ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • T-২৬ পৃষ্ঠা ১-২
  • বাইবেলখনৰ বিষয়ে আপুনি—অধিক জানিবলৈ বিচাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেলখনৰ বিষয়ে আপুনি—অধিক জানিবলৈ বিচাৰেনে?
  • বাইবেলখনৰ বিষয়ে আপুনি—অধিক জানিবলৈ বিচাৰেনে?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আপুনি বাইবেলখন কিয় পঢ়া আৱশ্যক?
  • বাইবেলখনৰ বিষয়বোৰ বুজিবলৈ সহায় আগবঢ়োৱা হৈছে
  • আপুনি প্ৰত্যেক সপ্তাহে বাইবেলখনৰ সম্পৰ্কে বুজিবলৈ অলপ সময় উলিয়াব পাৰিবনে?
  • সকলোকে শিকিবলৈ আমন্ত্ৰণ কৰা হৈছে
  • বাইবেলখনৰ সম্পৰ্কে বুজিবলৈ সহায় কৰক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • যিহোৱাৰ জ্ঞানত আনন্দিত হোৱা
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আমাৰ ওচৰত এটা নতুন সঁজুলি আছে!
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
বাইবেলখনৰ বিষয়ে আপুনি—অধিক জানিবলৈ বিচাৰেনে?
T-২৬ পৃষ্ঠা ১-২

বাইবেলখনৰ বিষয়ে আপুনি—অধিক জানিবলৈ বিচাৰেনে?

আপুনি বাইবেলখন কিয় পঢ়া আৱশ্যক?

কিয়নো বাইলেবলখন হৈছে আন-আন কিতাপ বা পুস্তকবোৰৰ পৰা সম্পূৰ্ণৰূপে পৃথক। বাইবেলখনত ঈশ্বৰে প্ৰদান কৰা পৰামৰ্শসমূহ পোৱা যায়। (১ থিচলনীকীয়া ২:⁠১৩) গতিকে বাইবেলত যি কোৱা হৈছে, তাক আপুনি নিজৰ জীৱনত প্ৰয়োগ কৰিলে নিশ্চয়ে লাভবান হʼব। ইয়াক পঢ়াৰ দ্বাৰা আপোনাৰ “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ” প্ৰদান কৰোঁতা ঈশ্বৰৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিব আৰু তেওঁৰ প্ৰতি আপোনাৰ প্ৰেম বৃদ্ধি হʼব। (যাকোব ১:⁠১৭) আপুনি জানিব পাৰিব যে তেওঁলৈ কেনেকৈ প্ৰাৰ্থনা কৰা উচিত। পৰীক্ষাৰ সম্মুখীন হোৱাৰ সময়ত ঈশ্বৰে আপোনাক সহায় কৰিব। তদুপৰি যদি আপুনি বাইবেলৰ পৰামৰ্শসমূহক পালন কৰি জীৱন-যাপন কৰে, তেনেহʼলে ঈশ্বৰে আপোনাক অনন্ত জীৱন প্ৰদান কৰিব।​—⁠ৰোমীয়া ৬:২৩.

বাইবেলখনত এনে এক সত্যৰে পৰিপূৰ্ণ হৈ আছে, যিয়ে আপোনাক জ্ঞান লাভ কৰাত সহায় কৰিব পাৰে। যিসকলে বাইবেলৰ জ্ঞান লৈছে তেওঁলোকে এনেবোৰ ভুল বিশ্বাসৰ পৰা মুক্তি লাভ কৰিছে, যিবোৰে বৰ্তমান সময়ত বহুতকে নিজৰ অধীনত ৰাখিছে। উদাহৰণস্বৰূপে, সত্যক জনাৰ পাছত মৃত্যু ব্যক্তিসকলৰ প্ৰতি থকা আমাৰ ভয় আঁতৰি যাই, যাৰ বাবে কোনো এজনৰ মৃত্যুত সম্বন্ধীয়লোক বা বন্ধুসকলে জীয়াতু ভুগীবলগীয়া হয়। (যিহিষ্কেল ১৮:⁠৪) যিসকলে নিজৰ প্ৰিয়জনক মৃত্যুত হেৰুৱাইছে, বাইবেলে কৈছে যে তেওঁলোক পুনৰাই জী উঠিব আৰু এই শিক্ষাই লোকসকলক শান্তনা প্ৰদান কৰে। (যোহন ১১:⁠২৫) দুষ্ট স্বৰ্গদূতসকলৰ সম্পৰ্কে সঁচা কি তাক জনাৰ দ্বাৰা তেওঁলোকৰ পৰা অহা বিপদত সতৰ্ক হৈ থাকিবলৈ আৰু এই পৃথিৱীত হৈ থকা সমস্যাবোৰৰ কাৰণসমূহ বুজিবলৈ সহায় কৰে।

বাইবেলত পোৱা ঈশ্বৰৰ নিৰ্দেশনাসমূহৰ অনুসাৰে জীৱন নিৰ্বাহ কৰিলে শাৰীৰিকভাৱে লাভবান হʼব পাৰি। উদাহৰণস্বৰূপে, বাইবেলে কৈছে “পৰিমিত-ভোগী” হোৱাটো আমাৰ শৰীৰৰ বাবে লাভজনক। (১ তীমথিয় ৩:⁠২) ইয়াৰ উপৰিও “আমি শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজকে শুচি” কৰিলে আমাৰ স্বাস্থ্য হানি হোৱাৰ পৰা আঁতৰি থাকিব পাৰি। (২ কৰিন্থীয়া ৭:⁠১) বাইবেলত দিয়া ঈশ্বৰৰ উপদেশৰ অনুসৰি জীৱন-যাপন কৰিলে আমাৰ বৈবাহিক জীৱন সুখী হʼব পাৰে আৰু আমি আত্মসন্মান লাভ কৰিব পাৰোঁ।​—⁠১ কৰিন্থীয়া ৬:⁠১৮.

যদি আপুনি ঈশ্বৰৰ বাক্যৰ অনুসাৰে জীৱন-যাপন কৰে, তেনেহʼলে আপোনাৰ জীৱনটো সুখী হʼব পাৰে। বাইবেলৰ জ্ঞানৰ জৰিয়তে আমি আন্তৰিক শান্তি লাভ কৰিব পাৰোঁ আৰু সেই শান্তিয়ে আমাক আশা প্ৰদান কৰে। ইয়ে আমাক, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা আৰু বিশ্বাসৰ দৰে গুণবোৰক বিকাশিত কৰিবলৈ সহায় কৰিব। (গালাতীয়া ৫:⁠২২, ২৩; ইফিচীয়া ৪:⁠২৪, ৩২) এনেধৰণৰ গুণসমূহে আমাক এজন উত্তম স্বামী বা পত্নী, পিতৃ অথবা মাতৃ, পুতেক নতুবা জীয়েক হোৱাত সহায় কৰিব।

আপুনি কেতিয়াবা ভৱিষ্যতৰ বিষয়ে ভাবি আঁচৰিত হৈছেনে? বাইবেলৰ ভৱিষ্যতবাণীসমূহে প্ৰকাশ কৰিছে যে আমি এই জগতখনৰ ধ্বংস হোৱাৰ একেবাৰে দুৱাৰদলিত উপস্থিত হৈছোঁ। ভৱিষ্যতবাণীসমূহে কেৱল এই জগতখনৰ বেয়া পৰিস্থিতিসমূহৰ বিষয়ে বৰ্ণনা কৰিছে এনে নহয়, কিন্তু এই পৃথিৱীখন কেনেকৈ পৰমদেশলৈ ৰূপান্তৰিত হʼব এই বিষয়েও কৈছে।​—⁠প্ৰকাশিত বাক্য ২১:⁠৩, ৪.

বাইবেলখনৰ বিষয়বোৰ বুজিবলৈ সহায় আগবঢ়োৱা হৈছে

আপুনি হয়তো বাইবেলখন পঢ়িবলৈ চেষ্টা কৰিছিল, কিন্তু একো বুজি নাপালে। আপুনি হয়তো নাজানে যে বাইবেলৰ কোনোটো ভাগত আপোনাৰ প্ৰশ্নৰ উত্তৰ পোৱা যাব। যদি আপোনাৰ ক্ষেত্ৰত এইদৰে হৈছে, তেন্তে নিৰাশ নহʼব। আমাৰ সকলোকে বাইবেলখনত উল্লেখ কৰা বিষয়সমূহক বুজিবলৈ সহায়ৰ আৱশ্যক। সেইবাবে যিহোৱাৰ সাক্ষীসকলে প্ৰায় ২৩৫ খন দেশত, কোটি কোটি লোকক বাইবেলখনৰ বিষয়ে বুজিবলৈ সহায় আগবঢ়াইছে। তেওঁলোকে আপোনাকো সহায় কৰিবলৈ পাই আনন্দিত হʼব।

সাধাৰণতে লাহে লাহে প্ৰাথমিক শিক্ষাসমূহৰ সৈতে বাইবেলখন অধ্যয়ন কৰিলে লাভজনক হʼব। (ইব্ৰী ৬:⁠১) যেনেকৈ আপুনি আগবাঢ়িব, আপুনি সত্যৰ “টান আহাৰ” অৰ্থাৎ গভীৰ তত্ত্বসমূহক ভালদৰে বুজি পাব। (ইব্ৰী ৫:⁠১৪) বাইবেলখন হৈছে যুক্তিসঙ্গত সংবাদসমূহৰ ভাণ্ডাৰ। তদুপৰি আপুনি বাইবেল আধাৰিত আলোচনী যেনে, ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? নামৰ ব্ৰচাৰখনৰ জৰিয়তে শাস্ত্ৰীয় পদসমূহৰ প্ৰমাণ থকা বহুতো বিষয়ক বুজিব পাৰিব।

আপুনি প্ৰত্যেক সপ্তাহে বাইবেলখনৰ সম্পৰ্কে বুজিবলৈ অলপ সময় উলিয়াব পাৰিবনে?

এই বাইবেল অধ্যয়ন সাধাৰণতে আপোনাৰ সুবিধাজনক স্থান আৰু সময়ৰ অনুসৰি কৰা হয়। কিছুমানে নিজৰ ঘৰত থকা কোঠাত গোপনে এই অধ্যয়ন কৰে। কিছুমানে টেলিফোনৰ যোগেদিও অধ্যয়ন কৰিব পাৰে। এই অধ্যয়ন স্কুল বা কলেজৰ দৰে কোনো ক্লাচৰুমত কৰা নহয়, ইয়াৰ বিপৰীতে এই অধ্যয়ন আপোনাৰ নিজস্ব পৰিস্থিতি, পৰিবেশ আৰু শিক্ষাগত অৰ্হতা অনুসৰি কৰা হয়। তদুপৰি ইয়াৰ বাবে আপুনি কোনো পৰীক্ষাত বহিব আৰু লাজো অনুভৱ কৰিব নালাগে। এই অধ্যয়নৰ যোগেদি আপোনাৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼব আৰু আপুনি জানিব পাৰিব যে কেনেকৈ ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিব পাৰি।

আপুনি এই বাইবেল অধ্যয়নৰ বাবে কোনো পইচা বা মূল্য দিব নালাগে। (মথি ১০:⁠৮) সকলোকে অৰ্থাৎ ধৰ্ম্ম পালন কৰক বা নকৰক, কিন্তু যিসকল নম্ৰ আৰু ঈশ্বৰৰ বাক্যৰ জ্ঞান লʼবলৈ আগ্ৰহী তেনেলোকক বিনামূল্যেই এই অধ্যয়নৰ পৰা লাভ উঠাবলৈ আমন্ত্ৰণ কৰা হৈছে।

কোনসকলে আপোনাৰ সৈতে এই অধ্যয়নৰ লাভ উঠাব পাৰে? আপোনাৰ পৰিয়ালৰ সকলো সদস্য, আপোনাৰ যি কোনো বন্ধু অথবা যদি আপুনি এই অধ্যয়ন অকলে কৰিবলৈ ইচ্ছা কৰে, তেনেহʼলে কেৱল আপোনাৰ সৈতে এই অধ্যয়ন কৰা হʼব।

বহুতে এই অধ্যয়নৰ বাবে প্ৰত্যেক সপ্তাহত এঘন্টা সময় আছুতিয়াকৈ ৰাখে। যদি আপুনি ইয়াতকৈ বেছি বা কম সময় অথবা সীমিত সময় অধ্যয়নৰ বাবে অতিবাহিত কৰিব বিচাৰে তেনেহʼলে যিহোৱাৰ সাক্ষীসকলে আপোনাৰ সময়ৰ অনুসাৰে নিজৰ সময় সাল-সলনি কৰিব পাৰে।

সকলোকে শিকিবলৈ আমন্ত্ৰণ কৰা হৈছে

যিহোৱাৰ সাক্ষীসকলৰ সৈতে যোগাযোগ কৰিবলৈ আমি আপোনাক আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ বাবে আপুনি তলত দিয়া যি কোনো ঠিকনাত চিঠি লিখি যোগযোগ কৰিব পাৰে। কোনোবা এজন সাক্ষীক আপোনাৰ সৈতে বিনামূলীয়া বাইবেল অধ্যয়ন কৰিবলৈ ব্যৱস্থা কৰা হʼব।

◻ ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? নামৰ ব্ৰচাৰখনৰ পৰা মই অধিক জানিব বিচাৰিছোঁ।

◻ অনুগ্ৰহ কৰি মোৰ সৈতে বিনামূলীয়া গৃহ বাইবেল অধ্যয়ন কৰিবলৈ যোগাযোগ কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক