ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০৫ পৃষ্ঠা ৪-৫
  • বৃহৎ মণ্ডলীত যিহোৱাৰ ধন্যবাদ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বৃহৎ মণ্ডলীত যিহোৱাৰ ধন্যবাদ কৰক
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ১৯৯৯ চনৰ “ঈশ্বৰৰ ভাৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০৫ পৃষ্ঠা ৪-৫

বৃহৎ মণ্ডলীত যিহোৱাৰ ধন্যবাদ কৰক

১ প্ৰত্যেক বছৰে হোৱা আমাৰ জিলা অধিৱেশনবোৰে যিহোৱাক মহিমান্বিত কৰিবলৈ আমাক সুযোগ প্ৰদান কৰে। এই ক্ষেত্ৰত আমিও ৰজা দায়ূদৰ দৰে অনুভৱ কৰোঁ, যʼত তেওঁ এইদৰে গাইছিল: “মই মহা-সমাজত তোমাৰ ধন্যবাদ কৰিম, অধিক লোকসমূহৰ মাজত তোমাৰ প্ৰশংসা কৰিম।” (গীত ৩৫:⁠১৮) হʼবলগীয়া “ঈশ্বৰীয় আজ্ঞাকাৰীতা” জিলা অধিৱেশনত আমি একেলগ হৈ কেনেকৈ যিহোৱাক মহিমান্বিত কৰাটো নিশ্চিত কৰিব পাৰিম?

২ ইয়াৰ এটা পদ্ধতি হৈছে, আমি আমাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰা যিহোৱাক মহিমান্বিত কৰাটো নিশ্চিত কৰিব পাৰোঁ। এখন অধিৱেশন ভৱনৰ কৰ্তৃপক্ষই এইদৰে কয়: “আপোনাৰ অধিৱেশনৰ ওপৰত আধাৰিত কৰি আমাৰ ভৱন ভাড়ালৈ লোৱা আন আন ধৰ্ম্মীয় সমূহক আমি যিহোৱাৰ সাক্ষীসকলে কৰা উত্তম অধিৱেশনৰ ব্যৱস্থাক চাবলৈ কওঁ।” এতেকে আমাৰ প্ৰত্যেকজনৰ সাজ-পোছাক, সহযোগিতা আৰু আচাৰ-ব্যৱহাৰে উপযুক্তভাৱে যিহোৱা ঈশ্বৰলৈ মহিমা কঢ়িয়াই আনে।​—⁠১ পিত. ২:⁠১২.

৩ ব্যক্তিগত বহিঃৰূপ: যিহোৱাক স্তুতি কৰিবলৈ আমাৰ সাজ-পোছাক পৰিষ্কাৰ, পৰিপাটি আৰু শালীন হোৱা আৱশ্যক। (১ তীম. ২:⁠৯) এই বিষয়ে পৰিচৰ্য্যা স্কুল কিতাপৰ ১৩২ পৃষ্ঠাত এইদৰে কোৱা হৈছে: “যি ব্যক্তিয়ে শালীনতাৰ প্ৰতি সতৰ্ক, তেওঁ সদায়ে নিজে পৰিধান কৰা সাজ-পোছাকৰ দ্বাৰা আনক বিঘিনি নজন্মাবলৈ আৰু অনাৱশ্যকীয়ভাৱে আনক আকৰ্ষিত নকৰাৰ বিষয়ে বিবেচনা কৰে।” বহুতো দেশত অশালীন সাজ-পোছাক পৰিধান কৰাটো অতি সাধাৰণ বিষয় হৈ পৰিছে। কিন্তু আমি উপযুক্তৰূপে তেওঁৰ নামৰ প্ৰতিনিধিত্ব কৰিবলৈ কৰা প্ৰচেষ্টাত যিহোৱাই অৱশ্যেই মূল্যাঙ্কন কৰে। (পাঁচ. ১৫:⁠১৪) অধিৱেশনবোৰ যদিও কোনো খেল-পথাৰ বা মনোৰঞ্জনৰ স্থানত কৰা হয়, প্ৰকৃততে আমি অধিৱেশনত তিনি দিন একেলগ হৈ ‘মহা-সমাজ’ হৈ পৰোঁ। এইদৰে আমি বিশ্বৰ মহান ঈশ্বৰ যিহোৱাৰ সম্মুখত একত্ৰিত হওঁ, সেয়েহে আমাৰ সাজ-পোছাক নিশ্চয়ে শালীন হোৱা উচিত।​—⁠১ বং. ২৯:⁠১১.

৪ তদুপৰি আমি প্ৰত্যেক দিনা অধিৱেশনৰ পিছত হোটেলত থকা আৰু ফুৰা-চকা কৰাৰ সময়ছোৱাত পৰিধান কৰা সাজ-পোছাকৰ প্ৰতিও ধ্যান দিয়া আৱশ্যক। আমি আজৰিৰ সময়ত বা কোনো ৰেস্তোৰাঁলৈ যোৱাৰ সময়ত যদিও সুবিধাজনক সাজ-পোছাক পৰিধান কৰিব বিচাৰোঁ, তথাপিও এইটো গুৰুত্বপূৰ্ণ যে আমি পৰিধান কৰা সাজ-পোছাকে তেনে সময়বোৰতো “ঈশ্বৰভক্তি” প্ৰকাশ কৰা উচিত। (১ তীম. ২:⁠১০) আমি পৰিধান কৰা সাজ-পোছাকৰ শালীনতা বৰ্তমান সময়ৰ জগতে নিৰ্ধাৰণ কৰা উচিত নহয়। (১ যোহ. ২:⁠১৬, ১৭) এই বিষয়ে আমাৰ খ্ৰীষ্টান প্ৰকাশনবোৰে পুৰুষ আৰু স্ত্ৰীয়ে বিভিন্ন পৰিৱেশত পৰিধান কৰা শালীন আৰু পৰিপাটি সাজ-পোছাকৰ দৃষ্টান্ত দাঙি ধৰিছে, যি অৱশ্যেই ব্যৱহাৰিক। অধিৱেশন হোৱা চহৰত আমি পৰিধান কৰা বেজ কাৰ্ডে আমাক সোঁৱৰাই দিয়ে যে আমি সকলো সময়তে ঈশ্বৰৰ প্ৰকৃত পৰিচাৰক।​—⁠২ কৰি. ৬:⁠৩, ৪.

৫ যিহোৱাৰ মেজত পৰিৱেশন কৰা আধ্যাত্মিক আহাৰৰ প্ৰতি মূল্যাঙ্কন দেখুৱাউক: বিশ্বৰ সৰ্ব্বশক্তিমান প্ৰভুৱে আমাৰ বাবে এক ভোজ পাতিছে। (যিচ. ২৫:⁠৬; ১ কৰি. ১০:⁠২১) যদি আমি যিহোৱাই আধ্যাত্মিক মেজত পতা ভোজৰ প্ৰতি মূল্যাঙ্কন কৰোঁ, তেনেহʼলে আমি অধিৱেশনৰ সম্পূৰ্ণ তিনিদিন উপস্থিত থকাটোৱে আমাৰ লক্ষ্য হʼব। আপুনি নিজৰ বাবে থকা, যাতায়ত আৰু চাকৰিৰ পৰা ছুটি লʼবলৈ ব্যৱস্থা কৰিলেনে? প্ৰস্তুতি আৰু যাত্ৰাৰ বাবে যথোচিত সময় অতিবাহিত কৰেনে যাতে আপুনি কাৰ্য্যক্ৰম আৰম্ভ হোৱাৰ পূৰ্বেই অধিৱেশন ভৱনত উপস্থিত হৈ আসন বিচৰা, ভাই-ভনীসকলৰ সৈতে সঙ্গতি আৰু আৰম্ভণীৰ গীত আৰু প্ৰাৰ্থনাত একেলগ হৈ যিহোৱাৰ স্তুতি কৰিব পাৰে?​—⁠গীত ১৪৭:⁠১.

৬ যিহোৱাৰ মেজৰ প্ৰতি থকা মূল্যাঙ্কনে আমাক কাৰ্য্যক্ৰম চলি থকাৰ সময়ত অনাৱশ্যকীয়ভাৱে আনৰ সৈতে কথোপকথন, খোৱা-বোৱা বা অধিৱেশন ভৱনৰ বুলনি বা কৰিডʼৰত পায়চাৰি কৰি নুফুৰিবলৈ প্ৰেৰিত কৰে। বৰ্তমান সময়ত আমাক আৱশ্যক হোৱা আধ্যাত্মিক আহাৰ প্ৰদান কৰিবলৈ যিহোৱা ঈশ্বৰে বিশ্বাসী বুদ্ধিমান দাস বৰ্গৰ দ্বাৰা প্ৰবন্ধ কৰিছে। (মথি ২৪:⁠৪৫) গতিকে আমাৰ কোনো এজনেও এই কাৰ্য্যক্ৰমত অনুপস্থিত হোৱা উচিত নহয়। পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ সৈতে বহি অধিৱেশনৰ পৰা সম্পূৰ্ণকৈ লাভৱান হʼবলৈ তেওঁলোকক সহায় কৰা উচিত।​—⁠দ্বিতী. ৩১:⁠১২.

৭ অধিৱেশনৰ দুপৰীয়া বিৰতিৰ সময়ত খাবলৈ অধিৱেশন ভৱন এৰি বাহিৰলৈ যোৱাৰ পৰিৱৰ্তে, নিজ নিজ আহাৰ আনিবলৈ সকলোকে অনুৰোধ কৰা হৈছে। যোৱা বছৰ অধিৱেশনত উপস্থিত থকা বেছিভাগ ভাই-ভনীয়ে এই নিৰ্দ্দেশনা পালন কৰাৰ বাবে বাস্তৱতে প্ৰশংসনীয়। এই বছৰত যদি সকলোৱে তেনে কৰে, তেন্তে সেইটো কিমান যে উত্তম হʼব! (ইব্ৰী ১৩:⁠১৭) এই ব্যৱস্থাই আমাক আন ভাই-ভনীসকলৰ সৈতে উন্নতিসাধক সঙ্গতি, শান্তি আৰু ঐক্যতা বজাই ৰাখাত সহায় কৰি যিহোৱাৰ নাম মহিমা কৰাৰ এক উত্তম সুযোগ প্ৰদান কৰিব।​—⁠গীত ১৩৩:⁠১.

৮ অনিয়মিত সাক্ষী দিয়া: অধিৱেশন স্থানলৈ অহা-যোৱা কৰাৰ সময়ত আমি ওঁঠৰে যিহোৱাৰ স্তুতি কৰিবলৈ বহুতো সুযোগ লাভ কৰোঁ। (ইব্ৰী ১৩:⁠১৫) আমি হোটেলত আহাৰ কৰোঁ বা তাৰ কৰ্তৃপক্ষৰ সৈতে কথোপকথন নকৰোঁ কিয়, সকলো প্ৰকাৰে সাক্ষী দিবলৈ চেষ্টা কৰা উচিত। অধিৱেশনৰ পৰা আমাৰ মন আৰু হৃদয়ত প্ৰচুৰ আধ্যাত্মিক বিষয়েৰে পূৰ্ণ হʼব। এতেকে আঁহক আমি লগ পোৱা সকলোকে অনিয়মিত সাক্ষী দিওঁহঁক।​—⁠১ পিত. ৩:⁠১৫.

৯ “সমাজবোৰৰ মাজত” যিহোৱাক ধন্যবাদ কৰাত সহভাগী হʼবলৈ আমি আগ্ৰহেৰে অপেক্ষা কৰোঁহঁক। (গীত ২৬:⁠১২) সেয়েহে আঁহক আমি “ঈশ্বৰীয় আজ্ঞাকাৰীতা” জিলা অধিৱেশনত একতাবদ্ধ হৈ যিহোৱাৰ স্তুতি কৰোঁহঁক।

[Study Questions]

১, ২. জিলা অধিৱেশনে আমাক কেনে সুযোগ প্ৰদান কৰে আৰু আমি ইয়াক কি প্ৰকাৰে সম্পন্ন কৰিব পাৰোঁ?

৩, ৪. শালীনতাই আমাক অধিৱেশন আৰু আজৰিৰ সময়ত উপযুক্তৰূপে ঈশ্বৰৰ পৰিচাৰক হোৱাৰ সাজ-পোছাক পৰিধান কৰাত কেনেকৈ সহায় কৰিব?

৫, ৬. যিহোৱা ঈশ্বৰৰ আধ্যাত্মিক মেজৰ প্ৰতি আমি কেনেকৈ মূল্যাঙ্কন দেখুৱাব পাৰোঁ?

৭. দুপৰীয়াৰ আহাৰৰ বাবে আমি কি কৰিবলৈ অনুৰোধ কৰা হʼল আৰু কিয়?

৮, ৯. যিহোৱাক স্তুতি কৰাৰ বাবে অধিৱেশনে আমাক কেনে অতিৰিক্ত সুযোগ প্ৰদান কৰে?

[Box on page 5]

জিলা অধিৱেশনৰ স্মাৰক

▪ কাৰ্য্যক্ৰমৰ সময়: জিলা অধিৱেশনৰ সকলো দিনৰ কাৰ্য্যক্ৰম ৰাতিপুৱা ৯:৩০ বজাত আৰম্ভ হʼব। সেয়েহে অধিৱেশন ভৱনৰ দুৱাৰ ৰাতিপুৱা ৮:০০ বজাত মুকলি কৰা হʼব। ৰাতিপুৱা বা আবেলিৰ কাৰ্য্যক্ৰম আৰম্ভ হোৱাৰ কেইমিনিটমান আগত চেয়াৰমেন আহি মঞ্চত থকা চকীখনত বহিব আৰু আৰম্ভণী কৰা কিংডম সংঙ্গীত বজোৱা হʼব। সেই সময়ত সকলোৱে নিজৰ নিজৰ আসনত বহা আৱশ্যক, যাতে সন্মানিতভাৱে কাৰ্য্যক্ৰম আৰম্ভ কৰিব পাৰে। শুকুৰবাৰ, শনিবাৰৰ দিনা কাৰ্য্যক্ৰম আবেলি ৫:০৫ বজাত আৰু দেওবাৰৰ দিনা ৪:১০ বজাত সমাপ্তি হʼব।

▪ গাড়ী ৰাখা স্থান: অধিৱেশন ভৱনত সংলগ্ন থকা গাড়ী ৰাখা স্থানবোৰত গাড়ী ৰাখিবলৈ কোনো ভাড়া দিব নালাগে, যিজনে আগতে আহিব তেওঁ নিজৰ গাড়ী ৰাখিবলৈ ঠাই পাব। গাড়ী ৰাখাৰ সময়ত অধিৱেশনৰ বেজ কাৰ্ডক চিনাক্তপত্ৰ হিচাপে ব্যৱহাৰ কৰা প্ৰয়োজন। সাধাৰণতে গাড়ী ৰাখা স্থান সীমিত হোৱাৰ বাবে যিমান সম্ভৱ গাড়ী ৰাখা স্থানত এখন বা দুখন গাড়ী ৰাখাৰ পৰিৱৰ্তে ওচৰা-ওচৰিকৈ কেইবাখনো ৰাখিব পাৰে।

▪ আসন সংৰক্ষণ: কেৱল আপোনাৰ সৈতে একেখন ঘৰত থকা সদস্য বা নিজৰ বাইবেল বিদ্যাৰ্থীৰ বাবে আসন সংৰক্ষণ কৰিব পাৰে।

▪ দান-বৰঙণি: জিলা অধিৱেশনৰ বাবে প্ৰবন্ধ কৰোঁতে অধিক খৰচ কৰিবলগীয়া হয়। আমি এই ব্যৱস্থাৰ প্ৰতি মূল্যাঙ্কন দেখুৱাবলৈ আমাৰ ৰাজ্যগৃহ বা অধিৱেশন ভৱনত বিশ্বব্যাপী কৰা কাৰ্য্যৰ বাবে দান কৰা আৱশ্যক। অধিৱেশনত দান কৰা যি কোনো ধনাদেশ বা চেক্‌ “Watch Tower” নামত দিয়া উচিত।

▪ দুপৰীয়াৰ আহাৰ: অধিৱেশন এৰি দুপৰীয়াৰ আহাৰৰ বাবে কোনো হোটেললৈ যোৱা পৰিৱৰ্তে অনুগ্ৰহ কৰি নিজৰ সৈতে খাদ্য অনাটো উপযুক্ত হʼব। খোৱা বস্তুৰ বেগ বা টিফিন বক্সবোৰ সৰু হোৱা উচিত, যাতে সহজে নিজে বহা আসনৰ তলত ৰাখিব পাৰি। কিন্তু যদি খোৱা বস্তুৰ বেগ ডাঙৰ হয় আৰু যি হয়তো আনৰ বাবে অহা-যোৱা কৰাত বাধাৰ কাৰণ হʼব পাৰে, তেনেহʼলে ক্লোক্‌ৰুমত ৰখাটো উপযুক্ত হʼব।

▪ ৰেকৰ্ডিং: কোনো প্ৰকাৰৰ ৰেকৰ্ডিং যন্ত্ৰ অধিৱেশনৰ ধ্বনি বা বৈদ্যুতিক যন্ত্ৰৰ সৈতে সংযোগ কৰা উচিত নহয়। তদুপৰি এনেবোৰ যন্ত্ৰ ব্যৱহাৰ কৰোঁতে আনৰ বাবে যেন অসুবিধা উৎপন্ন নকৰে।

▪ ফটো লোৱা: যদি আপুনি কাৰ্য্যক্ৰমৰ সময়ত কেমেৰা ব্যৱহাৰ কৰিছে, তেন্তে ফ্লাচ ব্যৱহাৰ কৰা উচিত নহয়।

▪ পেজাৰ আৰু চেল ফোন: এই যন্ত্ৰবোৰক এনেদৰে স্থিৰ কৰা আৱশ্যক, যাতে আনৰ মনোযোগ ভঙ্গ নহয়।

▪ দুৰ্ঘটনা আৰু আপাতকালীন: যদি অধিৱেশনত কোনো আপাতকালীন অৱস্থাৰ সৃষ্টি হয়, তেন্তে অনুগ্ৰহ কৰি ওচৰত থকা এটেন্ডেনটৰ সৈতে যোগাযোগ কৰক। তেওঁলোকে তৎক্ষণাত প্ৰাথমিক চিকিৎসা বিভাগত থকা প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিক সেই বিষয়ে জনাব আৰু পৰিস্থিতিৰ গম্ভীৰতাৰ বুজ লৈ সেই অনুসাৰে সহায় আগবঢ়াব।

▪ ৰেস্তোৰাঁ: বহুতো ঠাইত থকা ৰেস্তোৰাঁবিলাকত আগবঢ়োৱা সেৱাৰ বিনিময়ত বকচিচ দিয়াৰ প্ৰথা আছে।

▪ হোটেল: (১) আপোনাক আৱশ্যক হোৱাতকৈ অধিক ৰুম সংৰক্ষিত নকৰিব আৰু মঞ্জুৰি দিয়াতকৈ অধিক ব্যক্তি নাৰাখিব। (২) যদি আপুনি নিজৰ সংৰক্ষণ বাতিল কৰিবলগীয়া হয়, তেন্তে অনতিপলমে হোটেলৰ কৰ্তৃপক্ষক জনাওক। (৩) আপুনি সম্পূৰ্ণকৈ সাজু হোৱাৰ পিছতহে বস্তু কঢ়িয়াই নিয়া ট্ৰলিখন ব্যৱহাৰ কৰিব পাৰে। (৪) ৰান্ধিবলৈ অনুমতি নথকা ৰুমত ৰন্ধা-বঢ়া নকৰিব। (৫) আপোনাৰ ৰুমটো চোৱা-চিতা কৰা কৰ্মচাৰীজনক প্ৰত্যেক দিনা বকচিচ দিয়ক। (৬) হোটেলে অতিথিসকলৰ বাবে আগবঢ়োৱা জলপান, কফি বা বৰফৰ প্ৰবন্ধক অপব্যৱহাৰ নকৰিব। (৭) বিশেষকৈ হোটেল এৰা বা হোটলত প্ৰৱেশ কৰা ব্যস্ত দিনটোত হোটেলৰ কৰ্তৃপক্ষৰ সৈতে আচৰণ কৰোঁতে পবিত্ৰ আত্মাৰ ফল প্ৰকাশ কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক