ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bh অধ্যায় ১২ পৃষ্ঠা ১১৫-১২৪
  • ঈশ্বৰক আনন্দিত কৰিব পৰাকৈ জীৱন অতিবাহিত কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰক আনন্দিত কৰিব পৰাকৈ জীৱন অতিবাহিত কৰক
  • বাইবেলে প্ৰকৃততে কি শিকায়?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাই তেওঁৰ বন্ধুসকলক উৎসাহিত কৰে
  • চয়তানৰ প্ৰত্যাহ্বান
  • ইয়োবক পৰীক্ষা কৰা হʼল
  • আপুনি কেনেকৈ জড়িত আছে
  • যিহোৱাৰ আজ্ঞাবোৰ পালন কৰক
  • ঈশ্বৰীয় গুণবোৰ বিকশিত কৰক
  • আপুনি কেনেকৈ ঈশ্বৰৰ বন্ধু হ’ব পাৰে?
    বাইবেলে আমাক কি শিকায়?
  • যিহোৱাৰ ওপৰত আশা ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • ইয়োবে নিষ্ঠা বজাই ৰাখিলে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • ইয়োব কোন আছিল?
    বাইবেলৰ পৰা শিকোঁ আহা
আৰু চাওক
বাইবেলে প্ৰকৃততে কি শিকায়?
bh অধ্যায় ১২ পৃষ্ঠা ১১৫-১২৪

বাৰ অধ্যায়

ঈশ্বৰক আনন্দিত কৰিব পৰাকৈ জীৱন অতিবাহিত কৰক

  • আপুনি ঈশ্বৰৰ লগত কেনেকৈ বন্ধুত্ব গঢ়ি তুলিব পাৰিব?

  • চয়তানে যিহোৱাৰ শাসনৰ ওপৰত যি প্ৰশ্ন উত্থাপন কৰিছিল, সেই বিষয়ত আপুনি কেনেকৈ জড়িত?

  • কেনেধৰণৰ আচৰণে যিহোৱাক অসন্তুষ্ট কৰে?

  • ঈশ্বৰক আনন্দিত কৰিবলৈ আপুনি কেনে ধৰণৰ জীৱন অতিবাহিত কৰিব?

১, ২. এনে কিছুমান ব্যক্তিৰ উদাহৰণ দিয়ক, যিসকল লোকক যিহোৱা ঈশ্বৰে তেওঁৰ ঘনিষ্ঠ বন্ধু হিচাপে গ্ৰহণ কৰিছিল।

আপুনি কেনেধৰণৰ ব্যক্তিৰ লগত বন্ধুত্ব কৰিব বিচাৰিব? আপুনি নিশ্চয় এনে এজন ব্যক্তিৰ লগত বন্ধুত্ব কৰিব যিজনৰ লগত আপোনাৰ ভাবধাৰা, আপোনাৰ পছন্দ আৰু নৈতিক মানদণ্ড আদি বিষয়বোৰ মিল থাকে। তদুপৰি, দয়ালু আৰু সহজ-সৰল ব্যক্তিৰ লগতো আপুনি বন্ধুত্ব কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব পাৰে।

২ গোটেই ইতিহাসত দেখা গৈছে যে ঈশ্বৰে কিছুমান লোকক তেওঁৰ ঘনিষ্ঠ বন্ধু হিচাপে গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে, যিহোৱা ঈশ্বৰে অব্ৰাহামক তেওঁৰ বন্ধু বুলি কৈছিল। (যিচয়া ৪১:৮; যাকোব ২:২৩ পঢ়ক।) ৰজা দায়ূদৰ বিষয়ে ঈশ্বৰে এইদৰে কৈছিল, ‘মোৰ মনৰ দৰে এজন’ অৰ্থাৎ দায়ূদক যিহোৱাই বৰ ভাল পাইছিল। (পাঁচনিৰ কৰ্ম্ম ১৩:২২) ইয়াৰ উপৰিও যিহোৱাই ভৱিষ্যতবক্তা দানিয়েলক তেওঁৰ “অতি প্ৰিয়” বুলি মন্তব্য কৰিছিল।—দানিয়েল ৯:২৩.

৩. যিহোৱা ঈশ্বৰে কিছুমান লোকক কিয় তেওঁৰ বন্ধু হিচাপে গ্ৰহণ কৰিছিল?

৩ যিহোৱা ঈশ্বৰে অব্ৰাহাম, দায়ূদ আৰু দানিয়েলক কিয় তেওঁৰ বন্ধু হিচাপে গ্ৰহণ কৰিছিল? যিহোৱা ঈশ্বৰে অব্ৰাহামক এইদৰে কৈছিল: “তুমি মোৰ বাক্য পালন কৰিলা।” (আদিপুস্তক ২২:১৮) অব্ৰাহামে ঈশ্বৰৰ বাক্য পালন কৰাৰ দ্বাৰা ঈশ্বৰৰ বন্ধু হৈ পৰিল। ঠিক সেইদৰে, যিহোৱা ঈশ্বৰে সেই লোকসকলৰ লগত বন্ধুত্ব কৰে, যিসকলে নম্ৰতাৰে তেওঁৰ আজ্ঞাবোৰ পালন কৰে। ইস্ৰায়েলীসকলক যিহোৱা ঈশ্বৰে এইদৰে কৈছিল, “তোমালোকে মোৰ বাক্য শুনা, তাতে মই তোমালোকৰ ঈশ্বৰ হম, আৰু তোমালোক মোৰ প্ৰজা হবা।” (যিৰিমিয়া ৭:২৩) যদি আপুনি যিহোৱা ঈশ্বৰৰ বাক্য পালন কৰে, তেনেহʼলে আপুনিও তেওঁৰ বন্ধু হʼব পাৰিব।

যিহোৱাই তেওঁৰ বন্ধুসকলক উৎসাহিত কৰে

৪, ৫. যিহোৱা ঈশ্বৰে তেওঁৰ লোকসকলৰ বাবে কেনেকৈ তেওঁৰ বল বা সামৰ্থ দেখুৱায়?

৪ ঈশ্বৰৰ লগত বন্ধুত্ব কৰাৰ ফলত কি ভাল পৰিণাম হʼব পাৰে, তাৰ বিষয়ে খন্তেক চিন্তা কৰক। বাইবেলে উল্লেখ কৰিছে যে, “যিবিলাকৰ মন সিদ্ধ, সিবিলাকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ নিমিত্তে” যিহোৱা ঈশ্বৰে সুযোগ বিচাৰি থাকে। (২ বংশাৱলি ১৬:৯) যিহোৱা ঈশ্বৰে আপোনাৰ বাবে কেনেকৈ তেওঁৰ বল বা সামৰ্থ দেখুৱাব পাৰে? গীতমালা ৩২:৮ পদত ইয়াৰ উত্তৰ দিছে: “মই [যিহোৱাই] তোমাক বুদ্ধি দিম; তুমি যাব লগীয়া পথ মই শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।”

৫ এই বাক্যশাৰীৰপৰা আমি অনুভৱ কৰিব পাৰোঁ যে যিহোৱা ঈশ্বৰে আপোনাক কিমান যত্ন লয়! আপুনি যেতিয়া ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিব, তেতিয়া তেওঁ আপোনাক প্ৰয়োজনীয় নিৰ্দ্দেশনা আৰু সুৰক্ষা দিব। আপোনাৰ জীৱনলৈ অহা পৰীক্ষা আৰু সমস্যাবোৰৰ সন্মুখীন হʼবলৈ ঈশ্বৰে আপোনাক সহায় কৰিব বিচাৰে। (গীতমালা ৫৫:২২ পঢ়ক।) গতিকে, যদি আপুনি যিহোৱা ঈশ্বৰক সম্পূৰ্ণ হৃদয়েৰে সেৱা কৰে, তেনেহʼলে আপুনিও গীত ৰচকৰ দৰে আত্মবিশ্বাসী হʼব পাৰিব। গীত ৰচকে এইদৰে কৈছিল: “মই যিহোৱাক সদায় মোৰ সম্মুখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই লৰচৰ নহম।” (গীতমালা ১৬:৮; ৬৩:৮) বাস্তৱতে, যিহোৱাই আপোনাক তেওঁৰ ইচ্ছা অনুসৰি জীৱন-ধাৰণ কৰিবলৈ সহায় কৰিব পাৰে। কিন্তু, আপুনি মনত ৰখা উচিত যে ঈশ্বৰৰ এনে এজন বিৰোধী আছে, যিয়ে আপোনাক এইদৰে কৰাটো কেতিয়াও নিবিচাৰে।

চয়তানৰ প্ৰত্যাহ্বান

৬. চয়তানে সকলো মানৱৰ ওপৰত কি অভিযোগ আনিছিল?

৬ চয়তানে কেনেকৈ যিহোৱা ঈশ্বৰৰ শাসনৰ ওপৰত অভিযোগ আনিছিল, তাৰ বিষয়ে আমি এঘাৰ অধ্যায়ত আলোচনা কৰিছিলোঁ। চয়তানে যিহোৱাক মিছলীয়া বুলি অভিযোগ কৰিছিল। চয়তানে কৈছিল যে আদম আৰু হৱাক ভাল-বেয়াৰ নিৰ্ণয় কৰিবলৈ নিদি যিহোৱা ঈশ্বৰে প্ৰকৃততে তেওঁলোকৰ ওপৰত অন্যায় কৰিছে। আদম আৰু হৱাই পাপ কৰাৰ পাছত, এই পৃথিৱীখন তেওঁলোকৰ সতি-সন্ততিৰে পূৰ হʼবলৈ ধৰিলে আৰু তেতিয়া চয়তানে সকলো মানৱে ঈশ্বৰক সেৱা কৰাৰ উদ্দেশ্যৰ ওপৰত প্ৰশ্ন কৰিলে। চয়তানে দাবী কৰিলে যে সকলো মানৱে যিহোৱা ঈশ্বৰৰ প্ৰতি প্ৰেম থকাৰ বাবে তেওঁক সেৱা কৰা নাই। চয়তানে ইয়াকো কʼব বিচাৰিলে যে যদি তেওঁক এবাৰ সুযোগ দিয়া হয়, তেনেহʼলে সি যিকোনো ব্যক্তিক ঈশ্বৰৰ বিৰুদ্ধে কৰিব পাৰে। ইয়োব নামৰ ব্যক্তিজনৰ বিষয়ে পঢ়িলে, আমি দেখিবলৈ পাওঁ যে চয়তানে বিশ্বাস কৰিছিল যে সি যিকোনো লোকক ঈশ্বৰৰ বিৰুদ্ধে কৰিব পাৰে। আপুনি ইয়োব নামৰ এই ব্যক্তিজনৰ বিষয়ে জানেনে? আৰু তেওঁ বাৰু কেনেকৈ চয়তানৰ প্ৰত্যাহ্বানৰ লগত জড়িত আছিল?

৭, ৮. (ক) ইয়োবৰ সময়ছোৱাত বাস কৰা লোকসকলৰ ভিতৰত তেওঁ কিয় উল্লেখনীয় আছিল? (খ) ইয়োবে যিহোৱা ঈশ্বৰক সেৱা কৰাৰ উদ্দেশ্যৰ ওপৰত চয়তানে কেনেকৈ প্ৰশ্ন কৰিলে?

৭ ইয়োব নামৰ এই ব্যক্তিজন আজিৰপৰা প্ৰায় ৩,৬০০ বছৰৰ পূৰ্ব্বে জীয়াই আছিল। তেওঁ এজন বৰ ভাল মানুহ আছিল আৰু তেওঁৰ বিষয়ে যিহোৱা ঈশ্বৰে এইদৰে কৈছিল: “কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিবীত কোনো নাই।” (ইয়োব ১:৮) ইয়োব নামৰ এই ব্যক্তিজন সঁচাকৈ ঈশ্বৰৰ ভক্ত আছিল।

৮ ইয়োবে যিহোৱা ঈশ্বৰক সেৱা কৰাৰ উদ্দেশ্যৰ ওপৰত চয়তানে প্ৰশ্ন কৰিলে। চয়তানে যিহোৱাক কৈছিল: “আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ ও সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দিয়া নাই? আপুনি তেওঁৰ হাতৰ কাৰ্য্যবোৰ আশীৰ্ব্বাদযুক্ত কৰিলে, আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পালে। কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতেই আপোনাক বিদায় দিব।”—ইয়োব ১:১০, ১১.

৯. চয়তানৰ প্ৰত্যাহ্বানক যিহোৱা ঈশ্বৰে কেনেকৈ উত্তৰ দিলে আৰু কিয়?

৯ চয়তানে কʼব বিচাৰিছিল যে ঈশ্বৰে ইয়োবক সকলো বস্তু দিয়াৰ বাবেহে তেওঁ ঈশ্বৰক সেৱা কৰিছে। চয়তানে ইয়াকো অভিযোগ কৰিছিল যে যদি ইয়োবক পৰীক্ষা কৰা হয়, তেনেহʼলে তেওঁ ঈশ্বৰৰ বিৰুদ্ধে হʼব। চয়তানৰ এই প্ৰত্যাহ্বানক যিহোৱাই কেনেকৈ উত্তৰ দিলে? যিহেতু ইয়াত ইয়োবে ঈশ্বৰক সেৱা কৰাৰ উদ্দেশ্য জড়িত আছিল, সেইবাবে ঈশ্বৰে চয়তানক ইয়োবৰ ওপৰত পৰীক্ষা কৰিবলৈ অনুমতি দিলে। এই পৰীক্ষাৰ যোগেদি, যিহোৱাৰ প্ৰতি ইয়োবৰ প্ৰেম আছে নে নাই, তাক ভালদৰে দেখা পোৱা যাব।

ইয়োবক পৰীক্ষা কৰা হʼল

১০. ইয়োবৰ ওপৰত কেনেধৰণৰ পৰীক্ষা আহিল আৰু তেওঁ কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

১০ ঈশ্বৰৰপৰা অনুমতি পাই চয়তানে ইয়োবৰ ওপৰত বিভিন্ন ধৰণে পৰীক্ষা আনিলে। ইয়োবৰ কিছুমান জীৱ-জন্তু চুৰ কৰা হʼল আৰু কিছুমান বধ কৰা হʼল। ইয়োবৰ প্ৰায় সকলো দাসক হত্যা কৰা হʼল। এই সকলোবোৰ ঘটাৰ ফলত, ইয়োবৰ জীৱনলৈ আৰ্থিক সমস্যা আহি পৰিল। ইয়োবৰ বাবে আটাইতকৈ দুখৰ বিষয় হৈছিল, যেতিয়া তেওঁৰ দহোটা লʼৰা-ছোৱালীৰ এক বৰ ধুমুহাৰ ফলত মৃত্যু হʼল। কিন্তু মন কৰিবলগীয়া কথা যে এই সকলোবোৰ হোৱাৰ সত্ত্বেও “ইয়োবে পাপ নকৰিলে, আৰু ঈশ্বৰত অজ্ঞানতাৰ দোষাৰোপ নকৰিলে।”—ইয়োব ১:২২.

১১. (ক) চয়তানে ইয়োবৰ ওপৰত কি দ্বিতীয় অভিযোগ আনিলে, আৰু যিহোৱা ঈশ্বৰে কেনেকৈ ইয়াৰ উত্তৰ দিলে? (খ) ঘৃণনীয় আৰু যন্ত্ৰণাদায়ক বেমাৰ হোৱাৰ সত্ত্বেও ইয়োবে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

১১ এইবোৰৰ পাছতো চয়তানে হাৰ মনা নাই। চয়তানে ভাবিছিল যে সা-সম্পত্তি হেৰুৱা, দাসবিলাকৰ মৃত্যু হোৱা আৰু নিজৰ লʼৰা-ছোৱালীৰ মৃত্যুৰ পাছতো ইয়োবে সহ্য কৰি আছে, কিন্তু যদি তেওঁ শাৰীৰিকভাৱে অসুস্থ হৈ পৰে তেনেহʼলে নিশ্চয় ঈশ্বৰৰ বিৰুদ্ধে হʼব। যিহোৱাই চয়তানৰ এই দাবী পূৰ কৰিবলৈ অনুমতি দিলে আৰু চয়তানে ইয়োবৰ ওপৰত ঘৃণনীয় আৰু যন্ত্ৰণাদায়ক বেমাৰেৰে আক্ৰমণ কৰিলে। এই সকলোবোৰৰ পাছতো ইয়োব ঈশ্বৰলৈ বিশ্বাসী হৈ থাকিল। তেওঁ এইদৰে কৈছিল: “মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।”—ইয়োব ২৭:৫.

ইয়োবে নিজৰ প আৰু দহজন ল’ৰা-ছাৱালীৰ সৈতে আনন্দেৰে জীৱন অতিবাহিত কৰিছ

ইয়োবে ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থকাৰ বাবে পুৰস্কাৰ পালে

১২. ইয়োবে চয়তানৰ দাবী মিছা হয় বুলি কেনেকৈ প্ৰমাণ কৰিলে?

১২ নিজৰ জীৱনত হোৱা সকলো দুৰ্যোগৰ বাবে চয়তান যে জগৰীয়া হয়, তাক ইয়োবে নাজানিছিল। চয়তানে যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ ওপৰত কৰা প্ৰত্যাহ্বানৰ বিষয়েও তেওঁ একো নাজানিছিল আৰু সেইবাবে এইবোৰ ঈশ্বৰৰ ফালৰপৰা অহা বুলি ভাবিছিল। (ইয়োব ৬:৪; ১৬:১১-১৪) কিন্তু মন কৰিবলগীয়া কথা যে এই সকলোবোৰৰ পাছতো, ইয়োবে যিহোৱাৰ প্ৰতি নিষ্ঠা বজাই ৰাখিছিল। চয়তানে দাবী কৰিছিল যে ইয়োবে কিবা স্বাৰ্থৰ বাবেহে যিহোৱাক সেৱা কৰিছে। কিন্তু ইয়োবে ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকি, চয়তানৰ দাবী মিছা হয় বুলি প্ৰমাণ কৰিলে।

১৩. ইয়োব ঈশ্বৰলৈ বিশ্বাসী হৈ থকাৰ বাবে কি ভাল পৰিণাম হʼল?

১৩ ইয়োবে ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থকাৰ বাবে, যিহোৱাই চয়তানৰ দাবীক মিছা বুলি প্ৰমাণ কৰিবলৈ সুযোগ পালে। ইয়োব সঁচাকৈ ঈশ্বৰৰ প্ৰকৃত বন্ধু আছিল আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থকাৰ বাবে ঈশ্বৰে তেওঁক পুৰস্কাৰ দিছিল।—ইয়োব ৪২:১২-১৭.

আপুনি কেনেকৈ জড়িত আছে

১৪, ১৫. আমি কিয় কʼব পাৰোঁ যে চয়তানে ইয়োবৰ বিষয়ে কৰা অভিযোগত সকলো মানৱ জড়িত আছে?

১৪ পৰীক্ষাৰ সময়ত ঈশ্বৰলৈ নিষ্ঠাৱান হৈ থকাৰ বিষয়ে যি প্ৰশ্ন উঠিছিল, তাত কেৱল ইয়োবে জড়িত আছিল এনে নহয়, ইয়াত আপুনিও জড়িত আছে। ইয়াৰ বিষয়ে হিতোপদেশ ২৭:১১ পদত খুব ভালদৰে বৰ্ণনা কৰা হৈছে: “মই যেন ধিক্কাৰ দিয়াটোক উত্তৰ দিব পাৰিম, এই নিমিত্তে হে মোৰ বোপা, জ্ঞানৱান হৈ মোৰ মনক আনন্দিত কৰা।” এই কথাফাঁকি ইয়োবৰ মৃত্যুৰ বহু বছৰৰ পাছত লিখা হৈছিল। গতিকে ইয়াৰপৰা আমি কʼব পাৰোঁ যে চয়তানে এতিয়াও ঈশ্বৰক ধিক্কাৰ বা ঠাট্টা কৰিবলৈ এৰা নাই। চয়তানে এতিয়াও যিহোৱাৰ লোকসকলৰ ওপৰত অভিযোগ কৰে। যেতিয়া আমি যিহোৱা ঈশ্বৰৰ ইচ্ছা অনুসৰি জীৱন-নিৰ্ব্বাহ কৰোঁ, তেতিয়া কʼবলৈ গʼলে চয়তান যে মিছলীয়া হয়, তাৰ প্ৰমাণ কৰিবলৈ আমি ঈশ্বৰক সহায় কৰোঁ। ইয়াৰ যোগেদি আমি যিহোৱাৰ হৃদয়ক আনন্দিত কৰোঁ। ইয়াৰ বিষয়ে জানি আপোনাৰ কেনে লাগে বাৰু? চয়তানৰ অভিযোগক মিছা বুলি প্ৰমাণ কৰা কামত ভাগ লওঁতে, যদি আপোনাক নিজৰ জীৱনত কিছুমান সাল-সলনি কৰিবলগীয়া হয়, তেনেহʼলে ই আপোনাৰ বাবে এক সন্মানৰ বিষয় নহয়নে?

১৫ লক্ষ্য কৰক যে চয়তানে কি কৈছিল: “প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব।” (ইয়োব ২:৪) ইয়াত “মানুহে” বুলি উল্লেখ কৰোঁতে, চয়তানৰ এই অভিযোগ মাত্ৰ ইয়োবৰ ওপৰত আছিল এনে নহয়, কিন্তু সকলো মানৱৰ ওপৰত এই অভিযোগ আছিল আৰু ই এক অতি গুৰুত্বপূৰ্ণ বিষয়। চয়তানে, ঈশ্বৰৰ প্ৰতি থকা আপোনাৰ নিষ্ঠাৰ ওপৰতো প্ৰশ্ন তুলিছে। জীৱনত অহা কিবা সমস্যাৰ বাবে অপুনি ধাৰ্ম্মিকতাৰ পথ ত্যাগ কৰি, ঈশ্বৰৰ আজ্ঞা উলংঘন কৰাটোৱে চয়তানে বিচাৰে। চয়তানে নিজৰ এই ধূৰ্ত্ত ছলনাক কেনেকৈ সিদ্ধ কৰিব?

১৬. (ক) চয়তানে লোকসকলক ঈশ্বৰৰপৰা আঁতৰ কৰিবলৈ কেনেকৈ চেষ্টা কৰে? (খ) আপোনাৰ বিৰুদ্ধে চয়তানে এই প্ৰণালীবোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে?

১৬ দহ অধ্যায়ত বৰ্ণনা কৰা অনুসৰি, চয়তানে বিভিন্ন প্ৰণালীৰে আজি মানুহক ঈশ্বৰৰপৰা আঁতৰাবলৈ চেষ্টা কৰে। আনহাতে, “গুজৰি থকা সিংহৰ দৰে” চয়তানে, “কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব, তাৰ উপায় বিচাৰি ফুৰিছে।” (১ পিতৰ ৫:৮) যেতিয়া আপোনাৰ বন্ধুবিলাকে, আত্মীয় লোকসকলে বা আন কোনোবাই আপোনাক বাইবেল অধ্যয়ন কৰিবলৈ আৰু বাইবেলৰপৰা যি শিকিছে, তাক আপোনাৰ জীৱনত পালন কৰিবলৈ বাধা দিয়ে, তেতিয়া আপুনি চয়তানৰ প্ৰভাৱ দেখিবলৈ পাব।a (যোহন ১৫:১৯, ২০) চয়তানে কেতিয়াবা “দীপ্তিময় দূতৰ বেশ ধৰে।” (২ কৰিন্থীয়া ১১:১৪) চয়তানে ধূৰ্ত্ত ছলনাৰে আপোনাক ভুল পথলৈ পৰিচালিত কৰিব পাৰে আৰু বিভিন্ন প্ৰলোভনেৰে ঈশ্বৰীয় জীৱন অতিবাহিত কৰাৰপৰা আপোনাক আঁতৰাবলৈ চেষ্টা কৰিব পাৰে। ইয়াৰ উপৰিও নিৰুৎসাহৰ ভাবনাও চয়তানৰ ফালৰপৰা অহা এটা ফান্দ। আপোনাৰ মনলৈ চয়তানে এনে ভাবনা আনিব পাৰে যে আপুনি ঈশ্বৰক সেৱা কৰাৰ কোনো যোগ্যতা নাই। (হিতোপদেশ ২৪:১০) চয়তানে, “গুজৰি থকা সিংহৰ দৰে” আক্ৰমণ কৰাই হওক বা “দীপ্তিময় দূতৰ বেশ” ধৰি লোকসকলক আকৰ্ষণ কৰাই নহওক কিয়, তাৰ প্ৰত্যাহ্বান একেই। চয়তানে কʼব বিচাৰে যে যেতিয়া আপোনাৰ জীৱনত পৰীক্ষা বা প্ৰলোভন আহে, তেতিয়াই আপুনি যিহোৱাক সেৱা কৰিবলৈ বাদ দিব। যিদৰে ইয়োবে চয়তানৰ প্ৰত্যাহ্বানৰ উত্তৰ দিলে, আপুনি কেনেকৈ তাৰ প্ৰত্যাহ্বানৰ উত্তৰ দিব আৰু ঈশ্বৰলৈ নিষ্ঠা বজাই ৰাখিব?

যিহোৱাৰ আজ্ঞাবোৰ পালন কৰক

১৭. যিহোৱা ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰাৰ মুখ্য কাৰণ কি?

১৭ ঈশ্বৰীয় জীৱন অতিবাহিত কৰাৰ যোগেদি আপুনি চয়তানে কৰা অভিযোগৰ উত্তৰ দিব পাৰে। ইয়াত কি বিষয়বোৰ জড়িত আছে? বাইবেলে ইয়াৰ উত্তৰ দিছে: “তুমি তোমাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা।” (দ্বিতীয় বিবৰণ ৬:৫) যেতিয়া ঈশ্বৰৰ প্ৰতি আপোনাৰ প্ৰেম গভীৰ হʼবলৈ ধৰিব, তেতিয়া এই প্ৰেমে আপোনাক ঈশ্বৰৰ ইচ্ছা অনুসৰি কাৰ্য্য কৰিবলৈ প্ৰেৰণা দিব। এই প্ৰেমৰ বিষয়ে পাঁচনি যোহনে এইদৰে বৰ্ণনা কৰিছে: “কিয়নো আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই।” যদি আপুনি যিহোৱা ঈশ্বৰক সম্পূৰ্ণ হৃদয়েৰে প্ৰেম কৰে, তেতিয়া আপুনি অনুভৱ কৰিব যে “তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।”—১ যোহন ৫:৩.

১৮, ১৯. (ক) যিহোৱা ঈশ্বৰৰ কিছুমান আজ্ঞা কি? (“যিহোৱাই ঘৃণা কৰা কামবোৰৰপৰা আঁতৰি থাকক” নামৰ বক্সত চাওক।) (খ) আমি কেনেকৈ কʼব পাৰোঁ যে যিহোৱা ঈশ্বৰে আমাৰপৰা অধিক আশা নকৰে?

১৮ যিহোৱা ঈশ্বৰৰ আজ্ঞাবোৰ কি? এই আজ্ঞাবোৰৰ ভিতৰত এনে কিছুমান কাৰ্য্য জড়িত আছে, যিবোৰ আমি কৰা উচিত নহয়। উদাহৰণস্বৰূপে, “যিহোৱাই ঘৃণা কৰা কামবোৰৰপৰা আঁতৰি থাকক” নামৰ বক্সত চাওক। বাইবেলে নিন্দা কৰা কিছুমান বিষয় সেই বক্সত উল্লেখ আছে। ইয়াত উল্লেখ কৰা বিষয়বোৰ আপোনাৰ হয়তো প্ৰথমতে বেয়া যেন নালাগিবও পাৰে। কিন্তু তাত উল্লেখ কৰা বাইবেলৰ পদবোৰত ধ্যান দিলে, আপুনি বুজিব পাৰিব যে যিহোৱাই দিয়া নিয়মবোৰ আমাৰ বাবে কিমান লাভজনক। এই আজ্ঞাবোৰ পালন কৰি নিজৰ জীৱনত পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে ইমান সহজ নহʼবও পাৰে। কিন্তু মনত ৰাখিব যে যিহোৱা ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিলে, আমাৰ জীৱন সুখ আৰু শান্তিৰে ভৰি পৰিব। (যিচয়া ৪৮:১৭, ১৮) এই আজ্ঞাবোৰ পালন কৰিবলৈ আপোনাৰ বাবে নিশ্চয় কঠিন নহʼব। ইয়াক আমি কেনেকৈ জানিম?

১৯ আমি যি কাম কৰিব নোৱাৰোঁ, তাক যিহোৱা ঈশ্বৰে আমাৰপৰা কেতিয়াও আশা নকৰে। (দ্বিতীয় বিবৰণ ৩০:১১-১৪ পঢ়ক।) আমি নিজৰ শক্তি আৰু সামৰ্থৰ বিষয়ে যিমান জানো, তাতকৈ অধিক যিহোৱা ঈশ্বৰে আমাৰ বিষয়ে জানে। (গীতমালা ১০৩:১৪) ইয়াৰ উপৰিও, আমি যিহোৱা ঈশ্বৰৰ প্ৰতি আজ্ঞাকাৰী হৈ থাকিবলৈ তেওঁ আমাক শক্তি দিয়ে। ইয়াৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।” (১ কৰিন্থীয়া ১০:১৩) যেতিয়া আমাৰ ওপৰত পৰীক্ষা আহে, তাক সহন কৰিবলৈ যিহোৱা ঈশ্বৰে আমাক “শক্তিৰ বাহুল্যতা” প্ৰদান কৰে। (২ কৰিন্থীয়া ৪:৭) সেইবাবে পাঁচনি পৌলে বহুতো পৰীক্ষা সহন কৰাৰ পাছত এইদৰে কʼব পাৰিছিল: “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।”—ফিলিপীয়া ৪:১৩.

ঈশ্বৰীয় গুণবোৰ বিকশিত কৰক

২০. আপুনি কেনে ঈশ্বৰীয় গুণ বিকশিত কৰা উচিত আৰু এইবোৰ কিয় প্ৰয়োজন?

২০ যিহোৱা ঈশ্বৰে ঘৃণা কৰা কামবোৰৰপৰা আঁতৰি থকাই যথেষ্ট নহয়, কিন্তু ইয়াত আৰু বহু বিষয় জড়িত আছে। ঈশ্বৰে যিবোৰ বিষয় ভাল পায়, সেইবোৰ আপুনিও ভালপোৱা উচিত। (ৰোমীয়া ১২:৯, ১০) আপুনি এনে এজন ব্যক্তিৰ প্ৰতি আকৃষ্ট নহʼবনে, যি জনৰ লগত আপোনাৰ ভাবধাৰা, আপোনাৰ পছন্দ আৰু নৈতিক মানদণ্ড আদি বিষয়বোৰৰ লগত মিল থাকে? ঠিক সেইদৰে, যিহোৱা ঈশ্বৰেও তেওঁৰ লগত বন্ধুত্ব কৰা লোকসকলৰপৰা একেই বিচাৰে। যিহোৱা ঈশ্বৰে ভালপোৱা বিষয়বোৰ আপুনি জনা উচিত। যিহোৱা ঈশ্বৰে ভালপোৱা বিষয়বোৰ গীতমালা পোন্ধৰত বৰ্ণনা কৰা আছে। তাত আমি দেখিবলৈ পাম যে ঈশ্বৰে কেনেধৰণৰ লোকসকলক তেওঁৰ বন্ধু হিচাপে গ্ৰহণ কৰে। (গীতমালা ১৫:১-৫ পঢ়ক।) যিহোৱা ঈশ্বৰৰ বন্ধুসকলে পবিত্ৰ আত্মাৰ গুণ প্ৰতিফলিত কৰে। মুখ্যতে এইবোৰ হৈছে, “প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন।”—গালাতীয়া ৫:২২, ২৩.

২১. ঈশ্বৰীয় গুণবোৰ বিকশিত কৰিবলৈ আপোনাক কিহে সহায় কৰিব?

২১ প্ৰতিদিনে বাইবেল পঢ়া আৰু অধ্যয়ন কৰাৰ যোগেদি আমি ঈশ্বৰীয় গুণবোৰ বিকশিত কৰিব পাৰিম। ঈশ্বৰে আপোনাৰপৰা কি বিচাৰে এই বিষয়ে যেতিয়া আপুনি শিকিব, তেতিয়া আপোনাৰ ভাবধাৰা, ঈশ্বৰৰ ভাবধাৰাৰ লগত মিল হʼবলৈ ধৰিব। (যিচয়া ৩০:২০, ২১) যিহোৱা ঈশ্বৰৰ প্ৰতি আপোনাৰ প্ৰেম যিমানেই গভীৰ হʼব, আপুনি তেওঁৰ ইচ্ছা অনুসৰি জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰিব।

২২. আপুনি ঈশ্বৰীয় জীৱন অতিবাহিত কৰিলে কি লাভ আছে?

২২ যিহোৱা ঈশ্বৰৰ ইচ্ছা অনুসৰি জীৱন অতিবাহিত কৰিবলৈ আমাক চেষ্টা কৰাৰ প্ৰয়োজন। আপোনাৰ জীৱন পৰিৱৰ্তন কৰাৰ তুলনা কাপোৰ সলনি কৰাৰ লগত কৰিব পাৰি। যেনেকৈ আপুনি পুৰণি কাপোৰ সলনি কৰি সম্পূৰ্ণ নতুন কাপোৰ পৰিধান কৰে, ঠিক সেইদৰে পুৰণা ব্যক্তিত্বক সম্পূৰ্ণৰূপে সলনি কৰি নতুন ব্যক্তিত্বক পৰিধান কৰা উচিত। (কলচীয়া ৩:৯, ১০) যিহোৱাৰ আজ্ঞাৰ বিষয়ে গীত ৰচকে এইদৰে কৈছিল: “সেইবোৰ পালন কৰিলে পৰম লাভ হয়।” (গীতমালা ১৯:১১) ব্যক্তিগতভাৱে আপুনিও অনুভৱ কৰিব পাৰিব যে ঈশ্বৰীয় জীৱন অতিবাহিত কৰিলে আমাৰ বাবে লাভ আছে। ইয়াৰ যোগেদি আপুনি চয়তানৰ প্ৰত্যাহ্বানৰ উত্তৰ দিব পাৰিব আৰু যিহোৱা ঈশ্বৰৰ হৃদয়ক আনন্দিত কৰিব।

যিহোৱাই ঘৃণা কৰা কামবোৰৰপৰা আঁতৰি থাকক

লোকসকলে চুৰ কৰা, অপৰাধ, হিংসা, অতিমাত্ৰা মদ্যপান কৰা আৰু অনৈতিকতাৰ জীৱন-শৈলী বাছনি কৰিছ
  • নৰ-হত্যা।—যাত্ৰাপুস্তক ২০:১৩; ২১:২২, ২৩.

  • যৌন অনৈতিকতা।—লেবীয়া পুস্তক ২০:১০, ১৩, ১৫, ১৬; ৰোমীয়া ১:২৪, ২৬, ২৭, ৩২; ১ কৰিন্থীয়া ৬:৯, ১০.

  • মায়াকৰ্ম্ম।—দ্বিতীয় বিবৰণ ১৮:৯-১৩; ১ কৰিন্থীয়া ১০:২১, ২২; গালাতীয়া ৫:২০, ২১.

  • মূৰ্ত্তিপূজা।—১ কৰিন্থীয়া ১০:১৪.

  • মদপী।—১ কৰিন্থীয়া ৫:১১.

  • চোৰ।—লেবীয়া পুস্তক ৬:২, ৪; ইফিচীয়া ৪:২৮.

  • মিছলীয়া।—হিতোপদেশ ৬:১৬, ১৯; কলচীয়া ৩:৯; প্ৰকাশিত বাক্য ২২:১৫.

  • লোভ।—১ কৰিন্থীয়া ৫:১১.

  • হিংসা।—গীতমালা ১১:৫; হিতোপদেশ ২২:২৪, ২৫; মলাখী ২:১৬; গালাতীয়া ৫:২০, ২১.

  • অশ্লিলতা।—লেবীয়া পুস্তক ১৯:১৬; ইফিচীয়া ৫:৪; কলচীয়া ৩:৮.

  • তেজৰ অপব্যৱহাৰ।—আদিপুস্তক ৯:৪; পাঁচনিৰ কৰ্ম্ম ১৫:২০, ২৮, ২৯.

  • নিজৰ পৰিয়ালৰ নিমিত্তে চিন্তা নকৰা।—১ তীমথিয় ৫:৮.

  • যুদ্ধ আৰু ৰাজনীতিত ভাগ লোৱা।—যিচয়া ২:৪; যোহন ৬:১৫; ১৭:১৬.

  • ধঁপাত বা ৰাগীয়াল বস্তু সেৱন কৰা।—মাৰ্ক ১৫:২৩; ২ কৰিন্থীয়া ৭:১.

a ইয়াৰ অৰ্থ এইটো নহয় যে যিসকল লোকে আপোনাৰ বিৰোধ কৰে, তেওঁলোক চয়তানৰ দ্বাৰা নিয়ন্ত্ৰিত। কিন্তু আমি মনত ৰখা উচিত যে চয়তান এই যুগৰ দেৱতা আৰু গোটেই জগত তাৰ অধীনত আছে। (২ কৰিন্থীয়া ৪:৪; ১ যোহন ৫:১৯) ঈশ্বৰীয় পথত জীৱন অতিবাহিত কৰাৰ বাবে সকলোৱে ভাল নাপাব আৰু আপোনাৰ বিৰোধ কৰিব পাৰে।

বাইবেলে কি শিকায়

  • আপুনি ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ দ্বাৰা তেওঁৰ বন্ধু হʼব পাৰে।—যাকোব ২:২৩.

  • ঈশ্বৰৰ প্ৰতি থকা সকলো মানৱৰ নিষ্ঠাৰ ওপৰত চয়তানে অভিযোগ কৰিলে।—ইয়োব ১:৮, ১০, ১১; ২:৪; হিতোপদেশ ২৭:১১.

  • আমি ঈশ্বৰে ঘৃণা কৰা কামবোৰৰপৰা আঁতৰি থকা উচিত।—১ কৰিন্থীয়া ৬:৯, ১০.

  • যিহোৱাই যিবোৰ বেয়া পায়, সেইবোৰ ঘৃণা কৰা আৰু তেওঁ যিবোৰ ভাল পায়, সেইবোৰ ভালপোৱাৰ যোগেদি আমি ঈশ্বৰক আনন্দিত কৰিব পাৰোঁ।—ৰোমীয়া ১২:৯.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক