ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০২ পৃষ্ঠা ৬
  • শুদ্ধতাই যিহোৱালৈ মহিমা কঢ়িয়াই আনে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শুদ্ধতাই যিহোৱালৈ মহিমা কঢ়িয়াই আনে
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • শালীনতাৰে পৰিধান কৰা সাজ-পোছাকে ঈশ্বৰলৈ ভক্তি প্ৰকাশ কৰে
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • নিজৰ কাপোৰ-কানিৰ বিষয়ে চিন্তা কৰাটো কিয় প্ৰয়োজন?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” দ্বাৰা উৎসাহিত হোৱা
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • শালীন আৰু সন্মানীয় ব্যক্তিগত পৰিধান
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০২ পৃষ্ঠা ৬

শুদ্ধতাই যিহোৱালৈ মহিমা কঢ়িয়াই আনে

১ লক্ষ্য কৰোঁতা আন এজন নিৰাপত্তা ৰখীয়াই এইদৰে কয়: “সকলো পুৰুষে পৰিপাটি সাজ-পোছাক আৰু টাই পৰিধান কৰিছিল। মহিলাসকলে মাৰ্জিত কিন্তু সুৰুচিপূৰ্ণ সাজ-পোছাক পিন্ধিছিল। তেওঁলোক ভদ্ৰ, সন্মানযুক্ত, পৰিষ্কাৰ-পৰিচ্ছন্নতা লোক। মই যি দেখিলোঁ সেয়া সঁচাকৈ আনন্দময়। কিয়নো এনে এখন আৱৰ্জনাপূৰ্ণ জগতত থকাৰ স্বত্বেও আপোনালোকে শুদ্ধতা বজাই ৰাখিব পাৰিছে।” সেই লোকসমূহক কেনেধৰণে বৰ্ণনা কৰা হৈছিল? এক ৰাজনৈতিক সমাগমত উপস্থিত হোৱা সদস্যৰ অৱস্থাৰ নিচনাকৈ নে? এখন ক্ৰিকেট খেলত উপস্থিত হোৱা লোকসকলৰ দৰে নে? এখন বিয়াত উপস্থিত হোৱা সমূহৰ দৰে নে? তেনে কোনো ধৰণে উল্লেখ কৰা নাছিল! যোৱা বছৰৰ এখন বৃহৎ জিলা অধিৱেশনত উপস্থিত থকা ভাই আৰু ভনীসকলৰ অৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হৈছিল।

২ আমাৰ সম্পৰ্কে সেইটো কেনে এক প্ৰশংসাজনক বিষয় আছিল! আমাৰ ভাতৃত্বসমাজৰ বাবে কোৱা তেনে প্ৰশংসাসূচক বাক্যৰ বাবে আমি ধন্যবাদ নকৰিমনে? ষ্টেডিয়ামক তৈয়াৰ কৰিবলৈ কৰা কাৰ্য্য আৰু তেওঁলোকৰ তেনে ভাল ৰিপৰ্ট, উত্তম আচৰণৰ আৰ্হিৰ বাবে আমাৰ সকলো যিহোৱাৰ সাক্ষী সদস্যই অৱশ্যেই ধন্যবাদ দিম। প্ৰকৃততে আমাৰ আচাৰ-ব্যৱহাৰে গোটেই বিশ্বত আমাক এক ভিন্ন লোক হিচাবে পৰিচয় দিয়ে। (মলা. ৩:⁠১৮) কিয় তেনে পৰিচয় দিয়ে? কিয়নো আমি যিহোৱাই দিয়া এই আজ্ঞাক পালন কৰোঁ, যʼত এইদৰে কোৱা হৈছে: “তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।”​—⁠১ পিত. ১:⁠১৬.

৩ অপবিত্ৰক পবিত্ৰ কৰাৰ অৰ্থ কি? ভাৰালৈ লোৱা অধিৱেশন ভৱনবোৰ সাধাৰণতে বহুবছৰৰ পৰা ৰাইজৰ বৰ্বৰতা, জীৱ-জন্তুৰ শয়ন স্থান আৰু আন ধৰণৰ দুৰ্ব্যৱহাৰৰ বাবে ভাল অৱস্থাত নাথাকে। শৌচালয়, সজ্জাকক্ষ আৰু আন সা-সুবিধাসমূহ পবিত্ৰ ঈশ্বৰৰ স্তৰৰ সমতুল্যত নাথাকে। ইয়াৰ পৰিৱৰ্তে সেইবোৰে প্ৰায়ে এই যুগৰ অপবিত্ৰ দেৱতাৰ গুণসমূহ প্ৰকাশ কৰে। (২ কৰি. ৪:⁠৪) ইয়াক পৰিষ্কাৰ কৰি পবিত্ৰ ঈশ্বৰৰ স্তৰৰ সমতুল্য কৰিবলৈ আমি কি কৰিব পাৰোঁ?

৪ চেন্নাই, কচি আৰু মোম্বাইত হʼবলগীয়া প্ৰত্যেকখন অধিৱেশনৰ বাবে অধিৱেশন ভৱনক বিশেষভাৱে তৈয়াৰ কৰিবলৈ দুই বা তিনি দিনৰ পূৰ্বেই বৃহৎ সংখ্যক স্বেচ্ছাকৰ্ম্মীৰ আৱশ্যক। অধিৱেশনৰ সেই তিনিদিন শৌচালয় পৰিষ্কাৰ, ভৱনৰ ভিতৰখন চফা, আসনবোৰ পৰিষ্কাৰ কৰিবলৈ বহুতো স্বেচ্ছাকৰ্ম্মীৰ আৱশ্যক। গতিকে এই সুযোগৰ দ্বাৰা যিহোৱাৰ নামক মহিমা কৰিবলৈ এযোৰ কাম কৰা পোছাক আনিবলৈ পাহৰি নাযাব।

৫ পূৰ্বতে হোৱা অধিৱেশন ভৱনবোৰত আমি হয়তো কেৱল বাঢ়নিৰে পৰিষ্কাৰ, মজিয়াখন পানীৰে মচি পেলোৱা আৰু মেজবোৰ পৰিষ্কাৰ কৰালৈকে সীমিত আছিল। এই বছৰত আমি নিশ্চিত কৰা আৱশ্যক যে অধিৱেশন ভৱনৰ প্ৰত্যেকতো চুকে-কোণে যেন পবিত্ৰ ঈশ্বৰৰ পবিত্ৰতা প্ৰতিফলিত কৰে। ইয়াৰ বাবে সকলোৱে অংশ লব পাৰে। কণ কণ লʼৰা-ছোৱালীক হয়তো অʼত-তʼত সিঁচৰিত হৈ থকা আৱৰ্জনাবোৰ একত্ৰিত কৰিবলৈ কব পাৰে। অধিৱেশন ভৱনত ভাঙি থকা কোনো বস্তু বা পাইপ ফাটি পানী নিগৰি থকা আদি বস্তুক মেৰামতি কৰিবলৈ পৰিষ্কাৰ বিভাগক জনোৱা আৱশ্যক। আমাৰ ভাইসকলে শৌচালয়বোৰ বীজাণুনাশক দৰবৰ দ্বাৰা পৰিষ্কাৰ কৰাৰ পিছত সকলোৱে তেনেদৰে পৰিষ্কাৰকৈ ৰখা আৱশ্যক।

৬ সাজ-পাৰ আৰু বেশ-ভুষা: ইয়ে কি প্ৰকাশ কৰে? পৰিষ্কাৰ আৰু পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰি আমাৰ ভাই-ভনীসকলে বছৰৰ পিছত বছৰ ধৰি উত্তম আৰ্হি প্ৰস্তুত কৰি আহিছে। অধিৱেশনবোৰত সকলোৱে ভাল সাজ-পোছাক পৰিধান কৰাটো এটা ৰীতি হৈ পৰিছে আৰু আমাৰ ভনীসকলে শালীনতাৰে শাড়ী, চেলোৱাৰ-কামিজ বা স্কাৰ্ট পৰিধান কৰাৰ বাবে প্ৰশংসাৰ যোগ্য। তদুপৰি যুৱক-যুৱতীসকলে আধুনিক জগতৰ শৈলীৰ অনুসাৰে সাজ-পোছাক পৰিধান নকৰাৰ বাবে তেওঁলোকেও প্ৰশংসাৰ যোগ্য। (ৰোমী. ১২:⁠২) এনে স্তৰসমূহ বজাই ৰাখি প্ৰকাশ কৰোঁ যে আমি সঁচাকৈ “ঈশ্বৰৰ স্তুতি” কৰিব বিচাৰিছোঁ।​—⁠১ পিত. ২:⁠১২.

৭ সাজ-পোছাকৰ ক্ষেত্ৰত বিশেষকৈ মন কৰিবলগীয়া এই যে মোম্বাইত হোৱা অধিৱেশন ভৱনত বহিবলৈ চকীৰ ব্যৱস্থা নাই, গতিকে ভাই-ভনীসকলে এনে সাজ-পোছাক পৰিধান কৰা আৱশ্যক যাতে তেওঁলোকে আৰেমেৰে ষ্টেডিয়ামৰ খটখটীত বহিব পাৰে। বহিবলৈ ঢাৰি বা সৰু গাদী অনাটো অধিক ব্যৱহাৰিক হʼব। কচিত হʼবলগীয়া অধিৱেশনটো অধিৱেশন ভৱনৰ ভিতৰত বহুতো ভাই-ভনীৰ সমাগম হʼব, গতিকে আৰামেৰে বহিবলৈ উপযুক্ত সাজ-পোছাক পৰিধান কৰাটো উত্তম হʼব।

৮ এতেকে আঁহক আমি এই বছৰৰ “উৎসাহী ৰাজ্যৰ প্ৰচাৰকসকল” জিলা অধিৱেশনত ব্যৱস্থা কৰা সকলোতে সহযোগ কৰি “ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ প্ৰজা” হোৱাৰ প্ৰমাণ দিওঁহঁক। লোকসকলৰ ওপৰত পৰা ভাল প্ৰভাৱে যিহোৱালৈ ‘প্ৰশংশা, যশস্যা আৰু মৰ্য্যাদা’ কঢ়িয়াই আনিব।​—⁠দ্বিতী. ২৬:⁠১৯.

[Box on page 6]

কিদৰে যিহোৱাক মহিমাম্বিত কৰিব পাৰি:

◼ অধিৱেশন ভৱনবোৰ পৰিষ্কাৰ কৰিবলৈ স্বইচ্ছাৰে আগবাঢ়ি অহা।

◼ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাত সহযোগ কৰা।

◼ ঈশ্বৰৰ সেৱকৰ বাবে উপযুক্ত হোৱা সাজ-পোছাক পৰিধান কৰা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক