ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lv অধ্যায় ৪ পৃষ্ঠা ৪১-৫৬
  • অধিকাৰীসকলক কিয় সন্মান কৰা উচিত?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধিকাৰীসকলক কিয় সন্মান কৰা উচিত?
  • “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • অধিকাৰীসকলক সন্মান দেখুৱা কিয় কঠিন
  • অধিকাৰীসকলক কিয় সন্মান কৰা উচিত?
  • পৰিয়ালত সন্মান দেখুৱাওক
  • মণ্ডলীত সন্মান দেখুৱাওক
  • জগতৰ অধিকাৰীসকলক সন্মান দেখুৱাওক
  • আপুনি কাৰ ক্ষমতা স্বীকাৰ কৰা উচিত?
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • আনক আদৰ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • মণ্ডলীত প্ৰাচীনসকলৰ ভূমিকা কি?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • আদৰ-সন্মান এতিয়াও বাকী আছেনে?
    সচেতন থাকক!—২০২৪
“ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
lv অধ্যায় ৪ পৃষ্ঠা ৪১-৫৬
এজন পিতৃয়ে নিজৰ পৰিয়ালক শিক্ষা দিছ

অধ্যায় ৪

অধিকাৰীসকলক কিয় সন্মান কৰা উচিত?

“সকলোকে সমাদৰ কৰা।”—১ পিতৰ ২:১৭.

১, ২. (ক) অধিকাৰীসকলক সন্মান কৰাৰ বিষয়ে আমি কেনেধৰণৰ সংঘৰ্ষ কৰিবলগীয়া হয়? (খ) আমি কি কি প্ৰশ্ন আলোচনা কৰিম?

সৰু লʼৰাজনক আপুনি কিবা কৰিবলৈ কৈছে, কিন্তু সি কৰিবলৈ ইচ্ছা কৰা নাই। তেতিয়া সি কেনে আচৰণ কৰে আপুনি লক্ষ্য কৰিছেনে? লʼৰাজনৰ মনত কি চলি আছে, তাক আপুনি তাৰ মুখৰ আংগি-ভংগিৰপৰাই বুজিব পাৰিব। পিতৃ-মাতৃয়ে কি কৈছে তাক লʼৰাজনে শুনি পাইছে আৰু তেওঁলোকক সন্মান দিব লাগে বুলিও সি জানে। কিন্তু এই ক্ষেত্ৰত সি তেওঁলোকৰ কথা পালন কৰিবলৈ বিচৰা নাই। এই সৰু লʼৰাটোৰ দৰে আমি সকলোৱে এনে পৰিস্থিতিৰ সন্মুখীন হওঁ।

২ অধিকাৰীসকলক সন্মান কৰাটো সদায় আমাৰ বাবে সহজ নহয়। আপোনাৰ ওপৰত থকা অধিকাৰীসকলক সন্মান কৰিবলৈ আপোনাৰ কেতিয়াবা অসুবিধা হয় নেকি? যদি হয়, তেনেহʼলে মনত ৰাখিব যে আপুনি এই সংঘৰ্ষত অকলশৰীয়া নহয়। আমি এনে এক সময়ত বাস কৰিছোঁ, যʼত অধিকাৰীসকলক সন্মান কৰাটো ক্ৰমান্বয়ে কমি আহিছে। কিন্তু, বাইবেলে আমাক অধিকাৰীসকলক সন্মান কৰিবলৈ আজ্ঞা দিছে। (হিতোপদেশ ২৪:২১) ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ হʼলে আমি এনে কৰাটো অতি প্ৰয়োজন। সেইবাবে, কিছুমান প্ৰশ্ন আমাৰ মনলৈ অহাটো স্বাভাৱিক। অধিকাৰীসকলক সন্মান কৰাটো আমাৰ বাবে কিয় কঠিন হয়? যিহোৱা ঈশ্বৰে আমাক এইদৰে কৰিবলৈ কিয় আজ্ঞা দিছে আৰু ইয়াক পালন কৰিবলৈ কিহে আমাক সহায় কৰিব? কি কি উপায়েৰে আমি অধিকাৰীসকলক সন্মান দেখুৱাব পাৰোঁ?

অধিকাৰীসকলক সন্মান দেখুৱা কিয় কঠিন

৩, ৪. পাপ আৰু অসিদ্ধতা কেনেকৈ আৰম্ভ হৈছিল আৰু আমাৰ অসিদ্ধতাৰ বাবে অধিকাৰীসকলক সন্মান দেখুৱা কিয় কঠিন?

৩ অধিকাৰীসকলক সন্মান দেখুৱা আমাৰ বাবে কিয় কঠিন, আহক আমি ইয়াৰ দুটা কাৰণ আলোচনা কৰোঁ। প্ৰথম কাৰণটো হৈছে আমি সকলোৱে অসিদ্ধ হওঁ। দ্বিতীয়টো হৈছে, আমাৰ ওপৰত অধিকাৰ চলোৱা লোকসকলো অসিদ্ধ। যেতিয়া আদম আৰু হৱাই যিহোৱা ঈশ্বৰৰ অধিকাৰৰ বিৰুদ্ধে এদন বাগিচাত বিদ্ৰোহ কৰিছিল, তেতিয়াৰেপৰা মানৱজাতিয়ে পাপ আৰু অসিদ্ধতাৰ অধীন হৈ পৰিল। গতিকে আমি কʼব পাৰোঁ যে বিদ্ৰোহ কৰাৰ দ্বাৰা এই পৃথিৱীত পাপ আৰম্ভ হৈছিল। আদমৰ সময়ৰপৰা বৰ্তমানলৈকে আমাৰ সকলোৰে বিদ্ৰোহ কৰাৰ প্ৰবৃত্তি জন্মৰেপৰা আছে।—আদিপুস্তক ২:১৫-১৭; ৩:১-৭; গীতমালা ৫১:৫; ৰোমীয়া ৫:১২.

৪ আমি জন্মৰেপৰা পাপী হোৱাৰ বাবে সহজতে আমাৰ গৰ্ব আৰু ফিতাহী মৰাৰ মনোবৃত্তি থাকিব পাৰে। কিন্তু ইয়াৰ পৰিৱৰ্তে নম্ৰতা এনে এক গুণ, যাক আহৰণ কৰা আৰু সেই অনুসৰি কাৰ্য্য কৰি থাকিবলৈ কঠিন পৰিশ্ৰম কৰাৰ প্ৰয়োজন। আনকি বহুবছৰ ধৰি ঈশ্বৰক সেৱা কৰাৰ সত্ত্বেও আমি হয়তো আঁকোৰগোঁজ আৰু অহংকাৰী হৈ পৰিব পাৰোঁ। উদাহৰণস্বৰূপে, কোৰহৰ বিষয়ে অলপ সময় চিন্তা কৰক। তেওঁ বিভিন্ন পৰিস্থিতিৰ মাজতো ঈশ্বৰৰ সেৱকসকলৰ লগত একত্ৰিত হৈ যিহোৱা ঈশ্বৰক বিশ্বাসেৰে সেৱা কৰি আছিল। কিন্তু বহুবছৰ ধৰি যিহোৱা ঈশ্বৰক সেৱা কৰাৰ সত্ত্বেও তেওঁ বেছিকৈ অধিকাৰ পাবলৈ হাবিয়াহ কৰি মোচিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। আমি জানোঁ যে মোচি সেই সময়ত পৃথিৱীৰ ভিতৰত আটাইতকৈ নম্ৰ ব্যক্তি আছিল। (গণনা পুস্তক ১২:৩; ১৬:১-৩) আন এক উদাহৰণ হৈছে ৰজা উজ্জিয়া। অহংকাৰী হৈ ৰজা উজ্জিয়াই পুৰোহিতসকলে কৰিবলগীয়া পবিত্ৰ সেৱাক, নিজে কৰিবলৈ যিহোৱা ঈশ্বৰৰ মন্দিৰত সোমাইছিল। (২ বংশাৱলি ২৬:১৬-২১) নিজৰ বিদ্ৰোহী আচৰণৰ বাবে এই লোকসকলে শাস্তিৰ সন্মুখীন হৈছিল। তেওঁলোকৰ বেয়া উদাহৰণৰপৰা আমি কিছু কথা শিকিব পাৰোঁ। আমাৰ মাজত থকা অহংকাৰ মনোবৃত্তি দূৰ কৰিবলৈ আমি কঠিন সংঘৰ্ষ কৰাৰ প্ৰয়োজন। কিয়নো অহংকাৰে আমাক অধিকাৰীসকলক সন্মান কৰিবলৈ বাধা দিয়ে।

৫. অসিদ্ধ লোকসকলে নিজৰ অধিকাৰক কেনেকৈ অপব্যৱহাৰ কৰে?

৫ আনহাতে, অধিকাৰত থকা লোকসকলে কৰা কাৰ্য্যৰ বাবে তেওঁলোকে আনৰপৰা সন্মান নাপায়। ইয়াৰে ভিতৰত কিছুমান লোকে নিষ্ঠুৰ, স্বেচ্ছাচাৰী হোৱাৰ লগতে শাৰীৰিক আৰু মানসিকভাৱে লোকসকলক অত্যাচাৰ কৰে। অধিকাৰক অপব্যৱহাৰ কৰা বহুতো ঘটনা আমি ইতিহাসত দেখিবলৈ পাওঁ। (উপদেশক ৮:৯ পঢ়ক।) উদাহৰণস্বৰূপে, চৌলক ৰজা হিচাপে নিযুক্ত কৰাৰ সময়ত তেওঁ এজন সহজ-সৰল আৰু নম্ৰ ব্যক্তি আছিল। কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে তেওঁ অহংকাৰী আৰু ঈৰ্ষাপৰায়ণ হৈ পৰিল। আনকি তেওঁ ঈশ্বৰৰ এজন বিশ্বাসী ব্যক্তি দায়ূদৰ ওপৰতো তাড়না কৰিবলৈ আৰম্ভ কৰিছিল। (১ চমূৱেল ৯:২০, ২১; ১০:২০-২২; ১৮:৭-১১) ইয়াৰ পাছত দায়ূদ ইস্ৰায়েলৰ ৰজা হৈছিল। ইস্ৰায়েলৰ ভাল ৰজাসকলৰ ভিতৰত তেওঁ এজন আছিল। কিন্তু পাছলৈ তেওঁ নিজৰ অধিকাৰক অপব্যৱহাৰ কৰিছিল। দায়ূদে ঊৰিয়াৰ পত্নীৰ লগত অনৈতিক সম্পৰ্ক ৰাখি, তাইৰ নিৰ্দোষী স্বামীক মৃত্যু হʼবলৈ যুদ্ধক্ষেত্ৰলৈ পঠাইছিল। (২ চমূৱেল ১১:১-১৭) সঁচাকৈ, অসিদ্ধতাৰ বাবে লোকসকলে নিজৰ অধিকাৰক ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰে। যেতিয়া অধিকাৰত থকা লোকসকলে যিহোৱা ঈশ্বৰক সন্মান নকৰে, তেতিয়া তেওঁলোকে নিজৰ অধিকাৰক আৰু বেছিকৈ অপব্যৱহাৰ কৰে। কিছুমান কেথʼলিক পোপে যিদৰে ব্যাপকভাৱে তাড়না কৰিবলৈ লোকসকলক উচটাইছিল, তাৰ বিষয়ে ব্ৰিটেনৰ এজন নেতাই এইদৰে লিখিছিল: “অধিকাৰে লোকসকলক ভ্ৰষ্ট কৰে আৰু বেছি অধিকাৰত থকা লোকসকলে বেছিকৈ ভ্ৰষ্টাচাৰ কৰে।” অধিকাৰক অপব্যৱহাৰ কৰা লোকসকলৰ বিষয়ে আলোচনা কৰাৰ পাছত আহক আমি এতিয়া এই প্ৰশ্নটোৰ উত্তৰ বিচাৰোঁ: আমি অধিকাৰীসকলক কিয় সন্মান কৰা উচিত?

অধিকাৰীসকলক কিয় সন্মান কৰা উচিত?

৬, ৭. (ক) যিহোৱা ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে আমাক কি কৰিবলৈ অনুপ্ৰাণিত কৰে আৰু কিয়? (খ) আজ্ঞাকাৰী হোৱাত কি জড়িত আছে আৰু আমি ইয়াক কেনেকৈ দেখুৱাব পাৰোঁ?

৬ যিহোৱা ঈশ্বৰ, সংগী মানৱ আৰু নিজৰ প্ৰতি থকা প্ৰেমৰ বাবে আমি অধিকাৰীসকলক সন্মান কৰোঁ। আমি ঈশ্বৰক সকলোতকৈ বেছি প্ৰেম কৰোঁ আৰু তেওঁৰ হৃদয়ক আনন্দিত কৰিব বিচাৰোঁ। (হিতোপদেশ ২৭:১১; মাৰ্ক ১২:২৯, ৩০ পঢ়ক।) আমি জানোঁ যে ঈশ্বৰৰ গোটেই বিশ্বৰ ওপৰত শাসন কৰাৰ অধিকাৰ আছে। কিন্তু এদন বাগিচাত তেওঁৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ হোৱাৰ পাছৰেপৰা পৃথিৱীত বহুতোলোকে যিহোৱাৰ শাসনক ত্যাগ কৰি চয়তানৰ পক্ষ লৈছে। আনহাতে, যিহোৱা ঈশ্বৰৰ শাসনক সমৰ্থন কৰিবলৈ পোৱাৰ বাবে আমি আনন্দিত। প্ৰকাশিত বাক্য ৪:১১ পদত কৰা বৰ্ণনাই আমাৰ হৃদয়ক আনন্দিত কৰে। যিহোৱা ঈশ্বৰৰ যে গোটেই বিশ্বৰ ওপৰত শাসন কৰাৰ অধিকাৰ আছে, তাৰ বিষয়ে এই বৰ্ণনাই স্পষ্টৰূপে তুলি ধৰে। আমাৰ দৈনন্দিন জীৱনত যিহোৱা ঈশ্বৰৰ শাসনক স্বীকাৰ কৰি আমি তেওঁৰ অধিকাৰক সমৰ্থন কৰোঁ।

৭ যিহোৱা ঈশ্বৰৰ অধিকাৰক সন্মান দেখুৱাত আৰু কি জড়িত আছে? আমি ঈশ্বৰক প্ৰেম কৰাৰ বাবে তেওঁৰ আজ্ঞা পালন কৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা তেওঁৰ আজ্ঞা পালন কৰিবলৈ আমাৰ অসুবিধা হয়। এনে সময়ত আৰম্ভণিত বৰ্ণনা কৰা সেই সৰু লʼৰাজনৰ দৰে আমিও অধীনতা দেখুৱাবলগীয়া হয়। সহজ নোহোৱাৰ সত্ত্বেও যীচুৱে নিজৰ পিতৃৰ আজ্ঞা পালন কৰিছিল। সেইবাবে, তেওঁ পিতৃ যিহোৱাক কʼব পাৰিছিল: “মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক।”—লূক ২২:৪২.

৮. (ক) বৰ্তমান সময়ত যিহোৱা ঈশ্বৰৰ অধিকাৰৰ অধীনত থকাৰ লগত কি জড়িত আছে আৰু এই বিষয়ে যিহোৱা ঈশ্বৰে কেনে অনুভৱ কৰে? (খ) পৰামৰ্শ আৰু অনুশাসন গ্ৰহণ কৰিবলৈ আমাক কিহে সহায় কৰিব? (“পৰামৰ্শ শুনা, আৰু শিক্ষা গ্ৰহণ কৰা” নামৰ বক্সত চাওক।)

৮ এইটো সত্য যে বৰ্তমান সময়ত যিহোৱা ঈশ্বৰে নিজৰ সেৱকসকলৰ লগত ব্যক্তিগতভাৱে কথা নাপাতে। ইয়াৰ পৰিৱৰ্তে, তেওঁৰ বাক্য বাইবেল আৰু এই পৃথিৱীত থকা মানৱ প্ৰতিনিধিসকলৰ দ্বাৰা কথা পাতে। যিহোৱা ঈশ্বৰে নিযুক্ত কৰা বা অনুমতি দিয়া প্ৰতিনিধিসকলক সন্মান কৰাৰ যোগেদি আমি ঈশ্বৰৰ অধিকাৰক স্বীকাৰ কৰোঁ। যদি আমি এই লোকসকলে আগবঢ়োৱা বাইবেলৰ পৰামৰ্শ আৰু শুধৰণি গ্ৰহণ নকৰোঁ, তেনেহʼলে ঈশ্বৰে নিযুক্ত কৰা প্ৰতিনিধিসকলৰ বিৰুদ্ধে আমি বিদ্ৰোহ কৰা হʼব আৰু ইয়ে ঈশ্বৰক অসন্তুষ্ট কৰিব। মনত পেলাওক যে যেতিয়া ইস্ৰায়েলীসকলে মোচিৰ বিৰুদ্ধে অনৰ্থক বকবকনি কৰিছিল আৰু বিদ্ৰোহ কৰিছিল, তেতিয়া যিহোৱা ঈশ্বৰে ইস্ৰায়েলীসকলে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰা বুলি কৈছিল।—গণনা পুস্তক ১৪:২৬, ২৭.

৯. সংগী মানৱৰ প্ৰতি থকা প্ৰেমে আমাক কেনেকৈ অধিকাৰত থকা লোকসকলক সন্মান কৰিবলৈ অনুপ্ৰাণিত কৰিব? বৰ্ণনা কৰক।

৯ সংগী মানৱৰ প্ৰতি থকা প্ৰেমৰ বাবে আমি অধিকাৰত থকা লোকসকলক সন্মান কৰোঁ। ইয়াৰ অৰ্থ কি বাৰু? কল্পনা কৰক যে আপুনি এক বিশাল সেনাবাহিনীৰ এজন সৈনিক। সেনাবাহিনীৰ সফলতা নিৰ্ভৰ কৰিব, যেতিয়া প্ৰতিজন সৈনিকে নিজৰ নিজৰ কেপ্তেইনক সহযোগ কৰি তেওঁৰ আদেশ পালন কৰিব আৰু সন্মান কৰিব। যদি আপুনি কেপ্তেইনৰ আদেশ পালন নকৰে, তেনেহʼলে লগত থকা সৈনিকসকলৰ জীৱন বিপদত পৰিব পাৰে। নিঃসন্দেহ, বৰ্তমান সময়ত জগতৰ সৈনিকসকলে কেৱল বিনাশ কৰা দেখিবলৈ পোৱা যায়। কিন্তু যিহোৱা ঈশ্বৰৰ সৈনিকসকলে কেৱল লোকসকলৰ ভালৰ বাবেহে কাম কৰে। বাইবেলত শ শ বাৰ ঈশ্বৰক ‘বাহিনীবিলাকৰ যিহোৱা’ বুলি উল্লেখ কৰিছে। (১ চমূৱেল ১:৩) তেওঁ কোটি কোটি শক্তিশালী স্বৰ্গদূতৰ সেনাপতি হয়। কেতিয়াবা কেতিয়াবা যিহোৱা ঈশ্বৰে পৃথিৱীৰ সেৱকসকলক সেনাবাহিনীৰ লগত তুলনা কৰে। (গীতমালা ৬৮:১১; যিহিষ্কেল ৩৭:১-১০) যদি আমি যিহোৱা ঈশ্বৰে নিযুক্ত কৰা প্ৰতিনিধিসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰোঁ, তেনেহʼলে আমি আমাৰ লগত থকা সৈনিকসকলৰ জীৱন বিপদত নেপেলামনে? যেতিয়া এজন ভাই বা ভনীয়ে নিযুক্ত প্ৰাচীনসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰে, তেতিয়া মণ্ডলীৰ আন সদস্যসকলেও ইয়াৰ পৰিণাম ভুগিবলগীয়া হয়। (১ কৰিন্থীয়া ১২:১৪, ২৫, ২৬) যদি এটা সন্তানে পিতৃ-মাতৃৰ বিদ্ৰোহ কৰে, তেনেহʼলে পৰিয়ালৰ সকলো সদস্যই দুখ-কষ্ট ভুগিবলগীয়া হয়। সেইবাবে, অধিকাৰত থকা লোকসকলক সন্মান আৰু সহযোগ কৰাৰ দ্বাৰা আমি সংগী মানৱৰ প্ৰতি প্ৰেম দেখুৱাওঁ।

১০, ১১. অধিকাৰত থকা লোকসকলক সন্মান কৰিলে আমি কেনেকৈ ব্যক্তিগতভাৱে লাভৱান হʼম?

১০ অধিকাৰীসকলক সন্মান কৰাৰ আন এক কাৰণ হৈছে, তেওঁলোকক সন্মান কৰিলে আমি ব্যক্তিগতভাৱে উপকৃত হʼম। যেতিয়া যিহোৱা ঈশ্বৰে আমাক অধিকাৰত থকা লোকসকলক সন্মান কৰিবলৈ কয়, তেতিয়া ইয়াক পালন কৰিলে আমাৰ কি উপকাৰ হʼব তাৰ বিষয়েও বৰ্ণনা কৰে। উদাহৰণস্বৰূপে, যিহোৱা ঈশ্বৰে বৰ্ণনা কৰে যে এক সুখী আৰু আনন্দৰ জীৱন লাভ কৰিবলৈ হʼলে, লʼৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃৰ আজ্ঞা পালন কৰা উচিত। (দ্বিতীয় বিবৰণ ৫:১৬; ইফিচীয়া ৬:২, ৩) মণ্ডলীৰ প্ৰাচীনসকলক সন্মান কৰিবলৈ ঈশ্বৰে পৰামৰ্শ দিছে। যদি ইয়াক পালন কৰা নহয়, তেনেহʼলে যিহোৱা ঈশ্বৰৰ লগত থকা আমাৰ সম্পৰ্কৰ মাজত সমস্যাৰ সৃষ্টি হʼব পাৰে। (ইব্ৰী ১৩:৭, ১৭) চৰকাৰী অধিকাৰীসকলৰ নিয়ম পালন কৰিবলৈ যিহোৱা ঈশ্বৰে আমাক আজ্ঞা দিছে, কাৰণ ইয়ে আমাক সুৰক্ষা দিব।—ৰোমীয়া ১৩:৪.

১১ যিহোৱা ঈশ্বৰে কিয় আমাক অধিকাৰীসকলৰ আজ্ঞা পালন কৰিবলৈ কৈছে, ইয়াৰ কাৰণ জানিলে, তেওঁলোকক সন্মান কৰিবলৈ আমাৰ সহজ হʼব। তেনেহʼলে আহক, আমাৰ জীৱনৰ তিনিটা দিশত কেনেকৈ অধিকাৰীসকলক সন্মান দেখুৱাব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰোঁ।

পৰিয়ালত সন্মান দেখুৱাওক

১২. স্বামী বা পিতৃক যিহোৱা ঈশ্বৰে পৰিয়ালত কি ভূমিকা দিছে আৰু তেওঁলোকে ইয়াক কেনেকৈ পূৰ কৰা উচিত?

১২ যিহোৱা ঈশ্বৰে পৰিয়াল ব্যৱস্থাৰ নিজে আৰম্ভণি কৰিছিল। তেওঁ শৃংখলাবদ্ধ ঈশ্বৰ হোৱাৰ বাবে, পৰিয়ালৰ সকলো সদস্যৰ দায়িত্বৰ বিষয়ে সুন্দৰভাৱে ব্যৱস্থা কৰিছে। (১ কৰিন্থীয়া ১৪:৩৩) পৰিয়ালৰ মুৰব্বীৰ দায়িত্ব ঈশ্বৰে স্বামী বা পিতৃক দিছে। যীচুৱে যিদৰে মণ্ডলীৰ ওপৰত নিজৰ মুৰব্বীৰ দায়িত্ব পালন কৰিছিল, ঠিক সেইদৰে স্বামীয়ে যীচুৰ আৰ্হিক অনুকৰণ কৰাৰ যোগেদি তেওঁক সন্মান দেখুৱায়। (ইফিচীয়া ৫:২৩) স্বামীয়ে নিজৰ দায়িত্ব আওকাণ নকৰি, সাহসেৰে সকলো দায়িত্ব পূৰ কৰা উচিত। তেওঁ স্বেচ্ছাচাৰী বা নিৰ্দয় হোৱাৰ পৰিৱৰ্তে, মৰমিয়াল, ন্যায়পৰায়ণ আৰু দয়ালু হোৱা উচিত। স্বামীয়ে এই কথা মনত ৰখা উচিত যে তেওঁৰ অধিকাৰৰ এক সীমা আছে আৰু সেয়া হৈছে যিহোৱাৰ অধিকাৰতকৈ তেওঁৰ অধিকাৰ ওপৰত নহয়।

এজন পিতৃয়ে মুৰব্বীৰ দায়িত্ব পালন কৰোঁতে যীচুৰ উদাহৰণ অনুকৰণ কৰিছে

১৩. যিহোৱা ঈশ্বৰে বিচৰা অনুসৰি কেনেকৈ এগৰাকী মাতৃ বা পত্নীয়ে পৰিয়ালত নিজৰ দায়িত্ব পালন কৰে?

১৩ এগৰাকী মাতৃ বা পত্নীয়ে স্বামীৰ সহকাৰিণী বা সহায়ক হিচাপে কাম কৰা উচিত। তাইকো পৰিয়ালত কিছুমান অধিকাৰ দিয়া হৈছে। কিয়নো বাইবেলত “তোমাৰ মাতৃৰ ব্যৱস্থা ত্যাগ নকৰিবা” বুলি উল্লেখ কৰিছে। (হিতোপদেশ ১:৮) নিঃসন্দেহ তাইৰ যি অধিকাৰ আছে, সেয়া স্বামীৰ অধীনত থাকে। স্বামীৰ দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ সহায় আগবঢ়োৱাৰ যোগেদি এগৰাকী পত্নীয়ে স্বামীৰ অধিকাৰক সন্মান দেখুৱায়। তাই স্বামীক তুচ্ছ জ্ঞান নকৰে, চতুৰালী কথাৰে ফুচুলাবলৈ চেষ্টা নকৰে বা মুৰব্বীৰ দায়িত্ব নিজৰ হাতত নলয়। ইয়াৰ পৰিৱৰ্তে, তাই স্বামীৰ কাম-কাজত সহযোগ আৰু সমৰ্থন আগবঢ়ায়। যদি স্বামীৰ নিৰ্ণয়বোৰত পত্নীয়ে সন্মত নহয়, তেনেহʼলে তাই সন্মানেৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে, কিন্তু তাই স্বামীৰ প্ৰতি নিজৰ অধীনতা দেখুৱা উচিত। যদি স্বামী সত্যত নাই, তেনেহʼলে পত্নীয়ে হয়তো কঠিন পৰিস্থিতিৰ সন্মুখীন হʼব পাৰে। কিন্তু তাই দেখুৱা অধীনতাৰ বাবে স্বামীয়ে হয়তো যিহোৱা ঈশ্বৰক উপাসনা কৰিবলৈ আগবাঢ়ি আহিব পাৰে।—১ পিতৰ ৩:১ পঢ়ক।

বোকাৰে ঘৰখন লেতেৰা কৰাৰ বাবে দেউতাকে নিজৰ সন্তানক মৰমেৰে বুজাইছ

১৪. লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃ আৰু যিহোৱা ঈশ্বৰৰ বাবে কেনেকৈ আনন্দ কঢ়িয়াই আনে?

১৪ লʼৰা-ছোৱালীয়ে যেতিয়া পিতৃ-মাতৃৰ আজ্ঞা পালন কৰে, তেতিয়া যিহোৱা ঈশ্বৰ আনন্দিত হয় আৰু ইয়ে পিতৃ-মাতৃৰ বাবে সন্মান আৰু আনন্দ কঢ়িয়াই আনে। (হিতোপদেশ ১০:১) যি পৰিয়ালত পিতৃ বা মাতৃয়ে অকলে লʼৰা-ছোৱালীক চোৱা-চিতা কৰে, সেই পৰিয়ালতো লʼৰা-ছোৱালীয়ে পিতৃ বা মাতৃৰ আজ্ঞা পালন কৰা উচিত। তেওঁলোকে পিতৃ বা মাতৃক বেছিকৈ সহায় আৰু সহযোগ কৰাৰ প্ৰয়োজন আছে। যেতিয়া পৰিয়ালৰ সকলো সদস্যই ঈশ্বৰে দিয়া নিজৰ নিজৰ দায়িত্ব পালন কৰে, তেতিয়া পৰিয়ালত শান্তি আৰু আনন্দ বিৰাজমান হয়। ইয়ে পৰিয়াল জীৱনৰ উদ্ভাৱক, যিহোৱা ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনে।—ইফিচীয়া ৩:১৪, ১৫.

মণ্ডলীত সন্মান দেখুৱাওক

১৫. (ক) মণ্ডলীত আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি যিহোৱা ঈশ্বৰৰ অধিকাৰক সন্মান কৰোঁ? (খ) দায়িত্বত থকা লোকসকলৰ অধীনত থাকিবলৈ আমাক কি সিদ্ধান্তবোৰে সহায় কৰিব? (“নায়কসকলক মান্য কৰি তেওঁলোকৰ বশীভূত হোৱা” নামৰ বক্সত চাওক।)

১৫ যিহোৱা ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক সত্য খ্ৰীষ্টান মণ্ডলীবোৰৰ ওপৰত ৰজা হিচাপে নিযুক্ত কৰিছে। (কলচীয়া ১:১৩) মণ্ডলীৰ সদস্যসকলক যিহোৱা ঈশ্বৰৰ লগত সম্পৰ্ক দৃঢ় কৰাত সহায় কৰিবলৈ যীচুৱে “বিশ্বাসী বুদ্ধিমান” দাসক এই দায়িত্ব দিছে। (মথি ২৪:৪৫-৪৭) বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীয়ে “বিশ্বাসী বুদ্ধিমান দাস” হিচাপে সেৱা কৰে। প্ৰথম শতিকাৰ দৰে, প্ৰশাসন গোষ্ঠীয়ে চিঠি-পত্ৰ বা তেওঁলোকৰ প্ৰতিনিধিসকল, যেনে চাৰ্কিট ওভাৰচিয়াৰৰ যোগেদি বৰ্তমান সময়তো প্ৰাচীনসকলক নিৰ্দেশনা আৰু পৰামৰ্শ দিয়ে। যেতিয়া আমি ব্যক্তিগতভাৱে প্ৰাচীনসকলৰ অধিকাৰক সন্মান কৰোঁ, তেতিয়া আচলতে আমি যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰা বুজায়।—১ থিচলনীকীয়া ৫:১২; ইব্ৰী ১৩:১৭ পঢ়ক।

১৬. প্ৰাচীনসকলক কেনেকৈ পবিত্ৰ আত্মাৰ দ্বাৰা নিযুক্ত কৰা হয়?

১৬ প্ৰাচীন আৰু পৰিচাৰকসকল সিদ্ধ নহয়। আমাৰ দৰে তেওঁলোকৰো দুৰ্বলতা আছে। তথাপিও প্ৰাচীনসকল হৈছে মানুহৰ ৰূপত “নানা বৰ।” (ইফিচীয়া ৪:৮) তেওঁলোকে মণ্ডলীৰ সদস্যসকলক যিহোৱা ঈশ্বৰৰ লগত সম্পৰ্ক দৃঢ় কৰাত সহায় কৰে। প্ৰাচীনসকলক পবিত্ৰ আত্মাৰ দ্বাৰা নিযুক্ত কৰা হয়। (পাঁচনিৰ কৰ্ম্ম ২০:২৮) কেনেকৈ বাৰু? পবিত্ৰ আত্মাৰ প্ৰেৰণাৰে লিখা ঈশ্বৰৰ বাক্য বাইবেলত প্ৰাচীনসকলৰ যোগ্যতাৰ বিষয়ে বৰ্ণনা আছে। প্ৰথমে তেওঁলোকে এই যোগ্যতাবোৰ আহৰণ কৰিব লাগিব। (১ তীমথিয় ৩:১-৭, ১২; তীত ১:৫-৯) ইয়াৰ উপৰিও এজন ভাইৰ যোগ্যতাবোৰ চালি-জাৰি চোৱাৰ সময়ত প্ৰাচীনসকলে পবিত্ৰ আত্মাৰ সহায়ৰ বাবে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে।

১৭. মণ্ডলীৰ কিছুমান দায়িত্ব পালন কৰাৰ সময়ত, এগৰাকী ভনীয়ে কিয় মূৰত ওৰণি লয়?

১৭ মণ্ডলীৰ সভাৰ পৰিচালনা কৰিবলৈ কেতিয়াবা কোনো প্ৰাচীন আৰু পৰিচাৰক নাথাকিব পাৰে। সাধাৰণতে এনে সভাবোৰ প্ৰাচীন বা পৰিচাৰকে পৰিচালনা কৰে, যেনে প্ৰচাৰৰ বাবে সভা। এনে পৰিস্থিতিত মণ্ডলীৰ কোনো বাপ্তিষ্মা প্ৰাপ্ত ভাইয়ে সেই দায়িত্ব পূৰ কৰিব পাৰে। কিন্তু, যদি কোনো যোগ্য ভাই উপস্থিত নাথাকে, তেনেহʼলে আধ্যাত্মিকভাৱে পৰিপক্ক এজনী ভনীয়ে এই দায়িত্ব পালন কৰিব পাৰে। সাধাৰণতে, বাপ্তিষ্মা প্ৰাপ্ত ভাইসকলে পালন কৰা কোনো দায়িত্ব যদি এজনী বাপ্তিষ্মা প্ৰাপ্ত ভনীয়ে পালন কৰিবলগীয়া হয়, সেইসময়ত তাই মূৰত ওৰণি লোৱা উচিত।a (১ কৰিন্থীয়া ১১:৩-১০) এইদৰে ওৰণি লোৱাৰ বাবে তাইক অসন্মান কৰা নুবুজায়। ইয়াৰ পৰিৱৰ্তে যিহোৱা ঈশ্বৰে ব্যৱস্থা কৰা পৰিয়াল আৰু মণ্ডলীৰ মুৰব্বীৰ প্ৰতি সন্মান দেখুৱাৰ এক সুযোগ।

জগতৰ অধিকাৰীসকলক সন্মান দেখুৱাওক

১৮, ১৯. (ক) ৰোমীয়া ১৩:১-৭ পদত উল্লেখ কৰা সিদ্ধান্তবোৰ আপুনি কেনেকৈ বৰ্ণনা কৰিব? (খ) আমি জগতৰ অধিকাৰীসকলৰ প্ৰতি কেনেকৈ সন্মান দেখুৱাওঁ?

১৮ সত্য খ্ৰীষ্টানসকলে ৰোমীয়া ১৩:১-৭ পদত বৰ্ণনা কৰা সিদ্ধান্তবোৰ পালন কৰিবলৈ সম্পূৰ্ণ হৃদয়েৰে চেষ্টা কৰে। (পঢ়ক।) এই পদকেইটা পঢ়াৰ যোগেদি আপুনি বুজিব পাৰিব যে ইয়াত উল্লেখ কৰা “ক্ষমতা পোৱাবিলাকৰ” অৰ্থ হৈছে জগতৰ অধিকাৰীসকল। যিহোৱা ঈশ্বৰে কিছু সময়ৰ বাবে মানৱ চৰকাৰবোৰক এই পৃথিৱীত শাসন কৰিবলৈ অধিকাৰ দিছে। তেওঁলোকে নিয়ম শৃংখলা বজাই ৰখা আৰু জনসাধাৰণৰ বাবে প্ৰয়োজনীয় সেৱা আগবঢ়োৱা আদি কিছুমান গুৰুত্বপূৰ্ণ কাম কৰে। অধিকাৰীসকলে দিয়া নিয়মবোৰ পালন কৰাৰ যোগেদি আমি তেওঁলোকৰ প্ৰতি সন্মান দেখুৱাওঁ। আমি কৰ বা মাচুল দিয়াৰ বিষয়টো গুৰুত্ব সহকাৰে লওঁ। যদি চৰকাৰে আমাক নথি-পত্ৰ বা ফৰ্মত কিবা পূৰ কৰিবলৈ কয়, তেনেহʼলে আমি তাক সঠিকভাৱে বিৱৰণ দিওঁ। এইদৰে আমাৰ নিজৰ, পৰিয়ালৰ, ব্যৱসায় বা ধন-সম্পত্তিৰ ওপৰত প্ৰযোজ্য হোৱা সকলো চৰকাৰী নিয়ম পালন কৰোঁ। কিন্তু, যদি অধিকাৰীসকলে যিহোৱা ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিবলৈ কয়, তেনেহʼলে আমি কেতিয়াও তেওঁলোকৰ আজ্ঞা পালন নকৰোঁ। ইয়াৰ পৰিৱৰ্তে, প্ৰথম শতিকাৰ পাঁচনিসকলৰ দৰে আমাৰো উত্তৰ হʼব: “মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে।”—পাঁচনিৰ কৰ্ম্ম ৫:২৮, ২৯; “মই কাৰ অধিকাৰক সন্মান কৰা উচিত?” নামৰ বক্সত চাওক।

মই কাৰ অধিকাৰক সন্মান কৰা উচিত?

সিদ্ধান্ত: “যিহোৱা আমাৰ বিচাৰকৰ্ত্তা, যিহোৱা আমাৰ ব্যৱস্থাপক, যিহোৱা আমাৰ ৰজা।”—যিচয়া ৩৩:২২.

নিজকে সোধক

  • যদি কোনোবাই মোক যিহোৱা ঈশ্বৰৰ মানদণ্ডবোৰ উলংঘন কৰিবলৈ কয়, তেনেহʼলে মই কি কৰা উচিত?—মথি ২২:৩৭-৩৯; ২৬:৫২; যোহন ১৮:৩৬.

  • যদি কোনোবাই মোক যিহোৱা ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিবলৈ বাধা দিয়ে, তেনেহʼলে মই কি কৰা উচিত?—পাঁচনিৰ কৰ্ম্ম ৫:২৭-২৯; ইব্ৰী ১০:২৪, ২৫.

  • অধিকাৰত থকা লোকসকলক সন্মান কৰিবলৈ কিহে মোক সহায় কৰিব?—ৰোমীয়া ১৩:১-৪; ১ কৰিন্থীয়া ১১:৩; ইফিচীয়া ৬:১-৩.

১৯ আমি আমাৰ আচৰণৰ যোগেদি জগতৰ অধিকাৰীসকলক সন্মান দেখুৱাওঁ। কেতিয়াবা কেতিয়াবা হয়তো আমি চৰকাৰী অধিকাৰীসকলৰ লগত প্ৰত্যক্ষভাৱে কথা-বতৰা হোৱাৰ প্ৰয়োজন হʼব পাৰে। পাঁচনি পৌলেও ৰজা হেৰোদ আগ্ৰিপ্প আৰু ৰাজ্যপাল ফীষ্টৰ লগত কথা-বতৰা হৈছিল। তেওঁলোকৰ বিভিন্ন দুৰ্বলতা বা দোষ-ত্ৰুটি থকাৰ সত্ত্বেও পৌলে তেওঁলোকক আদৰেৰে সম্বোধন কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২৬:২, ২৫) চৰকাৰী কোনো উচ্চপদস্থ বিষয়া হওক বা স্থানীয় আৰক্ষীয়ে হওক আমি তেওঁলোকৰ লগত কথা-বতৰা হওঁতে, পৌলৰ উদাহৰণ অনুকৰণ কৰোঁ। ডেকা ভাই-ভনীসকলেও বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীসকলৰ লগত এইদৰে সন্মানেৰে আচাৰ-ব্যৱহাৰ কৰে। আমি কেৱল সত্যক ভালপোৱা লোকসকলক সন্মান কৰাই নহয়, কিন্তু সেই লোকসকলকো সন্মান কৰোঁ যিসকলে যিহোৱাৰ সাক্ষীসকলক বিৰোধিতা কৰে। আচলতে, যিহোৱাৰ সাক্ষী নোহোৱা লোকসকলেও অনুভৱ কৰিব লাগিব যে আমি তেওঁলোকক সন্মান কৰোঁ।—ৰোমীয়া ১২:১৭, ১৮ পঢ়ক; ১ পিতৰ ৩:১৫.

২০, ২১. অধিকাৰীসকলক সন্মান দেখুৱাৰ দ্বাৰা আমি কি কি আশীৰ্বাদ লাভ কৰোঁ?

২০ আমি আনক সন্মান দেখুৱাৰ ক্ষেত্ৰত কৃপণালি কৰা উচিত নহয়। ইয়াৰ বিষয়ে পাঁচনি পিতৰে এইদৰে লিখিছিল: “সকলোকে সমাদৰ কৰা।” (১ পিতৰ ২:১৭) যেতিয়া লোকসকলে জানিব পাৰিব যে আমি তেওঁলোকক হৃদয়ৰপৰা সন্মান কৰোঁ, তেতিয়া তেওঁলোকে হয়তো সত্যৰ প্ৰতি আকৰ্ষিত হʼব। মনত ৰাখিব যে বৰ্তমান সময়ত এই গুণ বহুত কম সংখ্যক লোকৰ মাজতহে দেখা যায়। আনক সন্মান দেখুৱাৰ দ্বাৰা আমি যীচু খ্ৰীষ্টৰ এই আজ্ঞাক পালন কৰিছোঁ: “তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁবিলাকে তোমালোকৰ ভাল কৰ্ম্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।”—মথি ৫:১৬.

২১ এই অন্ধকাৰ জগতত, নম্ৰ হৃদয়ৰ লোকসকলে সত্যৰ প্ৰতি আকৰ্ষিত হৈছে। যেতিয়া আমি পৰিয়াল, মণ্ডলী আৰু জগতৰ অধিকাৰীসকলক সন্মান দেখুৱাওঁ, তেতিয়া হয়তো কিছুমান লোকে সত্যৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ লগত পোহৰৰ পথত চলিবলৈ অনুপ্ৰাণিত হʼব। কি যে এক সুন্দৰ আশা, নহয় নে বাৰু? যদিও এনে নহয়, কিন্তু এটা কথা নিশ্চিত। আমি লোকসকলক কৰা সন্মানে যিহোৱা ঈশ্বৰক আনন্দিত কৰে আৰু তেওঁৰ প্ৰেমত থাকিবলৈ আমাক সহায় কৰে। ইয়াতকৈ আৰু ভাল পুৰস্কাৰ কি হʼব পাৰে?

a এই সিদ্ধান্ত পালন কৰিবলৈ কিছুমান ব্যৱহাৰিক উপায় “ওৰণি লোৱা—কʼত আৰু কিয় প্ৰয়োজন?” নামৰ অতিৰিক্ত লেখত উল্লেখ আছে।

“পৰামৰ্শ শুনা, আৰু শিক্ষা গ্ৰহণ কৰা”

চয়তানৰ আত্মা আজি আমাৰ চাৰিওফালে পৰিলক্ষিত হয়। বিদ্ৰোহ আৰু প্ৰতিবাদ কৰা আদি কাৰ্য্যবোৰ লোকসকলৰ মাজত দেখিবলৈ পোৱা যায়। সেইবাবে, বাইবেলে চয়তানক ‘আকাশৰ ক্ষমতাযুক্ত অধিপতি’ বুলি উল্লেখ কৰিছে। এই আত্মাই “অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য্যসাধন” কৰে। (ইফিচীয়া ২:২) আজি বেছিভাগ লোকে আনৰ অধীনত থাকিব নিবিচাৰে, তেওঁলোকে সম্পূৰ্ণৰূপে স্বাধীন হʼব বিচাৰে। কিন্তু দুখৰ বিষয় যে এনে স্বাধীন মনোভাব মণ্ডলীত কিছুমান লোকৰ মাজত দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, অনৈতিক বা হিংসাত্মক মনোৰঞ্জনৰপৰা হʼবলগীয়া ভয়ানক পৰিণামৰ বিষয়ে এজন প্ৰাচীনে পৰামৰ্শ আগবঢ়াব পাৰে, কিন্তু কিছুমান সদস্যই হয়তো এই পৰামৰ্শৰ বিৰোধ কৰিব পাৰে বা ইয়াক গ্ৰহণ নকৰিবও পাৰে। আমি সকলোৱে হিতোপদেশ ১৯:২০ পদত উল্লেখ কৰা এই বাক্যশাৰী পালন কৰা উচিত: “তুমি শেষ বয়সত জ্ঞানী হবৰ নিমিত্তে পৰামৰ্শ শুনা, আৰু শিক্ষা গ্ৰহণ কৰা।”

পৰামৰ্শ পালন কৰিবলৈ কিহে আমাক সহায় কৰিব? আহক আমি লোকসকলে পৰামৰ্শ বা অনুশাসন গ্ৰহণ নকৰাৰ তিনিটা কাৰণ আৰু লগতে বাইবেলৰ দৃষ্টিভংগী কি তাৰ বিষয়ে আলোচনা কৰোঁ।

  • “এই পৰামৰ্শ মই উপযুক্ত বুলি নাভাৱোঁ।” আমি হয়তো ভাবিব পাৰোঁ যে আমাৰ ক্ষেত্ৰত এই পৰামৰ্শ উপযুক্ত নহয় বা পৰামৰ্শ দিওঁতাজনে গোটেই পৰিস্থিতিৰ বিষয়ে ভালদৰে নাজানে। আমালৈ আগবঢ়োৱা পৰামৰ্শ হয়তো তৎক্ষণাতে হেয়জ্ঞান কৰিব পাৰোঁ। (ইব্ৰী ১২:৫) অসিদ্ধ হোৱাৰ বাবে আমি সকলোৱে ভুল কৰোঁ। সেইবাবে, আমাৰ নিজৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰাৰ প্ৰয়োজন হʼব পাৰে, নহয় নে বাৰু? (হিতোপদেশ ১৯:৩) পৰামৰ্শ দিয়াৰ সঁচাকৈ কিছুমান উচিত কাৰণ নাছিলনে? গতিকে সেই উচিত কাৰণৰ ওপৰত আমাৰ ধ্যান দিয়াৰ প্ৰয়োজন। ঈশ্বৰৰ বাক্যই আমাক উপদেশ দিছে: “শিক্ষাক দৃঢ়ৰূপে ধৰা, এৰি নিদিবা; তেওঁক ধৰি ৰাখা, কিয়নো তেৱেঁই তোমাৰ জীৱনস্বৰূপ।”—হিতোপদেশ ৪:১৩.

  • “তেওঁৰ পৰামৰ্শ দিয়া ধৰণটো মোক একেবাৰে ভাল নালাগিল।” এইটো সঁচা যে কি ধৰণে পৰামৰ্শ দিয়া উচিত তাৰ বিষয়ে বাইবেলত উচ্চ মানদণ্ড দিয়া হৈছে। (গালাতীয়া ৬:১) ইয়াৰ উপৰিও বাইবেলে বৰ্ণনা কৰিছে যে “সকলোৱে পাপ কৰিলে, আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে।” (ৰোমীয়া ৩:২৩) যদি আমি বিচাৰোঁ যে আমাক দিয়া পৰামৰ্শ অলপো ভুল নহওক বা সিদ্ধ হওক, তেনেহʼলে এনে পৰামৰ্শ কেৱল এজন সিদ্ধ ব্যক্তিহে দিব পাৰিব। (যাকোব ৩:২) যিহোৱা ঈশ্বৰে আমাক পৰামৰ্শ দিবলৈ অসিদ্ধ মানুহক ব্যৱহাৰ কৰিছে। সেইবাবে পৰামৰ্শ দিয়াৰ ধৰণটোৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে, যি পৰামৰ্শ দিয়া হৈছে তাৰ ওপৰত গুৰুত্ব দিয়াটো আমাৰ বাবে বুদ্ধিমানৰ কাম হʼব। পৰামৰ্শৰ বিষয়বোৰ ধ্যান দিয়ক আৰু ইয়াক কেনেকৈ পালন কৰিব পাৰি, তাৰ বিষয়ে প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰক।

  • “মোক পৰামৰ্শ দিয়াৰ বাবে তেওঁ যোগ্য নহয়।” যদি আমি ভাবোঁ যে পৰামৰ্শ দিয়া ব্যক্তিজনৰ দুৰ্বলতাবোৰৰ বাবে তেওঁৰ পৰামৰ্শবোৰ গুৰুত্বপূৰ্ণ নহয়, তেনেহʼলে আমি ওপৰত উল্লেখ কৰা পৰামৰ্শ মনত পেলাব পাৰোঁ। আমাৰ বয়স, অভিজ্ঞতা বা মণ্ডলীৰ দায়িত্ববোৰৰ বাবে যদি আমি ভাবোঁ যে আমাক পৰামৰ্শৰ কোনো প্ৰয়োজন নাই, তেনেহʼলে আমাৰ নিজৰ চিন্তা-ভাৱনাক পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে। প্ৰাচীন ইস্ৰায়েলৰ ৰজাসকলে বহুতো ডাঙৰ ডাঙৰ দায়িত্ব পালন কৰিছিল, কিন্তু তেওঁলোকেও ভৱিষ্যতবক্তা, পুৰোহিত আৰু তেওঁলোকৰ অধীনত থকা লোকসকলৰো পৰামৰ্শ শুনিছিল। (২ চমূৱেল ১২:১-১৩; ২ বংশাৱলি ২৬:১৬-২০) বৰ্তমান সময়ত, যিহোৱাৰ সংগঠনে অসিদ্ধ লোকসকলক পৰামৰ্শ দিবলৈ নিযুক্ত কৰিছে আৰু পৰিপক্ক ভাই-ভনীসকলে আনন্দেৰে সেই পৰামৰ্শবোৰ পালন কৰে। যদি আমাৰ দায়িত্ব বা অভিজ্ঞতা বেছি থাকে, তেনেহʼলে আমি পৰামৰ্শ গ্ৰহণ কৰিবলৈ আৰু পালন কৰিবলৈ সজাগ হোৱাৰ যোগেদি ন্যায়পৰায়ণতা আৰু নম্ৰতাৰ এক ভাল উদাহৰণ ৰখা উচিত।—১ তীমথিয় ৩:২, ৩; তীত ৩:২.

এইটো সত্য যে আমি কোনেও পৰামৰ্শৰপৰা হাত সাৰিব নোৱাৰোঁ। সেইবাবে, আহক আমি সকলোৱে স্ব-ইচ্ছাৰে পৰামৰ্শ গ্ৰহণ কৰিবলৈ আৰু ইয়াক পালন কৰিবলৈ দৃঢ়সংকল্প লওঁ। ইয়াৰ লগতে পৰামৰ্শ ব্যৱস্থা কৰাৰ বাবে যিহোৱা ঈশ্বৰক আমি হৃদয়ৰপৰা ধন্যবাদ দিওঁ। আচলতে পৰামৰ্শ হৈছে যিহোৱা ঈশ্বৰৰ এক প্ৰেমৰ ব্যৱস্থা আৰু আমি ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিব বিচাৰোঁ।—ইব্ৰী ১২:৬-১১.

“নায়কসকলক মান্য কৰি তেওঁলোকৰ বশীভূত হোৱা”

প্ৰাচীন ইস্ৰায়েলীসকলৰ বাবে সাংগঠনিক ব্যৱস্থাৰ প্ৰয়োজন আছিল। লাখ লাখ ইস্ৰায়েলীয়ে জনবসতিহীন ঠাইৰ মাজেদি যাত্ৰা কৰোঁতে তেওঁলোকক অকলে পৰিচালনা কৰিবলৈ মোচিৰ বাবে অসুবিধা হৈছিল। এই সমস্যাৰ সমাধান কৰিবলৈ তেওঁ কি কৰিছিল? মোচিয়ে “সমুদায় ইস্ৰায়েলৰ মাজৰ পৰা কৰ্ম্ম-নিপূণ মানুহবিলাকক মনোনীত কৰি, লোকবিলাকৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি, এই এই প্ৰধান লোক নিযুক্ত কৰিলে।”—যাত্ৰাপুস্তক ১৮:২৫.

বৰ্তমান সময়ত সত্য খ্ৰীষ্টান মণ্ডলীতো এনেধৰণৰ সাংগঠনিক ব্যৱস্থাৰ প্ৰয়োজন আছে। সেইবাবে, প্ৰচাৰ সমূহৰ বাবে এজন ওভাৰচিয়াৰ থাকে, এটা মণ্ডলীত প্ৰাচীনসকল থাকে, মণ্ডলীবোৰ চোৱা-চিতা কৰিবলৈ চাৰ্কিট ওভাৰচিয়াৰ থাকে আৰু এখন দেশৰ কাৰ্য্যবোৰ পৰিচালনা কৰিবলৈ কাণ্ট্ৰি সমিতি বা শাখা সমিতি থাকে। এই সাংগঠনিক ব্যৱস্থা থকাৰ বাবে প্ৰতিজন ভায়ে এজন ভেড়াৰখীয়া হিচাপে যিহোৱা ঈশ্বৰৰ ভেড়াসকলক ভালদৰে চোৱা-চিতা কৰিবলৈ সহজ হয়। এই ভেড়াৰখীয়াসকলে যিহোৱা ঈশ্বৰ আৰু যীচুক তেওঁলোকৰ কাৰ্য্যৰ বাবে কৈফিয়ৎ দিব লাগিব।—পাঁচনিৰ কৰ্ম্ম ২০:২৮.

এই সাংগঠনিক ব্যৱস্থাৰ প্ৰতি আমি সকলোৱে আজ্ঞাকাৰী হৈ অধীনতা দেখুৱা উচিত। আমি কেতিয়াও দিয়ত্ৰিফিয়ৰ দৰে হোৱা উচিত নহয়। তেওঁ মণ্ডলীৰ পৰিচালনা কৰা লোকসকলক সন্মান কৰা নাছিল। (৩ যোহন ৯, ১০) ইয়াৰ পৰিৱৰ্তে, পাঁচনি পৌলে কোৱা কথাষাৰ আমি পালন কৰিব পাৰোঁ। তেওঁ লিখিছিল: “তোমালোকে তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁবিলাকৰ বশীভূত হোৱা; কিয়নো হিচাব দিব লগা মানুহবিলাকৰ দৰে তেওঁলোকে তোমালোকৰ প্ৰাণৰ নিমিত্তে প্ৰহৰী কাৰ্য্য কৰিছে; এতেকে তেওঁলোকে যেন কৰ্ম্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হোৱা; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে, তোমালোকৰ একো হিত নহব।” (ইব্ৰী ১৩:১৭) কিছুমান লোকে মণ্ডলীৰ পৰিচালনা কৰা লোকসকলৰপৰা অহা নিৰ্দেশনা তেতিয়া পালন কৰে, যেতিয়া তেওঁলোক সন্মত হয়। কিন্তু যেতিয়া তেওঁলোকে নিৰ্দেশনা ভাল নাপায় বা নিৰ্দেশনা বুজি নাপায়, তেতিয়া তেওঁলোকে অধীনতা দেখুৱাবলৈ অমান্তি হয়। কিন্তু মনত ৰখা উচিত যে অনিচ্ছা সত্ত্বেও আমাক পৰিচালনা কৰা লোকসকলৰ নিৰ্দেশনা পালন কৰা আৱশ্যক। সেইবাবে, আমি সকলোৱে নিজকে নিজে সুধিব পাৰোঁ ‘মই মণ্ডলীৰ পৰিচালনা কৰা লোকসকলৰ আজ্ঞা পালন কৰোঁনে আৰু তেওঁলোকৰ অধীনত থাকোঁনে?’

নিঃসন্দেহ, মণ্ডলীৰ প্ৰতিটো ব্যৱস্থা বা কাৰ্য্য-প্ৰণালীৰ বিষয়ে বাইবেলত বিতংভাৱে উল্লেখ কৰা নাই। কিন্তু বাইবেলত এইটো নিশ্চয় উল্লেখ আছে: “সকলো কৰ্ম্ম সুন্দৰকৈ আৰু শৃঙ্খলা লগাই কৰা হওক।” (১ কৰিন্থীয়া ১৪:৪০) প্ৰশাসন গোষ্ঠীয়ে এই নিৰ্দেশনা পালন কৰাৰ যোগেদি মণ্ডলীৰ কাম-কাজবোৰ শৃংখলাবদ্ধভাৱে পৰিচালিত হʼবলৈ বিভিন্ন ধৰণৰ কাৰ্য্য-প্ৰণালী আৰু নিৰ্দেশনাবোৰৰ ব্যৱস্থা কৰে। মণ্ডলীৰ ব্যৱস্থাৰ বাবে দিয়া নিৰ্দেশনাবোৰ পালন কৰাৰ যোগেদি, নিযুক্ত প্ৰাচীন আৰু পৰিচাৰকসকলে আজ্ঞা পালন কৰাৰ ভাল উদাহৰণ ৰাখে। তেওঁলোক ‘ক্ষান্তস্বভাৱী’ হয় আৰু পৰিচালনা কৰা লোকসকলৰ আজ্ঞা পালন কৰিবলৈ সদায় সাজু থাকে। (যাকোব ৩:১৭) সেইবাবে, প্ৰতিটো গোট, মণ্ডলী, চাৰ্কিট আৰু দেশৰ কাম-কাজবোৰ চাবলৈ এটা সমূহৰ ব্যৱস্থা কৰা হৈছে আৰু এই সমূহৰ বিশ্বাসী লোকসকলে ঈশ্বৰৰ গুণবোৰ প্ৰতিফলিত কৰে।—১ কৰিন্থীয়া ১৪:৩৩; ১ তীমথিয় ১:১১.

আনহাতে, পৌলে ইব্ৰী ১৩:১৭ পদত উল্লেখ কৰিছে যে আজ্ঞা উলংঘন কৰা কিয় হানিকাৰক। দায়িত্বত থকা লোকসকলে হয়তো “আৰ্ত্তস্বৰেৰে” অৰ্থাৎ হতাশাৰে নিজৰ দায়িত্ব পালন কৰিব। যেতিয়া এজন ভাইয়ে মণ্ডলীৰ দায়িত্বত থকা লোকসকলক সমৰ্থন নকৰি বিদ্ৰোহ কৰে, তেতিয়া দায়িত্বত থকা লোকসকলৰ বাবে সেই পবিত্ৰ সেৱা এক গধুৰ বোজা হৈ পৰিব পাৰে। ইয়াৰ পৰিণামস্বৰূপে “তোমালোকৰ একো হিত নহব” অৰ্থাৎ গোটেই মণ্ডলীৰ ক্ষতি হʼব। নিঃসন্দেহ, যেতিয়া মণ্ডলীৰ কোনো এজন সদস্যই ঈশ্বৰশাসিত নিৰ্দেশনা পালন কৰিবলৈ অমান্তি হয়, তেতিয়া আন এক ধৰণৰ ক্ষতি হয়। যেতিয়া তেওঁ নিজৰ অহংকাৰৰ বাবে নিৰ্দেশনা পালন কৰিবলৈ অমান্তি হয়, তেতিয়া যিহোৱা ঈশ্বৰৰ লগত থকা তেওঁৰ সম্পৰ্কত ব্যাঘাত জন্মে। (গীতমালা ১৩৮:৬) আহক আমি সকলোৱে আজ্ঞাকাৰী হʼবলৈ আৰু অধীনত থাকিবলৈ দৃঢ়সংকল্প লওঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক