ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/৯৯ পৃষ্ঠা ১
  • আমি যিহোৱাৰ দ্বাৰা শিক্ষিত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি যিহোৱাৰ দ্বাৰা শিক্ষিত
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুল ব্যৱস্থাই এক বৃহৎ সুযোগৰ দুৱাৰ মুকলি কৰে
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • অগ্ৰগামীসকলৰ বাবে স্কুল
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • যিহোৱাৰ শিক্ষা গ্ৰহণ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/৯৯ পৃষ্ঠা ১

আমি যিহোৱাৰ দ্বাৰা শিক্ষিত

১ ঈশ্বৰীয় নিৰ্দেশনাৰ অন্তৰ্গত অন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ কাৰ্য্যক্ৰম ২৩৩ খন দেশত চলি আছে। ইয়াৰ তুলনাত এই জগতে তেনেধৰণৰ কোনো শিক্ষা প্ৰদান কৰিব পৰা নাই। আমাৰ মহান নিৰ্দেশক যিহোৱাই, বৰ্তমান সময়ত আমি কেনেকৈ লাভৱান হব পাৰোঁ তাৰ বাবে শিক্ষা প্ৰদান কৰাৰ উপৰিও ভৱিষ্যতে অনন্ত কাল জীৱনৰ বাবে আমাক শিক্ষা দিছে।—যিচ. ৩০:২০; ৪৮:১৭.

২ ঈশ্বৰীয় শিক্ষাৰ স্কুলসমূহ: যিহোৱাৰ লোকসকলৰ লাভৰ অৰ্থে, অলপতে উন্নত হোৱা স্কুলৰ কথা বিবেচনা কৰক। সপ্তাহত এবাৰকৈ প্ৰায় ৮৭,০০০ খন মণ্ডলীত ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল কাৰ্য্যক্ৰম চলোৱা হয়, যাতে মণ্ডলীত থকা লাখ সংখ্যক ৰাজ্যৰ প্ৰচাৰকে শিক্ষিত হৈ কাৰ্য্যকাৰীৰূপে শুভবাৰ্ত্তা প্ৰচাৰ কৰিব পাৰে। আপুনিও নিজৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰিছেনে? আপুনি দুই সপ্তাহ ধৰি চলা অগ্ৰগামী সেৱা স্কুলৰ কাৰ্য্যক্ৰমত উপস্থিত হোৱা হাজাৰ জনৰ মাজৰ এজন হয়নে? যিহেতু নিয়মিত অগ্ৰগামীসকলৰ কাৰ্য্যৰ বাবে আৱশ্যকীয় ঘন্টা হ্ৰাস কৰাৰ কাৰণে তেওঁলোকে আৰু বেছি অগ্ৰগামী কাৰ্য্য কৰিবলৈ আৰু স্কুলত উপস্থিত হবলৈ যোগ্য হʼব। গোটেই বিশ্বত দুইমাহ ধৰি চলা মিনিচট্ৰীয়েল টেইনিং স্কুল এতিয়া মুখ্য ভাষাত সঞ্চালন কৰা হৈছে, যʼত অবিবাহিত প্ৰাচীন আৰু সহায়ক সেৱকসকলে অধিকৈ ঈশ্বৰ-শাসিত দায়িত্ব বহন কৰিবলৈ প্ৰশিক্ষণ দিয়া হয়। সাময়িকভাবে সকলো প্ৰাচীন আৰু সহায়ক সেৱকসকলে ৰাজ্য পৰিচৰ্য্যা স্কুলৰ পৰা বিশেষ নিৰ্দ্দেশনা প্ৰাপ্ত কৰে।

৩ নিউয়ৰ্ক পেটাৰচনত থকা প্ৰহৰীদূৰ্গ শিক্ষা কেন্দ্ৰ পৰা প্ৰাপ্ত হোৱা সুবিধাসমূহক বিশেষ তিনিটা স্কুলত ব্যৱহাৰ কৰা হৈছে যিয়ে উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। পাচঁ মাহ জুৰি চলা গিলীয়েডৰ প্ৰহৰীদূৰ্গ বাইবেল স্কুলত, প্ৰদেশৰ বিভিন্ন ঠাইবিলাকত মিছনাৰী কাৰ্য্য কৰিবলৈ প্ৰচাৰকসকলক প্ৰশিক্ষণ দিয়া হয়। সকলো দেশৰ পৰা অহা শাখা সমিতিৰ সদস্যসকলে, শাখা সংগঠনৰ বাবে দুই মাহ ধৰি চলা কাৰ্য্যক্ৰমত উপস্থিত হয়। ভ্ৰমণ ওভাৰচিয়াৰসকলৰ বাবে ১৯৯৯ চনৰ মে মাহত এক নতুনকৈ দুমহীয়া কাৰ্য্যক্ৰম আৰম্ভ কৰা হয়। যʼত যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ পৰা অহা ৪৮ জন বিদ্যাৰ্থী উপস্থিত আছিল। যিহোৱাই প্ৰবন্ধ কৰা এই বিভিন্ন স্কুলৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি যিহোৱাৰ সকলো সেৱকে ইতিমধ্যেই উত্তমৰূপে লাভৱান হৈছে।

৪ কি উদ্দেশ্যৰ বাবে প্ৰশিক্ষণ? এজন প্ৰশাসন গোষ্ঠীৰ সদস্যই এইদৰে কয়: “হিতোপদেশ ১:১-৪ পদত বৰ্ণনা কৰা অনুসাৰে যিহোৱাৰ লোকসকলক সকলো স্থান আৰু পৰিস্থিতিৰ বাবে উত্তমৰূপে পৰিপক্কতা কৰি তুলিবলৈ আমাৰ নতুন কাৰ্য্যক্ৰমক তৈয়াৰ কৰি উলিওয়া হৈছে।” যিহোৱাই একেৰাহে আমাৰ প্ৰত্যেককে “শিক্ষিত লোকৰ জিবা” দিয়ক।—যিচ. ৫০:৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক