শালীন আৰু সন্মানীয় ব্যক্তিগত পৰিধান
১ যোৱা বছৰৰ এখন জিলা অধিৱেশনত উপস্থিত হোৱা ভাই আৰু ভনীসকলৰ বিষয়ে এখন হোটেলৰ এজন কৰ্ম্মচাৰীয়ে এইদৰে মন্তব্য দিয়ে: “যিহোৱাৰ সাক্ষীসকল হৈছে ভদ্ৰ লোক! আপোনালোক দয়ালু, সাজ-পোছাকো সন্মানীয় আৰু আনৰ প্ৰতি গভীৰ সন্মান দেখুৱাই।” আন এখন অধিৱেশনত এগৰাকী হোটেলৰ কৰ্মীয়ে এইদৰে মন্তব্য দিয়ে: “আপোনালোকে যে ঈশ্বৰক প্ৰশংসা কৰিব বিচাৰিছে সেয়া পৰিধান কৰা সাজ-পোছাকে স্পষ্টকৈ প্ৰকাশ কৰিছে।” এইটো সঁচা যে অধিৱেশনত উপস্থিত হোৱা ভাই-ভনীসকলক আনে লক্ষ্য কৰিছিল। সেয়েহে আমি “শুভবাৰ্ত্তাৰ যোগ্য আচৰণ” কৰিবলৈ তেনেদৰে সাজ-পোছাক পৰিধান কৰিব বিচাৰোঁ আৰু ইয়ে আমি যে ঈশ্বৰৰ উপাসক, সেই বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰে। (ফিলি. ১:২৭) সেইবাবে জিলা অধিৱেশনত উপস্থিত হʼবলৈ আয়োজন কৰাৰ সময়ত আমি আমাৰ সাজ-পোছাক আৰু বহিঃৰূপৰ সম্পৰ্কে আগতীয়াকৈ বিবেচনা কৰা উচিত।
২ যাকোব নামৰ যীচুৰ শিষ্যজনে এইদৰে লিখিছিল: “ওপৰৰ পৰা অহা যি জ্ঞান . . . ক্ষান্তস্বভাৱী।” (যাকো. ৩:১৭) আমাৰ বহিঃৰূপত ক্ষান্তস্বভাৱ প্ৰতিফলিত কৰাতো এক প্ৰত্যাহ্বানজনক হʼব পাৰে। কিয়নো চয়তানৰ অনৈতিকতাপূৰ্ণ জগতৰ লোকসকলে অশালীন, কামাতুৰ আৰু আচহুৱা শৈলীৰ সাজ-পোছাক পিন্ধিবলৈ হেঁচা দিয়ে। (১ যোহ. ২:১৫-১৭) সেয়েহে যেতিয়া সাজ-পোছাক পৰিধান কৰাৰ বিষয়ে নিৰ্ণয় কৰা হয় তেতিয়া আমি বাইবেলৰ পৰামৰ্শ পালন কৰা উচিত, যʼত এইদৰে কোৱা হৈছে, “আমি ভক্তি-লঙ্ঘন আৰু সাংসাৰিক আভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধাৰ্ম্মিক, আৰু ভক্তিভাৱে এই বৰ্ত্তমান সংসাৰত যেন জীৱন যাপন কৰোঁ।” (তীত ২:১২) আমাৰ ভাই-ভনী, হোটেলৰ কৰ্ম্মচাৰী বা আমাক লক্ষ্য কৰাসকলেই নহওঁক কিয়, কোনো এজনকো আমি পৰিধান কৰা সাজ-পোছাকৰ দ্বাৰা বিৰক্ত কৰা উচিত নহয়।—১ কৰি. ১০:৩২, ৩৩.
৩ শালীন আৰু পৰিপাটি সাজ-পোছাক: আপুনি অধিৱেশনৰ বাবে সাজু হোৱাৰ সময়ত নিজকে এইদৰে সোধক: ‘মই পৰিধান কৰা সাজ-পোছাক সুলজ অথবা আনৰ ধ্যান আকৰ্ষিত কৰেনে? মোৰ সাজ-পোছাকে আনৰ অনুভূতিক সন্মান কৰেনে? মই পিন্ধা ব্লাউজৰ ডিঙিৰ অংশখিনি অধিক তললৈ বা অতি ছুটিনে? মোৰ বস্ত্ৰই মোৰ শৰীৰৰ অনুপযুক্ত অংশখিনি প্ৰকাশ বা অধিককৈ শৰীৰিত লিপিট খাই থকানে? পৰিধান কৰা সাজ-পোছাক পৰিষ্কাৰ বা দুৰ্গন্ধমুক্তনে? অধিৱেশনৰ আজৰি সময়ত হোটেলে আগবঢ়োৱা জলপান আদিৰ দৰে সুবিধাবোৰ লোৱাৰ সময়ত মোৰ সাজ-পোছাকে স্পষ্টকৈ ঈশ্বৰৰ পৰিচাৰক হোৱাৰ পৰিচয় দিয়েনে, অথবা অধিৱেশনৰ বেজ কাৰ্ড পৰিধান কৰিব নোৱাৰাকৈ মোৰ বস্ত্ৰ অধিক অপৰিপাটি, উৱলি যোৱা, অত্যধিকভাৱে সাধাৰণ আৰু অনুপযুক্তনে? আজৰিৰ সময়ত মই পৰিধান কৰা সাজ-পোছাকৰ বাবে আনক অনিয়মিত সাক্ষী দিবলৈ সঙ্কুচিত অনুভৱ কৰোঁনে?’—ৰোমী. ১৫:২, ৩; ১ তীম. ২:৯.
৪ আমি পৰিপক্ক খ্ৰীষ্টানসকলে পৰিধান কৰা সাজ-পোছাকক লক্ষ্য কৰি লাভৱান হʼব পাৰোঁ। পত্নীসকলে নিজৰ স্বামীক সোধা আৱশ্যক যে তেওঁলোকে পৰিধান কৰা সাজ-পোছাকক আনে কেনে দৃষ্টিৰে লক্ষ্য কৰিব। যিহোৱাৰ উপাসক হোৱা পিতৃ-মাতৃসকলে তেওঁলোকৰ কিশোৰ বয়সীয়া সন্তানক এই সম্পৰ্কে সহায় কৰিব পাৰে। তদুপৰি সন্মানীয় বয়সীয়া ভনীসকলে সাজ-পোছাক পৰিধান কৰাৰ ক্ষেত্ৰত ‘ঈশ্বৰৰ বাক্য যেন নিন্দিত নহয়, তাৰ কাৰণে তেওঁবিলাকে যুৱতীবিলাকক বিবেচক, সুস্বভাৱী হʼবলৈ শিকাই বুজাই সুবুদ্ধি কৰি তুলিবলৈ শিক্ষা’ দিব পাৰে।’ (তীত ২:৩-৫) এই সম্পৰ্কে সহায় কৰিবলৈ আমাৰ প্ৰকাশনসমূহত সুলজ আৰু পৰিপাটিৰে সাজ-পোছাক পৰিধান কৰাৰ উদাহৰণ দিয়া হৈছে।
৫ যিহোৱাৰ নাম স্তুতি কৰা: জিলা অধিৱেশনৰ কাৰ্য্যক্ৰমত ভাগ লোৱাসকলেই যে যিহোৱাক স্তুতি কৰিবলৈ সুযোগ পায় এনে নহয়, কিন্তু তাত উপস্থিত হোৱা সকলোৱে তেওঁৰ স্তুতি কৰিবলৈ সুযোগ লাভ কৰে। এইটো সঁচা যে আমাৰ কথা-বতৰা আৰু আচাৰ-ব্যৱহাৰে যিহোৱা ঈশ্বৰৰ স্তুতি কৰে। কিন্তু সৰ্ব্বপ্ৰথমে লোকসকলে আমাৰ সাজ-পোছাকৰ প্ৰতি লক্ষ্য কৰে। সেয়েহে আঁহক আমি, আমাৰ সকলোৱে ব্যক্তিগত বহিঃৰূপত পবিত্ৰতা বজাই ৰাখি যিহোৱাৰ স্তুতি কৰোঁহঁক।—গীত. ১৪৮:১২, ১৩.
[Study Questions]
১. জিলা অধিৱেশনত উপস্থিত হʼবলৈ আয়োজন কৰাৰ সময়ত আমি আমাৰ সাজ-পোছাক আৰু বহিঃৰূপৰ প্ৰতি কিয় গভীৰভাৱে বিবেচনা কৰা উচিত?
২. সাজ-পোছাক পৰিধান কৰাত পবিত্ৰতা বজাই ৰাখাটো কিয় এক প্ৰত্যাহ্বানজনক বিষয়?
৩. ব্যক্তিগত পৰিধানক পৰীক্ষা কৰিবলৈ আমি নিজকে কেনে ধৰণৰ প্ৰশ্নসমূহ সোধা আৱশ্যক?
৪. সুলজ আৰু পৰিপাটিকৈ বহিঃৰূপ প্ৰকাশ কৰিবলৈ আনে আমাক কেনেকৈ সহায় কৰিব পাৰে?
৫. অধিৱেশনৰ সময়ত আমাৰ সকলোৱে কেনেকৈ যিহোৱাৰ নাম স্তুতি কৰিব পাৰে?
[Box on page 6]
প্ৰশংসনীয় বহিঃৰূপৰ বাবে আগবঢ়োৱা সহায়বোৰ
◼ ঈশ্বৰৰ বাক্য
◼ আত্মসমীক্ষা
◼ আনে লক্ষ্য কৰা
◼ প্ৰকৃত খ্ৰীষ্টানৰ প্ৰকাশনসমূহ