ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bh পৃষ্ঠা ২১১-পৃষ্ঠা ২১২ অনু. ২
  • চিয়োল আৰু হেডীজ্‌ কি হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চিয়োল আৰু হেডীজ্‌ কি হয়?
  • বাইবেলে প্ৰকৃততে কি শিকায়?
  • মিল থকা বিষয়
  • কোনসকলৰ পুনৰুত্থান হ’ব?
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
বাইবেলে প্ৰকৃততে কি শিকায়?
bh পৃষ্ঠা ২১১-পৃষ্ঠা ২১২ অনু. ২

অতিৰিক্ত লেখ

চিয়োল আৰু হেডীজ্‌ কি হয়?

মূল বাইবেলত হীব্ৰু ভাষাত চিয়োল আৰু গ্ৰীক ভাষাত হেডীজ্‌ প্ৰায় ৭০ বাৰতকৈ বেছি বাৰ উল্লেখ কৰা হৈছে। এই দুয়োটা শব্দ মৃত্যুৰ লগত জড়িত আছে। কিছুমান বাইবেল আনুবাদকে ইয়াক “মৈদাম,” “নৰক” বা “গাঁত” বুলি অনুবাদ কৰিছে। কিন্তু মন কৰিবলগীয়া কথা যে বেছিভাগ ভাষাতে, হীব্ৰু আৰু গ্ৰীক ভাষাত বৰ্ণনা কৰা অনুসৰি ইয়াৰ সঠিক অৰ্থ প্ৰকাশ হোৱা নাই। অসমীয়া বাইবেলত ইয়াক নৰক বুলি বৰ্ণনা কৰা হৈছে, যিটো সঠিক অনুবাদ নহয়। প্ৰকৃততে, হীব্ৰু আৰু গ্ৰীক ভাষাত বৰ্ণনা কৰা অনুসৰি ইয়াৰ অৰ্থ কি বাৰু? বাইবেলে ইয়াৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰিছে, আহক আমি তাৰ বিষয়ে আলোচনা কৰোঁ।

উপদেশক ৯:১০ পদত এইদৰে বৰ্ণনা কৰা হৈছে: “যি যি কাৰ্য্য তোমাৰ হাতত পৰে, তাক যত্নেৰে কৰিবা; কিয়নো তুমি যি ঠাইলৈ যাব লাগিছা, সেই চিয়োলত কোনো কাৰ্য্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান, একোৱেই নাই।” এই পদত উল্লেখ কৰা অনুসৰি চিয়োলৰ অৰ্থ এক সাধাৰণ কবৰ বুজায় নেকি, যʼত আমাৰ প্ৰিয় মৃতসকলক কবৰ দিয়া হৈছে? নহয়। যেতিয়া বাইবেলত এক বিশেষ কবৰস্থান বা কবৰৰ বিষয়ে উল্লেখ কৰে, তেতিয়া তাৰ বাবে হীব্ৰু আৰু গ্ৰীক ভাষাত বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰে। চিয়োল বা হেডীজ্‌ ব্যৱহাৰ কৰা নহয়। (আদিপুস্তক ২৩:৭-৯; মথি ২৮:১) ইয়াৰ উপৰিও একেলগে বহুতোলোকক কবৰ দিয়া বা পৰিয়ালৰ লোকসকলক একেলগে কবৰ দিয়াৰ বাবেও বাইবেলে “চিয়োল” শব্দ ব্যৱহাৰ নকৰে।—আদিপুস্তক ৪৯:৩০, ৩১.

এতিয়া প্ৰশ্ন হʼব পাৰে যে “চিয়োল” বুলি কʼলে কেনেধৰণৰ স্থানক বুজায়? ঈশ্বৰৰ বাক্যই আমাক আভাস দিছে যে “চিয়োল” বা “হেডীজ্‌” বুলি কʼলে বহুতোলোকক একেলগে পুতা এক বৰ কবৰতকৈ আৰু কিছু বুজায়। উদাহৰণস্বৰূপে, যিচয়া ৫:১৪ পদত চিয়োলে “অপৰিমিতৰূপে নিজৰ মুখ মেলিছে” বুলি বৰ্ণনা কৰিছে। কʼবলৈ গʼলে, বৰ্তমানলৈকে চিয়োলে বহুতোলোকক ডাঙৰকৈ মুখ মেলি নিজৰ কবলত ৰাখিছে। এই পদত উল্লেখ কৰা অনুসৰি, এনে লাগে যেন ই সদায় ভোকাতুৰ। (হিতোপদেশ ৩০:১৫, ১৬) সাধাৰণতে, এক মৰিশালিত সীমিত লোককহে কবৰ দিব পাৰি, কিন্তু “চিয়োল . . . কেতিয়াও তৃপ্ত নহয়” অৰ্থাৎ তাৰ কোনো সীমা নাই। (হিতোপদেশ ২৭:২০) চিয়োল কেতিয়াও ভৰি নপৰে। চিয়োল বা হেডীজ্‌ ই কোনো বিশেষ স্থান বা ঠাই নহয়।

বাইবেলত উল্লেখ কৰা পুনৰুত্থানৰ শিক্ষাই আমাক “চিয়োল” আৰু ‘হেডীজ্‌ৰ’ বিষয়ে আৰু অলপ দৃষ্টি আগবঢ়ায়। মৃত্যুৰ পাছত পুনৰুত্থানৰ আশা থকা লোকসকলৰ বিষয়ে আলোচনা কৰোঁতে মূল ভাষাত ঈশ্বৰৰ বাক্যত “চিয়োল” আৰু “হেডীজ্‌” এই শব্দ ব্যৱহাৰ কৰা হৈছে।a (ইয়োব ১৪:১৩; পাঁচনিৰ কৰ্ম্ম ২:৩১; প্ৰকাশিত বাক্য ২০:১৩) ঈশ্বৰৰ বাক্যই আমাক স্পষ্টৰূপে বৰ্ণনা কৰিছে যে ঈশ্বৰক সেৱা কৰা লোকসকল বা তেওঁক সেৱা নকৰা লোকসকল, মৃত্যুৰ পাছত চিয়োল বা হেডীজ্‌ত আছে। (আদিপুস্তক ৩৭:৩৫; গীতমালা ৫৫:১৫) সেইবাবে বাইবেলে আমাক শিক্ষা দিয়ে যে “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব।”—পাঁচনিৰ কৰ্ম্ম ২৪:১৫.

a ইয়াৰ বিপৰীতে, বাইবেলে আমাক বৰ্ণনা কৰিছে যে যি মৃত লোকসকলৰ পুনৰুত্থান কৰা নহʼব, তেওঁলোক চিয়োল বা হেডীজ্‌ত নাই, কিন্তু গেহেনাত আছে। [অসমীয়া বাইবেলত ইয়াক নৰক বুলি বৰ্ণনা কৰিছে, যিটো সঠিক অনুবাদ নহয়।] (মথি ৫:৩০; ১০:২৮; ২৩:৩৩) চিয়োল বা হেডীজ্‌ৰ দৰে গেহেনাও কোনো বাস্তৱিক ঠাই নহয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক