মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুল ব্যৱস্থাই এক বৃহৎ সুযোগৰ দুৱাৰ মুকলি কৰে
১ যিৰিমিয়া ভৱিষ্যতবক্তাৰ দ্বাৰা যিহোৱা ঈশ্বৰে এইদৰে ভৱিষ্যতবাণী কৰিছিল: “মই তেওঁবিলাকৰ ওপৰত এনে ৰখীয়াবিলাকক নিযুক্ত কৰিম; তেতিয়া তেওঁবিলাকে আৰু ভয় নকৰিব আৰু বিহ্বল নহব।” (যিৰি. ২৩:৪) এনে ধৰণৰ ৰখীয়া কাৰ্য্য বৰ্তমান সময়ত সকলো জাতিৰ লোকসকলৰ মাজত সম্পন্ন কৰা হৈছে। আজি দহ হাজাৰতকৈও অধিক মণ্ডলীৰ প্ৰাচীনসকলে এই কাৰ্য্যৰ তত্ত্বাৱধান লৈছে। ইয়াৰ উপৰিও অসংখ্য যুৱকে নিজকে যিহোৱাৰ সেৱাত আগ্ৰহেৰে আগবঢ়াই নিয়ৰৰ টোপাল যেন প্ৰমাণিত হৈছে। (গীত ১১০:৩) ঈশ্বৰৰ লোকসকলৰ মাজত তেনে নম্ৰ ভাইসকলক পোৱাটো এক আশীৰ্ব্বাদৰ বিষয় নহয়নে বাৰু! বৰ্তমান সময়ত একত্ৰিত কৰা কাৰ্য্য সম্পন্ন কৰা হৈছে, গতিকে এতিয়াও উপযুক্ত ভাইসকলে আন ভাই-ভনীসকলক সেৱা কৰিবলৈ নিজকে উপলব্ধ কৰাৰ আৱশ্যকতা আছে।
২ বৃদ্ধি হোৱা দায়িত্ববোৰ বহন কৰাত সহায় কৰিবলৈ অবিবাহিত প্ৰাচীন আৰু সহযোগী ভাইসকলক প্ৰশিক্ষণ দিবলৈ মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুলৰ প্ৰবন্ধ কৰা হৈছে। ১৪০ খন দেশৰ পৰা ২২,০০০ জনতকৈও অধিক ভাইসকলক ৯৯৯ টা ক্লাচত প্ৰশিক্ষণ দিয়া কাৰ্য্য ১৯৮৭ চনৰ পৰা আৰম্ভ হৈছে। এই ভাইসকলৰ বাবে এই প্ৰশিক্ষণে ‘কাৰ্য্যসাধক এখন বৰ দুৱাৰ মুকলি’ কৰিছে।—১ কৰি. ১৬:৯.
৩ এই স্কুলৰ উদ্দেশ্য: মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুলৰ উদ্দেশ্য হৈছে সংস্থাত আৱশ্যক হোৱা দায়িত্ব বহন কৰিবলৈ উপযুক্ত ব্যক্তিসকলক সুসজ্জিত কৰি তুলা। এই স্কুলে প্ৰচাৰ কাৰ্য্যত আগভাগ লোৱা, সমূহত থকা ভাই-ভনীসকলক চোৱা-চিতা কৰা আৰু মণ্ডলীত শিক্ষাদানত সহায় কৰিবলৈ ভাইসকলৰ পাৰ্গতাক উন্নত কৰে। সেই স্কুলৰ পৰা স্নাতক হোৱাৰ পিছত কিছুমান বিদ্যাৰ্থীক নিজৰ দেশ বা বিদেশত কাৰ্য্য কৰিবলৈ বিশেষ অগ্ৰগামী বা পৰিব্ৰাজক অধ্যক্ষ নিযুক্ত কৰা হয়। আনসকলক তেওঁলোকৰ নিজা মণ্ডলীৰ এলেকা বা আৱশ্যক হোৱা শাখাৰ অন্তৰ্গত থকা এলেকাবোৰত কাৰ্য্য কৰিবলৈ নিযুক্ত কৰা হয়।
৪ আঠ সপ্তাহৰ সময়ছোৱাত বিদ্যাৰ্থীসকলে গভীৰভাৱে বাইবেল অধ্যয়ন কৰে। তেওঁলোকে সেই সময়ছোৱাত বৃহতভাৱে থকা বাইবেলৰ শিক্ষা, ভাই-ভনীসকলক চোৱা-চিতা কৰাৰ দায়িত্ব আৰু খ্ৰীষ্টান জীৱনধাৰাত অহা সমস্যাবোৰক কেনেকৈ সমাধান কৰিব পাৰি, সেই বিষয়ে মনোযোগেৰে বিবেচনা কৰে। তদুপৰি তেওঁলোকে প্ৰশাসন, বিচাৰ আৰু সংগঠনমূলক বিষয়বোৰৰ সম্বন্ধে শাস্ত্ৰীয় জ্ঞানবোৰৰ বিষয়ে শিক্ষা লাভ কৰে। ৰাজহুৱা বক্তাৰ বাবে বিশেষ প্ৰশিক্ষণ আৰু আধ্যাত্মিকতাত উন্নত কৰিবলৈ ব্যক্তিগত সহায় লাভ কৰে।
৫ আৱশ্যকতাসমূহ: এই স্কুলত প্ৰশিক্ষণৰ বাবে প্ৰয়োজন হোৱা আৱশ্যকতাসমূহ অৱশ্যেই সীমাবদ্ধকৰ। আৱেদন কৰাজনে প্ৰাচীন বা সহায়ক সেৱক হিচাপে সম্পূৰ্ণ দুবছৰ সময় সেই দায়িত্বত সেৱা কৰা উচিত। তেওঁলোকৰ বয়স ২৩ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত আৰু অবিবাহিত হোৱা উচিত। আৱেদনকৰ্ত্তাজনে অৱশ্যে স্পষ্টকৈ ইংৰাজী পঢ়া, লিখা আৰু কʼব পৰা হʼব লাগিব। তেওঁ স্ব্যাস্থ্যৱান হোৱাৰ উপৰিও আৰু কেৱল কোনো বিশেষ প্ৰকাৰৰ আহাৰ খোৱা হʼব নালাগিব। সাধাৰণতে যিসকলে নিয়মিত অগ্ৰগামী কৰিছে তেওঁলোকক এই স্কুলৰ বাবে নিৰ্বাচিত কৰা হয়।
৬ যিসকলে মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুলৰ বাবে আগ্ৰহী, তেওঁলোক কোনো বিশেষ পদ-মৰ্য্যাদা পাবলৈ হেঁপাহ কৰি এই প্ৰশিক্ষণ লাভ কৰাৰ পৰিৱৰ্তে নিজৰ আধ্যাত্মিক ভাই-ভনীসকলক সেৱা কৰিবলৈ প্ৰেমৰ দ্বাৰা পৰিচালিত হোৱা উচিত। এনে উত্তম প্ৰশিক্ষণ লাভ কৰি স্নাতক হোৱা সকলে স্কুলত শিকা বিষয়বোৰৰ অনুসাৰে জীৱন-যাপন কৰি আনকো লাভৱান কৰি তুলিবলৈ অপেক্ষা কৰা হয়।—লূক ১২:৪৮.
৭ লাভসমূহ: আঠ সপ্তাহৰ অত্যন্ত প্ৰশিক্ষণৰ অন্তত স্নাতক হোৱাসকলে “বিশ্বাস আৰু উত্তম শিক্ষাৰ অনুগামী . . . তাৰ বাক্যেৰ প্ৰতিপালিত” হয়। (১ তীম. ৪:৬) এই প্ৰশিক্ষণে তেওঁলোকৰ নিযুক্ত মণ্ডলী আৰু পৰিভ্ৰমণৰ ক্ষেত্ৰত থকা ভাই-ভনীসকলক উৎসাহিত কৰাত সহায় কৰে। বেছিভাগ ক্ষেত্ৰত মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুলৰ পৰা স্নাতক হোৱা বিদ্যাৰ্থীজনক নিযুক্ত কৰা এলেকাত প্ৰচাৰ কাৰ্য্যৰ বৃদ্ধি পাইছে; অগ্ৰগামী সেৱা কৰিবলৈ বিশেষকৈ ডেকা ব্যক্তিসকলে উৎসাহিত হৈছে আৰু ঈশ্বৰৰ লোকসকলৰ সৈতে সঙ্গতি কৰা বহুতো নতুন ব্যক্তিৰ ওপৰত ব্যক্তিগতভাৱে মনোযোগ দিব পৰা হৈছে।
৮ আপুনি বয়সত ২৩ ৰ পৰা ৫০ বছৰৰ ভিতৰত হোৱা এজন অবিবাহিত প্ৰাচীন বা সহায়ক সেৱক নে? তেনেহʼলে মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুলত যোগদান কৰিবলৈ কিয় বিবেচনা নকৰে? ভৱিষ্যতে আপুনি ঈশ্বৰৰ সেৱা কৰিবলৈ লক্ষ্য ৰাখা এজন ডেকা ভাই নে? নিজৰ জীৱনধাৰা সৰল কৰি সকলো বিভ্ৰান্তিৰ পৰা আঁতৰি থাকি কিয় ‘মুকলি হোৱা কাৰ্য্যসাধক এখন বৰ দুৱাৰত’ প্ৰৱেশ নকৰে? ইয়ে আপোনাৰ বাবে অধিক আনন্দ আৰু সন্তুষ্টি কঢ়িয়াই আনিব। দৰাচলতে মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুলে কেৱল স্নাতক হোৱাজনকেই নহয় কিন্তু বিশ্বব্যাপী ঈশ্বৰৰ লোকসকলৰ মণ্ডলীৰ বাবেও লাভসমূহ কঢ়িয়াই আনে।
[Box on page 6]
প্ৰশিক্ষণৰ পৰা লাভৱান হোৱা
“এই প্ৰশিক্ষণে অৱশ্যেই মোৰ পৰিচৰ্য্যাক বৃদ্ধি আৰু ভাই-ভনীসকলক বুদ্ধি আৰু শাস্ত্ৰীয় পদবোৰ ব্যৱহাৰৰ দ্বাৰা চোৱা-চিতা কৰা মোৰ পাৰ্গতালিক উন্নত কৰিলে।”
“মণ্ডলীত থকা বহুতো দায়িত্ব বহন কৰাত এই স্কুলে মোক অধিক নিশ্চয়তা প্ৰদান কৰিলে।”
“এই প্ৰশিক্ষণে ঈশ্বৰৰ সংগঠন আৰু তেওঁৰ ব্যৱস্থাৰ প্ৰতি থকা মোৰ জীৱনৰ প্ৰায় সকলো দিশ সলনি কৰিলে।”
“এই প্ৰশিক্ষণে মোক আৱশ্যক হোৱা এলেকালৈ গৈ সেৱা কৰিবলৈ মোৰ মূল্যাঙ্কন বৃদ্ধি কৰাত সহায় কৰিলে।”