অধ্যায় ৫
জগতৰপৰা কেনেকৈ পৃথকে থাকিব
“তোমালোক জগতৰ নোহোৱা।”—যোহন ১৫:১৯.
১. পাৰ্থিৱ জীৱনৰ শেষ পৰ্য্যায়ত যীচুৱে কি কথা কৈছিল?
নিজৰ জীৱনৰ অন্তিম ৰাতিত, যীচুৱে এনে কিছুমান কথা কৈছিল যাৰ দ্বাৰা বুজিব পাৰি যে তেওঁ শিষ্যসকলৰ ভৱিষ্যতৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিছিল। আনকি তেওঁ পিতৃ যিহোৱা ঈশ্বৰলৈ ইয়াৰ বিষয়ে এইদৰে প্ৰাৰ্থনা কৰিছিল, “মই নিবেদন নকৰোঁ যে, তুমি তেওঁবিলাকক জগতৰ পৰা নিয়া, কিন্তু তেওঁবিলাকক পাপ-আত্মাৰ পৰা ৰাখা। মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়।” (যোহন ১৭:১৫, ১৬) যীচুৰ হৃদয়ৰপৰা কৰা এই প্ৰাৰ্থনাই প্ৰমাণ কৰে যে তেওঁ নিজৰ শিষ্যসকলক গভীৰভাৱে প্ৰেম কৰিছিল, আৰু তেওঁ মৃত্যুৰ আগমুহূৰ্ত্তত শিষ্যসকলক কোৱা কথাষাৰ গুৰুত্বপূৰ্ণ আছিল। তেওঁ কৈছিল: “তোমালোক জগতৰ নোহোৱা।” (যোহন ১৫:১৯) এই কথাষাৰৰপৰা স্পষ্টৰূপে বুজিব পাৰি যে শিষ্যসকলে জগতৰপৰা পৃথকে থকাটো যীচুৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল।
২. যীচুৱে উল্লেখ কৰা ‘জগত’ শব্দৰ অৰ্থ কি?
২ যীচুৱে উল্লেখ কৰা ‘জগত’ শব্দৰ অৰ্থ হৈছে, সেইসকল লোক যিসকলে ঈশ্বৰৰপৰা দূৰে আছে আৰু তেওঁলোকে স্বাৰ্থপৰ, অহংকাৰ আদি গুণবোৰ প্ৰতিফলিত কৰা চয়তানৰ শাসনৰ অধীনত আছে। (যোহন ১৪:৩০; ইফিচীয়া ২:২; ১ যোহন ৫:১৯) সেইবাবে, এই “জগতৰ মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা।” (যাকোব ৪:৪) কিন্তু ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ বিচৰা লোকসকলে, এই জগতত থাকি জগতৰপৰা কেনেকৈ পৃথকে থাকিব? এই অধ্যায়ত আমি জগতৰপৰা পৃথকে থকাৰ পাঁচটা পদ্ধতি আলোচনা কৰিম: খ্ৰীষ্টৰ অধীনত থাকি ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি বিশ্বাসী হোৱা আৰু জগতৰ ৰাজনীতিৰ প্ৰতি নিৰপেক্ষতা বজাই ৰখা, জগতৰ আত্মাক প্ৰতিৰোধ কৰা, পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰা, সৰলভাৱে জীৱন-যাপন কৰা আৰু ঈশ্বৰে দিয়া আধ্যাত্মিক সাজ-সজ্জা পৰিধান কৰা।
নিৰপেক্ষ আৰু বিশ্বাসী হৈ থাকক
৩. (ক) যীচুৱে নিজৰ জীৱন কালত ৰাজনীতিৰপৰা কিয় আঁতৰি আছিল? (খ) যীচুৰ অভিষিক্ত শিষ্যসকলে ৰাজদূত হিচাপে সেৱা কৰে বুলি কিয় কোৱা হৈছে? (ফুটনোটত চাওক।)
৩ যীচুৱে নিজৰ জীৱন কালত কেতিয়াও ৰাজনীতিত ভাগ লোৱা নাছিল। তাৰ পৰিৱৰ্তে, আহিবলগীয়া স্বৰ্গীয় চৰকাৰ অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰা কাৰ্য্যত ভাগ লৈছিল। সেই ৰাজ্যৰ হʼবলগীয়া ৰজা তেওঁ নিজেই আছিল। (দানিয়েল ৭:১৩, ১৪; লূক ৪:৪৩; ১৭:২০, ২১) সেইবাবে, যেতিয়া যীচুক ৰোমৰ অধিপতি পন্তীয় পীলাতৰ সন্মুখত উপস্থিত কৰোৱা হৈছিল, তেতিয়া তেওঁ এইদৰে কʼব পাৰিছিল, “মোৰ ৰাজ্য এই জগতৰ নহয়।” (যোহন ১৮:৩৬) যীচুৰ বিশ্বাসী শিষ্যসকলেও তেওঁৰ উদাহৰণ অনুকৰণ কৰে। তেওঁলোকে যীচু আৰু তেওঁৰ ৰাজ্যৰ প্ৰতি বিশ্বাসী হৈ এই জগতৰ লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰে। (মথি ২৪:১৪) পাঁচনি পৌলে এইদৰে লিখিছিল: “আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম্ম কৰিছোঁ।” আমি “খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰোঁ, ‘ঈশ্বৰে সৈতে মিল হোৱা।’”a—২ কৰিন্থীয়া ৫:২০.
৪. সকলো সত্য খ্ৰীষ্টানে কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি বিশ্বাস প্ৰদৰ্শন কৰিছে? (“আৰম্ভণিৰ খ্ৰীষ্টানসকল নিৰপেক্ষ আছিল” নামৰ বক্সত চাওক।)
৪ সাধাৰণতে, ৰাজদূতসকলে যিখন দেশত সেৱা কৰে, তেওঁলোকে নিজৰ দেশৰ প্ৰতিনিধি হিচাপে কাম কৰে। তেওঁলোকে যিখন দেশত সেৱা কৰে, সেই দেশৰ আভ্যন্তৰিণ বিষয়বোৰত হস্তক্ষেপ নকৰে আৰু তেওঁলোকে নিৰপেক্ষতা বজাই ৰাখে। কিন্তু তেওঁলোকে প্ৰতিনিধি কৰা দেশখনৰ চৰকাৰক সমৰ্থন কৰে। এই কথা যীচু খ্ৰীষ্টৰ অভিষিক্ত শিষ্যসকলৰ বিষয়েও সঁচা হয়। খ্ৰীষ্টৰ অভিষিক্ত অনুগামীসকলৰো নাগৰিকত্ব “স্বৰ্গত আছে” আৰু সেইবাবে, তেওঁলোকে ঈশ্বৰৰ চৰকাৰক সমৰ্থন কৰে। (ফিলিপীয়া ৩:২০) অভিষিক্ত লোকসকলে উৎসাহেৰে সেই চৰকাৰৰ বিষয়ে ঘোষণা কৰিছে আৰু খ্ৰীষ্টৰ লাখ লাখ ‘অন্য মেৰক’ “ঈশ্বৰৰ সৈতে মিল” হʼবলৈ সহায় কৰিছে। (যোহন ১০:১৬; মথি ২৫:৩১-৪০) অন্য মেৰৰ লোকসকলে যীচুৰ অভিষিক্ত ভাইসকলক সমৰ্থন কৰে আৰু উপ ৰাজদূত হিচাপে সেৱা কৰে। এই দুয়োটা সমূহে একগোট হৈ মচীহৰ ৰাজ্যক সমৰ্থন কৰে আৰু জগতৰ ৰাজনীতিত নিৰপেক্ষ হৈ থাকে।—যিচয়া ২:২-৪ পঢ়ক।
৫. প্ৰাচীন ইস্ৰায়েলীসকলৰ লগত বৰ্তমান সত্য খ্ৰীষ্টান মণ্ডলীৰ কি পাৰ্থক্য আছে আৰু এই পাৰ্থক্য কেনেকৈ দেখিবলৈ পোৱা যায়?
৫ যীচু খ্ৰীষ্টৰ প্ৰতি বিশ্বাসী হৈ থকাই সত্য খ্ৰীষ্টানৰ নিৰপেক্ষ বজাই ৰখাৰ একমাত্ৰ কাৰণ নহয়। যিহোৱা ঈশ্বৰে, ইস্ৰায়েলী লোকসকলক বসবাস কৰিবলৈ এখন দেশ দিছিল। কিন্তু বৰ্তমান সময়ত সত্য খ্ৰীষ্টানসকলে পৃথিৱীৰ বিভিন্ন দেশত বাস কৰে। (মথি ২৮:১৯; ১ পিতৰ ২:৯) যদি আমি দেশৰ কোনো ৰাজনীতিৰ দলক সমৰ্থন কৰোঁ, তেনেহʼলে আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিব পাৰিম? আৰু ইয়ে আমাৰ মাজত থকা একতা ভংগ কৰাৰ কাৰণ নহʼবনে? (১ কৰিন্থীয়া ১:১০) ইয়াৰ উপৰিও ইখন দেশৰ লগত সিখন দেশৰ যুদ্ধ হোৱাৰ সময়ত, আমি আমাৰ ভাই-ভনীসকলৰ বিৰুদ্ধে থিয় হʼম, যিসকলক প্ৰেম কৰিবলৈ আমাক আজ্ঞা দিয়া হৈছে। (যোহন ১৩:৩৪, ৩৫; ১ যোহন ৩:১০-১২) সেইবাবে, তৰোৱাল নলবলৈ যীচুৱে শিষ্যসকলক আজ্ঞা দিয়াৰ এক উচিত কাৰণ আছিল। আনকি, শত্ৰুবিলাককো প্ৰেম কৰিবলৈ যীচুৱে শিষ্যসকলক আজ্ঞা দিছিল।—মথি ৫:৪৪; ২৬:৫২; “মই নিৰপেক্ষতা বজাই ৰাখিছোঁনে?” বক্সত চাওক।
৬. আমাৰ জীৱন যিহোৱা ঈশ্বৰক সমৰ্পণ কৰাৰ বাবে কৈচৰৰ লগত আমাৰ সম্পৰ্কত কেনে প্ৰভাৱ পৰে?
৬ সত্য খ্ৰীষ্টান হিচাপে আমি আমাৰ জীৱন যিহোৱা ঈশ্বৰক সমৰ্পণ কৰিছোঁ, কোনো ব্যক্তি, সংগঠন বা ৰাষ্ট্ৰক কৰা নাই। ১ কৰিন্থীয়া ৬:১৯, ২০ পদত উল্লেখ কৰিছে যে “তোমালোক নিজৰ নোহোৱা; কিয়নো তোমালোক মূল্যেৰে কিনা হলা।” আমি “কৈচৰক” অৰ্থাৎ চৰকাৰক দিবলগীয়া কৰ বা মাচুল দিয়াৰ যোগেদি তেওঁলোকৰ প্ৰতি সন্মান দেখুৱাওঁ। কিন্তু যীচুৰ শিষ্য হোৱাৰ হেতুকে আমি “যি ঈশ্বৰৰ, তাক ঈশ্বৰক” দিওঁ। (মাৰ্ক ১২:১৭; ৰোমীয়া ১৩:১-৭) আমি যিহোৱা ঈশ্বৰক উপাসনা কৰোঁ, সম্পূৰ্ণ হৃদয়ে ঈশ্বৰক প্ৰেম কৰোঁ আৰু বিশ্বাসেৰে তেওঁৰ আজ্ঞা পালন কৰোঁ। যদি প্ৰয়োজন হয় আমি ঈশ্বৰৰ বাবে আমাৰ নিজৰ প্ৰাণ দিবলৈকো সাজু থাকোঁ।—লূক ৪:৮; ১০:২৭; পাঁচনিৰ কৰ্ম্ম ৫:২৯; ৰোমীয়া ১৪:৮ পঢ়ক।
‘জগতৰ আত্মাক’ প্ৰতিৰোধ কৰক
৭, ৮. এই জগতৰ লোকসকলক কোনে ভুল পথলৈ পৰিচালিত কৰিছে আৰু তেওঁৰ ভাৱধাৰাই এজন ব্যক্তিক কেনেকৈ প্ৰভাৱিত কৰে?
৭ সত্য খ্ৰীষ্টানসকলে এই জগতৰপৰা পৃথকে থকাৰ আন এক উপায় হৈছে জগতৰ দুষ্ট চিন্তাধাৰাৰ বিৰুদ্ধে থিয় দিয়া। পৌলে লিখিছিল যে আমি “জগতৰ আত্মা নাপাই, ঈশ্বৰৰ পৰা অহা আত্মা পালোঁ।” অৰ্থাৎ চয়তানৰ ভাৱধাৰা লাভ কৰা নাই। ইয়াৰ পৰিৱৰ্তে আমি ঈশ্বৰৰ ভাৱধাৰা লাভ কৰিছোঁ। (১ কৰিন্থীয়া ২:১২) পৌলে ইফিচীয়া মণ্ডলীক সোঁৱৰাই দিছিল: “তেওঁলোকে, এই জগতৰ নিয়ম অনুসাৰে, আকাশৰ ক্ষমতাযুক্ত অধিপতিৰ, অৰ্থাৎ অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য্যসাধন কৰোঁতা আত্মাৰ দৰে আগেয়ে চলিছিলা।”—ইফিচীয়া ২:২, ৩.
৮ চয়তানৰপৰা অহা জগতৰ ভাৱধাৰাই ঈশ্বৰৰ আজ্ঞাক উলংঘন কৰি লোকসকলক “মাংসৰ অভিলাষ, চকুৰ অভিলাষ” আদি কাৰ্য্য কৰিবলৈ উদ্গায়। (১ যোহন ২:১৬; ১ তীমথিয় ৬:৯, ১০) ই ইমানেই শক্তিশালী যে অসিদ্ধ মানুহৰ অভিলাষৰ ওপৰত ফান্দ পাতি চতুৰতাৰে আক্ৰমণ কৰে আৰু অসৎ কাম কৰিবলৈ প্ৰলোভিত কৰে। যিদৰে বতাহ চাৰিওফালে বিয়পি থাকে, ঠিক সেইদৰে জগতৰ ভাৱধাৰা চাৰিওফালে দেখিবলৈ পোৱা যায় আৰু ই অতি সহজে এজন ব্যক্তিক প্ৰভাৱিত কৰিব পাৰে। যেতিয়া চয়তানৰ ভাৱধাৰাই এজন ব্যক্তিক প্ৰভাৱিত কৰে, তেতিয়া তেওঁ ক্ৰমান্বয়ে অধিকাৰীসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰা, স্বাৰ্থপৰতা, অহংকাৰ, উচ্চাকাংক্ষা, স্বতন্ত্ৰতা মনোভাব আদি ঈশ্বৰ বিৰোধী কাৰ্য্যবোৰ কৰিবলৈ আৰম্ভ কৰে।b এক কথাত কʼবলৈ গʼলে, এই জগতৰ ভাৱধাৰাই লাহে লাহে এজন ব্যক্তিৰ অন্তৰত চয়তানৰ গুণবোৰ বিকশিত কৰিবলৈ প্ৰলোভিত কৰে।—যোহন ৮:৪৪; পাঁচনিৰ কৰ্ম্ম ১৩:১০, ১ যোহন ৩:৮, ১০.
৯. আমাৰ মন আৰু হৃদয়ক জাগতিক ভাৱধাৰাই কেনেকৈ প্ৰভাৱিত কৰিব পাৰে?
৯ আপোনাৰ মন আৰু হৃদয়ক জগতৰ ভাৱধাৰাই প্ৰভাৱিত কৰিব পাৰে নেকি? নিশ্চয় পাৰিব, যদি আপুনি নিজে সতৰ্ক নহয় আৰু এনে কৰিবলৈ সুযোগ দিয়ে। (হিতোপদেশ ৪:২৩ পঢ়ক।) সাধাৰণতে, আমাৰ অজানিতে এইদৰে আৰম্ভ হয়। হয়তো আমি সংগতি কৰা বন্ধু-বান্ধৱসকলৰপৰা এনে মনোভাব আহিব পাৰে। আচলতে যিহোৱা ঈশ্বৰৰ প্ৰতি এই বন্ধু-বান্ধৱসকলৰ কোনো প্ৰেম নাই। (হিতোপদেশ ১৩:২০; ১ কৰিন্থীয়া ১৫:৩৩) ইয়াৰ উপৰিও এনে কিছুমান বিষয়-বস্তু আছে, যাৰ যোগেদি চয়তানৰ মনোভাব আমাৰ ওপৰত প্ৰভাৱিত কৰিব পাৰে। আপত্তিজনক কিতাপ-পত্ৰ, ধৰ্মত্যাগী বা অশ্লীল ইণ্টাৰনেট ছাইট, ক্ষতিকৰ মনোৰঞ্জন, প্ৰতিযোগীতামূলক খেল-ধেমালি আদি বিষয়বোৰৰ যোগেদি দুষ্ট আত্মাই আপোনাক প্ৰভাৱিত কৰিব পাৰে। আচলতে, ইয়াত যিকোনো ব্যক্তি বা বস্তু জড়িত আছে, যিবোৰে চয়তান আৰু তাৰ জগতৰ ভাৱধাৰাক প্ৰকাশ কৰে।
১০. আমি জগতৰ ভাৱধাৰাক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ?
১০ জগতৰ ভাৱধাৰা প্ৰতিৰোধ কৰি আমি নিজকে কেনেকৈ ঈশ্বৰৰ প্ৰেমত ৰাখিব পাৰোঁ? ইয়াৰ একমাত্ৰ উপায় হৈছে, যিহোৱা ঈশ্বৰে প্ৰৱন্ধ কৰা সকলো আধ্যাত্মিক আহাৰ গ্ৰহণ কৰা আৰু পবিত্ৰ আত্মাৰ বাবে একেৰাহে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা। চয়তান বা চয়তানৰ অধীনত থকা এই দুষ্ট জগততকৈ যিহোৱা ঈশ্বৰ বহুগুণেই শক্তিশালী। (১ যোহন ৪:৪) সেইবাবে, আমি প্ৰাৰ্থনাৰ যোগেদি যিহোৱা ঈশ্বৰৰ কাষত থকা অতি প্ৰয়োজন।
আমি পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰা উচিত
১১. জগতৰ ভাৱধাৰাই সাজ-পোছাক পৰিধান কৰাৰ মানদণ্ডৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাইছে?
১১ এজন ব্যক্তিৰ ভাৱধাৰা কাৰদ্বাৰা প্ৰভাৱিত হৈছে, ই তেওঁৰ সাজ-পোছাক আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰপৰা বুজিব পাৰি। বহুতো দেশত সাজ-পোছাক পৰিধান কৰাৰ ক্ষেত্ৰত মানদণ্ড একেবাৰে নাইকিয়া হৈ পৰিছে। ইয়াৰ বিষয়ে টেলিভিছন জগতৰ এজন টিপ্পনী দিওঁতাই উপহাস কৰি এইদৰে কৈছিল যে বহুত সোনকালে গণিকাসকলে পৰিধান কৰিবলৈ একোৱেই নাথাকিব। এখন বাতৰি কাকতে এইদৰে লিখিছিল যে সাজ-পোছাক পৰিধান কৰাৰ ক্ষেত্ৰত সৰু সৰু ছোৱালীবিলাকেও এই প্ৰৱণতা গ্ৰহণ কৰিছে, “দেহ প্ৰদৰ্শন বাঢ়িছে আৰু শালীনতা নাইকিয়া হৈছে।” আন এক প্ৰৱণতা হৈছে অপৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰা। এনে প্ৰৱণতাই বিদ্ৰোহী মনোভাব প্ৰতিফলিত কৰাৰ লগতে, নিজৰ মৰ্য্যাদা আৰু আত্মসন্মান নাইকিয়া কৰে।
১২, ১৩. সাজ-পোছাক পৰিধান কৰাৰ ক্ষেত্ৰত আমি কি কি সিদ্ধান্ত মনত ৰখা উচিত?
১২ যিহোৱাৰ সাক্ষী হিচাপে আমি নিজকে সুন্দৰ দেখাটো বিচাৰোঁ। ইয়াৰ অৰ্থ হৈছে আমাৰ সাজ-পোছাক পৰিষ্কাৰ আৰু পৰিপাটি তথা পৰিস্থিতিৰ লগত মিল খোৱা উচিত। গতিকে, সকলো সময়তে আমাৰ বাহ্যিক ৰূপ ‘সুলাজ আৰু সুবোধৰ’ হোৱা উচিত। যদি কোনো পুৰুষ বা মহিলাই “ঈশ্বৰভক্তি” কৰোঁ বুলি দাবী কৰে, তেনেহʼলে তেওঁলোকে কৰা ‘সৎকৰ্মৰ’ যোগেদি এই গুণৰ শুভা বঢ়ায়। নিঃসন্দেহ, সাজ-পোছাকৰ যোগেদি লোকসকলৰ ধ্যান আমাৰ প্ৰতি আকৰ্ষিত কৰা নহয়, কিন্তু ‘ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ’ যোগ্য কৰি তোলাই হৈছে আমাৰ উদ্দেশ্য। (১ তীমথিয় ২:৯, ১০; যিহূদা ২০) সেইবাবে, আমাৰ “গুপ্ত আন্তৰিক” মনুষ্যত্ব আটাইতকৈ সুন্দৰ হোৱা উচিত, কিয়নো ই “ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া।”—১ পিতৰ ৩:৩, ৪.
১৩ আমি মনত ৰখা উচিত যে আমাৰ সাজ-পোছাক আৰু জীৱন শৈলীয়ে আনকো সত্য উপাসনাৰ বিষয়ে ভাল বা বেয়াৰ ৰায় দিবলৈ সুযোগ দিয়ে। যি গ্ৰীক শব্দৰ বাবে “সুলাজ” অনুবাদ কৰা হৈছে তাৰ অৰ্থ হৈছে আনৰ মতামত বা ভাৱনাক সন্মান আৰু শ্ৰদ্ধা কৰা। গতিকে, আমাৰ সাজ-পোছাক আৰু জীৱন শৈলীয়ে যাতে আনৰ বিবেকক আঘাত নিদিয়ে, তাৰ বিষয়ে আমি ধ্যান দিয়া উচিত। আমাৰ যি বিষয়বোৰৰ ওপৰত অধিকাৰ আছে বুলি ভাবোঁ, সেই বিষয়বোৰ আমি বেছিকৈ ধৰি থকা উচিত নহয়। এই সকলোৰে ওপৰত, আমি যিহোৱা ঈশ্বৰ আৰু তেওঁৰ লোকসকলে আদৰ পোৱাটো বিচাৰোঁ। আমি নিজকে ঈশ্বৰৰ সেৱক হোৱাৰ যোগ্য কৰি, সকলো কাৰ্য্য “ঈশ্বৰৰ গৌৰৱৰ অৰ্থে” কৰিব বিচাৰোঁ।—১ কৰিন্থীয়া ৪:৯; ১০:৩১; ২ কৰিন্থীয়া ৬:৩-৫; ৭:১.
মোৰ সাছ-পোছাকে যিহোৱা ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনেনে?
১৪. সাজ-পোছাক পৰিধান কৰাৰ ক্ষেত্ৰত আমি নিজকে কি কি প্ৰশ্ন কৰা উচিত?
১৪ আমি যেতিয়া ঘোষণা কাৰ্য্যত ভাগ লওঁ বা খ্ৰীষ্টান সভাত উপস্থিত হওঁ, তেতিয়া আমাৰ সাজ-পোছাক আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি নিজকে সুধিব পাৰোঁ, ‘মোৰ সাজ-পোছাকৰ বাবে লোকসকলে মোক ধ্যান দিছে নেকি? মই শৰীৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে অৱহেলা কৰোঁ নেকি? সেইবাবে আনে মোৰ ওচৰলৈ আহিবলৈ উচপিচ কৰে নেকি? মোৰ বাবে কোনটো গুৰুত্বপূৰ্ণ হয়, কেৱল নিজৰ পছন্দ অনুসৰি সাজ-পোছাক পৰিধান কৰা নে মণ্ডলীৰ সেৱাৰ বাবে নিজকে যোগ্য কৰি তোলা?’— গীতমালা ৬৮:৬; ফিলিপীয়া ৪:৫; ১ পিতৰ ৫:৬.
১৫. ঈশ্বৰৰ বাক্যই সাজ-পোছাক পৰিধান কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে কিয় এখন দীঘলীয়া তালিকা দিয়া নাই?
১৫ সাজ-পোছাক পৰিধান কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নীতি-নিয়মৰ বিষয়ে ঈশ্বৰৰ বাক্যত এখন দীঘলীয়া তালিকা দিয়া নাই। নিজে নিৰ্ণয় কৰা বা বিচাৰ বুদ্ধি ব্যৱহাৰ কৰাৰ যি স্বাধীনতা আমাৰ আছে, তাক যিহোৱা ঈশ্বৰে কাঢ়ি লʼব বিচৰা নাই। ইয়াৰ পৰিৱৰ্তে, তেওঁ আমাক বাইবেলৰ সিদ্ধান্তৰ আধাৰত যুক্তি কৰা এজন পৰিপক্ক ব্যক্তি হোৱাটো বিচাৰে যিয়ে “জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ।” (ইব্ৰী ৫:১৪) কিন্তু, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে আমাৰ নিৰ্ণয়বোৰ প্ৰেমৰ দ্বাৰা পৰিচালিত হোৱাটো তেওঁ বিচাৰে আৰু সেই প্ৰেম হৈছে, ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম। (মাৰ্ক ১২:৩০, ৩১ পঢ়ক।) এই সীমাৰ ভিতৰতে থাকি আমি বিভিন্ন ধৰণৰ সাজ-পোছাক পৰিধান কৰিব পাৰোঁ। ইয়াৰ প্ৰমাণ আপুনি পৃথিৱীৰ বিভিন্ন প্ৰান্তত ৰং-বিৰঙৰ সাজ-পোছাক পৰিধান কৰা আৰু আনন্দ-স্ফূৰ্তিত থকা যিহোৱাৰ সাক্ষীসকলৰ মাজত দেখিবলৈ পাব।
সৰলভাৱে জীৱন-যাপন কৰক
১৬. জগতৰ ভাৱধাৰা কেনেকৈ যীচুৰ শিক্ষাৰ বিপৰীত আৰু আমি নিজকে কি কি প্ৰশ্ন সুধিব পাৰোঁ?
১৬ এই জগতৰ ভাৱধাৰা হৈছে ছলাহী আৰু ইয়ে লাখ লাখ লোকৰ মনত বিশ্বাস জন্মায় যে জীৱনত সুখ আৰু আনন্দৰ বাবে টকা-পইচা আৰু ভৌতিক বস্তুবোৰৰ প্ৰয়োজন আছে। কিন্তু যীচুৱে কৈছিল, “কিয়নো উপচি পৰিলেও, মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰে নহয়।” (লূক ১২:১৫) যীচুৱে লোকসকলক বৈৰাগী হʼবলৈ বা সকলো ধৰণৰ সুখৰপৰা নিজকে বঞ্চিত কৰিবলৈ কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে “আত্মাত দৰিদ্ৰ” আৰু আত্মিক বিষয়বোৰত ধ্যান দি, সৰলভাৱে জীৱন-যাপন কৰা লোকসকলে জীৱনত প্ৰকৃত আনন্দ লাভ কৰিব পাৰে বুলি যীচুৱে শিকাইছিল। (মথি ৫:৩; ৬:২২) আমি নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰোঁ: ‘মই যীচুৱে দিয়া শিক্ষাক সঁচাকৈ বিশ্বাস কৰিছোঁ, নে চয়তানৰ প্ৰভাৱত পৰিছোঁ, যি নিজেই মিছলীয়া? (যোহন ৮:৪৪) মোৰ কথা-বতৰা, মোৰ লক্ষ্য, মোৰ প্ৰাধান্য আৰু মোৰ জীৱন প্ৰণালীয়ে কি প্ৰতিফলিত কৰে?’—লূক ৬:৪৫; ২১:৩৪-৩৬; ২ যোহন ৬.
১৭. সৰল জীৱন-যাপন কৰি লোকসকলে লাভ কৰা আশীৰ্বাদবোৰ উল্লেখ কৰক।
১৭ যীচুৱে কৈছিল, “জ্ঞান, নিজ কৰ্ম্মৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে।” (মথি ১১:১৯) সৰলভাৱে জীৱন-যাপন কৰাৰ বাবে আশীৰ্বাদ লাভ কৰা কিছুমান লোকৰ উদাহৰণ আলোচনা কৰোঁ। তেওঁলোকে ঈশ্বৰৰ সেৱাত নিজৰ জীৱন অতিবাহিত কৰি প্ৰকৃত আনন্দ লাভ কৰিছে। (মথি ১১:২৯, ৩০) অযথা চিন্তা-ভাৱনাৰপৰা আঁতৰি, তেওঁলোকে মানসিক আৰু আবেগিক যন্ত্ৰনাৰপৰা নিজকে দূৰে ৰাখিবলৈ সক্ষম হৈছে। (১ তীমথিয় ৬:৯, ১০ পঢ়ক।) দৈনন্দিন জীৱনত নিজৰ প্ৰয়োজনীয়তাবোৰ পূৰ হোৱাৰ বাবে তেওঁলোক সন্তুষ্ট। সেইবাবে, তেওঁলোকে নিজৰ পৰিয়াল আৰু খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত বেছি সময় অতিবাহিত কৰিবলৈ সক্ষম হৈছে। এইদৰে সৰল জীৱন-যাপন কৰাৰ বাবে তেওঁলোকে ভালদৰে টোপনি যাব পাৰিছে। (উপদেশক ৫:১২) তেওঁলোকে জানে যে গ্ৰহণ কৰাতকৈ দান কৰা শ্ৰেষ্ঠ। সেইবাবে তেওঁলোকে আনক দান কৰি আনন্দ লাভ কৰে। (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) ইয়াৰ উপৰিও তেওঁলোকে “আশাত উপচি” পৰে, শান্তিত থাকে আৰু আত্মসন্তুষ্টি লাভ কৰে। (ৰোমীয়া ১৫:১৩; মথি ৬:৩১, ৩২) সঁচাকৈ এই আশীৰ্বাদবোৰ বহুমূলীয়া। পৃথিৱীৰ কোনো বস্তুৰ লগত ইয়াৰ তুলনা কৰিব নোৱাৰি।
“আটাই অস্ত্ৰ-শস্ত্ৰ” লওক
১৮. আমাৰ শত্ৰু, তাৰ কৌশল আৰু ‘মালযুদ্ধৰ’ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে?
১৮ যিসকলে নিজকে ঈশ্বৰৰ প্ৰেমত ৰাখে, তেওঁলোকে আৰু এটা আশীৰ্বাদ লাভ কৰে। যিহোৱাক উপাসনা কৰাৰপৰা তেওঁৰ সেৱকসকলক যাতে চয়তানে বঞ্চিত কৰিব নোৱাৰে, তাৰ বাবে যিহোৱাই তেওঁলোকক সুৰক্ষা দিয়ে। ঈশ্বৰৰ সেৱকসকলে সুখ আৰু আনন্দ তথা অনন্ত জীৱন লাভ কৰাটো চয়তানে নিবিচাৰে। (১ পিতৰ ৫:৮) পৌলে কৈছিল, “তেজ আৰু মাংসেৰে সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি, আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে।” (ইফিচীয়া ৬:১২) সাধাৰণতে, “মালযুদ্ধ” মুখামুখিকৈ আৰু হতা-হতিকৈ কৰা হয়। এই যুদ্ধত বন্দুক বা টোপ ব্যৱহাৰ কৰা নহয়। যদি এইবোৰ ব্যৱহাৰ কৰাহেঁতেন, তেনেহʼলে দূৰৈৰপৰা আৰু লুকাই থাকি শত্ৰুৰ লগত যুদ্ধ কৰিব পৰা গʼলহেঁতেন। ইয়াৰ উপৰিও, “আধিপত্য,” “ক্ষমতা” আৰু “জগতপতি” এই শব্দবোৰে প্ৰমাণ কৰে যে আত্মিক প্ৰাণীবিলাকে সংগঠিত আৰু পৰিকল্পিতভাৱে আক্ৰমণ চলায়।
১৯. সত্য খ্ৰীষ্টানসকলৰ আধ্যাত্মিক অস্ত্ৰ-শস্ত্ৰৰ বিষয়ে বৰ্ণনা কৰক।
১৯ কিন্তু, সীমিত শক্তি আৰু দুৰ্বলতা থকাৰ সত্ত্বেও আমি এই যুদ্ধত জয়ী হʼব পাৰিম। কেনেকৈ বাৰু? যদি আমি “ঈশ্বৰৰ আটাই অস্ত্ৰ-শস্ত্ৰ” লওঁ, তেনেহʼলে নিশ্চয় জয়ী হʼব পাৰিম। (ইফিচীয়া ৬:১৩) এই অস্ত্ৰ-শস্ত্ৰৰ বিষয়ে ইফিচীয়া ৬:১৪-১৮ পদত এইদৰে বৰ্ণনা কৰিছে, “এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্ম্মিকতাৰ বুকুবৰি পিন্ধি, শান্তিৰ শুভবাৰ্ত্তাৰ প্ৰস্তুততাৰ জোতা ভৰিত পিন্ধি থিৰে থাকা। তাত বাজে যিহেৰে তোমালোকে পাপ-আত্মাৰ সকলো অগ্নি-শৰ নুমাব পাৰিবা, এনে বিশ্বাসৰ ঢাল লোৱা। আৰু পৰিত্ৰাণৰ টকয়া, আৰু আত্মাৰ তৰোৱাল, অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা। সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা; আৰু ইয়াৰ কাৰণে পৰ দি, সকলো পবিত্ৰ লোকৰ কাৰণে পৰ দি, সম্পূৰ্ণ ধৈৰ্য্য আৰু নিবেদনত লাগি থাকা।”
২০. জগতৰ সৈনিক আৰু সত্য খ্ৰীষ্টানৰ মাজত কি পাৰ্থক্য আছে?
২০ যিহোৱা ঈশ্বৰে আধ্যাত্মিক অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা কৰিছে। এইবোৰে আমাক কেতিয়াও বিফল হʼবলৈ নিদিয়ে। কিন্তু আমি এই অস্ত্ৰ-শস্ত্ৰবোৰ সকলো সময়ত পৰিধান কৰিব লাগিব। সত্য খ্ৰীষ্টানসকল জগতৰ সৈনিকসকলৰ দৰে নহয়, যিসকলে এখন যুদ্ধৰ পাছত দীৰ্ঘদিন বিৰতিৰ আনন্দ উপভোগ কৰে। আমাৰ যুদ্ধ একেৰাহে হৈ থকা জীৱন-মৰণৰ যুদ্ধ হয়। যিহোৱা ঈশ্বৰে যেতিয়ালৈকে চয়তানৰ জগতক ধ্বংস নকৰে আৰু সকলো দুষ্ট স্বৰ্গদূতক অগাধ ঠাইত পেলাই নিদিয়ে, তেতিয়ালৈকে এই যুদ্ধ চলি থাকিব। (প্ৰকাশিত বাক্য ১২:১৭; ২০:১-৩) গতিকে, আপোনাৰ দুৰ্বলতা আৰু বেয়া ভাৱনাবোৰৰ বিৰুদ্ধে সংঘৰ্ষ কৰাৰ বাবে কেতিয়াও নিৰাশ নহʼব। যিহোৱা ঈশ্বৰৰ বিশ্বাসী হৈ থাকিবলৈ আমি সকলোৱে নিজকে নিজে “ঘুচিয়াই” বশ কৰাৰ প্ৰয়োজন। (১ কৰিন্থীয়া ৯:২৭) দৰাচলতে, যেতিয়া আমি দুৰ্বলতা আৰু বেয়া ভাৱনাবোৰৰ বিৰুদ্ধে সংঘৰ্ষ নকৰিম, তেতিয়াহে আমি চিন্তিত হোৱা উচিত।
২১. আমাৰ আধ্যাত্মিক যুদ্ধত সফল হʼবলৈ আমি কি কৰা উচিত?
২১ আমি এই যুদ্ধত নিজ বাহুবলেৰে জয়ী হʼব নোৱাৰোঁ। সেইবাবে, পৌলে আমাক সোঁৱৰাই দিয়ে যে আমি যিহোৱা ঈশ্বৰলৈ “সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা” উচিত। ইয়াৰ উপৰিও আমি বাইবেল অধ্যয়ন কৰা আৰু ‘সহসেনাসকলৰ’ লগত সংগতি কৰাৰ যোগেদি যিহোৱা ঈশ্বৰৰ বাক্য শুনা প্ৰয়োজন। গতিকে মনত ৰখা উচিত যে আমি এই যুদ্ধত অকলশৰীয়া নহওঁ। (ফিলীমন ২; ইব্ৰী ১০:২৪, ২৫) যিসকলে এই বিষয়বোৰত বিশ্বাসী হৈ থাকে, তেওঁলোকে কেৱল জয়ী হোৱাই নহয়, কিন্তু পৰীক্ষাৰ সময়তো বিশ্বাসত দৃঢ় হৈ থাকিবলৈ সক্ষম হʼব।
নিজৰ বিশ্বাসৰ বিষয়ে সাক্ষ্য দিবলৈ সাজু থাকক
২২, ২৩. (ক) আমাৰ বিশ্বাসৰ বিষয়ে সাক্ষ্য দিবলৈ আমি সকলো সময়তে কিয় সাজু থকা উচিত আৰু আমি নিজকে কি প্ৰশ্ন সোধা প্ৰয়োজন? (খ) পৰৱৰ্তী অধ্যায়ত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
২২ যীচুৱে কৈছিল, “তোমালোক জগতৰ নোহোৱা” আৰু “এই কাৰণে জগতে তোমালোকক ঘিণায়।” (যোহন ১৫:১৯) সেইবাবে, সত্য খ্ৰীষ্টানসকলে সদায় নিজৰ বিশ্বাসৰ বিষয়ে সাক্ষ্য দিবলৈ সাজু থকাৰ প্ৰয়োজন। কিন্তু এই কাম সন্মান আৰু নম্ৰতাৰে কৰা উচিত। (১ পিতৰ ৩:১৫ পঢ়ক।) আমি নিজকে এইদৰে সুধিব পাৰোঁ: ‘যিহোৱাৰ সাক্ষীসকলে কিয় জগতৰ জনাজাত মতামতবোৰৰ বিৰুদ্ধে নিৰ্ণয় লয়, তাৰ বিষয়ে মই বুজি পাওঁনে? যদি মোক জগতৰ মতামতবোৰৰ বিৰুদ্ধে নিৰ্ণয় লʼবলগীয়া হয়, তেনেহʼলে বাইবেল আৰু বিশ্বাসী বুদ্ধিমান দাসে যি কৈছে, তাৰ ওপৰত মই সম্পূৰ্ণ বিশ্বাস কৰোঁনে? (মথি ২৪:৪৫; যোহন ১৭:১৭) যিহোৱা ঈশ্বৰৰ দৃষ্টিত যি উচিত, তাক কৰিবলৈ মই সাজু আছোঁনে? অন্যৰ দৃষ্টিত বেলেগ হʼলেও এই পাৰ্থক্যৰ কাৰণ কি তাক মই ভালদৰে বুজি পাওঁনে?’—গীতমালা ৩৪:২; মথি ১০:৩২, ৩৩.
২৩ কিন্তু জগতৰপৰা পৃথকে থাকিবলৈ নিৰ্ণয় লোৱাৰ বাবে কেতিয়াবা এনেধৰণৰ পৰীক্ষা আহে, যাৰ বিষয়ে বুজি পাবলৈ কঠিন হয়। উদাহৰণস্বৰূপে, চয়তানে যিহোৱাৰ সেৱকসকলক জগতৰ মনোৰঞ্জনৰ প্ৰতি প্ৰলোভিত কৰিবলৈ চেষ্টা কৰে। সতেজ হʼবলৈ আৰু শুদ্ধ বিবেক বজাই ৰাখিবলৈ আমি কেনেকৈ ভাল মনোৰঞ্জন নিৰ্বাচন কৰিব পাৰোঁ? ইয়াৰ বিষয়ে পৰৱৰ্তী অধ্যায়ত আলোচনা কৰা হʼব।
a যীচুৱে ৩৩ খ্ৰীষ্টাব্দৰপৰা ৰজা হিচাপে পৃথিৱীত থকা তেওঁৰ অভিষিক্ত শিষ্যসকলৰ মণ্ডলীত শাসন কৰিছে। (কলচীয়া ১:১৩) যীচু খ্ৰীষ্টক ১৯১৪ চনত “এই জগতৰ” ওপৰত অধিকাৰ দিয়া হʼল। সেইবাবে, বৰ্তমান সময়তো অভিষিক্ত খ্ৰীষ্টানসকলে মচীহৰ ৰাজ্যৰ ৰাজদূত হিচাপে সেৱা কৰে।—প্ৰকাশিত বাক্য ১১:১৫
c “পতাকা চেলামি, ভোট দিয়া আৰু অসামৰিক সেৱা” নামৰ অতিৰিক্ত লেখত চাওক।