ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ৩
  • JW.ORG-ত বুদ্ধিৰে পৰিপূৰ্ণ পৰামৰ্শ বিচাৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • JW.ORG-ত বুদ্ধিৰে পৰিপূৰ্ণ পৰামৰ্শ বিচাৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • ৱেবছাইট ব্যৱহাৰ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • পৰিয়ালৰ সন্মান কৰক
    সচেতন থাকক!—২০২৪
  • জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাম?
    জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ আমি কʼত বিচাৰি পাম?
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ৩

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

Jw.org-ত বুদ্ধিৰে পৰিপূৰ্ণ পৰামৰ্শ বিচাৰক

আমি সকলোৱে এই শেষ-কালত বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। কিন্তু এইবোৰৰ সন্মুখীন হʼবলৈ বাইবেলে আমাক সহায় কৰিব পাৰে। (২তীম ৩:১, ১৬, ১৭) কিছুমান পৰিস্থিতিত আমি বুজি নাপাওঁ যে বাইবেলৰ কোনটো সিদ্ধান্ত পালন কৰিলে ভাল হʼব। যেনে, যদি আপুনি পিতৃ-মাতৃ হয়, তেনেহʼলে নিজৰ লʼৰা-ছোৱালীৰ ভালদৰে প্ৰতিপালন কৰিবলৈ আপোনাৰ কঠিন হৈছেনে? যদি আপুনি কিশোৰ-কিশোৰী হয়, তেনেহʼলে যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ আপোনাৰ কঠিন হৈছেনে? আপোনাৰ জীৱন-সংগীৰ মৃত্যু হোৱাৰ বাবে সেই বেদনাৰ পৰা ওলাই আহিবলৈ আপোনাৰ কঠিন হৈছেনে? যদি এইদৰে হৈছে, তেনেহʼলে আপুনি jw.org লৈ যাব পাৰে। তাত এনেধৰণৰ বেলেগ বেলেগ পৰিস্থিতিৰ বাবে বহুতো লেখ দিয়া আছে। সেই লেখবোৰত বাইবেলৰ বহুতো সিদ্ধান্ত দিয়া আছে, যাৰ পৰা আপুনি সহায় লাভ কৰিব পাৰে।—হিতো ২:৩-৬.

এখন টেবলেটত jw.org ৱেবছাইট খোলা আছে। সৰু ছবিখনত ‘বাইবেলৰ শিক্ষা’ ভাগ দেখুৱা হৈছে।

jw.org-ৰ মূখ্য পেজত বাইবেলৰ শিক্ষা ভাগত ক্লিক কৰক। (ছবি ১ চাওক।) তাৰ পাছত আপুনি বহুতো বিষয় দেখা পাব। ইয়াত আপুনি নিজৰ পছন্দৰ অনুসৰি যিকোনো বিষয় বাছনি কৰিব পাৰে। অথবা লাইব্ৰেৰী ভাগত ক্লিক কৰক, তাৰ পাছত লেখৰ ধাৰাবাহিকত যাওক আৰু তাত নিজৰ পছন্দৰ বিষয় বাছনি কৰক। (ছবি ২ চাওক।) এই সকলো ভাগ JW লাইব্ৰেৰীতো দিয়া আছে।a লাইব্ৰেৰী আৰু ৱেবছাইটত কি কি লেখ আছে চাওক। সেইবোৰ চাই আপুনি বৰ ভাল পাব। jw.org-ত লেখবোৰ বিচৰাৰ আন এটা উপায় হৈছে, “অনুসন্ধান কৰক” বক্সত বিষয় টাইপ কৰা।

এখন টেবলেটত jw.org ৱেবছাইট খোলা আছে। সৰু ছবিখনত ‘লাইব্ৰেৰী’ আৰু ‘লেখৰ ধাৰাবাহিক’ ভাগ দেখুৱা হৈছে।

“অনুসন্ধান কৰক” বক্সত তলত দিয়া বিষয় টাইপ কৰক। সেই বিষয়বোৰৰ লগত জড়িত বহুতো লেখ ওলাব। তাৰ পাছত যি লেখ আপুনি পঢ়িব বিচাৰে, সেইবোৰ লিখি ৰাখক।

  • লʼৰা-ছোৱালীৰ প্ৰতিপালন কৰা

  • ডেকাসকল ডিপ্ৰেচনত

  • জীৱন-সংগীৰ মৃত্যুৰ বেদনা

a কিছুমান ধাৰাবাহিকৰ সকলো লেখ কেৱল jw.org-তহে উপলব্ধ আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক