খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাৰ শিক্ষা গ্ৰহণ কৰক
কিয় গুৰুত্বপূৰ্ণ: মহান শিক্ষক যিহোৱা ঈশ্বৰে আটাইতকৈ উত্তম শিক্ষা আগবঢ়ায়। আমি জীৱনত কেনেকৈ উন্নতি কৰিব পাৰোঁ, তাৰ বিষয়ে শিক্ষা দিয়ে আৰু এক সুন্দৰ ভৱিষ্যতৰ বাবে আমাক সাজু কৰে। এই শিক্ষা বিনামূলীয়া হয়। (যিচ ১১:৬-৯; ৩০:২০, ২১; প্ৰকা ২২:১৭) যিহোৱা ঈশ্বৰে আমাক এই শিক্ষাৰ যোগেদি প্ৰশিক্ষণ দিয়ে, যাতে আমি লোকসকলক জীৱন উদ্ধাৰৰ বাৰ্ত্তা জনাব পাৰোঁ।—২কৰি ৩:৫.
ইয়াক কেনেকৈ কৰিব:
বিনয়ী আৰু নম্ৰতা গুণক বিকশিত কৰক।—গীত ২৫:৮, ৯
বৰ্তমান সময়ত আপুনি যি প্ৰশিক্ষণ লাভ কৰিছে, তাৰ সুযোগ লওক। উদাহৰণস্বৰূপে, সপ্তাহৰ মাজত হোৱা সভাত বিদ্যাৰ্থীৰ ভাগৰ প্ৰশিক্ষণ
যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ লক্ষ্য ৰাখক।—ফিলি ৩:১৩
বেছিকৈ প্ৰশিক্ষণ লাভ কৰিবলৈ জীৱনত ত্যাগ কৰক।—ফিলি ৩:৮
যিহোৱাৰ শিক্ষাৰ দ্বাৰা আনন্দিত হওক নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
কিছুমান প্ৰচাৰকে ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত উপস্থিত হʼবলৈ কি কি বাধাৰ সন্মুখীন হৈছিল?
এই স্কুলৰপৰা বিদ্যাৰ্থীসকলে কি কি শিক্ষা লাভ কৰে?
এই স্কুলত প্ৰশিক্ষণ লাভ কৰা ভাই-ভনীসকলক তেওঁলোকৰ মণ্ডলীৰ ভাই-ভনীসকলে কেনেকৈ সহায় কৰে?
ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত কোনে উপস্থিত হʼব পাৰে? (kr-HI ১৮৯)
যিহোৱাৰ সংগঠনত আপুনি আৰু কি কি প্ৰশিক্ষণ লাভ কৰিব পাৰে?
যিহোৱাৰ শিক্ষা গ্ৰহণ কৰাৰ বাবে আপুনি কি কি আশীৰ্ব্বাদ লাভ কৰিব?