পাঠ ১৬
পৰিচাৰকসকলৰ দায়িত্ব কি?
ম্যানমাৰ
সভাৰ ভাগ
সেৱাৰ গোট
ৰাজ্যগৃহৰ চোৱা-চিতা
বাইবেলে বৰ্ণনা কৰিছে যে মণ্ডলীক চোৱা-চিতা কৰিবলৈ ভাইসকলৰ দুটা সমূহক দায়িত্ব দিয়া হৈছে। তেওঁলোকক ‘অধ্যক্ষ আৰু পৰিচাৰক’ বুলি কোৱা হয়। (ফিলিপীয়া ১:১) প্ৰতিখন মণ্ডলীতে কেইবাজনো প্ৰাচীন আৰু পৰিচাৰকে সেৱা কৰে। এই পৰিচাৰকসকলে আমাৰ উপকাৰৰ বাবে কি দায়িত্ব বহন কৰে?
তেওঁলোকে প্ৰাচীনসকলক সহায় কৰে। পৰিচাৰকসকল আধ্যাত্মিক, নিৰ্ভৰযোগ্য আৰু নিষ্ঠাৱান ব্যক্তি। ইয়াৰে কিছুমান বয়সত ডাঙৰ আৰু কিছুমান সৰু। পৰিচাৰকসকলে পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ দাযিত্ববোৰ নিৰ্দ্দিষ্টভাৱে বৰ্ণনা থাকে আৰু মণ্ডলীৰ বিভিন্ন কামত তেওঁলোকে সহযোগীতা আগবঢ়ায়। তেওঁলোকে এইদৰে কৰাৰ বাবে মণ্ডলীৰ প্ৰাচীনসকলে শিক্ষা আৰু উৎসাহ দিয়া কাৰ্য্যত মনোযোগ দিব পাৰে।
তেওঁলোকে ব্যৱহাৰিক সেৱাবোৰ আগবঢ়ায়। সভালৈ অহা লোকসকলক আদৰণি জনাবলৈ কিছুমান পৰিচাৰকক দায়িত্ব দিয়া হয়। আন কিছুমানক সাহিত্য বিভাগ, হিচাপ-নিকাচ চোৱা, চাউণ্ডৰ যন্ত্ৰ-পাতিৰ ব্যৱহাৰ কৰা আৰু ভাই-ভনীসকলক ঘোষণা কৰাৰ বাবে এলাকাবোৰ দিয়া আদি কাৰ্য্যবোৰ কৰিবলৈ দায়িত্ব দিয়া হয়। ৰাজ্যগৃহৰ মেৰামতি কাৰ্য্যৰ বাবেও তেওঁলোকে সহায় কৰে। মণ্ডলীত থকা বৃদ্ধ ভাই-ভনীসকলক সহায় কৰিবলৈ, প্ৰাচীনসকলে পৰিচাৰকসকলক অনুৰোধ কৰিব পাৰে। পৰিচাৰকসকলে নিজৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰাৰ বাবে মণ্ডলীৰ সকলোৱে তেওঁলোকক সন্মান কৰে।—১ তীমথিয় ৩:১৩.
তেওঁলোকে এটা ভাল উদাহৰণ ৰাখে। পৰিচাৰকসকলক তেওঁলোকৰ আধ্যাত্মিক গুণবোৰৰ বাবে এই দায়িত্ব দিয়া হয়। তেওঁলোকে যেতিয়া সভাৰ ভাগবোৰ ভালদৰে প্ৰস্তুত কৰে, তেতিয়া তেওঁলোকে আমাৰ বিশ্বাস দৃঢ় কৰে। ঘোষণা কৰা কাৰ্য্যত তেওঁলোকে আগভাগ লোৱাৰ যোগেদি তেওঁলোকে আমাক উৎসাহ দিয়ে। প্ৰাচীনসকলৰ লগত সহযোগীতা কৰাৰ বাবে মণ্ডলীত আনন্দ আৰু একতা দেখিবলৈ পোৱা যায়। সময়ৰ লগে লগে পৰিচাৰকসকলেও প্ৰাচীন হিচাপে সেৱা কৰে।
পৰিচাৰকসকল কেনেধৰণৰ লোক হয়?
মণ্ডলীৰ কাম-কাজ কৰিবলৈ পৰিচাৰকসকলে কেনেকৈ সহায় কৰে?