অধ্যায় ২৪
পৌলে লিখা পত্ৰবোৰ
প্ৰথম শতিকাৰ সত্য খ্ৰীষ্টানসকলে পৌলৰ পত্ৰবোৰৰ দ্বাৰা উৎসাহিত হৈছিল
নতুনকৈ প্ৰতিষ্ঠা হোৱা খ্ৰীষ্টান মণ্ডলীয়ে ঈশ্বৰৰ উদ্দেশ্যক পূৰ কৰাৰ বাবে এক মুখ্য ভূমিকা পালন কৰে। কিন্তু অতি সোনকালে এই সত্য খ্ৰীষ্টানসকলৰ ওপৰত বিৰোধ হʼবলৈ ধৰিলে। বাহিৰৰ লোকসকলৰপৰা অহা তাড়না আৰু মণ্ডলীৰ খ্ৰীষ্টানসকলৰপৰা অহা সমস্যাৰ বাবে তেওঁলোকে ঈশ্বৰৰ প্ৰতি নিজৰ নিষ্ঠা বজাই ৰাখিব পাৰিবনে? গ্ৰীক শাস্ত্ৰপদত ২১ খন পত্ৰ আছে আৰু এইবোৰে পৰামৰ্শ তথা উৎসাহ আগবঢ়ায়।
পাঁচনি পৌলে ৰোমীয়াৰপৰা ইব্ৰীলৈকে চৈধ্যখন পত্ৰ লিখিছিল। সাধাৰণতে এই পত্ৰবোৰ যাক উদ্দেশ্য কৰি লিখা হৈছিল, তাৰ নাম অনুসৰি পৰিচিত। এই নামবোৰ কেতিয়াবা কোনো ব্যক্তি বা কোনো মণ্ডলীৰ নামো হʼব পাৰে। পৌলে লিখা এই পত্ৰবোৰৰ কিছুমান বিষয় আহক আমি আলোচনা কৰোঁ।
নৈতিকতা আৰু আচাৰ-ব্যৱহাৰৰ ওপৰত উপদেশ। পৰস্ত্ৰীগমন, ব্যভিচাৰ আৰু অন্যান্য গভীৰ পাপবোৰত লিপ্ত হোৱা লোকসকলে, “ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।” (গালাতীয়া ৫:১৯-২১; ১ কৰিন্থীয়া ৬:৯-১১) সত্য ঈশ্বৰক উপাসনা কৰা লোকসকল যিকোনো ৰাষ্ট্ৰৰ বা জাতিৰ নহওক কিয়, তেওঁলোকক সদায় একতাৰ বান্ধুনত থকা উচিত। (ৰোমীয়া ২:১১; ইফিচীয়া ৪:১-৬) মণ্ডলীৰ ভাই-ভনীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান ৰাখি তেওঁলোকে আনন্দেৰে সহায় কৰা উচিত। বাইবেলে আমাক এইদৰে কৈছে, “প্ৰতিজনে মনোদুখ বা আৱশ্যকতাৰে নিদি, নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক; কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।” (২ কৰিন্থীয়া ৯:৭) ইয়াৰ উপৰিও ‘নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকিবলৈ’ পাঁচনি পৌলে আমাক উৎসাহিত কৰিছে। সত্য উপাসকসকলে যিহোৱাক প্ৰাৰ্থনা কৰোঁতে নিজৰ গভীৰ ভাবনা ব্যক্ত কৰিব লাগে। (১ থিচলনীকীয়া ৫:১৭; ২ থিচলনীকীয়া ৩:১; ফিলিপীয়া ৪:৬, ৭) যদি আমি আমাৰ প্ৰাৰ্থনা যিহোৱা ঈশ্বৰে শুনাটো বিচাৰোঁ, তেনেহʼলে আমি বিশ্বাসেৰে প্ৰাৰ্থনা কৰা উচিত।—ইব্ৰী ১১:৬.
পৰিয়ালত সুখ আৰু শান্তি কেনেকৈ পাব পাৰি? স্বামীসকলে, পত্নীক নিজ শৰীৰৰ দৰে প্ৰেম কৰা উচিত। পত্নীসকলেও নিজৰ স্বামীক গভীৰ সন্মান কৰিব লাগে। লʼৰা-ছোৱালীয়ে নিজৰ মাক-দেউতাকৰ আজ্ঞা পালন কৰা উচিত, কিয়নো এনে কৰিলে ঈশ্বৰ আনন্দিত হয়। মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক প্ৰেম আৰু ঈশ্বৰৰ বাক্যৰ আধাৰত শিক্ষা দিয়া উচিত।—ইফিচীয়া ৫:২২–৬:৪; কলচীয়া ৩:১৮-২১.
ঈশ্বৰৰ উদ্দেশ্য বুজিবলৈ সহায়। মোচিৰ নিয়মৰ বহুতো ব্যৱস্থাই ইস্ৰায়েলী লোকসকলক খ্ৰীষ্ট নহালৈকে সুৰক্ষা আৰু পথ-প্ৰদৰ্শন কৰিছিল। (গালাতীয়া ৩:২৪) কিন্তু সত্য খ্ৰীষ্টানসকলক ঈশ্বৰক উপাসনা কৰিবলৈ মোচিৰ নিয়মক পালন কৰাৰ প্ৰয়োজন নাই। যিহূদী পৃষ্ঠভূমিৰপৰা অহা খ্ৰীষ্টানসকলক পত্ৰ লিখোঁতে পাঁচনি পৌলে মোচিৰ নিয়ম আৰু ইয়াত খ্ৰীষ্টৰ ভূমিকাৰ বিষয়ে কিছু বিৱৰণ দিয়ে। পৌলে বৰ্ণনা কৰিছিল যে মোচিৰ নিয়মত উল্লেখ কৰা বিভিন্ন ব্যৱস্থাই এক লাক্ষণিক অৰ্থ ৰাখে। উদাহৰণস্বৰূপে, মোচিৰ নিয়মত উল্লেখ কৰা জীৱ-জন্তুৰ বলিদানৰ ব্যৱস্থাই যীচু খ্ৰীষ্টৰ বলিদানৰূপী মৃত্যুৰ পূৰ্বাভাস দিয়ে আৰু ইয়াৰ দ্বাৰা আমি পাপৰ ক্ষমা পাব পাৰোঁ। (ইব্ৰী ১০:১-৪) যীচু খ্ৰীষ্টৰ মৃত্যুৰ দ্বাৰা যিহোৱা ঈশ্বৰে এই নিয়ম ব্যৱস্থাক ৰদ কৰিলে।—কলচীয়া ২:১৩-১৭; ইব্ৰী ৮:১৩.
মণ্ডলীৰ বাবে যথোচিত ব্যৱস্থা। মণ্ডলীৰ দায়িত্ব লʼব বিচৰা লোকসকলৰ উচ্চ নৈতিক মানদণ্ড আৰু প্ৰয়োজনীয় আত্মিক গুণ থকা উচিত। (১ তীমথিয় ৩:১-১০, ১২, ১৩; তীত ১:৫-৯) যিহোৱা ঈশ্বৰক উপাসনা কৰা লোকসকলে নিয়মীয়াকৈ খ্ৰীষ্টীয় সভাবোৰত উপস্থিত থাকি, এজনে-আনজনক উৎসাহিত কৰিব লাগে। (ইব্ৰী ১০:২৪, ২৫) উপাসনাৰ বাবে ব্যৱস্থা কৰা সভাবোৰে উপদেশ আৰু অনুপ্ৰেৰণা কৰা উচিত।—১ কৰিন্থীয়া ১৪:২৬, ৩১.
তীমথিয়লৈ পাঁচনি পৌলে দুখন পত্ৰ লিখিছিল। ইয়াৰে দ্বিতীয়খন লিখাৰ সময়ত পৌল ৰোমত আছিল। পৌল ৰোমত বন্দী অৱস্থাত আছিল আৰু তেওঁ আদালতৰ ৰায়ৰ বাবে তাত অপেক্ষা কৰি আছিল। এনে অৱস্থাত মাত্ৰ কেইজনমান সাহসী লোকেহে নিজৰ জীৱন বিপদত পেলাই তেওঁক দেখা কৰিবলৈ আহিছিল। পৌলে জানিছিল যে তেওঁৰ সময় একেবাৰে কʼম। তেওঁ এইদৰে কৈছিল, “মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ।” (২ তীমথিয় ৪:৭) ইয়াৰ অলপ পাছতে পৌলৰ বিশ্বাসৰ বাবে তেওঁক হত্যা কৰা হʼল। কিন্তু তেওঁ লিখা পত্ৰবোৰে এতিয়াও ঈশ্বৰৰ সত্য উপাসকসকলক পথ-প্ৰদৰ্শন কৰে।
—এই অংশ ৰোমীয়া; ১ কৰিন্থীয়া; ২ কৰিন্থীয়া; গালাতীয়া; ইফিচীয়া; ফিলিপীয়া; কলচীয়া; ১ থিচলনীকীয়া; ২ থিচলনীকীয়া; ১ তীমথিয়; ২ তীমথিয়; তীত; ফিলীমন; ইব্ৰী কিতাপৰ আধাৰত।