ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g24 নং ১ পৃষ্ঠা ৪-৬
  • আনক সন্মান কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আনক সন্মান কৰক
  • সচেতন থাকক!—২০২৪
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আনক সন্মান কৰাটো কিয় প্ৰয়োজন?
  • আপুনি কেনেকৈ আনক সন্মান কৰিব পাৰে?
  • আমাৰ প্ৰচেষ্টা
  • আনক আদৰ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • আদৰ-সন্মান এতিয়াও বাকী আছেনে?
    সচেতন থাকক!—২০২৪
  • অধিকাৰীসকলক কিয় সন্মান কৰা উচিত?
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • পৰিয়ালৰ সন্মান কৰক
    সচেতন থাকক!—২০২৪
আৰু চাওক
সচেতন থাকক!—২০২৪
g24 নং ১ পৃষ্ঠা ৪-৬
হোটেলত এজন ৱেটাৰে এজন ব্যক্তিক ক্ষমা বিচাৰিবলৈ চেষ্টা কৰি আছে, কিন্তু ব্যক্তিজনে তেওঁক গালি পাৰি আছে। ব্যক্তিজনৰ লগত টেবুলত বহা আন লোকসকলক এয়া দেখি বহুত বেয়া লাগিছে।

আনক সন্মান কৰক

আনক সন্মান কৰাটো কিয় প্ৰয়োজন?

যদি আমি কাৰোবাৰ কথাত সন্মত নাই, তথাপিও তেওঁক সন্মান কৰোঁ, তেনেহʼলে কথা বেয়া নহʼব।

  • পবিত্ৰ শাস্ত্ৰ বাইবেলত লিখা আছে: “মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কটু কথাই খং তোলে।” (হিতোপদেশ ১৫:১) যদি আমি আনৰ সন্মান নকৰোঁ, তেনেহʼলে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰিব পাৰোঁ। এইদৰে কৰিলে কাজিয়া বাঢ়ি যাব পাৰে আৰু ইয়াৰ বহুত বেয়া পৰিণাম হয়।

  • পবিত্ৰ শাস্ত্ৰত এয়াও লিখা আছে: “হৃদয়ত যি থাকে, সেয়াই মুখৰ পৰা ওলায়।” (মথি ১২:৩৪) ইয়াৰ পৰা বুজিব পাৰি যে বেয়া ব্যৱহাৰ কৰাৰ বহুতো কাৰণ হʼব পাৰে। হয়তো আমি বেলেগ জাতি, ফৈদ বা দেশৰ লোকসকলক ভাল নাপাওঁ বা সমাজত যিসকল আমাতকৈ বেলেগ পদত আছে।

    শেহতীয়াকৈ ২৮ খন দেশৰ ৩২,০০০ তকৈ বেছি লোকৰ চাৰ্ভে লোৱা হৈছিল, তেওঁলোকৰ ভিতৰত ৬৫ শতাংশ লোকে কৈছিল যে বৰ্তমান সময়ত লোকসকল অভদ্ৰ হৈ পৰিছে আৰু তেওঁলোকে আনৰ অকনো সন্মান নকৰে।

আপুনি কেনেকৈ আনক সন্মান কৰিব পাৰে?

আনৰ কথাত সন্মত নহʼলেও, তেওঁলোকক সন্মান কৰক। আপুনি যʼতে নাথাকক কিয়, সকলোকে সন্মান কৰক। তেওঁলোকৰ লগত সন্মত হʼব পৰা কথাৰ বিষয়ে চিন্তা কৰক। এইদৰে কৰাৰ যোগেদি আপুনি ভুল ধাৰণা ৰখাৰ পৰা আঁতৰি থাকিব পাৰিব আৰু তেওঁলোকৰ ভুল নিবিচাৰিব।

“তোমালোকে আনৰ নিন্দা নকৰিবা, তেতিয়াহে তোমালোকৰো নিন্দা কৰা নহʼব।”—মথি ৭:১.

আনে আপোনাৰ লগত যিদৰে ব্যৱহাৰ কৰাটো আপুনি বিচাৰে, ঠিক সেইদৰে আপুনিও তেওঁলোকৰ লগত ব্যৱহাৰ কৰক। যদি আপুনি আনৰ সন্মান কৰিব আৰু তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰিব, তেনেহʼলে হয়তো তেওঁলোকেও আপোনাৰ লগত ভালদৰে ব্যৱহাৰ কৰিব।

“আনে তোমাৰ লগত যিদৰে ব্যৱহাৰ কৰাটো তুমি বিচাৰা, ঠিক সেইদৰে তুমিও আনৰ লগত ব্যৱহাৰ কৰা।”—লূক ৬:৩১.

আনক ক্ষমা কৰক। যদি কোনোবাই নিজৰ কথা বা কামৰ যোগেদি আপোনাক আঘাত দিছে, তেনেহʼলে এয়া নাভাবিব যে তেওঁ জানি-বুজি এইদৰে কৰিছে। যদি সম্ভৱ হয়, তেনেহʼলে কথাটো মনত নাৰাখিব।

“মানুহৰ বিবেচনাই ক্ৰোধত নিজক ধীৰ কৰে, আৰু দোষ ক্ষমা কৰা নিজৰ ভূষণস্বৰূপ।”—হিতোপদেশ ১৯:১১.

সভা আৰম্ভ হোৱাৰ আগতে যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহৰ এটা দৃশ্য। বেলেগ বেলেগ বয়সৰ আৰু সংস্কৃতিৰ লোকসকলে এজনে-আনজনক মৰমেৰে লগ কৰিছে আৰু কথা পতিছে।
সভা আৰম্ভ হোৱাৰ আগতে যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহৰ এটা দৃশ্য। বেলেগ বেলেগ বয়সৰ আৰু সংস্কৃতিৰ লোকসকলে এজনে-আনজনক মৰমেৰে লগ কৰিছে আৰু কথা পতিছে।

আমাৰ প্ৰচেষ্টা

আমি যিহোৱাৰ সাক্ষীসকলে সকলোকে সন্মান কৰোঁ আৰু আনকো এইদৰে কৰিবলৈ উৎসাহিত কৰোঁ। যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে বেছিকৈ জানিবলৈ jw.org-ৰ অনুসন্ধান বক্সত যিহোৱাৰ সাক্ষীসকল—আমি কোন হওঁ? ভিডিঅʼৰ নামৰ টাইপ কৰক আৰু চাওক।

আমি সকলোকে বিনামূলীয়াকৈ বাইবেলৰ পৰা ভাল কথাবোৰ শিকাওঁ। কিন্তু তেওঁলোকে আমাৰ শিক্ষা মানিবই লাগিব বুলি আমি তেওঁলোকক জোৰ-জবৰদস্তি নকৰোঁ আৰু আমাৰ চিন্তাধাৰাও তেওঁলোকৰ ওপৰত জাপি নিদিওঁ। ইয়াৰ পৰিৱৰ্তে আমি বাইবেলৰ এই পৰাৰ্মশ পালন কৰোঁ আমি “নম্ৰতা আৰু সন্মানেৰে সৈতে” নিজৰ বাৰ্তা জনাওঁ।—১ পিতৰ ৩:১৫; ২ তীমথিয় ২:২৪.

আমি কাৰোঁ লগত পক্ষপাত নকৰোঁ। আমাৰ সভাত অহা সকলোকে আমি আদৰণি জনাওঁ। যদিও তেওঁলোক বেলেগ দেশ, জাতি বা ফৈদৰ হয়। কেতিয়াবা কেতিয়াবা আমি তেওঁলোকৰ বা তেওঁলোকৰ কথাত সন্মত নহওঁ, তথাপিও ‘সকলোকে সমাদৰ কৰিবলৈ চেষ্টা কৰোঁ।’—১ পিতৰ ২:১৭.

আমি চৰকাৰক সন্মান কৰোঁ। (ৰোমীয়া ১৩:১) আমি দেশৰ নীতি-নিয়ম মানি চলোঁ আৰু কৰ দিওঁ। যদিও আমি ৰাজনৈতিক বিষয়বোৰত কাৰোঁ পক্ষ নলওঁ, কিন্তু এই বিষয়ে সকলোৱে নিজৰ নিৰ্ণয় লোৱাৰ অধিকাৰ আছে, তাক আমি সন্মান কৰোঁ।

ছবি: “প্ৰেমে হিংসাৰ ওপৰত জয়ী হʼব পাৰেনে?” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। ১. এজন আৰব ব্যক্তি। ২. এজন যিহূদী ব্যক্তি।

বেছিকৈ জানক

যদি লʼৰা-ছোৱালীক সৰুৰে পৰা আনক হিংসা কৰিবলৈ শিকোৱা হয়, তেনেহʼলে তেওঁলোকৰ বাবে আনক সন্মান কৰাটো কঠিন হʼব পাৰে। বেলেগ বেলেগ দেশৰ দুজন ব্যক্তিৰ লগত এইদৰেই হৈছিল। কিন্তু পাছত তেওঁলোকে শিকিলে যে তেওঁলোকে সকলো ধৰণৰ লোকক সন্মান কৰা উচিত। তেওঁলোকে এয়া কেনেকৈ কৰিলে? এয়া জানিবলৈ প্ৰেমে হিংসাৰ ওপৰত জয়ী হʼব পাৰেনে? (হিন্দী) নামৰ ভিডিঅʼখন চাওক। আপুনি jw.org-ৰ অনুসন্ধান বক্সত এই ভিডিঅʼৰ নাম টাইপ কৰি অনুসন্ধান কৰিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক