথি ২৪:২১, ২২ পদত উল্লেখ কৰা দৰে কেনেকৈ সেই দিনৰ সংখ্যা কম কৰা হৈছিল আৰু প্ৰাণীক ৰক্ষা কৰা হৈছিল?

◻ মথি ২৪:৩৪ পদত উল্লেখ কৰা “এই কালৰ” বৈশিষ্যতা কি?

◻ আমি কেনেকৈ জানিব পাৰোঁ যে জৈতুন পৰ্ব্বতত দিয়া ভৱিষ্যতবাণীৰ অন্য এটা ভাগ বৃহতভাৱে এতিয়াও পূৰ্ণ হবলৈ বাকী আছে?

◻ মেৰ আৰু ছাগলীৰ দৃষ্টান্ত কেতিয়া আৰু কেনেকৈ পূৰ্ণ হব?

[Picture on page 12]

ৰোমত আৰ্ক অফ্‌ টাইটাচৰ এটা ভাগ, যʼত যিৰূচালেমৰ ধ্বংসত লুট কৰা বস্তুবোৰ দেখুৱা হৈছে

[Credit Line]

Soprintendenza Archeologica di Roma

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক