অধ্যয়নৰ লেখ ৩৮
গীত নং ১১৭ যিহোৱাক অনুকৰণ কৰা
আনক আদৰ কৰক
‘ৰূপ আৰু সোণতকৈয়ো আদৰ পোৱাটো ভাল।’—হিতো. ২২:১.
কি শিকিম?
আমি আনক কিয় আদৰ কৰা উচিত আৰু যেতিয়া এইদৰে কৰিবলৈ কঠিন হয়, তেতিয়াও আমি তেওঁলোকক কেনেকৈ আদৰ দেখুৱাব পাৰোঁ, তাৰ বিষয়ে শিকিম।
১. যেতিয়া আনে আমাক আদৰ কৰে, তেতিয়া আমাক কিয় ভাল লাগে? (হিতোপদেশ ২২:১)
যেতিয়া কোনোবাই আপোনাক সন্মান কৰে, তেতিয়া আপোনাৰ কেনেকুৱা লাগে? আপোনাৰ নিশ্চয় ভাল লাগে। আমি সকলোৱে আদৰ পাব বিচাৰোঁ। সেইবাবে, যেতিয়া আমাক আনে আদৰ কৰে, তেতিয়া আমাৰ বহুত ভাল লাগে। বাইবেলত লিখা আছে, ‘ৰূপ আৰু সোণতকৈয়ো আদৰ পোৱাটো ভাল।’—হিতোপদেশ ২২:১ পঢ়ক।
২-৩. (ক) আনক আদৰ কৰাটো সদায় কিয় আমাৰ বাবে ইমান সহজ নহয়? (খ) এই লেখত আমি কি শিকিম?
২ আনক আদৰ কৰাটো সদায় আমাৰ কাৰণে সহজ নহয়। কাৰণ আমি নিবিচৰাৰ সত্ত্বেও তেওঁলোকৰ ভুলবোৰলৈ ধ্যান দিওঁ। ইয়াৰ উপৰিও আমি এনে সময়ত জীয়াই আছোঁ, যʼত বেছিভাগ লোকে আনক সন্মান নকৰে। কিন্তু আমি তেওঁলোকৰ নিচিনা হʼব নিবিচাৰোঁ। ইয়াৰ পৰিৱৰ্তে আমি যিহোৱাৰ কথা পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, যিজনে আমি “সকলো ধৰণৰ মানুহক আদৰ” কৰাটো বিচাৰে।—১ পিত. ২:১৭.
৩ এই লেখত আমি শিকিম যে আনক আদৰ কৰাৰ অৰ্থ কি। তাৰ পাছত আমি চাম যে আমি কেনেকৈ (১) নিজৰ পৰিয়ালৰ লোকসকলক, (২) মণ্ডলীৰ ভাই-ভনীসকলক আৰু (৩) জগতৰ লোকসকলক আদৰ কৰিব পাৰোঁ। আমি বিশেষকৈ এই কথাৰ ওপৰত ধ্যান দিম যে যেতিয়া আনক আদৰ দেখুৱাবলৈ আমাৰ বাবে কঠিন হয়, তেতিয়াও আমি তেওঁলোকক কেনেকৈ আদৰ দেখুৱাব পাৰোঁ।
আনক আদৰ কৰাৰ অৰ্থ কি?
৪. আনক আদৰ কৰাৰ অৰ্থ কি?
৪ আনক আদৰ কৰাৰ অৰ্থ হৈছে তেওঁলোকৰ ভালৰ বিষয়ে চিন্তা কৰা আৰু তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰা। যেনে, যেতিয়া আমি আনৰ ভাল গুণবোৰ চাওঁ আৰু ধ্যান দিওঁ যে তেওঁলোকে কিমান ভাল কাম কৰি আছে, তেতিয়া আমি তেওঁলোকক আদৰ কৰোঁ। ইয়াৰ উপৰিও যিসকল লোকৰ ওচৰত অধিকাৰ আছে, আমি তেওঁলোককো আদৰ কৰোঁ। কিন্তু এই সকলোবোৰ আমি আনক দেখুৱাবলৈ নকৰোঁ, তাৰ পৰিৱৰ্তে আমি সম্পূৰ্ণ হৃদয়েৰে তেওঁলোকক আদৰ কৰোঁ।—মথি ১৫:৮.
৫. আমি আনক কিয় আদৰ কৰোঁ?
৫ আমি আনক আদৰ কৰাটো যিহোৱাই বিচাৰে। তেওঁ আমাক ‘উচ্চ পদত থকা অধিকাৰীসকলক’ সন্মান কৰিবলৈ কৈছে। (ৰোম. ১৩:১, ৭) কিন্তু কিছুমান লোকে কʼব পাৰে যে “সন্মান এনেই পোৱা নাযায়, ইয়াক অৰ্জন কৰিবলগীয়া হয়।” এইদৰে ভবাটো উচিত হʼব নে? নহয়। এজন ব্যক্তি যিদৰেই নহওক কিয় বা তেওঁ যিয়েই নকৰক কিয়, আমি তেওঁক আদৰ কৰা উচিত। কিয় বাৰু? কাৰণ আমি এইদৰে কৰাটো যিহোৱাই বিচাৰে। আমি যিহোৱাক বহুত প্ৰেম কৰোঁ আৰু তেওঁক আনন্দিত কৰিব বিচাৰোঁ, সেইবাবে আমি আনক আদৰ কৰোঁ।—যিহো. ৪:১৪; ১ পিত. ৩:১৫.
৬. যেতিয়া আনে আমাক সন্মান নকৰে, তেতিয়াও আমি তেওঁলোকক সন্মান কৰিব পাৰোঁ নে? বুজাওক। ( ছবিখনো চাওক।)
৬ যিসকল লোকে আমাক সন্মান নকৰে, তেওঁলোকক সন্মান কৰিবলৈ কেতিয়াবা কেতিয়াবা আমাৰ বাবে কঠিন হʼব পাৰে। আমাৰ অনুভৱ হʼব পাৰে যে আমি কেতিয়াও তেওঁলোকক অন্তৰৰ পৰা সন্মান কৰিব নোৱাৰিম। কিন্তু এয়া সঁচা নহয়। আহক ইয়াৰ বিষয়ে বাইবেলৰ কিছুমান উদাহৰণলৈ মন কৰোঁ। এবাৰ চৌলে সকলোৰে আগত নিজৰ পুত্ৰ যোনাথনক অপমান কৰিলে। (১ চমূ. ২০:৩০-৩৪) তথাপি যোনাথনে নিজৰ পিতৃক আদৰ কৰি থাকিল আৰু শেষলৈকে নিজৰ পিতৃৰ লগত মিলি শত্ৰুসকলৰ লগত যুদ্ধ কৰি থাকিল। (যাত্ৰা. ২০:১২; ২ চমূ. ১:২৩) এতিয়া হান্নাৰ উদাহৰণলৈ মন কৰক। মহাপুৰোহিত এলীয়ে তাই মদ খাই মতলীয়া হৈ আছে বুলি অভিযোগ কৰিছিল। (১ চমূ. ১:১২-১৪) কিন্তু হান্নাই তেওঁৰ ওপৰত খং নকৰিলে, তাৰ পৰিৱৰ্তে আদৰেৰে কথা পাতিলে। ইস্ৰায়েলৰ সকলো লোকে জানিছিল যে এলীয়ে নিজৰ লʼৰাবিলাকৰ ভুলৰ বাবে তেওঁলোকক শুধৰণি নকৰিলে আৰু তেওঁ পিতৃ আৰু মহাপুৰোহিত হিচাপে ভাল উদাহৰণ নহয়। তথাপি হান্নাই তেওঁক সন্মান কৰিলে। (১ চমূ. ১:১৫-১৮; ২:২২-২৪) এতিয়া আহক পৌলৰ বিষয়ে চাওঁ। আথিনীৰ লোকসকলে তেওঁক বহুত অপমান কৰিছিল আৰু তেওঁক ‘বকবকাই থকা মানুহ’ বুলি কৈছিল। (পাঁচ. ১৭:১৮) তথাপি পৌলে তেওঁলোকৰ লগত আদৰেৰে কথা পাতিলে। (পাঁচ. ১৭:২২) এই উদাহৰণবোৰৰ পৰা আমি কি শিকোঁ? যদি আমি যিহোৱাক প্ৰেম কৰোঁ আৰু তেওঁক আনন্দিত কৰিব বিচাৰোঁ, তেনেহʼলে আমি আনক আদৰ কৰিম, আনকি যেতিয়া এইদৰে কৰিবলৈ কঠিন হয়, তেতিয়াও। এতিয়া আহক চাওঁ যে আমি কোন লোকসকলক আদৰ কৰা উচিত আৰু কিয়?
ৰজা চৌলে নিজৰ পুত্ৰ যোনাথনক অপমান কৰিলে, তথাপি তেওঁ নিজৰ পিতৃক সহযোগ কৰিলে আৰু তেওঁৰ লগত মিলি শত্ৰুসকলৰ লগত যুদ্ধ কৰি থাকিল (অনুচ্ছেদ ৬ চাওক)
পৰিয়ালৰ লোকসকলক আদৰ কৰক
৭. পৰিয়ালৰ লোকসকলক আদৰ কৰিবলৈ কিয় কঠিন হʼব পাৰে?
৭ এইদৰে কৰিবলৈ কিয় কঠিন হʼব পাৰে? আমি নিজৰ পৰিয়ালৰ লগত বেছিকৈ সময় কটাওঁ। সেইবাবে, আমি তেওঁলোকৰ ভাল গুণৰ লগতে দুৰ্বলতাবোৰৰ বিষয়ে ভালদৰে গʼম পাওঁ। যেনে, আমাৰ পৰিয়ালত হয়তো কাৰোবাৰ ডাঙৰ বেমাৰ হৈছে আৰু তেওঁৰ চোৱা-চিতা কৰিবলৈ আমাৰ বাবে কঠিন হৈছে বা পৰিয়ালত হয়তো কোনোবাই প্ৰয়োজনতকৈ বেছি চিন্তা কৰে বা তেওঁৰ ডিপ্ৰেচন আছে। এয়াও হʼব পাৰে যে পৰিয়ালৰ কোনোবাই আমাক এনে কথা কৈ দিয়ে বা এনে কাম কৰে, যাৰ বাবে আমি মনত আঘাত পাওঁ। ইয়াৰ উপৰিও এজন ব্যক্তিয়ে হয়তো পৰিয়ালত কাকো সন্মান নকৰে বা কাজিয়া কৰে, যাৰ বাবে পৰিয়ালৰ শান্তি আৰু আনন্দ নাইকিয়া হৈ পৰে। এইবোৰ কাৰণৰ বাবে আমি হয়তো পৰিয়ালৰ লোকসকলক আদৰ কৰিব নোৱাৰোঁ। যেনেকৈ আৰ্থৰাইটিছ বেমাৰত জোৰাবোৰৰ হাড়বোৰ এটাই আনটোৰ লগত ঘহনি খাই থাকে আৰু তাত সদায় বিষ থাকে, ঠিক সেইদৰে পৰিয়ালৰ লোকসকলে এজনে আনজনক সন্মান নকৰে, তেতিয়া তেওঁলোকৰ সম্পৰ্ক বেয়া হৈ পৰে। আনকি তেওঁলোকৰ সম্পৰ্ক একেবাৰে শেষ হৈ যাব পাৰে। এয়া সঁচা যে আৰ্থৰাইটিছ বেমাৰ সম্পূৰ্ণৰূপে ভাল হʼব নোৱাৰে, কিন্তু পৰিয়ালৰ সম্পৰ্ক ভাল হʼব পাৰে। যদি পৰিয়ালত সকলোৱে এজনে-আনজনক আদৰ কৰে, তেনেহʼলে তেওঁলোকৰ সম্পৰ্ক আকৌ ভাল হৈ পৰিব।
৮. পৰিয়ালৰ লোকসকলক আদৰ কৰাটো কিয় গুৰুত্বপূৰ্ণ? (১ তীমথিয় ৫:৪, ৮)
৮ আদৰ কিয় কৰা উচিত? (১ তীমথিয় ৫:৪, ৮ পঢ়ক।) পৌলে তীমথিয়লৈ লিখা নিজৰ প্ৰথম চিঠিখনত জনালে যে পৰিয়ালৰ লোকসকলে কেনেকৈ এজনে-আনজনৰ যত্ন লʼব পাৰে। তেওঁ জনালে যে আমি কেৱল দায়িত্ব হয় বুলি ভাবি পৰিয়ালৰ লোকসকলক আদৰ কৰা উচিত নহয়। আচলতে এইদৰে কৰাৰ যোগেদি আমি “ঈশ্বৰলৈ নিজৰ ভক্তি” দেখুৱাৰ দৰে হয়। ইয়াৰ অৰ্থ হৈছে আনক আদৰ কৰাটো আমাৰ উপাসনাৰ ভাগ হয়। যিহোৱাই পৰিয়ালৰ আৰম্ভণি কৰিছিল, এয়া তেওঁৰেই ব্যৱস্থা। (ইফি. ৩:১৪, ১৫) সেইবাবে, যেতিয়া আমি পৰিয়ালৰ লোকসকলক আদৰ কৰোঁ, তেতিয়া আমি যিহোৱাক আদৰ কৰাৰ দৰে হয়। সঁচাকৈ নিজৰ পৰিয়ালৰ লোকসকলক আদৰ কৰাৰ এয়া কিমান ভাল কাৰণ হয়!
৯. পতি-পত্নীয়ে এজনে-আনজনক কেনেকৈ আদৰ কৰিব পাৰে? (ছবিখনো চাওক।)
৯ আদৰ কেনেকৈ কৰিব পাৰি? যদি এজন স্বামীয়ে নিজৰ পত্নীক আদৰ কৰে, তেনেহʼলে তেওঁ তাইক মূল্যৱান বুলি ভাবিব। তেওঁ সকলোৰে আগত আৰু অকলে থকাৰ সময়তো তাইক আদৰ কৰিব। (হিতো. ৩১:২৮; ১ পিত. ৩:৭) তেওঁ নিজৰ পত্নীক কেতিয়াও নামাৰিব, অপমান নকৰিব বা তল পেলাবলৈ চেষ্টা নকৰিব। এৰিঅল a নামৰ ভায়ে এইদৰে কৈছে, “মোৰ পত্নী বেমাৰত আছে আৰু কেতিয়াবা কেতিয়াবা তাই এনে কথা কৈ দিয়ে যাৰ বাবে মই মনত বৰ আঘাত পাওঁ। কিন্তু যেতিয়াই এইদৰে হয়, তেতিয়া মই নিজকে মনত পেলাই দিওঁ যে তাই জানি-শুনি এইদৰে কৰা নাই। মই ১ কৰিন্থীয়া ১৩:৫ পদত লিখা কথা মনত পেলাওঁ। এইদৰে কৰাৰ বাবে মই শান্ত হৈ থাকিবলৈ সহায় পাওঁ আৰু তাইৰ লগত আদৰেৰে কথা পাতিব পাৰোঁ।” (হিতো. ১৯:১১) নিজৰ স্বামীক অন্তৰৰ পৰা আদৰ কৰা এগৰাকী পত্নীয়ে আনৰ আগত তেওঁৰ প্ৰশংসা কৰিব। (ইফি. ৫:৩৩) তাই নিজৰ স্বামীক কেতিয়াও ঠাট্টা নকৰিব আৰু তেওঁৰ বিষয়ে বেয়াকৈ নকʼব। কাৰণ তাই জানে যে যদি তাই এইদৰে কৰে, তেনেহʼলে তেওঁলোকৰ বিবাহিত সম্পৰ্ক লাহে লাহে দুৰ্বল হৈ পৰিব। (হিতো. ১৪:১) ইটালীত থকা এগৰাকী ভনীৰ উদাহৰণলৈ মন কৰক, যাৰ স্বামী বেমাৰত আছে আৰু তেওঁ প্ৰয়োজনতকৈ বেছি চিন্তা কৰে। তাই এইদৰে কৈছে, “কেতিয়াবা কেতিয়াবা মোৰ অনুভৱ হৈছিল যে মোৰ স্বামীয়ে সৰু কথাক লৈ বহুত বেছি চিন্তা কৰে। আগতে যেতিয়া এইদৰে হৈছিল, তেতিয়া মোৰ চেহেৰাত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল যে তেওঁৰ ওপৰত মোৰ খং উঠিছে আৰু মই তেওঁক কিবা-কিবি কৈ দিছিলোঁ। কিন্তু পাছত মই এনে লোকসকলৰ লগত বেছিকৈ সময় কটাবলৈ ধৰিলোঁ, যিসকলে আনক আদৰ কৰে আৰু তেওঁলোকৰ বিষয়ে ভাল কথা কয়। ইয়াৰ মোৰ ওপৰত ভাল প্ৰভাৱ পৰিল। ময়ো নিজৰ স্বামীৰ লগত আদৰেৰে কথা পাতিবলৈ ধৰিলোঁ।”
যেতিয়া আমি পৰিয়ালৰ লোকসকলক আদৰ কৰোঁ, তেতিয়া আমি আমাৰ পৰিয়ালৰ মুৰব্বী যিহোৱাক আদৰ কৰাৰ দৰে হয় (অনুচ্ছেদ ৯ চাওক)
১০. লʼৰা-ছোৱালীয়ে কেনেকৈ দেখুৱাব পাৰে যে তেওঁলোকে নিজৰ মা-দেউতাক আদৰ কৰে?
১০ লʼৰা-ছোৱালীবিলাক, আপোনালোকে নিজৰ মা-দেউতাক কেনেকৈ আদৰ কৰিব পাৰে? তেওঁলোকে পৰিয়ালৰ বাবে যি নিয়ম বনায়, সেইবোৰ পালন কৰক। (ইফি. ৬:১-৩) তেওঁলোকৰ লগত আদৰেৰে কথা পাতক। (যাত্ৰা. ২১:১৭) যেতিয়া তেওঁলোকে বৃদ্ধ হʼবলৈ ধৰে, তেতিয়া তেওঁলোকৰ আৰু বেছিকৈ যত্ন লʼব পাৰে। ভনী মাৰিয়াৰ উদাহৰণলৈ মন কৰক, যাৰ দেউতাক যিহোৱাৰ সাক্ষী নহয়। যেতিয়া তেওঁ বেমাৰ হʼল, তেতিয়া তেওঁ মাৰিয়াক আমনি কৰিবলৈ ধৰিলে। তেওঁৰ চোৱা-চিতা কৰাটো মাৰিয়াৰ বাবে বহুত কঠিন হৈ পৰিল। তাই এইদৰে কৈছে, “মই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ যে ‘মই যাতে দেউতাক সন্মান কৰিব পাৰোঁ আৰু দেউতাৰ ভালদৰে যত্ন লʼব পাৰোঁ, তাৰ বাবে মোক সহায় কৰক।’ মই ভাবিছিলোঁ যদি যিহোৱাই মোক তেওঁৰ সন্মান কৰিবলৈ কৈছে, তেনেহʼলে এইদৰে কৰিবলৈ তেওঁ মোক নিশ্চয় শক্তি দিব। সময় পাৰ হোৱাৰ লগে লগে মোৰ অনুভৱ হʼল যে যদিও দেউতাই নিজৰ ব্যৱহাৰ সলনি নকৰে, তথাপি মই যিকোনো পৰিস্থিতিত তেওঁক সন্মান কৰা উচিত।” যদি আমি নিজৰ পৰিয়ালৰ লোকসকলৰ দুৰ্বলতাৰ বিষয়ে জানিও তেওঁলোকক আদৰ কৰোঁ, তেনেহʼলে আমি যিহোৱাক আদৰ কৰাৰ দৰে হয়, যিজনে পৰিয়ালৰ আৰম্ভণি কৰিছে।
মণ্ডলীৰ ভাই-ভনীসকলক আদৰ কৰক
১১. ভাই-ভনীসকলক আদৰ কৰিবলৈ কিয় কঠিন হʼব পাৰে?
১১ এইদৰে কৰিবলৈ কিয় কঠিন হʼব পাৰে? আমাৰ ভাই-ভনীসকলে বাইবেলৰ অনুসৰি জীৱন-যাপন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। কিন্তু কোনো ভাই বা ভনীয়ে হয়তো আমাৰ লগত বেয়া ব্যৱহাৰ কৰিব পাৰে বা আমাৰ বিষয়ে এনে কথা কʼব পাৰে যি সঠিক নহয় অথবা আমাক খং তোলাব পাৰে। আমাৰ ওচৰত ‘কাৰোবাৰ বিৰুদ্ধে যদি কিবা অভিযোগ কৰাৰ কাৰণ থাকে,’ তেনেহʼলে তেওঁলোকক আদৰ কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। (কল. ৩:১৩) এনে পৰিস্থিতিত কি কথাই আমাক সহায় কৰিব পাৰে?
১২. মণ্ডলীৰ ভাই-ভনীসকলক আদৰ কৰাটো কিয় গুৰুত্বপূৰ্ণ? (২ পিতৰ ২:৯-১২)
১২ আদৰ কিয় কৰা উচিত? (২ পিতৰ ২:৯-১২ পঢ়ক।) পিতৰে নিজৰ দ্বিতীয় চিঠিখনত জনালে যে প্ৰথম শতিকাৰ খ্ৰীষ্টান মণ্ডলীত কিছুমান মিছা শিক্ষক ওলাই আহিছিল। সেই মিছা শিক্ষকসকলে এনে লোকসকলৰ বিষয়ে বেয়াকৈ কৈছিল, ‘যিসকলক ঈশ্বৰে মহিমা দিছিল’ অৰ্থাৎ প্ৰাচীনসকলৰ বিষয়ে। স্বৰ্গদূতসকলে এই সকলো চাই আছিল, কিন্তু তেওঁলোকে কি কৰিলে? তেওঁলোকে “যিহোৱাক আদৰ কৰাৰ কাৰণে” মিছা শিক্ষকসকৰ ওপৰত কোনো অভিযোগ নকৰিলে আৰু তেওঁলোকৰ বিষয়ে বেয়াকৈ নকʼলে। চিন্তা কৰকচোন, স্বৰ্গদূতসকলে সেই অহংকাৰী লোকসকলৰ বিষয়ে একো নকʼলে, তাৰ পৰিৱৰ্তে তেওঁলোকৰ ন্যায় কৰিবলৈ আৰু তেওঁলোকক শাস্তি দিবলৈ বিষয়টো যিহোৱাৰ ওপৰত এৰি দিলে। (ৰোম. ১৪:১০-১২; যিহূদা ৯ পদৰ লগত তুলনা কৰক।) স্বৰ্গদূতসকলৰ পৰা আমি কি শিকিব পাৰোঁ? তেওঁলোকে বিৰোধীসকলৰ লগত বেয়া ব্যৱহাৰ নকৰিলে। গতিকে আমি আমাৰ ভাই-ভনীসকলৰ লগত বেয়া ব্যৱহাৰ কৰাটো উচিত হʼব নে, যিসকলে যিহোৱাক প্ৰেম কৰে? নহয়। ইয়াৰ পৰিৱৰ্তে আমি “নিজে আগবাঢ়ি গৈ” তেওঁলোকক আদৰ কৰা উচিত। (ৰোম. ১২:১০) যেতিয়া আমি এইদৰে কৰোঁ, তেতিয়া আমি যিহোৱাক আদৰ কৰোঁ বুলি দেখুৱাওঁ।
১৩-১৪. আমি মণ্ডলীৰ ভাই-ভনীসকলক কেনেকৈ আদৰ দেখুৱাব পাৰোঁ? উদাহৰণ দি বুজাওক। (ছবিখনো চাওক।)
১৩ আদৰ কেনেকৈ কৰিব পাৰি? প্ৰাচীনসকল, যেতিয়া আপোনালোকে কাৰোবাক শিকায়, তেতিয়া প্ৰেমেৰে শিকাওক। (ফিলী. ৮, ৯) যদি কাৰোবাক পৰামৰ্শ দিবলগীয়া হয়, তেনেহʼলে কেতিয়াও খঙেৰে নিদিব, তাৰ পৰিৱৰ্তে সদায় প্ৰেমেৰে দিব। ভনীসকল, আপোনালোকেও মণ্ডলীত ভাল পৰিৱেশ বজাই ৰাখিবলৈ সহায় কৰিব পাৰে। আপোনালোকে নিজে আগবাঢ়ি গৈ আনক আদৰ কৰিব পাৰে আৰু কাৰোবাৰ বিষয়ে বেয়াকৈ কোৱা বা পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব পাৰে। (তীত ২:৩-৫) মণ্ডলীৰ সকলো ভাই-ভনীয়েই প্ৰাচীনসকলক আদৰ কৰিব পাৰে। তেওঁলোকে সভা চলাবলৈ বহুত পৰিশ্ৰম কৰে, প্ৰচাৰ কামত নেতৃত্ব লয় আৰু যদি কোনো ভাই বা ভনীয়ে “ভুল পদক্ষেপ” লয়, তেনেহʼলে তেওঁলোকক সহায় কৰে। এই কামবোৰৰ বাবে আমি তেওঁলোকক ধন্যবাদ দিব পাৰোঁ আৰু তেওঁলোকক সম্পূৰ্ণৰূপে সহযোগ কৰি আমি তেওঁলোকক আদৰ কৰিব পাৰোঁ।—গালা. ৬:১; ১ তীম. ৫:১৭.
১৪ ভনী ৰʼচীঅক এজন প্ৰাচীনে কিবা পৰামৰ্শ দিছিল, যাৰ বাবে তাই তেওঁক সন্মান কৰিব পৰা নাছিল। তাই এইদৰে কৈছে, “মোৰ এনে লাগিছিল যেন তেওঁ মোৰ লগত কঠোৰতাৰে কথা পাতিলে। ঘৰত আহি মই তেওঁৰ বিষয়ে বেয়াকৈ কʼবলৈ ধৰিলোঁ। কিন্তু মই এনেদৰে দেখুৱাইছিলোঁ যেন মই তেওঁৰ পৰামৰ্শ পালন কৰিলোঁ। কিন্তু মই মনে মনে তেওঁৰ উদ্দেশ্যৰ ওপৰত সন্দেহ কৰিছিলোঁ আৰু তেওঁৰ পৰামৰ্শ ধ্যান দিয়া নাছিলোঁ।” তাৰ পাছত ৰʼচীঅয়ে কি কৰিলে? তাই এইদৰে কৈছে, “বাইবেল পঢ়াৰ সময়ত মই ১ থিচলনীকীয়া ৫:১২, ১৩ পদ পঢ়িলোঁ। তেতিয়া মোৰ অনুভৱ হʼল যে মই সেই ভাইজনক আদৰ কৰা নাই। মোৰ বিবেকে মোক দোষ দিবলৈ ধৰিলে। সেইবাবে, মই ইয়াৰ বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ আৰু আমাৰ প্ৰকাশনবোৰত অনুসন্ধান কৰিলোঁ। তেতিয়া মই এনে তথ্য পালোঁ, যাৰ বাবে মই নিজৰ চিন্তাধাৰা শুধৰণি কৰিব পাৰিলোঁ। মোৰ অনুভৱ হʼল যে সেই ভাইজনৰ কোনো দোষ নাছিল, দোষটো মোৰেই আছিল। অহংকাৰৰ ভাৱনাই মোক পৰামৰ্শ পালন কৰিবলৈ বাধা দি আছিল। ইয়াৰ পৰা মই শিকিলোঁ যে আনক আদৰ কৰিবলৈ নম্ৰ হোৱাটো অতি গুৰুত্বপূৰ্ণ। মই এইদৰে কৰিবলৈ বহুত পৰিশ্ৰম কৰি আছোঁ আৰু মই জানোঁ যে যিহোৱাই মোৰ পৰিশ্ৰম চাই আনন্দিত আছে।”
মণ্ডলীৰ সকলো ভাই-ভনীয়ে প্ৰাচীনসকলক সম্পূৰ্ণৰূপে সহযোগ কৰি আৰু তেওঁলোকৰ পৰিশ্ৰমৰ প্ৰতি কৃতজ্ঞতা দেখুৱাই তেওঁলোকক আদৰ দেখুৱাব পাৰে (অনুচ্ছেদ ১৩-১৪ চাওক)
জগতৰ লোকসকলক আদৰ কৰক
১৫. জগতৰ লোকসকলক আদৰ কৰিবলৈ আমাৰ বাবে কিয় কঠিন হʼব পাৰে?
১৫ এইদৰে কৰিবলৈ কিয় কঠিন হʼব পাৰে? আমি প্ৰচাৰত প্ৰায়ে এনে লোকসকলক লগ পাওঁ, যিসকলে ঈশ্বৰ আৰু বাইবেলৰ বিষয়ে জানিবলৈ অলপো আগ্ৰহী নহয়। (ইফি. ৪:১৮) কিছুমান লোকে আমাৰ কথা শুনিবলৈ চিধা-চিধিকৈ মানা কৰি দিয়ে, কাৰণ তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোকক সৰুৰে পৰা যি শিকোৱা হৈছে সেয়াই সঠিক হয়। ইয়াৰ উপৰিও হয়তো আমাৰ লগত কাম কৰা লোক বা স্কুলৰ বন্ধুসকলে আমাৰ লগত ভালদৰে ব্যৱহাৰ নকৰে। অথবা আমাৰ বʼচ বা স্কুলৰ কোনো এজন শিক্ষকে আমাৰ পৰিশ্ৰমৰ বাবে অলপো কৃতজ্ঞতা নেদেখুৱায়। এনে পৰিস্থিতিত তেওঁলোকক সন্মান কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে আৰু লাহে লাহে আমি হয়তো তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰিবলৈ এৰি দিব পাৰোঁ।
১৬. জগতৰ লোকসকলক সন্মান কৰাটো কিয় গুৰুত্বপূৰ্ণ? (১ পিতৰ ২:১২; ৩:১৫)
১৬ আদৰ কিয় কৰা উচিত? আমি মনত ৰখা উচিত যে আমি জগতৰ লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰোঁ, তাৰ প্ৰতি যিহোৱাই ধ্যান দিয়ে। পাঁচনি পিতৰে খ্ৰীষ্টানসকলক কৈছিল যে আমাৰ ভাল আচাৰ-ব্যৱহাৰ দেখি লোকসকলে হয়তো “ঈশ্বৰৰ মহিমা কৰিব।” সেইবাবে, নিজৰ বিশ্বাসৰ পক্ষ লোৱাৰ সময়ত সদায় “কোমল স্বভাৱ আৰু গভীৰ সন্মানেৰে সৈতে” এইদৰে কৰিবলৈ পিতৰে তেওঁলোকক পৰামৰ্শ দিছিল। (১ পিতৰ ২:১২; ৩:১৫ পঢ়ক।) যদি আমি কোনো ডাঙৰ অধিকাৰী বা ন্যায়ধীশ অথবা লোকসকলৰ আগত নিজৰ বিশ্বাসৰ পক্ষ লʼবলগীয়া হয়, তেনেহʼলে আমি সন্মানেৰে কৰা উচিত। আমি মনত ৰখা উচিত যে যিহোৱাই সকলোবোৰ চাই আছে। তেওঁ এয়া ধ্যান দিয়ে যে আমি কি কওঁ আৰু কেনেকৈ কওঁ। সেইবাবে, জগতৰ লোকসকলক সন্মান কৰাৰ এয়া এক গুৰুত্বপূৰ্ণ কাৰণ হয়।
১৭. আমি জগতৰ লোকসকলক কেনেকৈ আদৰ দেখুৱাব পাৰোঁ?
১৭ আদৰ কেনেকৈ কৰিব পাৰি? হয়তো আমাৰ প্ৰচাৰ এলেকাত বেছিভাগ লোকে বাইবেলৰ বিষয়ে একো নাজানে বা বহুত কম জানে। সেইবাবে, প্ৰচাৰ কৰাৰ সময়ত আমি নিজৰ কথা বা ব্যৱহাৰৰ পৰা লোকসকলক এনে অনুভৱ নকৰাম যেন আমি তেওঁলোকতকৈ শ্ৰেষ্ঠ। তাৰ পৰিৱৰ্তে আমি সদায় তেওঁলোকক নিজতকৈ শ্ৰেষ্ঠ বুলি ভাবিম আৰু মনত ৰাখিম যে তেওঁলোক যিহোৱাৰ দৃষ্টিত মূল্যৱান হয়। (হগ্. ২:৭; ফিলি. ২:৩) প্ৰচাৰত যদি কোনোবাই আমাক বিৰোধ কৰে বা আমাক বেয়াকৈ কয়, তেনেহʼলে আমিও তেওঁক বেয়াকৈ নকʼম বা এনে কথাও নকʼম যাৰ পৰা লাগিব পাৰে যে আমি তেওঁতকৈ বেছিকৈ জানোঁ। (১ পিত. ২:২৩) যদি আমি এনে কথা কৈ দিওঁ, যি আমি কʼব নালাগিছিল, তেনেহʼলে আমি লগে লগে ক্ষমা খুজিম। কামৰ ঠাইত আমি লোকসকলক কেনেকৈ আদৰ দেখুৱাব পাৰোঁ? আমি যিয়েই কাম কৰিম, তাত সম্পূৰ্ণৰূপে পৰিশ্ৰম কৰিম। লগত কাম কৰা লোকসকলৰ আৰু বʼচৰ ভাল গুণবোৰলৈ ধ্যান দিম। (তীত ২:৯, ১০) যদি আমি বিশ্বাসী হৈ থাকিম, পৰিশ্ৰমী হʼম আৰু মনে-প্ৰাণে কাম কৰিম, তেনেহʼলে লোকসকলে আনন্দিত হওক বা নহওক, যিহোৱাই আমাৰ পৰা নিশ্চয় আনন্দিত হʼব।—কল. ৩:২২, ২৩.
১৮. আমি কিয় আনৰ প্ৰতি আদৰ বঢ়োৱা উচিত আৰু তেওঁলোকক সন্মান কৰা উচিত?
১৮ এই লেখত আমি আনক আদৰ কৰাৰ বহুতো কাৰণৰ বিষয়ে আলোচনা কৰিলোঁ। যদি আমি পৰিয়ালৰ লোকসকলক আদৰ কৰোঁ, তেনেহʼলে আমি আমাৰ পৰিয়ালৰ মুৰব্বী যিহোৱাক আদৰ কৰাৰ দৰে হয়। যেতিয়া আমি মণ্ডলীৰ ভাই-ভনীসকলক আদৰ কৰোঁ, তেতিয়া যিহোৱাক আদৰ কৰাৰ দৰে হয়। যদি আমি জগতৰ লোকসকলক আদৰ কৰোঁ, তেনেহʼলে আমাৰ ভাল আচাৰ-ব্যৱহাৰ চাই তেওঁলোকে হয়তো আমাৰ মহান ঈশ্বৰ যিহোৱাৰ মহিমা কৰিব। লোকসকলে আমাক আদৰ কৰক বা নকৰক আমি তেওঁলোকৰ প্ৰতি আদৰ বঢ়োৱা উচিত আৰু তেওঁলোকক সন্মান কৰা উচিত। কিয় বাৰু? এইদৰে কৰিলে যিহোৱাই আমাক আশীৰ্বাদ দিব। তেওঁ প্ৰতিজ্ঞা কৰিছে, “যিসকলে মোক আদৰ কৰিব, মই তেওঁলোকক আদৰ কৰিম।”—১ চমূ. ২:৩০, NW.
গীত নং ১৫৩ মোক সাহস দিয়া
a কিছুমান নাম সলনি কৰা হৈছে।