ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৫/১ পৃষ্ঠা ১৪-২০
  • “যি জনে পঢ়ে, তেওঁ বুজক”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “যি জনে পঢ়ে, তেওঁ বুজক”
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • আধুনিক দিনৰ “ঘিণলগীয়া বস্তু”
  • ভৱিষ্যতে হবলগা আক্ৰমণ
  • ‘পলাই যোৱা’—কিন্তু কেনেকৈ?
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৫/১ পৃষ্ঠা ১৪-২০

“যি জনে পঢ়ে, তেওঁ বুজক”

“যি ধ্বংসকাৰী ঘিণলগীয়া বস্তু . . . যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা, . . . তেতিয়া যিহূদিয়াত থকা মানুহবিলাক পৰ্ব্বতলৈ পলাই যাওক।”—মথি ২৪:১৫, ১৬.

১. লূক ১৯:৪৩, ৪৪ পদত যীচুৱে দিয়া সাৱধানবাণীৰ কি পৰিণাম হʼল?

আমি একেৰাহে সজাগ থকাৰ দ্বাৰা আহি থকা দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ সক্ষম হম। (হিতোপদেশ ২২:৩) সা.যু. ৬৬ চনত ৰোমীয়াসকলৰ আক্ৰমণৰ পূৰ্ব্বে যিৰূচালেমত থকা খ্ৰীষ্টানসকলৰ পৰিস্থিতিৰ বিষয়ে কল্পনা কৰক। যীচুৱে সাৱধান কৰিছিল যে নগৰখনক চাৰিওফালে গড় বান্ধি ধ্বংস কৰা হব। (লূক ১৯:৪৩, ৪৪) বেছি সংখ্যক যিহুদীয়ে তেওঁৰ বাক্যক আওকাণ কৰিলে। কিন্তু তেওঁৰ শিষ্যসকলে তেওঁৰ সাৱধানবাণীৰ বাক্যৰ প্ৰতি মনোযোগ দিলে। পৰিণামস্বৰূপে, তেওঁলোকে সা.যু. ৭০ চনত হোৱা দূৰ্যোগৰ পৰা ৰক্ষা পৰিল।

২, ৩. মথি ২৪:১৫-২১ পদত বৰ্ণনা কৰা যীচুৰ ভৱিষ্যতবাণীৰ প্ৰতি আমি কিয় আগ্ৰহী হোৱা উচিত?

২ বৰ্তমান সময়ত এই ভৱিষ্যতবাণীক বুজি পাবলৈ যীচুৱে সুস্পষ্টভাৱে চিহ্নৰ পৰিলেখ দিছিল যেনে যুদ্ধ, আকাল, ভূমিকম্প, মহামাৰী আৰু ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰচাৰৰ বাবে সত্য খ্ৰীষ্টানসকলক অত্যাচাৰ কৰা। (মথি ২৪:৪-১৪; লূক ২১:১০-১৯) শেষ-সময় যে ওচৰত আছিল তাৰ বিষয়ে যীচুৱে শিষ্যসকলক বুজিবলৈ সহায় কৰাৰ বাবে তেওঁ এটা সূত্ৰ প্ৰদান কৰিছিল—“ধ্বংসকাৰী ঘিণলগীয়া বস্তু . . . পৱিত্ৰ ঠাইত থকা দেখিবা।” (মথি ২৪:১৫) তেনেহʼলে আহঁক সেই অৰ্থপূৰ্ণ কথাবোৰ পুনৰ পৰীক্ষা কৰি চাওঁহঁক যে সেইবোৰে বৰ্তমান আৰু ভৱিষ্যতে আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলাব পাৰে।

৩ চিহ্নৰ পৰিলেখ দিয়াৰ পাছত, যীচুৱে কৈছিল: “এই হেতুকে যি ধ্বংসকাৰী ঘিণলগীয়া বস্তুৰ কথা দানিয়েল ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, তাক যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা,—যি জনে পঢ়ে, তেওঁ বুজক;—তেতিয়া যিহূদিয়াত থকা মানুহবিলাক পৰ্ব্বতলৈ পলাই যাওক; ঘৰৰ ওপৰত থকা জনে তেওঁৰ ঘৰৰ পৰা বস্তুবোৰ উলিয়াই নিবলৈ নানামক; আৰু পথাৰত থকা জনে তেওঁৰ কাপোৰখন লবলৈ উলটি নাযাওক। কিন্তু সেই কালত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতাবিলাকৰ সন্তাপ হব। আৰু তোমালোকৰ পলোৱা যেন জাৰকালি বা বিশ্ৰাম-বাৰে নহয়, তাৰ নিমিত্তে প্ৰাৰ্থনা কৰা। কিয়নো সেই কালত যেনে মহাক্লেশ হব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই, আৰু নহবও।”—মথি ২৪:১৫-২১.

৪. কেনেকৈ কব পাৰি যে মথি ২৪:১৫ পদৰ ভৱিষ্যতবাণী প্ৰথম শতাব্দীত পূৰ্ণ হʼল?

৪ মাৰ্ক আৰু লূকৰ বৰ্ণনাই অতিৰিক্ত বিবৰণিৰ যোগান ধৰিছে। যʼত মথিয়ে “পবিত্ৰ ঠাইত থকা” শব্দক ব্যৱহাৰ কৰিছে আৰু মাৰ্ক ১৩:১৪ পদত কৈছে “থাকিব নলগীয়া ঠাইত।” লূক ২১:২০ পদত যীচুৰ শব্দক যোগ কৰিছে: “যেতিয়া যিৰূচালেমক সৈন্যবিলাকেৰে বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল্‌হি বুলি জানিবা।” এই পদে আমাক ৰোমীয়াসকলে যিৰূচালেম আৰু ইয়াৰ মন্দিৰ—যিটো যিহুদীসকলৰ বাবে পবিত্ৰ আছিল, কিন্তু যিহোৱা বাবে পবিত্ৰ হৈ নাথাকিল, সা.যূ. ৬৬ চনত তাৰ ওপৰত আক্ৰমণৰ কৰাৰ দ্বাৰা ভৱিষ্যতবাণীৰ পূৰ্ণ হোৱালৈ দৃষ্টি কৰিবলৈ সহায় কৰে। সা.যু. ৭০ চনত ৰোমীয়াসকলে নগৰ আৰু মন্দিৰ এই দুয়োকে সম্পূৰ্ণৰূপে ধ্বংস কৰে। তেনেহʼলে ‘ধ্বংসকাৰী ঘিণলগীয়া বস্তু’ কি আছিল? ই কেনেকৈ ‘পবিত্ৰ ঠাইত থিয় হৈছিল’? এই প্ৰশ্নবোৰৰ উত্তৰে বৰ্তমান দিনৰ পূৰ্ণতাক স্পষ্টৰূপে বুজিবলৈ সহায় কৰিব।

৫, ৬. (ক) দানিয়েল ৯ অধ্যায় পঢ়া পাঠসকলৰ বাবে কিয় বিবেচনা-শক্তি ব্যৱহাৰ কৰা আৱশ্যক? (খ) “ঘিণলগীয়া বস্তুৰ” বিষয়ে কৰা যীচুৰ ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হʼল?

৫ যীচুৱে পাঠকসকলক বিবেচনা শক্তি ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে। কেনেধৰণৰ পাঠকসকলক? যিসকলে দানিয়েল ৯ অধ্যায় পঢ়ে। সেই অধ্যায়ত, আমি এটা ভৱিষ্যতবাণী পাওঁ যিয়ে উল্লেখ কৰিছে যে মচীহ কেতিয়া অৰ্বিভাৱ হব আৰু পূৰ্ব্বসূচনা দিছে যে তেওঁক চাৰে তিনি বছৰ কালত উচ্ছন্ন কৰা হব। ভৱিষ্যতবাণীয়ে কৈছে: “ঘিণলগীয়া বস্তুৰ ডেউকাৰ ওপৰত ধ্বংসক থাকিব, আৰু নিৰূপিত উচ্ছন্নতালৈকে ধ্বংসকৰ ওপৰত ক্ৰোধৰূপ বৃষ্টি বৰ্ষোৱা হব।”—দানিয়েল ৯:২৬, ২৭; দানিয়েল ১১:৩১; ১২:১১ পদো চাওঁক।

৬ যিহুদীসকলে ভাৱিছিল যে এই ভৱিষ্যতবাণী ২০০ বছৰৰ আগতে এন্টিকোচ চতুৰ্থই মন্দিৰক অপৱিত্ৰ কৰা বিষয়ে কৈছে। আনহাতে যীচুৱে বিবেচনা শক্তি ব্যৱহাৰ কৰিবলৈ আগ্ৰহ কৰিছিল কিয়নো “ঘিণলগীয়া বস্তু” তেতিয়াও অৰ্বিভাৱ হৈ ভৱিষ্যতে “পবিত্ৰ ঠাইত” থিয় হবলৈ আছিল। স্পষ্টৰূপে, যীচুৱে ৰোমীয়া সৈন্যবাহিনীৰ বিষয়ে উল্লেখ কৰিছিল যিসকলে সা.যু. ৬৬ চনত বিশিষ্ট প্ৰতীকৰ সৈতে আহিবলৈ আছিল। এই প্ৰতীক বহু সময়ৰ পৰাই ৰোমীয়াসকলে ব্যৱহাৰ কৰিছিল। আৰু সেই প্ৰতীক বাস্তৱতে মূৰ্ত্তিক বুজোৱা হৈছিল যিটো যিহুদীসকলৰ বাবে ঘিণলগীয়া বস্তু আছিল।a তথাপি, কেতিয়া তেওঁলোক, ‘পবিত্ৰ স্থানত থিয় হʼল’? নিজ নিজ ধৰ্ম্ম-প্ৰতীকৰ সৈতে যেতিয়া ৰোমীয়াসকলে যিৰূচালেত আৰু ইয়াৰ মন্দিৰ আক্ৰমণ কৰে, যি মন্দিৰক যিহুদীসকলে পবিত্ৰ বুলি জ্ঞাত কৰিছিল। আনকি ৰোমীয়াসকলে মন্দিৰৰ দেৱালৰ তলে তলে ভেটি খান্দিবলৈ আৰম্ভ কৰিলে। দৰাচলতে, যি বস্তু ইমান সময়ৰ পৰা ঘিণলগীয়া বস্তু আছিল, সেইটো এতিয়া পবিত্ৰ ঠাইত থিয় হৈ আছিল!—যিচয়া ৫২:১; মথি ৪:৫; ২৭:৫৩; পাঁচনিৰ কৰ্ম্ম ৬:১৩.

আধুনিক দিনৰ “ঘিণলগীয়া বস্তু”

৭. যীচুৰ কোনটো ভৱিষ্যতবাণী আমাৰ সময়ত পূৰ্ণ হৈছে?

৭ মথি ২৪ অধ্যায়ত বৰ্ণনা কৰা যীচুৰ চিহ্ন, প্ৰথম বিশ্ব যুদ্ধত বিস্তীৰ্ণৰূপে পূৰ্ণ হোৱা আমি দেখিবলৈ পাওঁ। আহঁক আকৌ এবাৰ আমি তেওঁৰ বাক্যক পঢ়ো: “যি ধ্বংসকাৰী ঘিণলগীয়া বস্তুৰ . . . যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা, . . . তেতিয়া যিহূদিয়াত থকা মানুহবিলাক পৰ্ব্বতলৈ পলাই যাওক।” (মথি ২৪:১৫, ১৬) ভৱিষ্যতবাণীৰ এই ভাগ বৰ্তমান আমাৰ সময়তো পূৰ্ণ হোৱা আৱশ্যক।

৮. বহু বছৰৰ আগৰ পৰাই যিহোৱা সাক্ষীসকলে আধুনিক সময়ৰ “ঘিণলগীয়া বস্তুৰ” সম্পৰ্কে কেনেকৈ চিনাক্ত কৰিলে?

৮ যিহোৱাৰ সেৱকসকলৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই ভৱিষ্যতবাণী নিশ্চয় পূৰ্ণ হব। এই সংক্ৰান্তত ১৯২১ চনৰ জানুৱাৰী ১, প্ৰহৰীদূৰ্গ-ত (ইংৰাজী) মধ্য পূৰ্বত হৈ থকা ঘটনাবোৰক বৰ্ণনা কৰা হৈছে। তাৰ পাছত ১৯২৯ চনৰ ডিচেম্বৰ, খণ্ড ১৫, ৩৭৪ পৃষ্ঠাত প্ৰহৰীদূৰ্গ-ই (ইংৰাজী) নিশ্চিতভাৱে কʼলে: “গোটেই ৰাষ্ট্ৰ সঙ্ঘৰ উদ্দেশ্য হৈছে লোকসকলক ঈশ্বৰ আৰু খ্ৰীষ্টৰ পৰা বিপৰীতে পৰিচালনা কৰা আৰু সেইবাবে ই এটা ঘিণলগীয়া বস্তু অৰ্থাৎ চয়তানৰ উপাদান আৰু ঈশ্বৰৰ দৃষ্টিত ঘিণলগীয়া বস্তু।” সেইবাবে ১৯১৯ চনত “ঘিণলগীয়া বস্তুৰ” অৰ্বিভাৱ হʼল। আৰু সময় অতিক্ৰম কৰা লগে-লগে ৰাষ্ট্ৰ সঙ্ঘ সলনি হʼল আৰু সংযুক্ত ৰাষ্ট্ৰ গঠিত হয়। যিহোৱাৰ সাক্ষীসকলে মানৱজাতিৰ এই শান্তিৰ সংগঠনক ঈশ্বৰৰ দৃষ্টিত ঘিণলগীয়া বস্তু বুলি বহু আগতেই প্ৰকাশ কৰিছে।

৯, ১০. “মহা ক্লেশৰ” বিষয়ে থকা আমাৰ প্ৰথম অন্তৰ্দৃষ্টিয়ে সেই দৃষ্টিভঙ্গীক কেনেকৈ প্ৰভাৱিত কৰিলে যে সেই “ঘিণলগীযা বস্তু” কেতিয়া পৱিত্ৰ ঠাইত থিয় দিব?

৯ পৰবৰ্ত্তী লেখত মথি ২৪ আৰু ২৫ অধ্যায়ৰ বহু ভাগত স্পষ্টৰূপে বৰ্ণনা দিয়া হৈছে। ‘ঘিণলগীয়া বস্তু পৱিত্ৰ ঠাইত থিয় থকা’ বিষয়ে কিছুমান স্পষ্টীকৰণ আৱশ্যক নে? অৱশ্যে আৱশ্যক আছে। “পৱিত্ৰ ঠাইত থিয় থকা” যীচুৰ এই ভৱিষ্যতবাণী “ক্লেশৰ” আৰম্ভৰ সৈতে নিবিড়ভাৱে জড়িত্ব আছে। সেইবাবে যদিও “ঘিণলগীয়া বস্তু” বহু আগতে অৰ্বিভাৱ হʼল, কিন্তু ‘পৱিত্ৰ ঠাইত থিয় দি থকা’ আৰু মহা ক্লেশৰ সৈতে যি সমন্ধ আছে সেইটো আমাৰ চিন্তাধাৰাক প্ৰভাৱিত কৰা উচিত। কেনেকৈ?

১০ ঈশ্বৰৰ লোকসকলে এটা সময়ত বুজিছিল যে মহাক্লেশৰ প্ৰথম ভাগ ১৯১৪ চনত আৰম্ভ হʼল আৰু সমাপ্তিৰ ভাগ হৰমাগিদোন যুদ্ধত হব। (প্ৰকাশিত বাক্য ১৬:১৪, ১৬; প্ৰহৰীদূৰ্গ, (ইংৰাজী) এপ্ৰিল ১, ১৯৩৯ চনৰ, ১১০ পৃষ্ঠাৰ সৈতে তুলনা কৰক।) সেইবাবে আমি বুজিব পাৰো যে প্ৰথম বিশ্বযুদ্ধৰ ঠিক পাছতেই পুনৰ অৰ্বিভাৱ হবলগীয়া “ঘিণলগীয়া বস্তু” পৱিত্ৰ ঠাইত থিয় হৈ থকা বুলি তেওঁলোকে কিয় সেইদৰে ভাৱিছিল।

১১, ১২. ১৯৬৯ চনত, “মহা ক্লেশৰ” সম্পৰ্কে থকা দৃষ্টিভঙ্গীক কি সলনি কৰা হʼল?

১১ কিন্তু, সময়বোৰ বাগৰি যোৱা লগে-লগে আমাৰ দৃষ্টিভঙ্গী বেলেগ হʼল। নিউয়ৰ্কত “পৃথিৱীত শান্তি” নামৰ এক অন্তৰাষ্ট্ৰীয় সন্মিলনত ৱাচ্‌টাৱাৰ বাইবেল এন্ড ট্ৰেক্ট চোচাইটিৰ উপ সভাপতি এফ. ডাব্লিউ. ফ্ৰান্চে বৃহস্পতিবাৰ, জুলাই ১০, ১৯৬৯ চনত এটা ৰোমাঞ্চকজনক ভাষণ দিলে। যীচুৰ ভৱিষ্যতবাণীৰ প্ৰথম অন্তৰ্দৃষ্টি বিষয়ে পুনৰ নিৰীক্ষণ কৰি, ভাই ফ্ৰান্চে কʼলে: “এইদৰে বুজা গৈছিল যে ‘মহা ক্লেশ’ ১৯১৪ চনত আৰম্ভ হʼল আৰু ইয়াক পূৰ্ণ সময়ৰ লৈকে চলিবলৈ অনুমতি দিয়া নহʼল কিয়নো ঈশ্বৰে নবেম্বৰ ১৯১৮ চনত প্ৰথম বিশ্ব যুদ্ধ বন্ধ কৰে। তেতিয়াৰ পৰাই ঈশ্বৰে তেওঁৰ মনোনীত খ্ৰীষ্টান লোকৰ অৱশিষ্ট বৰ্গক সময় দিলে যাতে তেওঁলোকৰ কাৰ্য্য কৰিব পাৰে। তাৰ পাছত “হৰমাগিদোন” যুদ্ধত চূড়ান্ত ‘মহা ক্লেশৰ’ আৰম্ভ হব।”

১২ কিন্তু ইয়াৰ পাছত ভূলভাৱে বুজা ভাৱধাৰাক বহলভাৱে পৰিৱৰ্ত্তন কৰা হʼল: “প্ৰথম শতাব্দীৰ ঘটনাৰ সৈতে তুলনা কৰিলে, . . . আমাৰ সময়ত ‘মহা ক্লেশ’ সা.যু. ১৯১৪ চনত আৰম্ভ হোৱা নাছিল। ১৯১৪-১৯১৮ চনত বৰ্তমানৰ লাক্ষণিক যিৰূচালেমৰ ওপৰত যি ঘটিল, সেইয়া ‘মহা ক্লেশ’ নাছিল। তাৰ পৰিৱৰ্তে ই মাত্ৰ ‘যাতনাৰ আৰম্ভহে’ আছিল . . . সেইবাবে এনে ‘মহা ক্লেশ’ যিটো আজিলৈকে হোৱা নাই, সেইটো ভৱিষ্যত হবলৈ আছে। কিয়নো ইয়াৰ অৰ্থ হৈছে মিছা ধৰ্ম্মৰ (লগতে খ্ৰীষ্টীয়জগত) সম্ৰাজ্যৰ ধ্বংস, আৰু ইয়াৰ পাছতে ‘সৰ্ব্বশক্তিমান ঈশ্বৰৰ মহান দিনৰ যুদ্ধ’ হৰমাগিদোন আৰম্ভ হব। ইয়াৰ অৰ্থ এইটো যে সমস্ত “মহা ক্লেশ“ ভৱিষ্যতে হবলগীয়া আছে।

১৩. এইটো কোৱা কিয় যুক্তিসঙ্গত হব যে সেই “ঘিণলগীয়া বস্তু” ভৱিষ্যতে ‘পবিত্ৰ ঠাইত থিয় হব’?

১৩ ইয়াৰ দ্বাৰা আমি এটা আভাষ পাওঁ যে কেতিয়া “ঘিণলগীয়া বস্তু” পবিত্ৰ ঠাইত থিয় হব। প্ৰথম শতাব্দীত কি হৈছিল তাক স্মৰণ কৰক। ৰোমীয়াসকলে সা.যু. ৬৬ চনত যিৰূচালেম আক্ৰমণ কৰিছিল, কিন্তু তেওঁলোক হঠাতে গুচি গʼল আৰু খ্ৰীষ্টানসকলে ‘প্ৰাণ’ ৰক্ষা কৰিবলৈ সুযোগ পালে। (মথি ২৪:২২) সেই বাবে আমি আশা কৰিব পাৰোঁ যে “মহা ক্লেশ” অতি সোনকালে আৰম্ভ হব, কিন্তু ঈশ্বৰৰ মনোনীত লোকসকলৰ বাবে সেই কালৰ সংখ্যা কম কৰা হব। এই মূখ্য বিষয়টো লক্ষ্য কৰক: প্ৰাচীন সময়ত ‘ঘিণলগীয়া বস্তু পবিত্ৰ ঠাইত থিয় দি থকা,’ এই ঘটনাক সা.যু. ৬৬ চনত সেনাপতি গেলাচ্‌ৰ অধীনত ৰোমীয়াসকলে কৰা আক্ৰমণৰ সৈতে সংযোগ কৰা হৈছিল। আধুনিক দিনত সেই আক্ৰমণৰ সাদৃশ্যতা—“মহা ক্লেশৰ” দুৰ্য্যোগৰ সৈতে কৰা হৈছে—যিটো এতিয়া একেবাৰে ওচৰত আছে। সেইবাবে যিটো ১৯১৯ চনৰ পৰা দেখা দিয়া “ধ্বংসকাৰী ঘিণলগীয়া বস্তু” ভৱিষ্যতে পৱিত্ৰ ঠাইত থিয় হব।।b ই কেনেকৈ হব? আৰু আমি কেনেকৈ প্ৰভাৱিত হম?

ভৱিষ্যতে হবলগা আক্ৰমণ

১৪, ১৫. প্ৰকাশিত বাক্য ১৭ অধ্যায়ই হৰমাগিদোনলৈ পৰিচালিত কৰা ঘটনাবোৰক বুজিবলৈ কেনেকৈ সহায় কৰে?

১৪ প্ৰকাশিত বাক্য কিতাপে ভৱিষ্যতে মিছা ধৰ্ম্মৰ ওপৰত আহিব লগা এটা ধ্বংসকাৰী আক্ৰমণৰ বিষয়ে উল্লেখ কৰিছে। ১৭ অধ্যায়ত ‘মহা-বাবিল, বেশ্যাবিলাকৰ মাতৃ’ অৰ্থাৎ মিছাৰ ধৰ্ম্মৰ বিশ্ব সম্ৰাটৰ বিৰুদ্ধে ঈশ্বৰৰ ন্যায়দণ্ডৰ পৰিলেখ দিয়া হৈছে। ইয়াত খ্ৰীষ্টীয়জগতে এটা মূখ্য ভূমিকা আদায় কৰিছে আৰু তেওঁলোকে দাবী কৰে যে ঈশ্বৰৰ সৈতে সমন্ধ বজাই ৰাখিবলৈ তেওঁলোকৰ ওচৰত এটা ব্যৱস্থা আছে। (যিৰিমিয়া ৭:৪ পদৰ সৈতে তুলনা কৰক।) মিছা ধৰ্ম্ম অৰ্থাৎ যʼত খ্ৰীষ্টীয়জগতো জড়িত্ব হৈ আছে, “পৃথিবীৰ ৰজাবিলাকৰ সৈতে” বহু সময়ৰ পৰা অবৈধ সমন্ধ ৰাখি আহিছে, কিন্তু ধৰ্ম্মবোৰৰ ধ্বংসৰ দ্বাৰা এই সমন্ধৰ পতন হব। (প্ৰকাশিত বাক্য ১৭:২, ৫) কাৰ দ্বাৰা হব?

১৫ প্ৰকাশিত বাক্যই “এটা সেন্দুৰ বৰণীয়া পশুৰ” বিষয়ে কৈছে, যিয়ে এটা সময়ৰ বাবে অস্তিত্ব আহি, অদৃশ্য হয় আৰু পুনৰ দেখা দিয়ে। (প্ৰকাশিত বাক্য ১৭:৩, ৮) জগতৰ শাসকসকলে এই পশুক সমৰ্থন কৰে। ভৱিষ্যতবাণীত থকা সকলোবোৰ বৰ্ণনাই এই লাক্ষণিক পশুক শান্তিৰ সংগঠনৰূপে চিনাক্ত কৰিবলৈ সহায় কৰে যিয়ে ৰাষ্ট্ৰ সঙ্ঘৰূপে (এটা “ঘিণলগীয়া বস্তু”) ১৯১৯ চনত অস্তিত্বলৈ আহে আৰু যি এতিয়া হৈছে যুক্তৰাষ্ট্ৰ।। প্ৰকাশিত বাক্য ১৭:১৬, ১৭ পদে দেখুৱাইছে যে ভৱিষ্যতে ঈশ্বৰে এই “পশুৰ” মূখ্য আৰু নিৰ্দ্দিষ্ট মানৱ শাসকসকলৰ মনত মিছা ধৰ্ম্মৰ বিশ্ব সম্ৰাজ্যক ধ্বংস কৰিবলৈ ভাৱ-ধাৰা সুমুৱাই দিব। সেই আক্ৰমণেই চিহ্ন হব “মহা ক্লেশৰ” আৰম্ভ।

১৬. বৰ্তমান সময়ত ধৰ্ম্মৰ সমন্ধে কি কি লক্ষ্য কৰিবলগীয়া ঘটনা ঘটি আছে?

১৬ যিহেতু “মহা ক্লেশ” ভৱিষ্যতে আৰম্ভ হবলৈ আছে, তেনেহʼলে কি ‘পৱিত্ৰ ঠাইত থিয় দিয়া’ ভৱিষ্যতবাণীও ভৱিষ্যতে হবনে? প্ৰত্যক্ষৰূপে হয়। যিহেতু এই শতাব্দীৰ আৰম্ভণিৰ পৰাই এই “ঘিণলগীয়া বস্তুৰ” দেখা গৈছে, সেইবাবে ই বহু দৰ্শক ধৰি অস্তিত্বতো আছে আৰু নিকতম ভৱিষ্যতে “পৱিত্ৰ ঠাইত” অসাধাৰণৰূপে থিয় দিব। যিদৰে প্ৰথম শতাব্দীৰ খ্ৰীষ্টৰ অনুগামীসকলে কেনেকৈ ‘পৱিত্ৰ ঠাইত থিয় দিব’ তাক চাবলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল, ঠিক একেদৰে বৰ্তমান দিনৰ খ্ৰীষ্টানসকলেও সেইদৰে অপেক্ষা কৰি আছে। এইটো স্বীকাৰ কৰা উচিত যে প্ৰকৃত পূৰ্ণতাৰ বাখ্যা জানিব অপেক্ষা কৰিব লাগিব। তথাপি, এইটো লক্ষ্য কৰিবলগীয়া যে কিছুমান দেশত ধৰ্ম্মৰ প্ৰতি বৃদ্ধি হোৱা বিৰোধিতা আৰু উদাসীনতা স্পষ্টৰূপে দেখা গৈছে। কিছুমান ৰাজনৈতিক লোকে, সত্য বিশ্বাসৰ পৰা আতঁৰি যোৱা খ্ৰীষ্টানসকলৰ সৈতে একগোট হৈ দল বান্ধিছে আৰু ধৰ্ম্মৰ বিৰুদ্ধে বিৰোধভাৱ উৎপন্ন কৰিছে, বিশেষকৈ সত্য খ্ৰীষ্টানসকলৰ বিৰুদ্ধে। (গীতমালা ৯৪:২০, ২১; ১ তীমথিয় ৬:২০, ২১) ফলস্বৰূপে, ৰাজনৈতিক শক্তিবোৰে এতিয়াও প্ৰকাশিত বাক্য ১৭:১৪ পদত নিৰ্দেশিত কৰা দৰে ‘মেৰ পোৱালিৰ সৈতে যুদ্ধ’ কৰি আছে আৰু এই যুদ্ধ আৰু প্ৰৱল হব। যিহেতু প্ৰকৃততে যীচু খ্ৰীষ্ট উচ্চ, মহিমাযুক্ত স্থিতিত থকা ঈশ্বৰৰ মেৰ পোৱালিক ঢুকি নাপায়, সেইবাবে তেওঁলোকৰ এই যুদ্ধ ঈশ্বৰৰ সত্য উপাসকসকল, বিশেষকৈ তেওঁৰ ‘পৱিত্ৰ লোকৰ’ বিৰুদ্ধে কৰিব। (দানিয়েল ৭:২৫; ৰোমীয়া ৮:২৭; কলচীয়া ১:২; প্ৰকাশিত বাক্য ১২:১৭ তুলনা কৰক।) ঈশ্বৰে আমাক প্ৰতিশ্ৰুতি দিছে যে মেৰ পোৱালি আৰু তেওঁৰ সঙ্গীসকলে বিজয় প্ৰাপ্ত কৰিব।—প্ৰকাশিত বাক্য ১৯:১১-২১.

১৭. যদিও আমি দাবি কৰি নকওঁ, তথাপি “ঘিণলগীয়া বস্তু” পবিত্ৰ স্থানত কেনেকৈ থিয় দিব বুলি কব পাৰি?

১৭ আমি জানো যে অলপ সময়ৰ পাছতে মিছা ধৰ্ম্মক ধ্বংস কৰা হব। মহা বাবিলে “পৱিত্ৰবিলাকৰ তেজত মতলীয়া” হৈ ৰাণীৰূপে কাৰ্য্য কৰি আছে, কিন্তু তাইৰ বিনাশ নিশ্চিত। এই মহা বাবিলে পৃথিৱীৰ ৰজাবিলাকৰ ওপৰত পৰিচালনা কৰা তাইৰ অশুচি প্ৰভাৱ নাটকীয়ৰূপে পৰিবৰ্তন হব আৰু “দহোটা শিং আৰু পশুৱে” সেই বেশ্যাৰ সৈতে ঘৃণা আৰু হিংসাৰে আচৰণ কৰিব। (প্ৰকাশিত বাক্য ১৭:৬, ১৬; ১৮:৭, ৮) যেতিয়া “সেন্দুৰ বৰণীয়া পশুৱ” ধাৰ্ম্মিক বেশ্যাক আক্ৰমণ কৰিব, খ্ৰীষ্টীয়জগতে পৱিত্ৰ বুলি কোৱা ঠাইত “ঘিণলগীয়া বস্তু” উপদ্ৰবৰূপে থিয় দিব।c সেইবাবে যিসকলে নিজকে পৱিত্ৰ বুলি কয় সেই অবিশ্বাসী খ্ৰীষ্টীয়জগতৰ ওপৰত ধ্বংস আৰম্ভ হব।

‘পলাই যোৱা’—কিন্তু কেনেকৈ?

১৮, ১৯. কি কাৰণসমূহে দেখুৱাইছে যে ‘পৰ্ব্বতলৈ পলাই যোৱা’ অৰ্থ ধৰ্ম্ম পৰিবৰ্তন কৰাটো নাছিল?

১৮ ‘ঘিণলগীয়া বস্তু পৱিত্ৰ ঠাইত থিয় দি থকা’ বিষয়ে ভৱিষ্যতবাণী কৰা পাছত, যিসকলে ইয়াক বুজি পাই তেওঁলোকে তাৰ পৰা পলাই যাবলৈ যীচুৱে সাৱধান কৰিছিল। তেওঁৰ কোৱাৰ অৰ্থ এইটো আছিলনে যে শেষ অৱস্থাত, যেতিয়া “ঘিণলগীয়া বস্তু পবিত্ৰ ঠাইত থিয় হব, তেতিয়া বহুতো লোকে মিছা ধৰ্ম্মৰ এৰি সত্য ধৰ্ম্ম গ্ৰহণ কৰিব? প্ৰায়ে নহয়। প্ৰথম ভৱিষ্যতবাণীৰ পূৰ্ণতাৰ বিষয়ে বিবেচনা কৰক। যীচুৱে কৈছিল: “যিহূদিয়াত থকাবিলাক পৰ্ব্বতলৈ পলাই যাওক; ঘৰ ওপৰত থকা জনে, তেওঁ ঘৰৰ পৰা একোকে উলিয়াই নিবলৈ নানামক, আৰু ভিতৰলৈ নোসোমাওক; আৰু পথাৰত থকা জনে নিজৰ কাপোৰখন লবলৈ নাযাওক। কিন্তু সেই কালত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতাবিলাকৰ সন্তাপ হব। আৰু সেয়ে যেন জাৰ-কালত নহয়, এই নিমিত্তে প্ৰাৰ্থনা কৰিবা।”—মাৰ্ক ১৩:১৪-১৮.

১৯ যীচুৱে কোৱা নাছিল যে মাত্ৰ যিৰূচালেমত থকাবিলাকে পলোৱা আৱশ্যক আছিল, যদিও যীচুৱে নিৰ্দ্দেশ কৰিছিল যে তেওঁলোক যিহুদী উপাসনাৰ মাজৰ পৰা ওলাই অহা; যীচুৰ সাৱধানবাণীত ধৰ্ম্ম পৰিবৰ্তন কৰাটো উল্লেখ কৰা নাছিল—অৰ্থাৎ মিছা পৰা পলাই যোৱা আৰু সত্যক গ্ৰহণ কৰা। যীচুৰ শিষ্যসকলক এটা ধৰ্ম্মৰ পৰা আন এটালৈ পলাই যোৱাৰ বিষয়ে নিঃসন্দেহ কোনো সাৱধানবাণীৰ আৱশ্যক নাছিল; তেওঁলোক ইতিমধ্যে সত্য খ্ৰীষ্টান আছিল। সা.যু. ৬৬ চনৰ আক্ৰমণে, যিৰূচালেম আৰু গোটেই যিহূদিয়াৰ থকা যিহুদী ধৰ্ম্ম পালন কৰাসকলক ধৰ্ম্ম ত্যাগ দি খ্ৰীষ্টান ধৰ্মক গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিয়া নাছিল। ইতিহাস লেখক হেনৰিক্‌ গ্ৰেইট্‌জ কৈছে যে যিসকলে ৰোমীয়াবিলাকৰ পিছে পিছে খেদি গৈছিল তেওঁলোক নগৰলৈ ঘূৰি আহিল: “ধৰ্মান্ধবিলাকে, যুদ্ধৰ জয় গীত জোৰেৰে গাই যিৰূচালেমলৈ (৮ অক্টোবৰ) ঘূৰি আহিল, তেওঁলোক হৃদয় স্বতন্ত্ৰতা আৰু স্বাধীন হোৱাৰ বাবে আনন্দত প্ৰফুলিত হৈছিল। . . . ঈশ্বৰে যিদৰে তেওঁলোকৰ পূৰ্বপুৰষসকলক সহায় কৰিছিল তেওঁলোকক সেইদৰে সহায় কৰা নাছিল নে? ভৱিষ্যতে হব লগা ঘটনাৰ বাবে ধৰ্মান্ধবিলাকৰ হৃদয় আতঙ্কিত হোৱা নাছিল।”

২০. পৰ্ব্বতলৈ পলাই যোৱা যীচুৰ সাৱধানবাণীক প্ৰাৰাম্ভিক শিষ্যসকলে কিদৰে সাহঁৰি জনাইছিল?

২০ তেনেহʼলে, কেনেকৈ, তুলনাত্মকভাৱে মনোনীত কৰা লোকসমূহৰ সৰু জাকে যীচুৰ উপদেশৰ মতে কাৰ্য্য কৰিলে? যিহূদিয়া ত্যাগ কৰি যৰ্দনৰ সিফালে থকা পৰ্ব্বতলৈ পলাই গʼল আৰু এইদৰে কৰাৰ দ্বাৰা তেওঁলোকে দেখুৱালে যে তেওঁলোক যিহুদী-ব্যৱস্থা, ৰাজনৈতিক বা ধৰ্ম্মৰ কোনো ভাগ নাছিল। তেওঁলোক শস্য পথাৰ আৰু ঘৰ-দুৱাৰ ত্যাগ কৰিলে, আনকি তেওঁলোকৰ সা-সম্পত্তি গোটাবলৈ ঘৰলৈ উলটি নগʼল। যিহোৱাৰ নিৰাপত্তা আৰু সমৰ্থনৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণৰূপে বিশ্বাস আছিল, সেইবাবে তেওঁলোকে তেওঁৰ উপাসনাক সকলোতকৈ মূখ্য স্থানত ৰাখিলে।—মাৰ্ক ১০:২৯, ৩০; লূক ৯:৫৭-৬২.

২১. যেতিয়া “ঘিণলগীয়া বস্তুৱে” আক্ৰমণ কৰিব, আমি কি পৰিণাম অপেক্ষা কৰাৰ আৱশ্যক নাই?

২১ বৰ্তমান সময়ত বিস্তীৰ্ণৰূপে পূৰ্ণ হোৱা ভৱিষ্যতবাণীসমূহক বিবেচনা কৰক। আমি বহু সময়ৰ পৰা লোকসকলক মিছা ধৰ্ম্মৰ পৰা আতঁৰি আহি সত্য উপাসনা গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। (প্ৰকাশিত বাক্য ১৮:৪, ৫) লাখ সংখ্যক লোকসকলে সেইদৰে কৰিলে। যীচুৰ ভৱিষ্যতবাণীয়ে এইটো নিৰ্দ্দেশ কৰা নাই যে যেতিয়া “মহা ক্লেশৰ” আৰম্ভ হব, তেতিয়া বহুতো লোকে মিছা ধৰ্ম্ম ত্যাগ কৰি সত্য উপাসনালৈ ঘুৰিব; নিঃসন্দেহ, যেনেকৈ সা.যু. ৬৬ চনত যিহুদী গোষ্ঠীৰ লোকসমূহেও পৰিবৰ্ত্তন কৰা নাছিল। তথাপি, সত্য খ্ৰীষ্টানসকলে যীচুৰ সাৱধানবাণীৰ প্ৰতি সঠিক প্ৰতত্তুৰ দি পলাই যোৱাৰ বাবে উৎসাহজনক কাৰণ হʼব।

২২. পৰ্ব্বতলৈ পলাই যোৱা যীচুৰ উপদেশৰ অনুসাৰে চলাৰ সময়ত আমি কি কি কৰাতো জড়িত্ব হৈ আছে?

২২ বৰ্তমান সময়ত মহা ক্লেশৰ বিষয়ে আমাৰ ওচৰত সম্পূৰ্ণ বিৱৰণ নাই, কিন্তু আমি যুক্তিসঙ্গতভাৱে বিবেচনা কৰিব পাৰো যে আমাৰ বাবে যীচুৱে কোৱা ‘পলায়ন’ কোনো ভৌগলিক অৰ্থত বুজোৱা নাই। ঈশ্বৰৰ লোকসকলে গোটেই বিশ্বত, প্ৰত্যেক ঠাইত জনাজাত হৈ পৰিছে। আমি নিশ্চিত হব পাৰোঁ যে যেতিয়া পলায়ন কৰা আৱশ্যক হব, খ্ৰীষ্টানসকলে তেওঁলোকৰ আৰু মিছা ধৰ্ম্ম সংগঠনৰ মাজত এটা সুস্পষ্ট পাৰ্থক্য বজাই ৰাখিব। ই এইটো অৰ্থতো বুজাই যে কোনো ব্যক্তিয়ে নিজৰ কাপোৰখন লবৰ বাবে ঘৰলৈ ঘুৰি নাযাবলৈ যীচুৱে সাৱধানবাণী দিছিল। (মথি ২৪:১৭, ১৮) সেইবাবে ভৱিষ্যতে কেতিয়াবা পৰিক্ষা আহিব পাৰে যে আমি ভৌতিক বস্তুৰ প্ৰতি কেনে দৃষ্টিভঙ্গী দিওঁ; সেইবোৰ অতি গুৰুত্বপূৰ্ণ নে, নাইবা সকলোৰ বাবে অহা ঈশ্বৰৰ উদ্ধাৰৰ পক্ষ লোৱাতো বেছি গুৰুত্বপূৰ্ণ? হয়, আমাৰ পলায়নৰ সৈতে ক্লেশ আৰু ত্যাগ সন্মিলিত হৈ আছে। ইয়াৰ বাবে যি কৰা আৱশ্যক তাক আমি কৰিবলৈ প্ৰস্তুত থাকা উচিত, যিদৰে প্ৰথম শতাব্দীৰ আমাৰ খ্ৰীষ্টান ভাইসকলে কৰিছিল যিসকলে যৰ্দন পাৰ কৰি যিহূদিয়াৰ পৰা পেৰিয়ালৈ পলাই গৈছিল।

২৩, ২৪. (ক)আমি একমাত্ৰ কʼত নিৰাপত্তা বিচাৰি পাম? (খ) যীচুৱে ‘ঘিণলগীয়া বস্তু পবিত্ৰ ঠাইত থিয় হোৱা’ বিষয়ে কোৱা সাৱধানবাণীয়ে আমাক কি দৰে প্ৰভাৱিত কৰা উচিত?

২৩ আমি নিশ্চিত হব পাৰো যে আমাৰ নিৰাপত্তা আশ্ৰয় স্থান হৈছে যিহোৱা আৰু তেওঁৰ পৰ্ব্বতৰূপী সংগঠন। (২ চমূৱেল ২২:২, ৩; গীতমালা ১৮:২; দানিয়েল ২:৩৫, ৪৪) ইয়ে সেই স্থান যʼত আমি নিৰাপত্তা বিচাৰি পাম! মহা বাবিলৰ ধ্বংসৰ পাছত অলপ সময়ৰ বাবে অস্তিত্বত থকা মানৱ নিৰ্ম্মিত সংগঠন অৰ্থাৎ গুহা আৰু পৰ্ব্বতৰ শিলৰ মাজত যি সকলে নিজকে লুকুৱাব আমি তেনে মিছা ধৰ্ম্মত থকা মানৱক অনুকৰণ নকৰিম। (প্ৰকাশিত বাক্য ৬:১৫; ১৮:৯-১১) সচাঁকৈ, সেই সময়ত বহুতো কষ্ট আহিব পাৰে যিদৰে সা.যু. ৬৬ চনত গৰ্ভৱতী তিৰোতাসকল বাবে হৈছিল যেতিয়া তেওঁলোকে শীত আৰু বৰষুণ বতৰত যিৰূচালেমৰ পৰা পলায়ন কৰিছিল। কিন্তু আমি নিশ্চিত হব পাৰো যে ঈশ্বৰে উদ্ধাৰ কাৰ্য্যক সম্ভৱ কৰিব। সেইবাবে আহঁক আমি যিহোৱা আৰু তেওঁৰ পুত্ৰ যিজনে বৰ্তমান সময়ত ৰাজ্য ৰজা হিচাপে ৰাজত্ব কৰি আছে, তেওঁলোকৰ ওপৰত আমাৰ বিশ্বাস ৰাখোঁহঁক।

২৪ কি ঘটিবলৈ গৈ আছে তাক চিন্তা কৰি আমি ভয় কৰাৰ কোনো কাৰণ নাই। শিষ্যসকলে সেইবোৰ দেখি ভয়ভীত হোৱাটো যীচুৱে বিচৰা নাছিল আৰু এতিয়াও তেওঁ নিবিচাৰে যে বৰ্তমান আৰু ভৱিষ্যতে আহিবলগীয়া দিনবোৰৰ বাবে আমি আতঙ্কিত হোৱাটো। তেওঁ আমাক সতৰ্ক কৰিছিল যাতে আমি আমাৰ মন আৰু হৃদয়ক ইয়াৰ বাবে প্ৰস্তুত কৰিব পাৰো। যিয়ে নহওঁক, যেতিয়া মিছা ধৰ্ম্ম আৰু বাকী থকা দুষ্ট ব্যৱস্থাৰ ওপৰত ধ্বংস আহিব আজ্ঞাকাৰী খ্ৰীষ্টানসকলক শাস্তি দিয়া নহব। তাৰ পৰিবৰ্তে, তেওঁলোকে ‘ঘিণলগীয়া বস্তু পৱিত্ৰ ঠাই থিয় হোৱা’ বিষয়ে সুবিবেচক হয় সাৱধানবাণীক পালন কৰিব। তাৰ উপৰিও তেওঁলোকে দৃঢ় বিশ্বাসত স্থিৰ হৈ দৃঢ়সংকল্পৰে কাৰ্য্য কৰিব। আমি যীচুৰ প্ৰতিজ্ঞাক কেতিয়াও পাহৰি যাব নালাগে: “যি জনে শেষলৈকে সহি থাকে, সেই জনাই পৰিত্ৰাণ পাব।”—মাৰ্ক ১৩:১৩.

[Footnotes]

a “ৰোমীয়াসকলে পতকাক তেওঁলোকৰ মন্দিৰবোৰত ধাৰ্ম্মিক প্ৰতীকৰূপে শ্ৰদ্ধা কৰা হৈছিল আৰু ৰোমীয়াসকলে যিমান জাতিৰ ওপৰত বিজয় প্ৰাপ্ত কৰিছিল, তেওঁলোকৰ প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা আৰু বৃদ্ধি হৈ গৈছিল . . .। [ সৈন্যসকলৰ বাবে এই প্ৰতীক] হয়তো পৃথিবীৰ অন্য বস্তুতকৈ পৱিত্ৰ বস্তু আছিল। ৰোমীয়া সৈন্যই তেওঁলোকৰ প্ৰতীকৰ নামত শপত খাইছিল।”—বিশ্বকোষ ব্ৰিটেনিকা, ১১ সংস্কাৰণ।

b এইটো লক্ষ্য কৰা উচিত যে সা.যু. ৬৬-৭০ চনত যীচুৰ বাক্যৰ পূৰ্ণতাই আমাক বুজিবলৈ সহায় কৰে যে সেই ভৱিষ্যতবাণীবোৰ মহা ক্লেশত কেনেকৈ পূৰ্ণ হব, কিন্তু দুয়োতা ভৱিষ্যতবাণীৰ পূৰ্ণতা সম্পূৰ্ণৰূপে একে সাদৃশ্যতা হব নোৱাৰে কিয়নো দুয়োটা ভৱিষ্যতবাণী পূৰ্ণতা বেলেগ বেলেগ পৰিস্থিতিত হৈছে।

c প্ৰহৰীদূৰ্গ, (ইংৰাজী) ডিচেম্বৰ ১৫, ১৯৭৫, ৭৪১-৪ পৃষ্ঠা চাওঁক।

আপুনি স্মৰণ কৰেনে?

◻ “ধ্বংসকাৰী ঘিণলগীয়া বস্তু” কেনেকৈ প্ৰথম শতাব্দীত নিজকে স্পষ্টৰূপে প্ৰকাশ কৰিছিল?

◻ এইটো বিবেচনা কৰাটো কিয় যুক্তিসঙ্গত যে আধুনিক দিনত “ঘিণলগীয়া বস্তু” ভৱিষ্যতে পবিত্ৰ ঠাইত থিয় হব?

◻ প্ৰকাশিত বাক্যত ভৱিষ্যতবাণী কৰা ‘ঘিণলগীয়া বস্তুৱে’ কাৰ ওপৰত আক্ৰমণ কৰিব?

◻ বৰ্তমান সময়ত আমাৰ বাবে কেনেধৰণৰ “পলায়ন” কৰাটো আৱশ্যক?

[Picture on page 16]

মহা বাবিলক ‘বেশ্যাবিলাকৰ . . . মাতৃ’ বুলি কোৱা হʼল

[Picture on page 17]

প্ৰকাশিত বাক্য ১৭ অধ্যায়ত যীচুৱে সেন্দুৰ বৰণীয়া পশুক “ঘিণলগীয়া বস্তু” বুলি উল্লেখ কৰিছে

[Picture on page 18]

সেন্দুৰ বৰণীয়া পশুৱে ধৰ্ম্মৰ ওপৰত ধ্বংসকাৰী আক্ৰমণ কৰিবলৈ পৰিচালিত কৰিব

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক