ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bh পৃষ্ঠা ২০০-পৃষ্ঠা ২০১ অনু. ১
  • যীচু খ্ৰীষ্ট—প্ৰতিজ্ঞা কৰা মচীহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচু খ্ৰীষ্ট—প্ৰতিজ্ঞা কৰা মচীহ
  • বাইবেলে প্ৰকৃততে কি শিকায়?
  • মিল থকা বিষয়
  • মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰে প্ৰমাণ কৰেনে যে যীচু মচীহ হয়?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • যীচু খ্ৰীষ্ট—ঈশ্বৰৰ জ্ঞানৰ চাবি
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • মচীহৰ উপস্থিতি
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
বাইবেলে প্ৰকৃততে কি শিকায়?
bh পৃষ্ঠা ২০০-পৃষ্ঠা ২০১ অনু. ১

অতিৰিক্ত লেখ

যীচু খ্ৰীষ্ট—প্ৰতিজ্ঞা কৰা মচীহ

প্ৰতিজ্ঞা কৰা মচীহৰ বিষয়ে জানিবলৈ যিহোৱা ঈশ্বৰে, ভৱিষ্যতবক্তাসকলৰ দ্বাৰা বহুতো ভৱিষ্যতবাণী কৰিছিল। মচীহৰ জন্ম, তেওঁৰ সেৱকীয়া কাৰ্য্য আৰু মৃত্যুৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰিবলৈ যিহোৱা ঈশ্বৰে, এই ভৱিষ্যতবক্তাসকলক প্ৰেৰিত কৰিছিল। মন কৰিবলগীয়া বিষয় যে আশ্চৰ্য্যজনকভাৱে এই সকলো ভৱিষ্যতবাণী হুবহু আৰু বিতংভাৱে যীচু খ্ৰীষ্টত পূৰ হৈছিল। ইয়াক ভালদৰে বুজিবলৈ আহক আমি মচীহৰ জন্ম আৰু শিশুকালৰ বিষয়ে কৰা কেইটামান ভৱিষ্যতবাণীলৈ লক্ষ্য কৰোঁ।

ভৱিষ্যতবক্তা যিচয়াই ভৱিষ্যতবাণী কৰিছিল যে প্ৰতিজ্ঞা কৰা মচীহ, ৰজা দায়ূদৰ বংশৰপৰা হʼব। (যিচয়া ৯:৬, ৭) সঁচাকৈ, ভৱিষ্যতবাণী অনুসৰি যীচুৰ জন্ম দায়ূদৰ বংশত হৈছিল।—মথি ১:১, ৬-১৭.

মীখা নামৰ আন এজন ভৱিষ্যতবক্তাই ভৱিষ্যতবাণী কৰিছিল যে এই শিশুৰ জন্ম ‘বৈৎলেহেম-ইফ্ৰাথাত’ হʼব আৰু পাছলৈ তেওঁ ৰজা হʼব। (মীখা ৫:২) যীচুৰ জন্মৰ সময়ছোৱাত ইস্ৰায়েলত বৈৎলেহেম নামৰ দুখন নগৰ আছিল। তাৰে এখন হৈছে, দেশৰ উত্তৰ অঞ্চলত অৱস্থিত নাচৰত নগৰৰ ওচৰত আৰু আন এখন হৈছে, যিহূদিয়াত থকা যিৰূচালেম নগৰৰ ওচৰত। যিৰূচালেমৰ ওচৰত থকা বৈৎলেহেম নগৰখনক আগতে ইফ্ৰাথা বুলি কোৱা হৈছিল। ভৱিষ্যতবাণী কৰা অনুসৰি সেই নগৰখনতহে যীচুৰ জন্ম হৈছিল।—মথি ২:১.

বাইবেলৰ অন্য এক ভৱিষ্যতবাণীত বৰ্ণনা কৰা হৈছিল যে ঈশ্বৰৰ পুত্ৰক “মিচৰৰ পৰা” মাতি অনা হʼব। শিশুকালত যীচুক মিচৰ দেশলৈ লৈ যোৱা হৈছিল। ভৱিষ্যতবাণী কৰা অনুসৰি ৰজা হেৰোদৰ মৃত্যুৰ পাছত শিশু যীচুক নিজ দেশলৈ উভতাই অনা হৈছিল আৰু এইদৰে এই ভৱিষ্যতবাণীও বিতংভাৱে পূৰ হৈছিল।—হোচেয়া ১১:১; মথি ২:১৫.

আপুনি হয়তো “মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰ” নামৰ তালিকাখন লক্ষ্য কৰিছে আৰু সেই তালিকাখনত “ভৱিষ্যতবাণী” নামৰ শিৰোণামাত কিছুমান শাস্ত্ৰপদ দিয়া আছে, যিবোৰ মচীহৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছিল। অনুগ্ৰহ কৰি এই পদবোৰ, “ভৱিষ্যতবাণী পূৰ হোৱা” শিৰোনামাৰ লগত তুলনা কৰক। যদি আপুনি এইদৰে কৰে, তেনেহʼলে বাইবেলৰ সত্যতাৰ ওপৰত আপোনাৰ বিশ্বাস মজবুত হʼব।

এই শাস্ত্ৰপদবোৰ পৰীক্ষা কৰোঁতে আপুনি মনত ৰখা উচিত যে যীচু খ্ৰীষ্টৰ জন্মৰ বহু বছৰ আগতে এই ভৱিষ্যতবাণীবোৰ কৰা হৈছিল। এই বিষয়ে যীচুৱে কৈছিল: “মোচিৰ বিধানত, ভাববাদীসকলৰ পুস্তকত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হব লাগে।” (লূক ২৪:৪৪) আপুনি যেতিয়া নিজৰ বাইবেলখনত এইবোৰ পৰীক্ষা কৰিব, তেতিয়া আপুনি লক্ষ্য কৰিব যে এই সকলো ভৱিষ্যতবাণী বিতংভাৱে পূৰ হৈছে।

মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰ

ঘটনা

ভৱিষ্যতবাণী

ভৱিষ্যতবাণী পূৰ হোৱা

যিহূদাৰ বংশত জন্ম

আদিপুস্তক ৪৯:১০

লূক ৩:২৩-৩৩

এজনী কুমাৰীৰ গৰ্ভত জন্ম

যিচয়া ৭:১৪

মথি ১:১৮-২৫

ৰজা দায়ূদৰ বংশৰপৰা

যিচয়া ৯:৬, ৭

মথি ১:১, ৬-১৭

নিজৰ পুত্ৰ বুলি যিহোৱা ঈশ্বৰৰ ঘোষণা

গীতমালা ২:৭

মথি ৩:১৭

লোকসকলে বিশ্বাস নকৰিলে

যিচয়া ৫৩:১

যোহন ১২:৩৭, ৩৮

গাধ পোৱালিৰ ওপৰত আহি যিৰূচালেমত প্ৰৱেশ

জখৰিয়া ৯:৯

মথি ২১:১-৯

এজন বন্ধুৱে বিশ্বাসঘাত কৰিলে

গীতমালা ৪১:৯

যোহন ১৩:১৮, ২১-৩০

ত্ৰিশ চেকল ৰূপৰ বাবে বিশ্বাসঘাতকতা কৰিলে

জখৰিয়া ১১:১২

মথি ২৬:১৪-১৬

অভিযোগকাৰীৰ আগত মুখ নেমেলিলে

যিচয়া ৫৩:৭

মথি ২৭:১১-১৪

তেওঁৰ কাপোৰৰ বাবে চিঠী খেলা হৈছিল

গীতমালা ২২:১৮

মথি ২৭:৩৫

খোঁচা হʼল

যিচয়া ৫৩:৫

যোহন ১৯:৩৪, ৩৭

হাড় এডালো ভঙা নহʼল

গীতমালা ৩৪:২০

যোহন ১৯:৩৩, ৩৬

ধনৱানৰ সৈতে মৈদাম

যিচয়া ৫৩:৯

মথি ২৭:৫৭-৬০

ক্ষয় হোৱাৰ আগতে পুনৰুত্থান কৰা হʼল

গীতমালা ১৬:১০

পাঁচনিৰ কৰ্ম্ম ২:২৪, ২৭

ঈশ্বৰৰ সোঁহাতে থাকিল

গীতমালা ১১০:১

পাঁচনিৰ কৰ্ম্ম ৭:৫৬

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক