ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g24 নং ১ পৃষ্ঠা ১০-১২
  • পৰিয়ালৰ সন্মান কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিয়ালৰ সন্মান কৰক
  • সচেতন থাকক!—২০২৪
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পৰিয়ালত এজনে-আনজনক সন্মান কৰাটো কিয় প্ৰয়োজন?
  • আপুনি পৰিয়ালৰ সকলোকে কেনেকৈ সন্মান কৰিব পাৰে?
  • আমাৰ প্ৰচেষ্টা
  • JW.ORG-ত বুদ্ধিৰে পৰিপূৰ্ণ পৰামৰ্শ বিচাৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাম?
    জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ আমি কʼত বিচাৰি পাম?
  • ৱেবছাইট ব্যৱহাৰ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
সচেতন থাকক!—২০২৪
g24 নং ১ পৃষ্ঠা ১০-১২
এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ লগত কথা পাতিবলৈ চেষ্টা কৰাৰ সময়ত স্বামীয়ে খঙেৰে মোবাইল চলাই আছে। তেওঁলোকৰ সন্তানে তেওঁলোকক এইদৰে কৰি থকা চাই আছে।

পৰিয়ালৰ সন্মান কৰক

পৰিয়ালত এজনে-আনজনক সন্মান কৰাটো কিয় প্ৰয়োজন?

যেতিয়া পৰিয়ালত পতি-পত্নী, লʼৰা-ছোৱালী সকলোৱে এজনে-আনজনক সন্মান কৰে, তেতিয়া পৰিয়ালত আনন্দ আৰু শান্তি থাকে।

  • এখন ইংৰাজী কিতাপ বিবাহিত জীৱনক সফল কৰাৰ সাতটা সিদ্ধান্তত লিখা আছে যে “যদি পতি-পত্নীয়ে এজনে-আনজনক সন্মান কৰে, তেনেহʼলে কেৱল ডাঙৰ ডাঙৰ বিষয়তে নহয়, সৰু সৰু বিষয়বোৰতো নিজৰ প্ৰেম প্ৰকাশ কৰিব পাৰিব।”

  • এটা অনুসন্ধানৰ পৰা জানিব পৰা গৈছে যে যি লʼৰা-ছোৱালীয়ে আনৰ সন্মান কৰে, তেওঁলোকে নিজৰ বিষয়ে ভাল অনুভৱ কৰে, পিতৃ-মাতৃৰ লগত তেওঁলোকৰ ভাল সম্পৰ্ক থাকে, তেওঁলোক আনন্দিত থাকে আৰু তেওঁলোকৰ মানসিক সমস্যাও বহুত কম হয়।

আপুনি পৰিয়ালৰ সকলোকে কেনেকৈ সন্মান কৰিব পাৰে?

গোটেই পৰিয়াল একেলগে মিলি কথা পাতক। প্ৰথম, পৰিয়ালত সকলোৱে এজনে-আনজনক সন্মান কৰাটো কিয় গুৰুত্বপূৰ্ণ? এই বিষয়ে পৰিয়ালৰ সকলোকে জনোৱা হৈছে নে নাই, নিজৰ জীৱন সংগীৰ লগত নিশ্চিত কৰক। দ্বিতীয়, প্ৰতিজন সদস্যই কেনেদৰে ব্যৱহাৰ কৰা উচিত আৰু কেনেদৰে ব্যৱহাৰ কৰা উচিত নহয়, তাৰ বিষয়ে লিখক। তৃতীয়, গোটেই পৰিয়ালে মিলি লিখা কথাবোৰ আলোচনা কৰক। যাতে সকলোৱে জানিব পাৰে যে আমি সকলোৱে এজনে-আনজনক সন্মান কৰিবলৈ কৰি কৰিব পাৰি।

“পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়; কিন্তু বহু লোকৰ পৰামৰ্শত সেয়ে সিদ্ধ হয়।”—হিতোপদেশ ১৫:২২.

ভাল উদাহৰণ ৰাখক। যেতিয়া পৰিয়ালৰ কোনো সদস্যই ভুল কৰে, তেতিয়া আপুনি একেটা কথাকে বাৰে বাৰে কৈ থাকেনে? যেতিয়া তেওঁলোকে কোনো এটা বিষয়ত নিজৰ মন্তব্য দিয়ে, তেতিয়া আপুনি তেওঁলোকৰ ঠাট্টা কৰেনে? যেতিয়া কোনোবাই কথা কয়, তেতিয়া আপুনি মাজতে বাধা দি নিজে কথা পাতিবলৈ আৰম্ভ কৰেনে? মনত ৰাখক আপুনি প্ৰথমে তেওঁলোকক সন্মান কৰিব লাগিব।

পৰামৰ্শ: নিজৰ জীৱন সংগী আৰু লʼৰা-ছোৱালীক সকলো সময়তে সন্মান কৰিবলৈ চেষ্টা কৰক। যদিও তেওঁলোকে ইয়াৰ যোগ্য নহয়।

“নিজে আগবাঢ়ি গৈ আনক আদৰ কৰা।”—ৰোমীয়া ১২:১০.

সন্মত নহʼলেও কাজিয়া নকৰিব। পৰিয়ালৰ কোনো সদস্যৰ লগত কথা পতাৰ সময়ত এইদৰে কেতিয়াও নকʼব “তুমি সদায় এইদৰেই কৰা” বা “তুমি কেতিয়াও নুশুনা” বা “তোমাৰ লগত কথা পতাৰ একো লাভে নাই।” এইদৰে কʼলে তেওঁক হয়তো বেয়া লাগিব আৰু সৰু এটা কথা ডাঙৰ কাজিয়াৰ ৰূপ লʼব।

“মৃদু উত্তেৰ ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কটু কথাই খং তোলে।”—হিতোপদেশ ১৫:১.

এজনী ছোৱালীয়ে jw.org-ত ভিডিঅʼ চাই আছে।

আমাৰ প্ৰচেষ্টা

আমি যিহোৱাৰ সাক্ষীসকলে পৰিয়ালৰ সকলো সদস্যক এজনে-আনজনক সন্মান কৰিবলৈ উৎসাহিত কৰোঁ। এই বিষয়ে আমাৰ বহুতো বিনামূলীয়া লেখ, কিতাপ-পত্ৰিকা আৰু ভিডিঅʼবোৰত উল্লেখ আছে।

পতি-পত্নীৰ বাবে: বিবাহ আৰু পৰিয়াল ভাগত বহুতো লেখ দিয়া হৈছে। যিবোৰ পঢ়ি পতি-পত্নীয়ে বহুতো কথা শিকিব পাৰে। যেনে . . .

  • ভাল শুনোতা কেনেকৈ হʼব পাৰি

  • সমস্যবোৰ কেনেকৈ সমাধান কৰিব পাৰি

  • তৰ্ক-বিতৰ্ক কেনেকৈ বন্ধ কৰিব পাৰি

(jw.org-ৰ অনুসন্ধান বক্সত “বিবাহ আৰু পৰিয়াল” টাইপ কৰক)

পিতৃ-মাতৃৰ বাবে: বিবাহ আৰু পৰিয়াল ভাগত বহুতো লেখ দিয়া হৈছে। যিবোৰ পঢ়ি পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক বহুতো কথা শিকাব পাৰে। যেনে . . .

  • মা-দেউতাৰ কথা মানি চলা

  • ঘৰৰ কাম-কাজত সহায় কৰা

  • “প্লীজ” আৰু “থেঙ্কিউ” কোৱা

(jw.org-ৰ অনুসন্ধান বক্সত “লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰা” আৰু “লʼৰা-ছোৱালীয়ে যেতিয়া ডাঙৰ হʼবলৈ ধৰে” (হিন্দী) টাইপ কৰক)

সচেতন থাকক! নং ২, ২০১৯ চনৰ লেখ “লʼৰা-ছোৱালীৰ বাবে ছয়টা গুৰুত্বপূৰ্ণ শিক্ষা,” সচেতন থাকক! নং ২, ২০১৮ চনৰ লেখ “১২ টা পৰামৰ্শ পালন কৰক আৰু নিজৰ পৰিয়ালক সুখী কৰি তোলক” পৃষ্ঠা ৮-১১ পঢ়ক। (jw.org-ৰ (হিন্দী) অনুসন্ধান বক্সত এই লেখবোৰৰ বিষয় টাইপ কৰক)

কিশোৰ-কিশোৰীসকলৰ বাবে সহায়: এই ভাগত বহুতো লেখ, ভিডিঅʼ আৰু ক্ৰিয়াকলাপ দিয়া হৈছে। যিবোৰৰ সহায়ত লʼৰা-ছোৱালী আৰু কিশোৰ-কিশোৰীসকলে বহুত কিছু শিকিব পাৰে। যেনে . . .

  • মই মা-দেউতা আৰু মোৰ ভাই-ভনীৰ লগত কেনেকৈ ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ

  • মা-দেউতাই বনোৱা নিয়মৰ বিষয়ে কেনেকৈ সন্মানেৰে কথা পতিব পাৰোঁ

  • মা-দেউতাৰ ভৰসা কেনেকৈ জিকিব পাৰোঁ

(jw.org-ৰ অনুসন্ধান বক্সত “কিশোৰ-কিশোৰীসকলৰ বাবে সহায়” টাইপ কৰক)

jw.org বেৱছাইটত আপুনি বিনামূলীয়াকৈ পঢ়িব, চাব আৰু ডাউনলʼড কৰিব পাৰে। আপুনি কোনো টকা-পইচা দিব নালাগে। চাবস্ক্ৰিপচন বা মেম্বাৰচিপো লʼব নালাগে। আপোনাৰ কোনো ব্যক্তিগত তথ্য বিচৰা নহʼব।

যোচেফ ইৰেইনবগান।

বেছিকৈ জানক

যোচেফ ইৰেইনবগানে বিয়াৰ পাছতো মাৰ-পিট কৰা আৰু ড্ৰাগ্ছ লোৱা এৰা নাছিল। কিন্তু যেতিয়া তেওঁ যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিলে, তেতিয়া লাহে লাহে তেওঁৰ ঘৰৰ পৰিস্থিতি ভাল হʼবলৈ ধৰিলে। এই পৰিৱৰ্তন কেনেকৈ হʼল? এয়া জানিবলৈ “মই তিৰোতাসকলৰ আৰু নিজৰ সন্মান কৰিবলৈ শিকিলোঁ” (হিন্দী) লেখ পঢ়ক। jw.org-ৰ অনুসন্ধান বক্সত এই লেখৰ বিষয় টাইপ কৰি অনুসন্ধান কৰিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক