ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০১ পৃষ্ঠা ৩-৪
  • বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আমাৰ ওচৰত এটা নতুন সঁজুলি আছে!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আমাৰ ওচৰত এটা নতুন সঁজুলি আছে!
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • কথা-বতৰা আৰম্ভ কৰিবলৈ ট্ৰ্যাক্ট ব্যৱহাৰ কৰক
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বিচাৰে ব্ৰচাৰৰ সৈতে অধ্যয়ন আৰম্ভ
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আপুনি বিচাৰে ব্ৰচাৰখন ব্যৱহাৰ কৰিছেনে?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০১ পৃষ্ঠা ৩-৪

বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আমাৰ ওচৰত এটা নতুন সঁজুলি আছে!

১ ৰাজেন্দ্ৰ নামৰ এজন ব্যক্তিয়ে তেওঁৰ এলেকাত থকা এটা মন্দিৰৰ পুজাৰী আছিল। নিয়ম অনুসাৰে তেওঁ আনুষ্ঠানিকভাৱে হিন্দুৰ ৰীতি-নীতিসমূহ পালন কৰিছিল। তেওঁ এজন যুৱা ভাইক তেওঁৰ চুবুৰীত থকা এখন ঘৰলৈ প্ৰত্যেক সপ্তাহে বাইবেল অধ্যয়ন কৰিবলৈ অহাটো দেখিবলৈ পালে। নিয়মীয়াকৈ অহা সেই ভাইজনৰ প্ৰতি তেওঁৰ মনত কৌতুহল উৎপন্ন হʼল। পাছলৈ ভাইসকলে এখন সম্প্ৰদায়ৰ সমাবেশত ৰাজেন্দ্ৰক সাক্ষাৎ কৰিলে। তেওঁলোকে তেওঁক বাইবেল অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ কৰিলে। ৰাজেন্দ্ৰই বাইবেলৰ বিষয়ে জানিবলৈ ইচ্ছুক হোৱাৰ বাবে আনন্দেৰে সেই আমন্ত্ৰণ স্বীকাৰ কৰিলে। এই অভিজ্ঞতাৰ পৰা আমি কি শিক্ষা পাওঁ? দৰাচলতে, আমি নাজানো যে কোনসকলে বিনামূলীয়া বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হʼব।​—⁠উপ. ১১:⁠৬.

২ যিসকল ব্যক্তি আগ্ৰহী আপুনি তেওঁলোকক বাইবেল অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ কৰাত কুণ্ঠাবোধ কৰেনে? আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে জানেনে যে আমি বিনামূল্যেই এই সেৱা আগবঢ়াওঁ? তেওঁলোকে যে বাইবেল অধ্যয়ন কৰিবলৈ বিচাৰে, তাক আপুনি কেনেকৈ নিশ্চিত কৰিব পাৰে? এটা নতুন সঁজুলিক ব্যৱহাৰ কৰাৰ দ্বাৰা! সেইটো হৈছে ৬ পৃষ্ঠা থকা এখন আকৰ্ষণীয় ট্ৰেক্ট। যাৰ বিষয় হৈছে বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? আঁহক আমি এই ট্ৰেক্টখনত দিয়া প্ৰত্যেকটো শিৰোনামাৰ সৈতে ভালদৰে পৰিচিত হওঁ।

৩ “আপুনি বাইবেলখন কিয় পঢ়া আৱশ্যক?” এই কাৰণটো উল্লেখ কৰি ট্ৰেক্টখনত সুন্দৰকৈ বৰ্ণনা কৰিছে। ইয়াত বৰ্ণনা কৰা হৈছে যে বাইবেলখনত “ঈশ্বৰে প্ৰদান কৰা পৰামৰ্শসমূহ পোৱা যায়,” যিয়ে প্ৰাৰ্থনাৰ যোগেদি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব আৰু তেওঁ প্ৰদান কৰা অনন্ত জীৱনৰ উপহাৰ লাভ কৰিব পাৰি এই বিষয়ে জানিবলৈ সহায় আগবঢ়াইছে। (১ থিচ. ২:⁠১৩) এই ট্ৰেক্টখনে উল্লেখ কৰিছে যে বাইবেলখনত “এনে এক সত্যৰে পৰিপূৰ্ণ হৈ আছে,” যেনে, মৃত্যুৰ পাছত আমালৈ কি ঘটে আৰু বৰ্তমান সময়ত এই পৃথিৱীখনত কিয় অধিক সমস্যাৰে পূৰ্ণ হৈ আছে। এই ট্ৰেক্টখনে বৰ্ণনা কৰিছে যে “বাইবেলত পোৱা ঈশ্বৰৰ নিৰ্দেশনাসমূহৰ” অনুসাৰে জীৱন-যাপন কৰিলে শাৰীৰিকভাৱে লাভবান হʼব পাৰি আৰু সুখী, আশা আৰু আন গ্ৰহণযোগ্য গুণসমূহ বিকাশিত কৰিব পাৰি। তদুপৰি, এই ট্ৰেক্টখনে বাইবেলৰ সম্পৰ্কে বহুতো কাৰণ উল্লেখ কৰিছে, যেনে, ভৱিষ্যতৰ সম্পৰ্কে থকা ভৱিষ্যতবাণীসমূহে দেখুৱাইছে আমাৰ নিকটম ভৱিষ্যতে কি ঘটিব।​—⁠প্ৰকা. ২১:⁠৩, ৪.

৪ “বাইবেলখনৰ বিষয়বোৰ বুজিবলৈ সহায় আগবঢ়োৱা হৈছে”: সেই ট্ৰেক্টখনে এইদৰে কৈছে: “আমাৰ সকলোকে বাইবেলখনত উল্লেখ কৰা বিষয়সমূহক বুজিবলৈ সহায়ৰ আৱশ্যক।” আগলৈ বাইবেলখনক অধ্যয়ন কৰা আমাৰ প্ৰণালীৰ বিষয়ে ব্যাখ্যা কৰি এইদৰে কৈছে: “সাধাৰণতে লাহে লাহে প্ৰাথমিক শিক্ষাসমূহৰ সৈতে বাইবেলখন অধ্যয়ন কৰিলে লাভজনক হʼব।” যেনেকৈ কোৱা হয় যে “বাইবেলখন হৈছে যুক্তিসঙ্গত সংবাদসমূহৰ ভাণ্ডাৰ,” তেতিয়া ট্ৰেক্টখনত বিশেষৰূপে কোৱা বিচাৰে ব্ৰচাৰখনৰ বিষয়ে উল্লেখ কৰিলে উত্তম হʼব। কিয়নো ইয়ে বিদ্যাৰ্থীজনক “শাস্ত্ৰীয় পদসমূহৰ প্ৰমাণ থকা বহুতো বিষয়ক” বুজিবলৈ সহায় কৰিব। পিছৰ শিৰোনামাটোৱে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন দাঙি ধৰিছে।

৫ “আপুনি প্ৰত্যেক সপ্তাহে বাইবেলখনৰ সম্পৰ্কে বুজিবলৈ অলপ সময় উলিয়াব পাৰিবনে?” ট্ৰেক্টখনত বৰ্ণনা কৰা হৈছে যে বাইবেলখন অধ্যয়ন কৰিবলৈ বিদ্যাৰ্থীজনৰ ঘৰত নিজস্ব সময় আৰু সুবিধাজনক স্থানত গোপনে বা টেলিফোনৰ যোগেদি কৰা হয়। বিদ্যাৰ্থীজনৰ ওপৰিও কোনসকলে এই অধ্যয়ন কৰিব পাৰে? সেই ট্ৰেক্টখনে ইয়াৰ উত্তৰ দি এইদৰে কৈছে: “আপোনাৰ পৰিয়ালৰ সকলো সদস্য, আপোনাৰ যি কোনো বন্ধু অথবা যদি আপুনি এই অধ্যয়ন অকলে কৰিবলৈ ইচ্ছা কৰে, তেনেহʼলে কেৱল আপোনাৰ সৈতে এই অধ্যয়ন কৰা হʼব।” এটা অধ্যয়নৰ বাবে কিমান সময় অতিবাহিত কৰা প্ৰয়োজন? ট্ৰেক্টখনে এইদৰে বৰ্ণনা কৰিছে: “বহুতে এই অধ্যয়নৰ বাবে প্ৰত্যেক সপ্তাহত এঘন্টা সময় আছুতিয়াকৈ ৰাখে। যদি আপুনি ইয়াতকৈ বেছি বা কম সময় অথবা সীমিত সময় অধ্যয়নৰ বাবে অতিবাহিত কৰিব বিচাৰে তেনেহʼলে যিহোৱাৰ সাক্ষীসকলে আপোনাৰ সময়ৰ অনুসাৰে নিজৰ সময় সাল-সলনি কৰিব পাৰে।” এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে! প্ৰত্যেকজন বিদ্যাৰ্থীৰ পৰিস্থিতিৰ অনুসাৰে আমি নিজৰ সময় সাল-সলনি কৰিবলৈ আগ্ৰহী হোৱা আৱশ্যক।

৬ “সকলোকে শিকিবলৈ আমন্ত্ৰণ কৰা হৈছে”: এই ট্ৰেক্টখনত এখন কুপণ দিয়া হৈছে যাৰ দ্বাৰা গৃহস্থজনে বিচাৰে ব্ৰচাৰ বা বিনামূলীয়া বাইবেল অধ্যয়নৰ কাৰ্য্যক্ৰমৰ বিষয়ে বৰ্ণনা কৰিবলৈ আৱেদন কৰিব পাৰে। ট্ৰেক্টখনৰ শেষ পৃষ্ঠাত বিচাৰে ব্ৰচাৰখনৰ বেটুপাতখনক সম্পূৰ্ণকৈ দেখুৱা হৈছে। গতিকে আপুনি লক্ষ্য কৰিছেনে যে এই ট্ৰেক্টখনে আগ্ৰহী লোকক কিয় আমাৰ সহায় লবলৈ উৎসাহিত কৰিব? আমি এই নতুন সঁজুলিটো উপযুক্তৰূপে ব্যৱহাৰ কৰিব পাৰিমনে?

৭ আপুনি কোনসকলক এই ট্ৰেক্টখন দিব পাৰে? এই ট্ৰেক্টখন আপুনি লোকসকলক হাতে হাতে বা তেনে ঘৰবোৰত দিব পাৰে যি ঘৰবিলাকৰ গৃহস্থ কোনো কাৰণত ঘৰত নাই। ইয়াক আপুনি ঘৰে-ঘৰে, ৰাস্তাঘাটত লগ পোৱা ব্যক্তি আৰু ব্যৱসায় এলেকাবোৰতো দিব পাৰে। তেনে লোকসকলকো দিব পাৰে যি সকলে আমাৰ আলোচনী অস্বীকাৰ কৰে বা গ্ৰহণ কৰে। আপুনি গৃহস্থলৈ কোনো আলোচনী আগবঢ়াওঁতে সেইবোৰৰ সৈতে এই ট্ৰেক্টখন দিব পাৰে। আপুনি পঠোৱা চিঠিৰ সৈতেও পঠিয়াব পাৰে। যিসকলৰ সৈতে আপুনি টেলিফোনৰ দ্বাৰা কথা-বতৰা হৈছে, তেওঁলোককো এই ট্ৰেক্টখনৰ বিষয়ে আগ্ৰহী কৰি তুলিব পাৰে। সকলো সময়তে আপুনি এই ট্ৰেক্টখন নিজৰ সৈতে ৰাখক, যাতে আপুনি বজাৰলৈ যাওঁতে, যাত্ৰা কৰোঁতে আৰু অনিয়মিত সাক্ষী দিয়াৰ সময়তো লোকসকলক দিব পাৰে। যি সকলে আপোনাৰ ঘৰলৈ আহে তেওঁলোককো এই ট্ৰেক্টখন দিব পাৰে। এই ট্ৰেক্টখন আপুনি নিজৰ আত্মীয়-স্বজন, চুবুৰীয়া, সহকৰ্মী, সহপাঠী আৰু পৰিচিত লোককো দিব পাৰে। যিসকলক আপুনি লগ পাই সেই সকলোকে এই ট্ৰেক্টখন দিবলৈ প্ৰচেষ্টা কৰক! তাৰ পাছত কি কৰা আৱশ্যক?

৮ যদি বিনা কোনো পলমে সঠিক সঁহাৰি পোৱা যায়: কিছুমান ব্যক্তিয়ে তৎক্ষণাত বাইবেল অধ্যয়ন কৰিব বিচাৰে বুলি কʼব পাৰে। সেইবাবে যেতিয়া প্ৰচাৰ কাৰ্য্যত ভাগ লয়, তেতিয়া সদায়ে নিজৰ সৈতে বিচাৰে ব্ৰচাৰখনৰ দুখনকৈ কপি ৰাখক। এখন গৃহস্থৰ আৰু আন খন আপোনাৰ বাবে। যদি গৃহস্থই আগ্ৰহী হয়, তেনেহʼলে তেতিয়াই তেওঁৰ সৈতে অধ্যয়ন আৰম্ভ কৰক। বেটুপাটখনৰ ভিতৰত “এই পুথিখন কি দৰে ব্যৱহাৰ কৰিব” বুলি দিয়া বিষয়টো দেখুৱাওঁক। তাৰ পাছত সোঁহাতে থকা পাঠ ১ লৈ গৈ অধ্যয়ন কেনেদৰে কৰিব তাক প্ৰদৰ্শন কৰি দেখুৱাওক। এই পদ্ধতি একেবাৰে সহজ নহয়নে বাৰু?

৯ যদি গৃহস্থক এই বিষয়ে বিবেচনা কৰিবলৈ সময়ৰ আৱশ্যক: অধিক সময় অতিবাহিত হোৱাৰ পূৰ্বেই গৃহস্থক পুনৰ সাক্ষাৎ কৰক। যেতিয়া আপুনি তেওঁক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত আপোনাৰ ওচৰত নিশ্চয়ে বিচাৰে ব্ৰচাৰ থকা আৱশ্যক। তেওঁক ব্ৰচাৰখনৰ সূচিপত্ৰখন দেখুৱাওঁক আৰু সেই বিষয়সমূহ পঢ়িবলৈ দিয়ক। তেওঁক ভাললগা বিষয়টোক বাচি লʼবলৈ অনুৰোধ কৰক। তাৰ পাছত তেওঁৰ ভাললগা পাঠটো খুলি আলোচনা কৰক।

১০ আলোচনীৰ সৈতে ট্ৰেক্ট দিয়া: যদি আপুনি আলোচনীবোৰৰ সৈতে ট্ৰেক্টখন গৃহস্থক দিছিল, তেনেহলে, আপুনি তেওঁক পুনৰ সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত এইদৰে কʼব পাৰে: “যোৱাবাৰ মই যেতিয়া আপোনাৰ ওচৰলৈ আহিছিলোঁ তেতিয়া মই প্ৰহৰীবুৰুজ আলোচনীখনৰ এখন কপি আপোনাক দিছিলোঁ। সেই আলোচনীখনত সম্ভৱতঃ আপুনি প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে, (ইংৰাজী) এই বুলি সম্পূৰ্ণ নামটো পঢ়িবলৈ পালে। আজি মই আপোনাক বৰ্ণনা কৰিব বিচাৰিছোঁ যে সেই ৰাজ্যখন কি আৰু ই আপোনালৈ আৰু আপোনাৰ পৰিয়ালৰ বাবে কি অৰ্থ ৰাখে।” তাৰ পাছত বিচাৰে ব্ৰচাৰখনৰ পাঠ ৬ খুলক। গৃহস্থৰ সময়ৰ অনুসাৰে প্ৰথম অনুচ্ছেদটো পঢ়ক আৰু আলোচনা কৰক। তাৰ পাছত সেই পাঠটো শেষ কৰিবলৈ আন এটা দিনত পুনৰ সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰক।

১১ ট্ৰেক্টখন যথেষ্ট পৰিমাণে উপলব্ধ থকা আৱশ্যক: সেৱা অধ্যক্ষ আৰু আলোচনী বিভাগৰ দায়িত্ব থকা ভাইজনে মণ্ডলীত বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্টখন যথেষ্ট মাত্ৰাত ৰখা আৱশ্যক। তেহে মণ্ডলীত সকলো সময়ত এই ট্ৰেক্টখন দিব পাৰে। আপুনি নিজৰ পকেট, বেগত, গাড়ীত, কাৰ্য্যস্থলত, স্কুলত, নিজৰ ঘৰখনৰ প্ৰৱেশ দুৱাৰৰ ওচৰত, মুঠতে কʼবলৈ গʼলে সুবিধা হোৱা সকলো স্থানতে এই ট্ৰেক্টখন ৰখা আৱশ্যক। দৰাচলতে আপুনি নিজৰ প্ৰচাৰৰ বেগটোত এই ট্ৰেক্টখন ৰখা আৱশ্যক, যাতে আপুনি বাইবেলৰ বিষয়ে আলোচনা কৰা ব্যক্তিজনক সেইখন দিব পাৰে।

১২ যিহোৱাই আমাৰ এনে প্ৰচেষ্টাত নিশ্চয়ে আশীৰ্ব্বাদ দিব: আগ্ৰহী ব্যক্তিসকলক সত্যৰ বিষয়ে শিকোৱাত সকলো খ্ৰীষ্টান ব্যক্তিসকলে এক উচিত লক্ষ্য ৰখা আৱশ্যক। (মথি ২৮:⁠১৯, ২০) আপুনি অলপতে এটা বাইবেল অধ্যয়ন আৰম্ভ কৰিছেনে? যদি কৰিছে, তেনেহʼলে আন এটা অধ্যয়ন আৰম্ভ কৰিবলৈ নিজৰ সপ্তাহিক তালিকাত সাল-সলনি কৰিব পাৰিবনে? যদি কৰা নাই, তেনেহʼলে নিশ্চয়ে এটা বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ ইচ্ছুক হʼব। আগ্ৰহী হোৱা কোনোবা এজনৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। তাৰ পাছত সেই প্ৰাৰ্থনাৰ সামঞ্জস্যত কাৰ্য্য কৰক।​—⁠১ যোহ. ৫:⁠১৪, ১৫.

১৩ অধ্যয়ন আৰম্ভ কৰিবলৈ আমাৰ ওচৰত এটা নতুন সঁজুলি আছে! গতিকে এই ট্ৰেক্টখনৰ সৈতে ভালদৰে পৰিচিত হওঁক। কোনো মূল্য নোলোৱাকৈ ট্ৰেক্টখন বিতৰণ কৰক। “সৎকৰ্ম্ম কৰি, উত্তম কৰ্ম্মৰূপ ধনিত ধনৱন্ত হওক; বিলাই দিবলৈ আৰু ভগাই লবলৈকো ইচ্ছুক” হʼবলৈ আপুনি সকলো প্ৰকাৰে চেষ্টা কৰক।​—⁠১ তীম. ৬:⁠১৮, ১৯.

[Box on page 4]

ট্ৰেক্টখন বিতৰণ কৰিবলৈ থকা সুযোগসমূহ

▪ নিতৌ লগ পোৱা ব্যক্তিসকল

▪ যেতিয়া কোনোবা এজনে আমাৰ আলোচনী লয়

▪ যেতিয়া ঘৰখনত কাকো লগ পোৱা নাযায়

▪ যেতিয়া আমি পুনৰ সাক্ষাৎ কৰোঁ

▪ যেতিয়া আমি ৰাস্তাত প্ৰচাৰ কৰাৰ সময়ত কোনোবা এজনক লগ পাওঁ

▪ যেতিয়া আমি ব্যৱসায় এলেকাত প্ৰচাৰ কৰোঁ

▪ যেতিয়া অনিয়মিতৰূপে সাক্ষী দিয়া হয়

▪ যেতিয়া কোনো চিঠি লিখা হয়

▪ যেতিয়া ৰাজহুৱা বাহনেৰে যাত্ৰা কৰা হয়

▪ যেতিয়া আমাৰ ঘৰলৈ কোনো আহে

▪ যেতিয়া কোনো আত্মীয়-স্বজন, সহকৰ্ম্মী, সহপাঠী আৰু পৰিচিত লোকৰ সৈতে কথো-পকথন কৰা হয়

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক