সহায়ক সেৱকসকলে মূল্যৱান সেৱা আগবঢ়ায়
১ “তেওঁলোকে নিজকে সত্য সমৰ্পণ ব্যক্তি হিচাবে প্ৰৰ্দশিত কৰিলে যিসকলে উৎসাহীৰূপে কৰা ৰাজ্যৰ সেৱাত বিশ্বাস প্ৰকাশ পাই আৰু অন্যলোকক বিশ্বাসত দৃঢ় হবলৈ সহায় কৰে।” সহায়ক সেৱকসকলৰ বিষয়ে আমাৰ পৰিচৰ্য্যা সম্পূৰ্ণ কৰিবৰ বাবে সংগঠিত (ইংৰাজী) ৫৭ পৃষ্ঠাত এইদৰে বৰ্ণনা কৰিছে। দৰাচলতে, আমাৰ সহায়ক সেৱকসকলৰ দ্বাৰা স্থাপন কৰা আধ্যাত্মিক উদাহৰণক যোগ্যৰূপে অনুকৰণ কৰিব পাৰি। তেওঁলোক আৰু প্ৰাচীন সৈতে কাৰ্য্য কৰি ‘নিজ নিজ পৰিমাণ অনুসাৰে প্ৰত্যেক ভাগৰ কাৰ্য্য-সাধনৰ দৰে, প্ৰেমত শৰীৰৰ বৃদ্ধি সাধন কৰিব পাৰি।’—ইফি. ৪:১৬.
২ সহায়ক সেৱকসকলে মণ্ডলীত এটা মূখ্য ভূমিকা আদায় কৰে। তেওঁলোকৰ বহুমূলীয়া সেৱাৰ বিষয়ে চিন্তা কৰক! তেওঁলোকে লেখা, প্ৰকাশন, আলোচনী, গ্ৰাহকতা আৰু প্ৰচাৰ কাৰ্য্যৰ ক্ষেত্ৰবোৰৰ চোৱা-চিতা কৰে; পৰিচাৰকৰূপে কাৰ্য্য কৰে, ধ্বনিৰ আহিলা-পাতিৰ নিয়ন্ত্ৰণ কৰে আৰু ৰাজ্য গৃহক মেৰামত কৰে। তেওঁলোকে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলত আৰু সেৱা সভাত ভাগ লয়। তেওঁলোকৰ কিছুমানে জন ভাষণ দিয়ে বা কিছুমানে মণ্ডলীৰ সভাবোৰ পৰিচালনা কৰে। ভৌতিক শৰীৰৰ অঙ্গ দৰে, সহায়ক সেৱকসকলে সেই সেৱা আদায় কৰে যিবোৰ আমাৰ বাবে প্ৰয়োজন।—১ কৰি. ১২:১২-২৬.
৩ এক সেৱক বৰ্গৰূপে প্ৰাচীনৰ সৈতে মিলিতভাবে সহায়ক সেৱকসকলে সহযোগিতা আগবঢ়াই আৰু তেওঁলোকৰ সমভাগী সন্মান আৰু চিন্তাধাৰাই অন্যলোকক সেইদৰে কৰিবলৈ উৎসাহিত কৰে। (কল. ২:১৯) সপ্তাহ পাছত সপ্তাহ ধৰি তেওঁলোকৰ দায়ীত্ববোৰ বিশ্বাসৰে বহন কৰা আৰু অন্য প্ৰতি ব্যক্তিগত আগ্ৰহ দেখুৱাৰ দ্বাৰা তেওঁলোকে মণ্ডলীৰ আধ্যাত্মিক উন্নতিৰ হকে বৰঙণি যোগায়।
৪ কঠোৰ পৰিশ্ৰম কৰা এই সহায়ক সেৱকসকলৰ প্ৰতি আমি কেনেকৈ আমাৰ কৃতজ্ঞতা দেখুৱাব পাৰোঁ? আমি তেওঁলোকৰ নিযুক্ত কৰা কাৰ্য্যৰ প্ৰতি পৰিচিত হোৱা আৱশ্যক আৰু যেতিয়া তেওঁলোকক আমাৰ সহায় প্ৰয়োজন হয় তেতিয়া সহযোগ কৰিবলৈ সাজু হোৱা আৱশ্যক। বাক্যৰে হওঁক বা কাৰ্য্যৰে হওঁক, তেওঁলোকক জানিব দিয়ক যে আমি তেওঁলোকৰ কাৰ্য্যক প্ৰশংসা কৰোঁ। (হিতো. ১৫:২৩) যিসকলে আমাৰ বাবে কঠোৰ পৰিশ্ৰম কৰে তেওঁলোকক প্ৰকৃতৰূপে স্মৰণ কৰা যোগ্য।—১ থিচ. ৫:১২, ১৩.
৫ সহায়ক সেৱকৰ বাবে ভূমিকা আৰু যোগ্যতা ঈশ্বৰৰ বাক্যৰ দ্বাৰা নিৰ্দ্ধাৰিত কৰা হয়। (১ তীম. ৩:৮-১০, ১২, ১৩) তেওঁলোকৰ মূল্যৱান পবিত্ৰ সেৱা হৈছে মণ্ডলীৰ পৰিচালনা কৰা যি মণ্ডলীৰ বাবে আৱশ্যক। এনেধৰণৰ লোক আমাৰ পৰা সমৰ্থনৰ পোৱাৰ যোগ্য, যিহেতু তেওঁলোকৰ কাৰ্য্য হৈছে “থিৰ আৰু অলৰ হৈ, প্ৰভুৰ কাৰ্য্যত সদায় উপচি পৰা।”—১ কৰি. ১৫:৫৮.