অধ্যয়নৰ লেখ ১৫
গীত নং ৩০ যিহোৱা মোৰ ঈশ্বৰ, পিতৃ আৰু বন্ধু
“ঈশ্বৰৰ ওচৰ চপাই মঙ্গল”
“মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল।”—গীত. ৭৩:২৮.
কি শিকিম?
যিহোৱাৰ আৰু ওচৰ চাপিবলৈ আমি কি কৰিব পাৰোঁ? এইদৰে কৰিলে আমি কি কি আশীৰ্বাদ পাম?
১-২. (ক) কাৰোবাৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ আমি কি কৰাৰ প্ৰয়োজন হয়? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
আপোনাৰ ভাল বন্ধু আছে নে? তেওঁৰ লগত বন্ধুত্ব কৰিবলৈ আপুনি কি কৰিলে? আপুনি নিশ্চয় তেওঁৰ লগত সময় অতিবাহিত কৰিলে। তেওঁ কি ভাল পাই আৰু কি বেয়া পায়, সেয়া হয়তো জানিবলৈ চেষ্টা কৰিলে। এইদৰে আপুনি তেওঁৰ বিষয়ে বহুত কিছু জানিব পাৰিলে। আপুনি জানিব পাৰিলে যে তেওঁ এজন ভাল ব্যক্তি হয় আৰু তেওঁৰ বহুতো ভাল গুণ আছে। এইদৰে আপুনি তেওঁৰ লগত বন্ধুত্ব কৰিবলৈ আগবাঢ়িলে আৰু তেওঁ আপোনাৰ এজন ভাল বন্ধু হৈ পৰিল।
২ বন্ধুত্ব গঢ়ি তুলিবলৈ সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন। ঠিক সেইদৰে যিহোৱাৰ কাষ চাপিবলৈও সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয়। এই লেখত আমি শিকিম যে যিহোৱাৰ আৰু কাষ চাপিবলৈ আমি কি কৰা উচিত আৰু ইয়াৰ পৰা আমি কি কি আশীৰ্বাদ লাভ কৰিম। আহক প্ৰথমে চাওঁ যে আমাৰ আটাইতকৈ ভাল বন্ধু যিহোৱাৰ কাষ চপাটো আমাৰ কাৰণে কিয় ভাল?
৩. যিহোৱাৰ কাষ চপাটো আমাৰ বাবে ভাল, এই বিষয়ে চিন্তা কৰাটো কিয় গুৰুত্বপূৰ্ণ? উদাহৰণ দি বুজাওক।
৩ যিহোৱাৰ কাষ চপাটো আমাৰ বাবে ভাল আৰু ইয়াৰ পৰা আমাৰেই লাভ হয়। যদি আমি ইয়াৰ বিষয়ে গভীৰভাৱে চিন্তা কৰোঁ, তেনেহʼলে আমি তেওঁৰ আৰু কাষ চাপি গৈ থাকিব পাৰিম। (গীত. ৬৩:৫-৮) ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। সকলোৱে জানে যে স্বাস্থ্যৱান হৈ থাকিবলৈ পুষ্টিকৰ খাদ্য খোৱা, ব্যায়াম কৰা, ভাল টোপনি লোৱা আৰু প্ৰতিদিনে বেছিকৈ পানী খোৱাটো অতি প্ৰয়োজন। এই সকলোবোৰ জনাৰ সত্ত্বেও কিছুমান লোকে এইদৰে নকৰে। কিয়নো তেওঁলোকে ইয়াৰ বিষয়ে চিন্তাই নকৰে। কিন্তু এজন ব্যক্তিয়ে যদি এইবোৰৰ বিষয়ে চিন্তা কৰে, তেনেহʼলে তেওঁ নিশ্চয় পদক্ষেপ লʼব আৰু স্বাস্থ্যৱান হৈ থাকিব। ঠিক সেইদৰে আমি সকলোৱে জানোঁ যে যিহোৱাৰ কাষ চপাটো আমাৰ বাবে ভাল। যদি আমি ইয়াৰ বিষয়ে গভীৰভাৱে চিন্তা কৰোঁ, তেনেহʼলে তেওঁৰ আৰু কাষ চাপিবলৈ আমাৰ মন যাব।—গীত. ১১৯:২৭-৩০.
৪. গীতমালা ৭৩:২৮-ৰ লেখকজনে কি কʼলে?
৪ গীতমালা ৭৩:২৮ পঢ়ক। গীতমালা ৭৩-ৰ লেখক এজন লেবী আছিল আৰু যিহোৱাৰ মন্দিৰত এজন সংগীতকাৰ হিচাপে সেৱা কৰিছিল। তেওঁ হয়তো বহু বছৰৰ পৰা যিহোৱাৰ সেৱা কৰি আছিল। কিন্তু তেওঁ এয়া ভালদৰে জানিছিল যে “ঈশ্বৰৰ ওচৰ চপাই” তেওঁৰ বাবে ভাল। ইয়াৰ উপৰিও তেওঁ আনকো এইদৰে কৰিবলৈ উৎসাহিত কৰিলে। এতিয়া আহক চাওঁ যে যিহোৱাৰ ওচৰ চপাটো আমাৰ বাবে কিয় ভাল।
‘ঈশ্বৰৰ ওচৰ চপিলে’ আনন্দ পাওঁ
৫. (ক) যিহোৱাৰ আৰু ওচৰ চাপিলে আমি কিয় আনন্দ লাভ কৰোঁ? (খ) হিতোপদেশ ২:৬-১৬ পদত দিয়া যিহোৱাৰ বুদ্ধিৰে ভৰা কথাবোৰ পালন কৰিলে আপুনি কেনেকৈ সহায় লাভ কৰিব আৰু সুৰক্ষিত থাকিব পাৰিব?
৫ আমি যিমানে যিহোৱাৰ ওচৰ চাপিম, সিমানে আনন্দিত থাকিম। (গীত. ৬৫:৪) আমি এইদৰে কিয় কʼব পাৰোঁ? ইয়াৰ বহুতো কাৰণ আছে। যেনে, যিহোৱাই নিজৰ বাক্যত যি বুদ্ধিৰে ভৰা কথা লিখাইছে, তাক পালন কৰিলে আমাৰে লাভ হয়। আমি বেয়া কথাবোৰত নপৰোঁ আৰু পাপ কৰাৰ পৰা আঁতৰি থাকোঁ। (হিতোপদেশ ২:৬-১৬ পঢ়ক।) সেইবাবে বাইবেলত লিখা আছে, “যি মানুহে প্ৰজ্ঞা পায়, আৰু সুবুদ্ধি লাভ কৰে, তেওঁ ধন্য।”—হিতো. ৩:১৩.
৬. গীতমালা ৭৩-ৰ লেখকজনে কিহৰ বাবে নিজৰ আনন্দ হেৰুৱাই পেলাইছিল?
৬ এয়া সঁচা যে বহুবাৰ যিহোৱাৰ বন্ধুসকলেও নিৰাশ হৈ পৰে। এবাৰ গীতমালা ৭৩-ৰ লেখকজনেও নিজৰ আনন্দ হেৰুৱাই পেলাইছিল। তেওঁ ভাবিছিল যে যিসকল লোকে যিহোৱাক প্ৰেম নকৰে আৰু তেওঁৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন নকৰে, তেওঁলোকে আৰামেৰে জীৱন কটাই আছে। সেইবাবে, তেওঁৰ বহুত খং উঠিল আৰু সেই লোকসকলক হিংসা কৰিবলৈ ধৰিলে। তেওঁ মানি লৈছিল যে যিসকল লোক অহংকাৰী হয় আৰু হিংসা কৰে, তেওঁলোকে দিনক-দিনে ধনী হৈ গৈ আছে। তেওঁলোকৰ স্বাস্থ্যও ভাল হৈ থাকে আৰু তেওঁলোকৰ জীৱনত একো সমস্যা নহয়। (গীত. ৭৩:৩-৭, ১২) তেওঁ এয়া ভাবি ইমানে চিন্তিত হৈ পৰিল যে যিহোৱাৰ সেৱা কৰাৰ কোনো লাভ নাই বুলি ভাবিবলৈ ধৰিলে। দুখত পৰি তেওঁ এইদৰে কʼলে, “মই বৃথাই অন্তঃকৰণ পৰিষ্কাৰ কৰিলোঁ, আৰু হাত ধুই নিজ নিৰ্দ্দোষিতা প্ৰকাশ কৰিলোঁ।”—গীত. ৭৩:১৩.
৭. যেতিয়া আমি নিৰাশ অনুভৱ কৰোঁ, তেতিয়া আমি কি কৰিব পাৰোঁ? (বেটুপাতত দিয়া চাওক।)
৭ গীতমালাৰ লেখকজন বহুত নিৰাশাত আছিল, কিন্তু তেওঁ হাৰ নামানিলে। তেওঁ “ঈশ্বৰৰ পবিত্ৰস্থানত” গʼল আৰু তাত যিহোৱাই তেওঁৰ চিন্তাধাৰা শুধৰণি কৰিলে। (গীত. ৭৩:১৭-১৯) যেতিয়া আমি দুখত বা নিৰাশাত থাকোঁ, তেতিয়া আমাৰ আটাইতকৈ ভাল বন্ধু যিহোৱাই জানে যে আমি কেনে অনুভৱ কৰি আছোঁ। সেইবাবে, আমি তেওঁক প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু সহায় বিচাৰিব পাৰোঁ। তেতিয়া যিহোৱাই নিজৰ বাক্য বাইবেল আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ যোগেদি আমাক সাহস দিব, যাতে আমি সেই দুখৰ পৰা ওলাই আহিব পাৰোঁ। ইয়াৰ উপৰিও যেতিয়া চিন্তাই আমাক আগুৰি ধৰে, তেতিয়া যিহোৱাই আমাক শান্ত্বনা আৰু মনৰ শান্তি দিব।—গীত. ৯৪:১৯.a
যিজন লেবীয়ে গীতমালা ৭৩ লিখিছিল, তেওঁ “ঈশ্বৰৰ পবিত্ৰ স্থানত” থিয় হৈ আছে (অনুচ্ছেদ ৭ চাওক)
‘ঈশ্বৰৰ ওচৰ চাপিলে’ জীয়াই থকাৰ উদ্দেশ্য আৰু আশা পাওঁ
৮. যিহোৱাৰ ওচৰ চাপিলে আমাৰ আৰু কেনেকৈ লাভ হয়?
৮ যিহোৱাৰ ওচৰ চপাটো আমাৰ বাবে ভাল। কিয় বাৰু? ইয়াৰ আৰু দুটা কাৰণ আছে। প্ৰথম, ইয়াৰ পৰা আমি জীয়াই থকাৰ উদ্দেশ্য পাওঁ। দ্বিতীয়, আমি ভৱিষ্যৰ বাবে এক প্ৰকৃত আশা লাভ কৰোঁ। (যিৰি. ২৯:১১) আহক এটা এটাকৈ আলোচনা কৰোঁ।
৯. যিহোৱাৰ ওচৰ চাপিলে আমি কেনেকৈ জীয়াই থকাৰ উদ্দেশ্য আৰু আনন্দ পাওঁ?
৯ যিহোৱাৰ ওচৰ চাপিলে আমি জীয়াই থকাৰ আশা লাভ কৰোঁ আৰু আমি আনন্দত থাকোঁ। আজি বহুতো লোকে বিশ্বাস কৰে যে ঈশ্বৰ নাই। সেইবাবে, তেওঁলোকৰ ওচৰত জীয়াই থকাৰ কোনো আশা নাই। তেওঁলোকে ভাবে এদিন সকলো শেষ হৈ যাব আৰু মানুহো নাইকিয়া হৈ যাব। কিন্তু আমি বাইবেলৰ অধ্যয়ন কৰিলোঁ আৰু আমাৰ বিশ্বাস আছে যে “ঈশ্বৰ সঁচাকৈ আছে” আৰু আমি তেওঁৰ সেৱাত যি কৰোঁ, সেয়া কেতিয়াও ব্যৰ্থ নহʼব। কাৰণ “তেওঁ সেই লোকসকলক পুৰস্কাৰ দিয়ে, যিসকলে সম্পূৰ্ণ যত্নেৰে তেওঁক বিচাৰে।” (ইব্ৰী ১১:৬) যিহোৱাই আমাক এইদৰে সৃষ্টি কৰিছে যে তেওঁৰ সেৱা কৰিলে আমি আনন্দ লাভ কৰোঁ। গতিকে, যেতিয়া আমি এইদৰে কৰোঁ, তেতিয়া আমি আনন্দত থাকোঁ।—দ্বিতী. ১০:১২, ১৩.
১০. যিহোৱাৰ ওপৰত ভৰসা কৰা লোকসকলক তেওঁ কেনেধৰণৰ ভৱিষ্য দিয়াৰ প্ৰতিজ্ঞা কৰিছে? (গীতমালা ৩৭:২৯)
১০ বহুতো লোকে ভাবে যে এয়াই প্ৰকৃত জীৱন। তেওঁলোকে কামলৈ যায়, বিয়া পাতে, লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰে আৰু বৃদ্ধ বয়সৰ বাবে অলপ টকা সাঁচি ৰাখে। তেওঁলোকে ঈশ্বৰৰ বিষয়ে নাভাবেই। কিন্তু আমি ঈশ্বৰৰ সেৱসকলে তেওঁৰ ওপৰত আশা ৰাখোঁ। (গীত. ২৫:৩-৫; ১ তীম. ৬:১৭) আমি তেওঁৰ ওচৰ চাপিলোঁ আৰু আমাৰ সম্পূৰ্ণ ভৰসা আছে যে তেওঁ নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব। আমি সেই সময়ৰ বাবেও আগ্ৰহেৰে বাট চাই আছোঁ, যেতিয়া আমি নতুন পৃথিৱীত সদায় কালৰ বাবে যিহোৱাৰ উপাসনা কৰিম।—গীতমালা ৩৭:২৯ পঢ়ক।
১১. যেতিয়া আমি যিহোৱাৰ ওচৰ চাপোঁ, তেতিয়া আমি কি আশীৰ্বাদ লাভ কৰোঁ আৰু যিহোৱাক কেনেকুৱা লাগে?
১১ যিহোৱাৰ ওচৰ চাপিলে আমি বহুতো আশীৰ্বাদ লাভ কৰোঁ। যেনে, যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যদি আমি হৃদয়েৰে অনুতাপ কৰোঁ, তেনেহʼলে তেওঁ আমাৰ পাপ ক্ষমা কৰিব। (যিচ. ১:১৮) সেইবাবে, আমি আমাৰ ভুলবোৰৰ গধুৰ বোজা উঠাবলগীয়া নহয় আৰু আমাৰ বিবেক শুদ্ধ হৈ থাকে। (গীত. ৩২:১-৫) যেতিয়া আমি যিহোৱাৰ ওচৰ চাপোঁ, তেতিয়া তেওঁ আনন্দিত হয়। (হিতো. ২৩:১৫) আপুনি এনে আৰু আশীৰ্বাদৰ বিষয়ে চিন্তা কৰিব পাৰেনে, যি যিহোৱাৰ ওচৰ চাপিলে পোৱা যায়? এতিয়া আহক চাওঁ যে যিহোৱাৰ ওচৰ চাপি থাকিবলৈ আমি কি কৰিব পাৰোঁ?
“ঈশ্বৰৰ ওচৰ” চাপি থাকিবলৈ আমি কি কৰিব পাৰোঁ?
১২. যিহোৱাৰ আৰু ওচৰ চাপিবলৈ আপুনি কি কৰি থাকিব লাগিব?
১২ আপুনি যদি বাপ্তিষ্মা লৈছে, তেনেহʼলে আপুনি নিশ্চয় যিহোৱাৰ ওচৰ চাপিবলৈ কিছুমান পদক্ষেপ লৈছে। যেনে, আপুনি যিহোৱা আৰু যীচুৰ বিষয়ে সত্য শিকিলে, নিজৰ পাপৰ অনুতাপ কৰিলে, যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস বঢ়ালে আৰু তেওঁৰ ইচ্ছাৰ অনুসৰি জীৱন-যাপন কৰিবলৈ চেষ্টা কৰিলে। কিন্তু আপুনি যদি যিহোৱাৰ আৰু ওচৰ চাপিব বিচাৰে, তেনেহʼলে এই কামবোৰ কৰি থাকিব লাগিব।—কল. ২:৬.
১৩. যিহোৱাৰ আৰু ওচৰ চাপিবলৈ আমি কি তিনিটা পদক্ষেপ লʼব লাগিব?
১৩ যিহোৱাৰ আৰু ওচৰ চাপিবলৈ আমি কি কৰিব লাগিব? (১) আমি প্ৰতিদিনে বাইবেল পঢ়িব লাগিব আৰু অধ্যয়ন কৰিব লাগিব। আমি কেৱল তথ্য গোটাবলৈ এইদৰে কৰা উচিত নহয়। তাৰ পৰিৱৰ্তে আমি যিহোৱাৰ চিন্তাধাৰা জানিবলৈও চেষ্টা কৰা উচিত। আমি এয়াও বুজি পাব লাগিব যে আমাৰ বাবে তেওঁৰ ইচ্ছা কি আৰু সেই অনুসৰি জীৱন-যাপন কৰিব লাগিব। (ইফি. ৫:১৫-১৭) (২) আমি তেওঁৰ ওপৰত নিজৰ বিশ্বাস মজবুত কৰিব লাগিব। আমি এয়া কেনেকৈ কৰিব পাৰোঁ? যিহোৱাই আমাৰ বাবে যি বেলেগ বেলেগ উপায়েৰে নিজৰ প্ৰেম দেখুৱাইছে, তাৰ ওপৰত মনন কৰি। (৩) যিহোৱাই যিবোৰ কামক ঘৃণা কৰে, আমিও সেইবোৰ কামক ঘৃণা কৰিব লাগিব। আমি সেই লোকসকলৰ পৰা দূৰত থাকিব লাগিব, যিসকলে বেয়া কামত লাগি থাকে।—গীত. ১:১; ১০১:৩.
১৪. যিহোৱাক আনন্দিত কৰিবলৈ আমি প্ৰতিদিনে কি কৰিব পাৰোঁ? (১ কৰিন্থীয়া ১০:৩১) (ছবিখনো চাওক।)
১৪ প্ৰথম কৰিন্থীয়া ১০:৩১ পঢ়ক। যিহোৱাৰ মন আনন্দিত কৰা কামবোৰত লাগি থকাটো অতি গুৰুত্বপূৰ্ণ। যেনে, আমি প্ৰচাৰ কৰা উচিত আৰু সভালৈ যোৱা উচিত। কিন্তু এয়াই যথেষ্ট নহয়। যিহোৱাক আনন্দিত কৰিবলৈ আমি প্ৰতিদিনে কিছুমান ভাল কামো কৰিব লাগিব। যেনে, সকলো কথাত বিশ্বাসী হৈ থাকিব লাগিব আৰু নিজৰ বস্তু আনৰ লগত ভগাব লাগিব। (২ কৰি. ৮:২১; ৯:৭) আমি নিজৰ জীৱনক বহুমূল্য বুলি ভবা উচিত। খোৱা-বোৱাৰ ক্ষেত্ৰত আমি সঠিক দৃষ্টিভংগী বজাই ৰখা উচিত আৰু নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। এইদৰে আমি যিহোৱাৰ আৰু ওচৰ চাপিব পাৰিম। যেতিয়া যিহোৱাই চাব যে আমি সৰু সৰু কথাত তেওঁক আনন্দিত কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া তেওঁ আমাক আৰু প্ৰেম কৰিবলৈ ধৰিব।—লূক ১৬:১০.
যিহোৱাক আনন্দিত কৰাৰ কিছুমান উপায় হৈছে: গাড়ী চলোৱাৰ সময়ত সাৱধান হৈ থকা; ব্যায়াম কৰি আৰু পুষ্টিকৰ আহাৰ খাই নিজৰ স্বাস্থ্যৰ যত্ন লোৱা; অতিথি-সৎকাৰ কৰা (অনুচ্ছেদ ১৪ চাওক)
১৫. যিহোৱাই আমাৰ পৰা কি বিচাৰে?
১৫ যিহোৱাই ভাল আৰু বেয়া দুয়োধৰণৰ লোকৰ ভালৰ বিষয়ে চিন্তা কৰে। (মথি ৫:৪৫) আমিও এইদৰে কৰাটো তেওঁ বিচাৰে। সেইবাবে তেওঁ কৈছে, “কাৰো বিষয়েও যেন বদনাম কৰা কথা নকয়, কাজিয়া নকৰে, . . . আৰু সকলোৰে লগত সম্পূৰ্ণ কোমলতাৰে যেন ব্যৱহাৰ কৰে।” (তীত ৩:২) আমি এই কথা মনত ৰাখোঁ, সেইবাবে যিসকলে যিহোৱাক উপাসনা নকৰে তেওঁলোকক আমি তল চকুৰে নাচাওঁ। (২ তীম. ২:২৩-২৫) আমি সকলোৰে লগত ভালদৰে ব্যৱহাৰ কৰোঁ, যাৰ বাবে আমি যিহোৱাৰ আৰু ওচৰ চাপি আহোঁ।
ভুল হোৱাৰ সত্ত্বেও আমি “ঈশ্বৰৰ ওচৰ” চাপিব পাৰোঁ
১৬. এসময়ত গীতমালা ৭৩-ৰ লেখকজনৰ কেনে অনুভৱ হৈছিল?
১৬ আপোনাৰ পৰা যি ভুল হৈছে, তাৰ বাবে হয়তো আপোনাক লাগিব পাৰে যে আপুনি যিহোৱাৰ প্ৰেমৰ যোগ্য নহয়। এনে পৰিস্থিতিত আপুনি কি কৰিব পাৰে? গীতমালা ৭৩-ৰ লেখকজনৰ বিষয়ে চিন্তা কৰক। তেওঁ কৈছে, “মোৰ ভৰি হলে প্ৰায় লৰিছিল; মোৰ খোজ প্ৰায়ে পিছলি গৈছিল।” (গীত. ৭৩:২) তাৰ পাছত তেওঁ কʼলে, “মই মনতে দুখ পাইছিলোঁ” আৰু “মই মুৰ্খ আৰু অজ্ঞান আছিলোঁ।” তেওঁ এয়াও কʼলে যে তেওঁ যিহোৱাৰ ওচৰত অজ্ঞান “পশুৰ নিচিনা” আছিল। (গীত. ৭৩:২১, ২২) ইয়াৰ ফলত তেওঁ এয়া মানি লৈছিল নে যে তেওঁৰ বাবে এতিয়াৰ পৰা কোনো আশা নাই আৰু যিহোৱাই তেওঁক কেতিয়াও প্ৰেম নকৰিব?
১৭. (ক) যেতিয়া গীত ৰচকজনে বহুত নিৰাশ অনুভৱ কৰিছিল, তেতিয়া তেওঁ কি কৰিলে? (খ) আমি তেওঁৰ পৰা কি শিকিব পাৰোঁ? (ছবিখনো চাওক।)
১৭ যদিও গীত ৰচকজনে ভাবিছিল যে যিহোৱাই তেওঁক এৰি দিছে, কিন্তু তেওঁ কিছু সময়ৰ বাবেহে এইদৰে অনুভৱ কৰিছিল। যেতিয়া তেওঁ বহুত নিৰাশ হৈ পৰিছিল, তেতিয়া তেওঁ হয়তো অনুভৱ কৰিছিল যে তেওঁ যিহোৱাৰ আৰু কাষ চপা উচিত। সেইবাবে তেওঁ লিখিলে, “তথাপি মই সদায় তোমাৰ লগতে আছোঁ; তুমি মোৰ সোঁ হাত ধৰি ৰাখিলা। তুমি নিজ মন্ত্ৰণাৰে মোক পথ দেখুৱাবা, আৰু পাছেকৈ মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।” (গীত. ৭৩:২৩, ২৪) আমিও যেতিয়া দুৰ্বল আৰু নিৰাশ হওঁ, তেতিয়া আমি নিজৰ শিলা যিহোৱাৰ ওপৰত ভৰসা ৰখা উচিত যে তেওঁ নিশ্চয় আমাক সহায় কৰিব। (গীত. ৭৩:২৬; ৯৪:১৮) যদিও আমাৰ পৰা ভুল হৈ যায়, তথাপিও আমি যিহোৱালৈ উভতি আহিব পাৰোঁ আৰু ভৰসা ৰাখিব পাৰোঁ যে তেওঁ “ক্ষমাৱান” ঈশ্বৰ হয়। (গীত. ৮৬:৫) যেতিয়া আমি বহুত নিৰাশ হৈ পৰোঁ, তেতিয়া আমি যিহোৱাৰ আৰু কাষ চপা উচিত।—গীত. ১০৩:১৩, ১৪.
যেতিয়া আমাৰ বিশ্বাস দুৰ্বল হʼবলৈ ধৰে, তেতিয়া আমি প্ৰাৰ্থনা কৰি আৰু সভালৈ গৈ যিহোৱাৰ আৰু ওচৰ চপা উচিত (অনুচ্ছেদ ১৭ চাওক)
‘ঈশ্বৰৰ ওচৰ চাপি’ থাকক
১৮. আমি কিয় সদায় যিহোৱাৰ ওচৰ চাপি থাকিম?
১৮ বাইবেলত লিখা আছে যে যিহোৱাৰ পথ, তেওঁৰ বুদ্ধি আৰু জ্ঞান “কোনে বুজিব পাৰে!” (ৰোম. ১১:৩৩) সেইবাবে, আমি যিহোৱাৰ বিষয়ে সম্পূৰ্ণকৈ জানিব নোৱাৰোঁ। আমি সদায় তেওঁৰ বিষয়ে শিকি থাকিম আৰু তেওঁৰ ওচৰ চাপি থাকিম।
১৯. গীতমালাত লিখা কথাৰ পৰা আমাৰ কিহৰ ওপৰত বিশ্বাস বাঢ়ে?
১৯ গীতমালা ৭৯:১৩ পদত লিখা আছে: “তোমাৰ প্ৰজা আৰু চৰণীয়া পথাৰৰ মেৰ যি আমি, আমি অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম, আৰু পুৰুষানুক্ৰমে তোমাৰ প্ৰশংসা প্ৰচাৰ কৰিম।” যেনেকৈ আমি ঈশ্বৰৰ আৰু ওচৰ চাপি গৈ থাকোঁ, তেনেকৈ আমাৰ বিশ্বাস বাঢ়িব যে তেওঁ আমাক প্ৰচুৰ আশীৰ্বাদ দিব। তাৰ পাছত গীত ৰচকজনৰ দৰে আমিও কʼব পাৰিম, “ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি, আৰু মোৰ অধিকাৰৰ ভাগ।”—গীত. ৭৩:২৬.
গীত নং ৩২ যিহোৱাৰ ফলিয়া হোৱা!
a যিসকল লোকে বহুত চিন্তিত থাকে বা যিসকলে বহু সময়ৰ পৰা নিৰাশাত আছে, তেওঁলোকে হয়তো ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হʼব। বেছিকৈ জানিবলৈ প্ৰহৰীদুৰ্গ, (হিন্দী) নং ১ ২০২৩ পঢ়ক।