অধ্যয়নৰ লেখ ১৬
গীত নং ৮৭ আহা! সতেজ হোৱা
এজনে-আনজনৰ কাষ চপাটো আমাৰ বাবে লাভজনক
“চোৱা, ভাইবিলাকে ঐক্যেৰে একে-লগে বাস কৰা কেনে উত্তম আৰু সন্তোষজনক।”—গীত. ১৩৩:১.
কি শিকিম?
আমি কেনেকৈ ভাই-ভনীসকলৰ আৰু কাষ চাপিব পাৰিম? এইদৰে কৰিলে আমি কি কি আশীৰ্বাদ পাম, তাৰ বিষয়ে আমি এই লেখত শিকিম।
১-২. যিহোৱাই কি কথাৰ ওপৰত বিশেষ ধ্যান দিয়ে আৰু তেওঁ আমাৰ পৰা কি বিচাৰে?
যিহোৱাই এই কথাৰ ওপৰত বিশেষ ধ্যান দিয়ে যে আমি লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰোঁ। যীচুৱে শিকাইছিল যে আমি আমাৰ ওচৰ-চুবুৰীয়াক নিজৰ নিচনাকৈ প্ৰেম কৰা উচিত। (মথি ২২:৩৭-৩৯) ইয়াৰ অৰ্থ হৈছে আমি সেই লোকসকলকো প্ৰেম কৰা উচিত, যিসকলে যিহোৱাৰ সেৱা নকৰে। যেতিয়া আমি সকলোকে প্ৰেম কৰোঁ, তেতিয়া আমি যিহোৱাৰ দৰে হওঁ। “তেওঁ ভাল আৰু বেয়া দুয়োজনকে ৰʼদ দিয়ে আৰু ভাল কাম কৰা আৰু বেয়া কাম কৰা দুয়োজনৰ ওপৰতে বৰষুণ পেলায়।”—মথি ৫:৪৫.
২ যিহোৱাই সকলো মানুহক প্ৰেম কৰে। কিন্তু যিসকলে তেওঁৰ আজ্ঞা পালন কৰে, যিহোৱাই তেওঁলোকক আৰু বেছিকৈ প্ৰেম কৰে। (যোহ. ১৪:২১) আমি যিহোৱাৰ দৰে হোৱাটো তেওঁ বিচাৰে। সেইবাবে, আমি ভাই-ভনীসকলৰ প্ৰতি “গভীৰ প্ৰেম” ৰখা আৰু তেওঁলোকক “কোমল স্নেহ” দেখুৱাবলৈ তেওঁ আমাক অনুৰোধ কৰিছে। (১ পিত. ৪:৮; ৰোম. ১২:১০) আমাৰ পৰিয়ালৰ লোক আৰু আমাৰ আটাইতকৈ ভাল বন্ধুক আমি গভীৰ প্ৰেম কৰোঁ আৰু কোমল স্নেহ দেখুৱাওঁ। ঠিক সেইদৰে আমি ভাই-ভনীসকলকো গভীৰ প্ৰেম আৰু কোমল স্নেহ দেখুৱা উচিত।
৩. আমি নিজৰ প্ৰেম বঢ়াই থাকিবলৈ কি কৰা উচিত?
৩ প্ৰেম এজোপা গছপুলিৰ দৰে হয়। এজোপা গছপুলি যেনেকৈ নিজে নিজে নাবাঢ়ে, আমি তাক ভালদৰে যত্ন লʼলেহে বাঢ়ে। ঠিক সেইদৰে, আমি মনত ৰখা উচিত যে আনৰ প্ৰতি আমাৰ প্ৰেম নিজে নিজে নাবাঢ়িব। ইয়াৰ বাবে আমি পৰিশ্ৰম কৰিব লাগিব। পাঁচনি পৌলে খ্ৰীষ্টানসকলক কৈছিল, “ভাইসকলৰ নিচিনা এজনে-আনজনক প্ৰেম কৰি থাকা।” (ইব্ৰী ১৩:১) গতিকে আনৰ প্ৰতি প্ৰেম বঢ়াই থকাটো যিহোৱাই বিচাৰে। এই লেখত আমি শিকিম যে আমি কিয় নিজৰ ভাই-ভনীসকলৰ আৰু কাষ চাপি থকা উচিত আৰু আমি এয়া কেনেকৈ কৰিব পাৰোঁ।
আমি কিয় এজনে-আনজনৰ আৰু কাষ চপা উচিত?
৪. ভাই-ভনীসকলৰ মাজত যি প্ৰেম আৰু একতা আছে, তাৰ প্ৰতি আমাৰ কৃতজ্ঞতা কেনেকৈ বঢ়াব পাৰোঁ? (গীতমালা ১৩৩:১) (ছবিখনো চাওক।)
৪ গীতমালা ১৩৩:১ পঢ়ক। গীত ৰচক এজনে কৈছিল যে যিহোৱাক প্ৰেম কৰা লোকসকলৰ লগত বন্ধুত্ব কৰা “উত্তম আৰু সন্তোষজনক” কথা। কিন্তু ইয়াক আমি হয়তো সৰু কথা বুলি ভাবিব পাৰোঁ। ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। এজন মানুহে বাটেদি গৈ থাকোঁতে সদায় এজোপা ডাঙৰ আৰু ধুনীয়া গছ দেখে। প্ৰথম বাৰ যেতিয়া তেওঁ সেই গছজোপা চালে, তেতিয়া বৰ আচৰিত হʼল। কিন্তু সময় পাৰ হোৱাৰ লগে লগে তেওঁৰ বাবে সেই গছজোপা সাধাৰণ হৈ পৰিল। ঠিক সেইদৰে ভাই-ভনীসকলৰ মাজত যি প্ৰেম আৰু একতা আছে, সেয়া বহুমূল্য। কিন্তু প্ৰতি সপ্তাহে আমি বহুবাৰ ভাই-ভনীসকলক লগ পাওঁ। সেইবাবে, তেওঁলোকৰ প্ৰতি আমাৰ প্ৰেম আৰু কৃতজ্ঞতা কমি যাব পাৰে। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ? যদি আমি এই বিষয়ে চিন্তা কৰোঁ যে প্ৰতিজন ভাই আৰু ভনী মণ্ডলীৰ বাবে আৰু আমাৰ বাবে কিমান মূল্যৱান, তেতিয়া তেওঁলোকৰ প্ৰতি আমাৰ প্ৰেম আৰু কৃতজ্ঞতা আৰু বাঢ়ি যাব।
আমাৰ মাজত যি একতা আছে, তাক মূল্যৱান বুলি ভাবক (অনুচ্ছেদ ৪ চাওক)
৫. আমাৰ মাজত থকা প্ৰেমে লোকসকলৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে?
৫ কিছুমান লোকে যেতিয়া প্ৰথমবাৰ আমাৰ সভালৈ আহে, তেতিয়া আমাৰ মাজত কিমান প্ৰেম আছে সেয়া চাবলৈ পায়। এই কথাই তেওঁলোকৰ হৃদয় স্পৰ্শ কৰে আৰু তেওঁলোকৰ অনুভৱ হয় যে তেওঁলোকে সত্য বিচাৰি পালে। যীচুৱে কৈছিল, “যদি তোমালোকৰ মাজত প্ৰেম থাকে, তেনেহʼলে সকলোৱে জানিব যে তোমালোক মোৰ শিষ্য হোৱা।” (যোহ. ১৩:৩৫) চিত্ৰাৰ অনুভৱলৈ মন কৰক। তাই যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিছিল। এবাৰ তাই যিহোৱাৰ সাক্ষীসকলৰ আঞ্চলিক অধিৱেশনত যাবলৈ সুযোগ পালে। অধিৱেশনৰ প্ৰথম দিনৰ শেষত তাই নিজৰ বাইবেল টিচাৰক এইদৰে কʼলে, “আপুনি জানে নে মোৰ মা-দেউতাই কেতিয়াও মোক সাবটি ধৰা নাই। কিন্তু আজি লোকসকলে মোক ৫২ বাৰ সাবটি ধৰিলে। এনে লাগিল যেন যিহোৱাই মোক কিমান প্ৰেম কৰে এয়া তেওঁ নিজৰ লোকসকলৰ যোগেদি মোক অনুভৱ কৰাইছে। ময়ো যিহোৱাৰ লোকসকলৰ লগত মিলি তেওঁৰ উপাসনা কৰিব বিচাৰোঁ।” চিত্ৰা বাইবেল অধ্যয়ন কৰি থাকিল আৰু নিজৰ জীৱনত বহুতো সাল-সলনি কৰিলে। পাছত ২০২৪ চনত তাই বাপ্তিষ্মা লʼলে। এই অনুভৱৰ পৰা জানিব পাৰি যে যেতিয়া নতুন লোকসকলে আমাৰ ভাল কাম আৰু আমাৰ মাজত থকা প্ৰেম চায়, তেতিয়া প্ৰায় তেওঁলোকে যিহোৱাৰ সেৱা কৰিবলৈ ধৰে।—মথি ৫:১৬.
৬. ভাই-ভনীসকলৰ কাষ চাপি থাকিলে আমি কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰোঁ?
৬ ভাই-ভনীসকলৰ কাষ চাপি থাকিলে আমি সুৰক্ষিত হৈ থাকোঁ। পৌলে খ্ৰীষ্টানসকলক কৈছিল, “তোমালোকে প্ৰতিদিনে এজনে-আনজনক উৎসাহিত কৰি থাকা যাতে তোমালোকৰ মাজৰ কোনেও যেন পাপৰ ভুলোৱা শক্তিৰ কাৰণে কঠোৰ হৈ নাযায়।” (ইব্ৰী ৩:১৩) যদি আমি নিৰাশ হওঁ, তেনেহʼলে আমি সঠিক পথৰ পৰা আঁতৰি যাব পাৰোঁ। এনে পৰিস্থিতিত যিহোৱাই কোনো ভাই বা ভনীৰ যোগেদি আমাক সহায় কৰিব পাৰে যাতে আমি সঠিক পথত উভতি আহিব পাৰোঁ। (গীত. ৭৩:২, ১৭, ২৩) সঁচাকৈ, ভাই-ভনীসকলৰ কাষ চাপি থকাটো আমাৰ বাবে বহুত ডাঙৰ আশীৰ্বাদ হয়।
৭. এজনে-আনজনক প্ৰেম কৰাৰ বাবে আমাৰ মাজত কেনেকৈ একতা বজাই ৰাখিব পাৰোঁ? (কলচীয়া ৩:১৩, ১৪)
৭ আমি এজনে-আনজনক বহুত প্ৰেম কৰোঁ আৰু এয়া দেখুৱাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ। ইয়াৰ বাবে আমি বহুতো আশীৰ্বাদ লাভ কৰোঁ। (১ যোহ. ৪:১১) যেনে, প্ৰেমৰ বাবে আমি ‘এজনে-আনজনক সহন কৰিব’ পাৰোঁ আৰু আমাৰ মাজত একতা বজাই ৰাখিব পাৰোঁ। (কলচীয়া ৩:১৩, ১৪ পঢ়ক; ইফি. ৪:২-৬) ইয়াৰ উপৰিও, আমি সভাবোৰত এনে ভাল পৰিৱেশৰ আনন্দ লʼব পাৰোঁ, যি জগতৰ কোনো সংগঠনত পোৱা নাযায়।
আনক আদৰ কৰা
৮. আমাৰ মাজত যাতে একতা থাকে, তাৰ বাবে যিহোৱাই কি কৰে?
৮ গোটেই পৃথিৱীত আমাৰ ভাই-ভনীসকলৰ মাজত যি একতা আছে, সেয়া কোনো চমৎকাৰতকৈ কম নহয়। যিহোৱাৰ সহায়তহে আমি অসিদ্ধ হোৱাৰ সত্ত্বেও একতাত থাকিব পাৰোঁ। (১ কৰি. ১২:২৪, ২৫) বাইবেলত লিখা আছে, ‘ঈশ্বৰে নিজেই আমাক এজনে-আনজনক প্ৰেম কৰিবলৈ শিকাইছে।’ (১ থিচ. ৪:৯) কেনেকৈ বাৰু? তেওঁ নিজৰ বাক্য বাইবেলৰ যোগেদি আমাক জনাই যে আমি এজনে-আনজনৰ আৰু কাষ চাপিবলৈ কি কৰিব লাগিব। যদি আমি ‘ঈশ্বৰৰ পৰা শিকিব’ বিচাৰোঁ, তেনেহʼলে আমি বাইবেল অধ্যয়ন কৰিব লাগিব আৰু শিকা কথাবোৰ পালন কৰিব লাগিব। (ইব্ৰী ৪:১২; যাকো. ১:২৫) আজি যিহোৱাৰ প্ৰতিজন সেৱকে এইদৰেই কৰিবলৈ চেষ্টা কৰে!
৯. ৰোমীয়া ১২:৯-১৩ পদৰ পৰা আমি আনক আদৰ কৰাৰ বিষয়ে কি শিকিব পাৰোঁ?
৯ ঈশ্বৰৰ বাক্যৰ পৰা আমি কেনেকৈ এজনে-আনজনৰ আৰু কাষ চাপিবলৈ শিকোঁ? ইয়াৰ বিষয়ে ৰোমীয়া ১২:৯-১৩ পদত ভাল ভাল পৰামৰ্শ দিয়া হৈছে। (পঢ়ক।) মন কৰক পৌলে কৈছিল, “নিজে আগবাঢ়ি গৈ আনক আদৰ কৰা।” তেওঁ কোৱাৰ অৰ্থ কি আছিল? তেওঁ কোৱাৰ অৰ্থ আছিল যে আমি নিজে আগবাঢ়ি গৈ আনৰ প্ৰতি “কোমল স্নেহ” দেখুৱা উচিত, যেনে: আমি তেওঁলোকক ক্ষমা কৰা উচিত, তেওঁলোকক অতিথি সৎকাৰ দেখুৱা উচিত আৰু উদাৰশীল হোৱা উচিত। (ইফি. ৪:৩২) আমি এইদৰে ভবা উচিত নহয় যে যেতিয়া আনে আমাৰ কাষ চাপিব, তেতিয়াহে আমি তেওঁৰ কাষ চাপিম। তাৰ পৰিৱৰ্তে আমি “নিজে আগবাঢ়ি” যোৱা উচিত। তেতিয়া আমি যীচুৱে কোৱা এই কথা পূৰ হোৱা চাবলৈ পাম: “লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়।”—পাঁচ. ২০:৩৫.
১০. “আনক আদৰ” কৰাৰ ক্ষেত্ৰত আমি কেনেকৈ পৰিশ্ৰমী হʼব পাৰোঁ? (ছবিখনো চাওক।)
১০ পৌলে যেতিয়া কৈছিল যে নিজে আগবাঢ়ি গৈ আনক আদৰ কৰা, তেতিয়া তাৰ লগে লগে কি কৈছিল তালৈ মন কৰক। তেওঁ কৈছিল, “পৰিশ্ৰমী হোৱা, এলেহুৱা নহʼবা।” এজন পৰিশ্ৰমী ব্যক্তিয়ে উৎসাহেৰে আৰু সম্পূৰ্ণ মনোযোগেৰে কাম কৰে। তেওঁক যিয়েই কাম দিয়া হয়, সেয়া তেওঁ মন দি কৰে। হিতোপদেশ ৩:২৭, ২৮ পদত আমাক উৎসাহিত কৰা হৈছে যে “তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, উপকাৰ কৰিব লগীয়াক উপকাৰ নকৰাকৈ নাথাকিবা।” যেতিয়া আমি চাওঁ যে কাৰোবাক সহায়ৰ প্ৰয়োজন আছে, তেতিয়া আমি যিমান পাৰোঁ, সিমান তেওঁক সহায় কৰা উচিত। আমি বাহানা মৰা উচিত নহয় আৰু আনে আহি তেওঁক সহায় কৰিব বুলিও ভবা উচিত নহয়।—১ যোহ. ৩:১৭, ১৮.
আমি আগবাঢ়ি গৈ সহায়ৰ প্ৰয়োজন হোৱা ভাই-ভনীসকলক সহায় কৰা উচিত (অনুচ্ছেদ ১০ চাওক)
১১. এজনে-আনজনৰ আৰু কাষ চাপিবলৈ আমি আৰু কি কৰিব পাৰোঁ?
১১ আনক আদৰ কৰাৰ আন এটা উপায় হৈছে যেতিয়া কোনোবাই আমাৰ মনত আঘাত দিয়ে, তেতিয়া আমি যিমান পাৰোঁ সিমান সোনকালে তেওঁক ক্ষমা কৰি দিয়া। ইফিচীয়া ৪:২৬ পদত লিখা আছে, “বেলি মাৰ নোযোৱাৰ আগতেই তোমালোকৰ খং শান্ত হওক।” আমি এই পৰামৰ্শ কিয় পালন কৰা উচিত? ইয়াৰে ২৭ পদত কোৱা হৈছে যে যদি আমি খং কৰি থাকোঁ, তেনেহʼলে আমি “চয়তানক সুযোগ” দিয়াৰ দৰে হʼব। বাইবেলত যিহোৱাই আমাক বাৰে বাৰে এজনে-আনজনক ক্ষমা কৰিবলৈ অনুৰোধ কৰিছে। কলচীয়া ৩:১৩ পদত লিখা আছে, “এজনে-আনজনক হৃদয় খুলি ক্ষমা কৰি থাকা।” আনৰ ভুলবোৰ আওকাণ কৰা আৰু তেওঁক ক্ষমা কৰা, তেওঁৰ আৰু কাষ চপাৰ এটা ভাল উপায় হয়। যেতিয়া আমি এইদৰে কৰোঁ, তেতিয়া আমি ‘নিজৰ মাজত শান্তি বজাই ৰাখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, যিয়ে আমাক একতাৰ সেই বান্ধোনত বান্ধি ৰাখে।’ (ইফি. ৪:৩) সঁচাকৈ, এজনে-আনজনক ক্ষমা কৰিলে আমাৰ মাজত শান্তি আৰু একতা থাকে!
১২. আনক ক্ষমা কৰিবলৈ যিহোৱাই আমাক কেনেকৈ সহায় কৰে?
১২ এয়া সঁচা যে যেতিয়া কোনোবাই আমাৰ মনত আঘাত দিয়ে, তেতিয়া তেওঁক ক্ষমা কৰাটো আমাৰ বাবে সহজ নহয়। কিন্তু যিহোৱাৰ পবিত্ৰ শক্তিৰ সহায়ত আমি এইদৰে কৰিব পাৰোঁ। এজনে-আনজনৰ প্ৰতি “কোমল স্নেহ” ৰাখিবলৈ আৰু ‘পৰিশ্ৰমী হʼবলৈ’ পৰামৰ্শ দিয়াৰ পাছত পৌলে কʼলে, “পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ” থাকা। যিজন ব্যক্তি “পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ” থাকে, তেওঁৰ সঠিক কাম কৰাৰ উৎসাহ থাকে। গতিকে, পবিত্ৰ শক্তিয়ে আমাৰ উৎসাহ বঢ়ায় যাতে আমি এজনে-আনজনৰ প্ৰতি কোমল স্নেহ ৰাখোঁ আৰু ক্ষমা কৰোঁ। সেইবাবে, আমি যিহোৱাৰ পৰা পবিত্ৰ শক্তি বিচাৰি তেওঁলৈ মিনতি কৰোঁ।—লূক ১১:১৩.
“তোমালোকৰ মাজত বিভেদ নাথাকক”
১৩. আমাৰ মাজত কিহৰ বাবে বিভেদৰ সৃষ্টি হʼব পাৰে?
১৩ খ্ৰীষ্টান মণ্ডলীত সকলো ধৰণৰ মানুহ থাকে আৰু তেওঁলোক বেলেগ বেলেগ পৰিৱেশত ডাঙৰ-দিঘল হয়। (১ তীম. ২:৩, ৪) সেইবাবে চিকিৎসা, মনোৰঞ্জন আৰু কাপোৰ-কানিৰ বিষয়ে ভাই-ভনীসকলৰ পচন্দবোৰ বেলেগ বেলেগ। যদি আমি সাৱধান নহওঁ, তেনেহʼলে ইয়াৰ বাবে আমাৰ মাজত বিভেদৰ সৃষ্টি হʼব পাৰে। (ৰোম. ১৪:৪; ১ কৰি. ১:১০) আমাক ঈশ্বৰে নিজে এজনে-আনজনক প্ৰেম কৰিবলৈ শিকাইছে। সেইবাবে, আমি যাতে নিজকে আনতকৈ শ্ৰেষ্ঠ বুলি নাভাবোঁ আৰু নিজৰ পচন্দবোৰ আনৰ ওপৰত জাপি নিদিওঁ তাৰ প্ৰতি আমি ধ্যান দিয়া উচিত।—ফিলি. ২:৩.
১৪. আমি কি কৰিবলৈ চেষ্টা কৰা উচিত আৰু কিয়?
১৪ মণ্ডলীত যাতে বিভেদৰ সৃষ্টি নহয় তাৰ বাবে আমি আৰু কি কৰিব পাৰোঁ? আমি ভাই-ভনীসকলক সতেজ আৰু মজবুত কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিব পাৰোঁ। (১ থিচ. ৫:১১) অলপতে, মণ্ডলীত এনে ভাই-ভনীসকল উভতি আহিছে যিসকলে এসময়ত প্ৰচাৰ আৰু সভালৈ যাবলৈ বন্ধ কৰি দিছিল বা যিসকলক মণ্ডলীৰ পৰা বাহিৰ কৰা হৈছিল। আমি এনে ভাই-ভনীসকলক মৰমেৰে আদৰণি জনাওঁ। (২ কৰি. ২:৮) মন কৰক, এবাৰ যেতিয়া এজনী নিষ্ক্ৰিয় ভনী দহ বছৰৰ পাছত যেতিয়া সভালৈ আহিছিল, তেতিয়া তাইৰ কেনে লাগিছিল। তাই কৈছে, “সকলোৱে মোক চাই আনন্দিত হʼল। তেওঁলোকে মোৰ লগত হাত মিলালে আৰু মৰমেৰে মোক আদৰণি জনালে।” (পাঁচ. ৩:১৯) ইয়ে ভনীৰ ওপৰত কি প্ৰভাৱ পেলালে? তাই এইদৰে কৈছে, “মোৰ এনে অনুভৱ হʼল যেন মই আকৌ আনন্দিত থাকিবলৈ কি কৰিব লাগিব, তাৰ বিষয়ে যিহোৱাই মোক শিকাই আছে।” যেতিয়া আমি আনক উৎসাহিত কৰোঁ, তেতিয়া যীচুৱে আমাৰ জৰিয়তে ‘কঠোৰ পৰিশ্ৰম কৰা আৰু গধুৰ বোজা লোৱা লোকসকলক’ সতেজ কৰে।—মথি ১১:২৮, ২৯.
১৫. মণ্ডলীত একতা বজাই ৰখাৰ আন এটা উপায় কি? (ছবিখনো চাওক।)
১৫ মণ্ডলীত একতা বজাই ৰখাৰ আন এটা উপায় হৈছে, আমি কি কওঁ তাৰ প্ৰতি ধ্যান দিয়া। ইয়োব ১২:১১ পদত লিখা আছে, “জিবাই যেনেকৈ আহাৰৰ আস্বাদ লয়, তেনেকৈ কাণে জানো কথাৰ পৰীক্ষা নকৰে?” এজন ভাল ৰান্ধনিয়ে আনক আহাৰ দিয়াৰ আগতে নিজে অলপমান খাই চায়। ঠিক সেইদৰে, আমি আনক কিবা এটা কথা কোৱাৰ আগতে ভাবি চোৱা উচিত যে সেই কথাই ব্যক্তিজনৰ ওপৰত কি প্ৰভাৱ পেলাব। (গীত. ১৪১:৩) আমি সদায় চেষ্টা কৰা উচিত যে আমাৰ কথাৰ পৰা আনে যাতে উৎসাহিত হয়, সতেজ হয় আৰু শুনা লোকসকলে লাভৱান হয়।—ইফি. ৪:২৯
যিকোনো কথা কোৱাৰ আগতে চিন্তা কৰি চাওক যে আপুনি যি কʼব, ইয়ে ব্যক্তিজনৰ ওপৰত কি প্ৰভাৱ পেলাব (অনুচ্ছেদ ১৫ চাওক)
১৬. কোন লোকসকলে আনক উৎসাহিত কৰাৰ ক্ষেত্ৰত বিশেষ ধ্যান দিয়া উচিত?
১৬ স্বামীসকল আৰু পিতৃ-মাতৃসকলে এই কথাৰ ওপৰত বিশেষ ধ্যান দিয়া উচিত যে তেওঁলোকৰ কথাৰ পৰা আনে যাতে উৎসাহিত হয়। (কল. ৩:১৯, ২১; তীত ২:৪) প্ৰাচীনসকলেও মনত ৰখা উচিত যে তেওঁলোকে ৰখীয়া হিচাপে যিহোৱাৰ ভেড়াবোৰক সতেজ কৰিব লাগিব আৰু শান্ত্বনা দিব লাগিব। (যিচ. ৩২:১, ২; গালা. ৬:১) এটা হিতোপদেশতো লিখা আছে, “উচিত সময়ত কোৱা বাক্য কেনে উত্তম!”—হিতো. ১৫:২৩.
‘আন্তৰিকতাৰে প্ৰেম কৰি থাকক’
১৭. ভাই-ভনীসকলক আন্তৰিকতাৰে প্ৰেম কৰিবলৈ আমি কি কৰিব পাৰোঁ?
১৭ পাঁচনি যোহনে কৈছিল যে “আমি কেৱল কথাৰে বা জিভাৰে নহয়, ইয়াৰ পৰিৱৰ্তে নিজৰ কামৰ যোগেদি দেখুৱা উচিত যে আমি আন্তৰিকতাৰে প্ৰেম কৰোঁ।” (১ যোহ. ৩:১৮) ভাই-ভনীসকলক আন্তৰিকতাৰে প্ৰেম কৰিবলৈ আমি কি কৰিব পাৰোঁ? তেওঁলোকৰ লগত বেছিকৈ সময় কটাওক। তেতিয়া আপুনি ভাই-ভনীসকলৰ আৰু কাষ চাপিব আৰু তেওঁলোকৰ প্ৰতি থকা প্ৰেম আৰু গভীৰ হʼব। সেইবাবে, ভাই-ভনীসকলৰ লগত সময় কটাবলৈ সুযোগ বিচাৰি থাকক। যেনে, সভাৰ আগত আৰু পাছত তেওঁলোকৰ লগত কথা পাতক আৰু তেওঁলোকৰ লগত প্ৰচাৰলৈ যাওক। সময় উলিয়াই তেওঁলোকক লগ কৰিবলৈও যাওক। এইদৰে আপুনি দেখুৱাব যে আপোনাক “ঈশ্বৰে এজনে-আনজনক প্ৰেম কৰিবলৈ শিকাইছে।” (১ থিচ. ৪:৯) তাৰ পাছত আপুনি অনুভৱ কৰিব যে “ভাইবিলাকে ঐক্যেৰে একে-লগে বাস কৰা কেনে উত্তম আৰু সন্তোষজনক।”—গীত. ১৩৩:১.
গীত নং ৯০ এজনে-আনজনক সাহস দিয়ক