১৯৯৯ চনৰ “ঈশ্বৰৰ ভাৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন
১ যেতিয়া ইস্ৰায়েলসকল প্ৰতিজ্ঞা দেশত সোমাবলৈ অলপ সময়ে বাকী আছিল, মোচিয়ে তেওঁলোকক ঈশ্বৰৰ আজ্ঞাক উপলব্ধি কৰিবলৈ অনুৰোধ জনাইছিল। তেওঁ তেওঁলোকক কৈছিল: “এয়ে তোমালোকৰ পক্ষে অনৰ্থক কথা নহয়; কাৰণ ইয়াতেই তোমালোকৰ জীৱন আছে।” (দ্বিতী. ৩২:৪৫-৪৭) আমি যিহোৱালৈ কৃতজ্ঞ নহওঁনে যে আমাৰ জীৱন তেওঁৰ বাবে বহু মূল্যবান আৰু তেওঁ নিজৰ বহুমূলীয়া বাক্যৰ দ্বাৰা আমাক সকলো সময়তে পথ-প্ৰদৰ্শন কৰে? সেইবাবে তিনি দিনীয়া “ঈশ্বৰৰ ভৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন আৰু যিহোৱাই আমাৰ বাবে যি সঞ্চিত কৰি ৰাখিছে তাৰ প্ৰতি আমি উৎসাহেৰে প্ৰতিব্যৱস্থা লোৱা আৱশ্যক।
২ এই বছৰত, গোটেই ভাৰতত ২৭ খন বিভিন্ন ঠাইত জিলা অধিৱেশন পতা হৈছে। এই দেশত প্ৰথম বাৰৰ বাবে সংক্ষিপ্ত মিজো ভাষাত অধিৱেশন হব।
৩ নিঃসন্দেহ প্ৰত্যেক দিনৰ অধিৱেশন উপস্থিত থাকিবলৈ আপুনি ইতিমধ্যে সকলোবোৰ আয়োজন কৰিলে কিয়নো আপুনি বিশ্বাস কৰে যে যিহোৱাই আপুনি তাত উপস্থিত থকাটো বিচাৰে। নিশ্চিত হওঁক যে তেওঁৰ সেৱকসকলে উপস্থিত হবলৈ কৰা চেষ্টা আৰু বলিদানক দেখা পায় আৰু এনেধৰণৰ মুল্যাঙ্কানক স্মৰণ কৰে। (ইব্ৰী ৬:১০) প্ৰত্যেক অধিৱেশনৰ দিনা আৰম্ভণিৰ গীতৰ পৰা সমাপ্তিৰ প্ৰাৰ্থনালৈকে উপস্থিত থকাৰ দ্বাৰা আমি যিহোৱালৈ প্ৰদৰ্শিত কৰোঁ যে আমালৈ দিয়া তেওঁৰ বাক্যক আমি মূল্যাঙ্কান কৰোঁ। (দ্বিতী. ৪:১০) অধিৱেশনক তৈয়াৰী কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰা সকলো ভাইসকলক আমি কৃতজ্ঞতা জনাওঁ।
৪ প্ৰত্যেক অধিৱেশনৰ ঠাইবোৰত একগোট হবৰ বাবে হাজাৰ হাজাৰ ঈশ্বৰৰ লোকসকলক ব্যৱস্থিত আৱশ্যকীয়তা আগতীয়াকৈ আচঁনি আৰু সু-সংগঠিতৰে কৰা হয়। এই প্ৰেমময় অধিৱেশনৰ ব্যৱস্থাৰ বিষয়ে জানি আমি ইয়াত সহযোগ কৰা উচিত যাতে “সকলো কৰ্ম্ম সুন্দৰকৈ আৰু শৃঙ্খলা লগাই কৰা” হয়। (১ কৰি. ১৪:৪০) তলত উল্লেখ কৰা সূচনা আৰু সোঁৱৰণি ব্যৱস্থা কৰা হৈছে যাতে আমি সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ অধিৱেশনত উপস্থিত হব পাৰোঁ আৰু আধ্যাত্মিক আহাৰ আৰু খ্ৰীষ্টান বন্ধুত্বত আনন্দ উপভোগ কৰিব পাৰোঁ।
অধিৱেশনৰ আগতে
৫ যাৰ সৈতে আপুনি বাইবেল অধ্যয়ন কৰে বা কোনো আগ্ৰহী ব্যক্তিক অধিৱেশনত উপস্থিত হবৰ বাবে ব্যক্তিগত আয়োজন কৰিবলৈ তেওঁলোকক কিছুৰ সহায়ৰ আৱশ্যকনে? তেওঁলোকে ইয়াত কি দেখা পাইছে আৰু শুনিছে যিয়ে তেওঁলোকক যিহোৱাৰ উপাসক হবলৈ প্ৰেৰিত কৰিছে। (১ কৰি. ১৪:২৫) থকাৰ ব্যৱস্থা বা যাতায়ত, বিশেষকৈ মণ্ডলীৰ বৃদ্ধ ব্যক্তিসকলৰ আৱশ্যকীয় সহায় আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাৰ প্ৰতি চকু দিবলৈ প্ৰাচীনসকলে সজাগ হোৱা উচিত।—গালা. ৬:১০.
৬ আপুনি থকাৰ ব্যৱস্থাৰ বিষয়ে নিশ্চিন্ত হʼলনে? যদি আপুনি হোটেলত থাকে, তেনেহʼলে আপোনাৰ বাবে ৰুম সংৰক্ষিত কৰা হʼলনে আৰু আপুনি হোটেলৰ বাবে আগতীয়াকৈ ধন পঠিয়াইছেনে?
৭ যদি আপোনাক এখন অধিৱেশনৰ সূচনা আৱশ্যক হয়, মণ্ডলীৰ চেক্ৰেটৰীয়ে স্থান আৰু ঠিকনাৰ সৈতে আপোনাক জনাব। অধিৱেশনৰ বিষয়ে জানিবলৈ অনুগ্ৰহ কৰি কৰ্তৃপক্ষক ফোন নকৰিব বা তেওঁলৈ নিলিখিব।
৮ যিহেতু প্ৰাথমিক চিকিৎসাৰ বিভাগে মাত্ৰ জৰুৰী অৱস্থাৰ বাবে থকা, সেই আৱশ্যকীয় সময়ৰ বাবে আপোনালোকক নিজৰ লগত এচ্পিৰিণ, বেন্ডেজ, ইন্হেইলাৰ, পাচন ঔষধ, আৰু তেনেধৰণৰ ঔষধবোৰ অধিৱেশনলৈ আনিবলৈ পৰামৰ্শ দিছে। যদি আপোনাৰ বা প্ৰিয়জনৰ হৃদয়ৰ সমস্যা, জলসাৰ, বা মৃগীৰোগী দৰে কোনো গভীৰ বেমাৰ আছে, তেনেহʼলে অনুগ্ৰহ কৰি যিদৰে আপুনি ঘৰত থকাৰ সময়ত বা ছুটিত যোৱাৰ সময় আৱশ্যকীয় ঔষধবোৰ লগত লৈ যায় ঠিক সেইদৰে অধিৱেশনতো লৈ আহক। ব্যক্তিজনৰ ওচৰত এজন পৰিয়ালৰ সদস্য বা ঘনিষ্ঠ বন্ধু, যিজনে এই অৱস্থাৰ বিষয়ে জানে, থাকিলে ভাল হয়, কিয়নো সেই ব্যক্তিজনে ভাল দৰে আৱশ্যকীয় বস্তুবোৰৰ যোগান ধৰিব পাৰে।
৯ অধিৱেশনলৈ যোৱা আৰু তাৰ পৰা অহা সময়ত অনিয়মিত সাক্ষী দিয়া কাৰ্য্য কৰিবলৈ বহুতো সুযোগ থাকে। আপুনি অন্যৰ সৈতে সত্যক বিতৰণ কৰিবলৈ প্ৰস্তুত নে? আমি সকলোৱে, সৰু লৰা-ছোৱালীয়েও, পেট্ৰʼল ষ্টেচনৰ লোকসকলক, উপশুল্ক আদায়কাৰী বিষয়াসকলক আৰু লগ পোৱা সকলো সহযাত্ৰীক ট্ৰেক্ট আগবঢ়াব পাৰো। আগ্ৰহী ব্যক্তিসকলক আলোচনী, ব্ৰচাৰ বা অন্য প্ৰকাশন আগবঢ়াবলৈ সূযোগ দিব। গতানুগতি প্ৰচাৰৰ পদ্ধতিক ত্যাগ কৰি অনিয়মিতৰূপে লোকসকলক সাক্ষী দিবলৈ সকলো সময়তে প্ৰস্তুত থাকক।
অধিৱেশনৰ সময়ত
১০ যেতিয়া অধিৱেশনৰ বাবে প্ৰত্যেক দিনা দুৱাৰ খোলা হয়, আপুনি মাত্ৰ নিজৰ পৰিয়াল বা পৰিয়াল সমূহৰ বাবে আসন ৰাখিব পাৰে। উপযুক্ত আসনবোৰ বয়সস্থ ভাই আৰু ভনীৰ বাবে ৰখা আৱশ্যক আৰু বিকলাঙ্গ লোক আৰু যিসকলৰ হুইল চেয়াৰ আৱশ্যক তেওঁলোকৰ বাবে বেলেগে আসন ৰখা হব। যিসকল বেমাৰ বা এলাৰজী আছে তেওঁলোকৰ বাবে বিশেষ ৰূম ব্যৱস্থা কৰাটো সম্ভৱ নহয়। প্ৰত্যেক দিনা আসন এৰা সময়ত অনুগ্ৰহ কৰি নিজৰ নিজৰ বস্তু-বাহিনীবোৰৰ অনুসন্ধান কৰক।
১১ আমাৰ জিলা অধিৱেশনত লোকসকল বৃহতৰূপে একগোট কৰিবলৈ স্থানীয় আইন, অগ্নি ব্যৱস্থা আৰু অন্য সুৰক্ষাৰ পদ্ধতিবোৰ পালন কৰাৰ আৱশ্যক। সেইবাবে, দুই শাৰী চকীৰ মাজত সোমোৱা আৰু ওলোৱা বাটক বন্ধ নকৰি যাতে মুকলি ৰখাৰ বাবে নিশ্চিত হওঁক। জৰুৰী সময়ত উৎপন্ন হোৱা সমস্যাক সোনকালে সমাধান কৰিবৰ বাবে অধিৱেশনক তৎক্ষণাত আৱশ্যকীয় অনুযায়ী বন্ধ কৰা উচিত।
১২ আপুনি এই জিলা অধিৱেশত বাপ্তিষ্মা লবলৈ সাজু আছেনে? শনিবাৰে ৰাতিপূৱা সময়ত, বাপ্তিষ্মা প্ৰাৰ্থীৰ কিছুমান আসন সংৰক্ষণ কৰি ৰখা হব আৰু পৰিচাৰকসকলে আপোনাক কʼত বহিব লাগে তাক দেখুৱাব। যদি সম্ভৱ হয় তেনেহʼলে কাৰ্য্যক্ৰম আৰম্ভ হোৱাৰ আগতে অনুগ্ৰহ কৰি আসন গ্ৰহণ কৰিব। বাইবেল, গানৰ কিতাপ, টাৱেল আৰু পৰিমতাচাৰী কাপোৰ লগত ৰাখক। এক সন্মানিত উপলক্ষ্যৰ বাবে কোনো দলৰ জয়ধ্বনি নাইবা আদৰ্শসূচক বাক্য থকা টি-চাৰ্ট, আৰু তেনেধৰণৰ পোচাকবোৰ উপযুক্ত নহয়। প্ৰাচীনসকলে বাপ্তিষ্মা প্ৰাৰ্থীৰ সৈতে আমাৰ পৰিচৰ্য্যা কিতাপখনৰ পৰা প্ৰশ্ন-উত্তৰ কৰাৰ সময়ত নিশ্চিত কৰা উচিত যে তেওঁলোকে প্ৰত্যেক প্ৰশ্নবোৰ বুজি পালে নে নাই। যিহেতু বাপ্তিষ্মা হৈছে ব্যক্তিগতৰূপে যিহোৱালৈ কৰা সমৰ্পনৰ চিহ্ন, সেইবাবে প্ৰাৰ্থীসকলে হাতত ধৰি বাপ্তিষ্মা লোৱাটো উপযুক্ত নহয়।
১৩ আপুনি অধিৱেশন কেমেৰা, ভিডিঅ-ৰেকৰ্ড আৰু অডিঅ কেছেট ৰেকৰ্ড ব্যৱহাৰ কৰিব পাৰে। কিন্তু, এইবোৰ বস্তু অহা-যোৱা কৰা ৰাস্তা, অন্য দৃষ্টি আকৰ্ষণ কৰা আৰু কাৰ্য্যক্ৰমৰ পৰা মনোযোগ ভঙ্গ কৰা ঠাইবোৰত ৰখা উচিত নহয়। সেইবোৰ বিজুলি বা ধ্বনিৰ যন্ত্ৰপাতি লগত সংযোগ কৰা উচিত নহয়।
১৪ যিহেতু চেলুৰা ফোন আৰু পেজাৰৰ ব্যৱহাৰে ক্ৰমে বৃদ্ধি হৈ আহিছে, সেইবাবে সাৱধান হোৱা উচিত যে এইবোৰ বস্তুৱে কাৰ্য্যক্ৰমত থকা আপোনাৰ মনোযোগ বা আপোনাৰ ওচৰত বহা লোকসকলৰ ধ্যান যাতে ভঙ্গ নকৰে। যেতিয়া আপুনি শ্ৰোতাসকলৰ সৈতে বহে সেই সময়ত এইবোৰ যন্ত্ৰক বাজিবলৈ বা শব্দ উৎপন্ন কৰিবলৈ দিয়া উচিত নহয়। যদি কাৰ্য্যক্ৰম চলি থকাৰ সময়ত আপোনাক চেলুৰা ফোন ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন হয় তেনেহʼলে অনুগ্ৰহ কৰি অডিটৰিয়মৰ বাহিৰত যাওঁক।
১৫ সময়ক উপযোগী আৰু সৰলতাৰে কৰিবলৈ, সংস্থাই আমাক প্ৰত্যেক দিনৰ দুপৰীয়া আহাৰ নিজৰ লগত আনিবলৈ অনুৰোধ কৰা হৈছে। এই পদ্ধতিৰ অনুসৰি চলি বহুতো ভাইসকলে দুপৰীয়া আহাৰৰ সময়ত তেওঁলোকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে খাবলৈ সময় পায়। বহুতে কৈছে যে দুপৰীয়া আহাৰৰ বাবে দিয়া জিৰণিৰ সময়ত তেওঁলোকে ভাই-ভনীসকলৰ সৈতে কথা-বতৰা হবলৈ পাই আনন্দিত হৈছে। ইয়াৰ বাবে আৱশ্যক সময়ৰ আগতে খাদ্যসামগ্ৰী আৰু পেয় কিনা আৰু সৰু পাত্ৰত ভালদৰে বান্ধি নিজৰ আসনৰ তলত ৰখাটো উপযুক্ত হব। আমি সকলোকে এই পৰামৰ্শক পালন কৰিবলৈ অনুৰোধ কৰিছো। পাছলৈ, এইটো লক্ষ্য কৰা হৈছে যে অধিৱেশন চলি থকাৰ সময়ত কিছুমান ভায়ে অডিটৰিয়াম এৰি অধিৱেশনৰ সুবিধাতে হওঁক বা বাহিৰত থকা ৰাস্তাৰ দোকানবোৰত আহাৰ কিনিবলৈ যায়। এইটো মাত্ৰ শ্ৰোতাসকলকে বাধা নিদিয়ে কিন্তু মঞ্চৰ পৰা উপস্থাপন কৰা জনকো অসন্মান দেখুৱা হয়। যিহেতু কোনোবাই খোৱা বস্তু বা পনীয় সেই দোকানবোৰৰ পৰা আনিব বিচাৰে কোনো আপত্তিজনক নহয় কিন্তু এইটো উত্তম হব যদিহে মধ্যান্তৰত এইদৰে কৰে। এইটো মনত ৰখা ভাল যে খাদ্য দোকানবোৰত ঘেৰি ধৰি ভীৰ লগোৱাটো জাগতিক লোকৰ সংমিশ্ৰনত আকৰ্ষিত হৈ আমাৰ লোকসকলৰ সৈতে সম্ভৱত অপৰাধ ব্যপাব পাৰে। সেইবাবে আমি প্ৰত্যেক উপস্থিত লোকক প্ৰতিদিনৰ অধিৱেশনৰ বাবে নিজ নিজ আহাৰ লগত আনিবলৈ অনুৰোধ কৰিছো। আপোনাৰ সৈতে অহা আগ্ৰহী ব্যক্তিও নিজৰ আহাৰ অনা উচিত। কাঁচ প্ৰকাৰৰ পাত্ৰ আৰু মদ্যপান আনিবলৈ অধিৱেশনত অনুমতি দিয়া নহব।
১৬ প্ৰত্যেক দিনৰ কাৰ্য্যক্ৰমৰ প্ৰথম ভাগৰ আগত আৰু পাছত আৰু শেষত পৰিস্কাৰ কৰিবলৈ আপুনি ইচ্ছাকৃতভাৱে সহায় কৰিবনে? বা আপুনি অন্য অধিৱেশনৰ বিভাগত কাৰ্য্য কৰিবনে? যদি আপুনি সহায় কৰিবলৈ সমৰ্থ তেনেহʼলে অধিৱেশনৰ স্বেচ্ছা সেৱা বিভাগত নিজৰ নাম দিয়ক। ১৬ বছৰৰ তলৰ লৰা-ছোৱালীসকলেও পিতৃ বা কোনো দায়ীত্ববান ভাইৰ সৈতে কাৰ্য্য কৰিবলৈ অভিবাদন জনোৱা হৈছে। নিঃসন্দেহ যিকোনো আবৰ্জনা বেগ পৰি থকাৰ পৰা উঠাই ভালদৰে নষ্ট কৰি সকলোৱে এই অধিৱেশনৰ ঠাইক পৰিস্কাৰ ৰখাত সহায় কৰিব পাৰে।
১৭ অধিৱেশনত আমাৰ উপযুক্ত মাৰ্জিত সাজ-পোচাক পিন্ধাৰ বিষয়ে সুন্দৰ নিৰ্দেশনা পাওঁ। উদাহৰণস্বৰূপে: আমি এইবিষয়ে আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ অন্তপত্ৰখনত নিৰ্দেশনা দিছোঁ, আমি আমাৰ প্ৰকাশনবোৰত দৃষ্টান্ত আৰু দৃশ্যৰ সৈতে বৰ্ণনা কৰিছোঁ, আৰু তাতোতকৈ গুৰুত্বপূৰ্ণ হৈছে যিহোৱাই কোৱা তেওঁৰ বাক্য বাইবেল আমাৰ ওচৰত আছে। (ৰোমী. ১২:২; ১ তীম. ২:৯, ১০) লোকসকলে জানে যে আমি কোন আৰু তেওঁলোকৰ নগৰত আমি কিয় একগোট হৈছোঁ। তথাপি, আমাৰ মাৰ্জিত সাজ-পোচাকেৰে শক্তিশালী সাক্ষী দিয়া উচিত। এই ক্ষেত্ৰত সংখ্যাগৰিষ্ঠ যিহোৱাৰ লোকসকলে উত্তম উদাহৰণ ৰাখিছে। কেতিয়াবা কেতিয়াবা অধিৱেশনত উপস্থিত হোৱা লোকসকলে জগতৰ আত্মা তেওঁলোকৰ সাজ-পোচাকৰ পৰা প্ৰতিফলিত কৰে। তেনেধৰণৰ সাজ-পোচাকে ব্যক্তিজনৰ আধ্যাত্মিকতাৰ ওপৰত প্ৰশ্ন আনে। এক মাৰ্জিত, সুন্দৰ, আৰু পৰিস্কাৰ দৃশ্যমানতাই লোকসকলৰ দৃষ্টিত আকৰ্ষণীয় হয়। পৰিয়ালৰ মূখীয়ালে পৰিয়ালৰ সদস্যই কি সাজ পিন্ধে তাৰ ওপৰত দৃষ্টি কৰা আৱশ্যক। এইটো মাত্ৰ অধিৱেশনৰ ক্ষেত্ৰতে নহয় কিন্তু আন আন ক্ষেত্ৰতো ব্যৱহাৰ হয়। কাৰ্য্যক্ৰমৰ আগত আৰু পাছত পিন্ধা আমাৰ লেপেল বেজে যিহোৱা আৰু তেওঁৰ পৰিস্কাৰ লোকসকলৰ চিনাক্ত কৰে।—মাৰ্ক ৮:৩৮ তুলনা কৰক।
১৮ জ্ঞানী ৰজা চলোমনে নিৰীক্ষণ কৰিবলৈ প্ৰেৰিত হৈছিল যে “লৰাৰ মনত অজ্ঞানতা বন্ধ হৈ থাকে” আৰু “শাসন নকৰা লৰা নিজ মাতৃক লাজ দিওঁতা।” (হিতো. ২২:১৫; ২৯:১৫) এই কাৰ্য্যক্ৰমৰ সময়ত, নিৰীক্ষণ নকৰা সৰু সৰু লৰা-ছোৱালী, অন্য ভাই আৰু ভনীসকলৰ বাবে বিৰক্তৰ কাৰণ হব পাৰে যিসকলে কাৰ্য্যক্ৰমৰ পৰা লাভৱান হবলৈ চেষ্টা কৰিছে। যোৱা বছৰৰ অধিৱেশনবিলাকত দেখা গʼল যে সৰু-সৰু লৰা-ছোৱালীবোৰ ইফালৰ পৰা সিফাল দৌৰি ফুৰিছে আৰু তেওঁলোকক কোনেও শাসন কৰা নাই। সেই একে সময়তে কিছুমান যুৱকে অডিটৰিয়ামৰ বাহিৰত ঘুৰি ফুৰিছে আৰু যʼত প্ৰক্ষালন আছে সেই ঠাই ঘেৰি ৰাখিছে। এইটো স্পষ্টভাৱে দেখা গৈছে যে এই লৰা-ছোৱালী আৰু যুৱকসকলে তেওঁলোকৰ বাবে আযোজন কৰা আধ্যাত্মিক কাৰ্য্যক্ৰমৰ পৰা লাভৱান হোৱা নাই। যিহেতু লৰা-ছোৱালীৰ আচৰণৰ বাবে পিতৃ-মাতৃসকল যিহোৱাৰ ওচৰত জবাবদিহি, সেইবাবে এজন পিতৃ বা এজনী মাতৃয়ে সন্তানৰ আচৰণ আৰু যিহোৱাৰ পৰামৰ্শক শুনাৰ ওপৰত দৃঢ়তা হব পাৰে যদিহে সন্তানে তেওঁলোকৰ সৈতে একেলগে আসনত বহে। পৰিচাৰকসকলে অন্যমনস্ক কাৰণ হোৱা সকলৰ ওচৰলৈ আহি তেওঁলোকক অনুৰোধ কৰিব যে তেওঁলোকে ইয়াৰ দ্বাৰা বিৰক্ত হৈছে, সেইবাবে তেওঁলোকে কাৰ্য্যক্ৰমত মনোযোগ যাতে দিয়ে তাক স্মৰণ কৰাব।
১৯ কিয়নো আমি ৰাইজক আমাৰ অধিৱেশনলৈ আহিবলৈ আদৰণি জনাওঁ, সেইবাবে এইটো বুদ্ধিমানী কাম হব যদি তেওঁলোকে নিজৰ লৰা-ছোৱালী আৰু বস্তু-বাহিনীৰ প্ৰতি সাৱধানতা অৱলম্বন কৰে। লৰা-ছোৱালীসকলৰ হৈছে যিহোৱাৰ দান। কিন্তু আমি জানো যে চয়তানে এই জগতত হিংসুক প্ৰবৃত্তি প্ৰতিফলিত কৰে। সেইবাবে, অনুগ্ৰহ কৰি সকলো সময়তে নিজ নিজ লৰা-ছোৱালীৰ ওপৰত চকু দিয়ক। সকলো সময়তে কেমেৰা, পাৰ্চ আৰু অন্য মূল্যৱান বস্তুবোৰো নিজৰ লগত ৰাখক, কেতিয়াও এইবোৰ আপুনি বহা আসনত এৰি নাহিব। আপোনাৰ গাড়ী যাতে ভালদৰে বন্ধ হয় তাৰ বাবে নিশ্চিত হওঁক আৰু ব্যক্তিগত বস্তুবোৰ বেগত বা নিজৰ সৈতে ৰাখক। ইয়াৰ দ্বাৰা আপোনাৰ গাড়ী নষ্ট কৰি বস্তু নিয়া প্ৰলোভনৰ পৰা বাচিব।
২০ যদি আপোনাৰ হোটেলত ৰিৰ্জাভেচনৰ বাবে কোনো সমস্যা উদ্ভৱ হয় তেনেহʼলে স্থানীয় ৰূমিং বিভাগে আপোনাক সহায় কৰিবলৈ আগ্ৰহী। যদি আপুনি অধিৱেশনত থকাৰ সময়ত তেনেধৰণৰ কোনা সমস্যা উদ্ভৱ হয় তেনেহʼলে অনুগ্ৰহ কৰি ৰূমিং বিভাগত জনাওঁক। ভাইসকলে আপোনাৰ এই সমস্যাক সমাধান কৰিবলৈ আনন্দিত হব যাতে আপুনি অধিৱেশনৰ কাৰ্য্যক্ৰমক আনন্দৰে উপভোগ কৰিব পাৰে। ৰূমিং সমন্ধে তলত দিয়া বিষয়বোৰ মনত ৰখা উচিত:
▪ যিহেতু বহুতো যিহোৱাৰ লোকসকলে হোটেলত থাকে, সেইবাবে সকলোৱে ধূম্ৰপান নকৰা ৰূম পোৱাটো সম্ভৱ নহয়, যদিও আপুনি ৰিৰ্জাভেচন কৰা সময়ত এই বিষয়ে অনুৰোধ কৰিছিল। যোৱা বছৰৰ অধিৱেশনৰ সময়ত, আমি এইদৰে ৰিপৰ্ট পাইছো যে কিছুমানে ভায়ে অধিক সুবিধাৰ বাবে হোটেলৰ মেনেজাৰৰ সৈতে বিবাদ উৎপন্ন কৰিছে।
▪ অনুগ্ৰহ কৰি যʼত আপুনি আছে সেই হোটেলৰ সোমোৱা আৰু হোটেল এৰা সময়ৰ বিষয়ে মনোযোগ দিয়ক। যদি আগতীয়াকৈ অনুৰোধ কৰা হয়, তেনেহʼলে হয়তো হোটেলৰ মেনেজাৰে সোনকালে সোমোৱা বা দেৰিকৈ এৰা অনুৰোধক স্বীকাৰ কৰিব পাৰে।
▪ নগদ টকা লগত ৰখাটো বহুত কম সুৰক্ষাজনক। সেইবাবে ইয়াক আপুনি কোনো ৰেষ্টুৰেন্টত বা আপুনি থকা ৰূমত যদি তেনে সুবিধা আছে তাত থব পাৰে আৰু হোটেল এৰা সময়ত তাৰ বাবে ঋণ শোধন কৰক।
▪ হোটেলবোৰত প্ৰায়ে দুৰদৰ্শন আৰু ভিডিঅ সেৱা উপলব্ধ কৰা হয় আৰু এনেধৰণৰ বহুতো সংযোগমাধ্যম থাকে যʼত অপৈনত কাৰ্য্যক্ৰমবোৰ দেখুৱায়। যদি অনুৰোধ কৰে, তেন্তে হোটেলত আপুনি থকাৰ সময়ত তেনেধৰণৰ নিৰ্দ্দিষ্ট সংযোগমাধ্যম বা কাৰ্য্যক্ৰমবোৰ প্ৰতিবন্ধ কৰিব। ঘৰত কৰাৰ দৰে, অনুগ্ৰহ কৰি সেইসময়তো নিজৰ লৰা-ছোৱালীক টেলিভিছন ব্যৱহাৰৰ প্ৰতি চকু দিয়ক।
২১ অধিৱেশৰ কাৰ্য্যক্ৰমত ভাই আৰু ভনীসকলক নোট লোৱা চাই উৎসাহিত হয়। চমু নোটে আপোনাক মনোযোগ দিবলৈ আৰু পুনৰাই স্মৰণ কৰিবলৈ সহায় কৰিব। পাছলৈ আপোনাৰ পৰিয়াল বা বন্ধুৰ সৈতে সেই নোটবোৰক পুনৰ আলোচনা কৰাৰ দ্বাৰা আপুনি অধিৱেশনৰ মূখ্য বিষয়বোৰক বিবেচনা কৰিব পাৰে আৰু ইয়ে সেইবোৰ নাপাহৰিবলৈ সহায় কৰিব।
২২ যিহোৱাৰ লোকসকলে ঈশ্বৰ-শাসিত বিষয়বোৰত সকলো সময়তে উদাৰভাৱে দান কৰে। (যাত্ৰা. ৩৬:৫-৭; ২ বং. ৩১:১০; ৰোমী. ১৫:২৬, ২৭) বিশ্বব্যাপী কাৰ্য্যত আপুনি স্বইচ্ছাৰে কৰা দানে অধিৱেশনৰ বাবে ভাড়াত লোৱা সুবিধাবোৰক পুৰ্ণ কৰিবলৈ সহায় কৰে। যদি আপোনাৰ দান চেকৰ দ্বাৰা হয়, তেনেহʼলে ইয়াক “ৱাচ্টাৱাৰ চোচাইটিৰ” নামত আদায় কৰক। ইয়াৰ সৈতে এখন চিঠি সংযোগ কৰক যʼত চোচাইটিৰ কাৰ্য্যৰ প্ৰতি দান লিখিত থাকে।
২৩ আমোচ ৩:৭ পদত যিহোৱাই কৈছে যে তেওঁ “নিজ দাস ভাববাদীবিলাকৰ গুৰিত নিজৰ নিগূঢ় মন্ত্ৰণা প্ৰকাশ নকৰাকৈ একোকে নকৰে।” “নিগূঢ় কথা প্ৰকাশ কৰোঁতা” যিহোৱাই বাইবেলত শ শ ভৱিষ্যতবাণী দিছে যিটো সঠিকভাৱে আৰু সম্পূৰ্ণৰূপে পূৰ্ণ হৈছে। (দানি. ২:২৮, ৪৭) মহান প্ৰতিজ্ঞা সম্পন্ন হবলৈ বাকী আছে। ১৯৯৯-২০০০ চনৰ “ঈশ্বৰৰ ভৱিষ্যতসূচক বাক্য” জিলা অধিৱেশনে ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত আপোনাৰ বিশ্বাস দৃঢ় কৰিব। আপোনাৰ বাবে ৰখা যিহোৱাৰ বাক্য মনোযোগ দি শুনক। যি দেখে আৰু শুনে তাক পৰিচৰ্য্যা কাৰ্য্যত, মণ্ডলীত আৰু নিজৰ ব্যক্তিগত জীৱনত ব্যৱহাৰ কৰক। প্ৰত্যেক দিনৰ মুল্যবান, আধ্যাত্মিক ভোজত উপস্থিত হবলৈ আপুনি কৰা আয়োজনৰ বাবে যিহোৱাৰ পৰা আৰ্শীব্বাদৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ।
[Blurb on page 3]
সকলো দিন শুক্ৰবাৰ, শনিবাৰ, আৰু দেওবাৰে উপস্থিত হবলৈ আচঁনি বনাওঁক!