ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ডিচেম্বৰ পৃষ্ঠা ৭
  • আপুনি ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত যাব বিচাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত যাব বিচাৰেনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—ৰাজ্য প্ৰচাৰকৰ স্কুলৰ বাবে আবেদন কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • অগ্ৰগামীসকলৰ বাবে স্কুল
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • যিহোৱাৰ শিক্ষা গ্ৰহণ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুল ব্যৱস্থাই এক বৃহৎ সুযোগৰ দুৱাৰ মুকলি কৰে
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ডিচেম্বৰ পৃষ্ঠা ৭
বহুতো বিদ্যাৰ্থীয়ে ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত উপস্থিত হৈছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপুনি ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত যাব বিচাৰেনে?

আপোনাৰ বয়স ২৩-ৰপৰা ৬৫ হয়নে? আপুনি পূৰ্ণসময়ৰ সেৱা কৰিব বিচাৰেনে? আপোনাৰ স্বাস্থ্য ভালে আছেনে? যʼত বেছি প্ৰয়োজন সেই এলেকাত আপুনি সেৱা কৰিব বিচাৰেনে? যদি “হয়” তেনেহʼলে আপুনি “ৰাজ্য প্ৰচাৰকসকলৰ স্কুলৰ” আবেদন পত্ৰখন পূৰ কৰিব বিচাৰেনে? এতিয়ালৈকে হাজাৰ-হাজাৰ দম্পত্তি আৰু অবিবাহিত ভাই-ভনীয়ে এই স্কুলৰপৰা বহুতো শিক্ষা লাভ কৰিছে। আৰু এই স্কুলত বহুতো অবিবাহিত ভাইসকলে আবেদন কৰাটো আমি বিচাৰোঁ। যিহোৱাৰ উদ্দেশ্য পূৰ কৰিবলৈ আপোনাৰ ইচ্ছা জাগৃত কৰিবলৈ আৰু যীচুৰ আৰ্হি অনুকৰণ কৰিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক। (গীত ৪০:৮; মথি ২০:২৮; ইব্ৰী ১০:৭) ইয়াৰ পাছত চিন্তা কৰক যে আপোনাৰ এই নিৰ্ণয়ক কি কথাই বাধা দিব পাৰে আৰু ইয়াক কেনেকৈ পাৰ কৰিব।

এই স্কুলত উপস্থিত হোৱা কিছুমান ভাই-ভনীক এনে ঠাইত পঠোৱা হয়, যʼত বেলেগ ভাষা কয়। আন কিছুমান ভাই-ভনীক ৰাজহুৱাভাৱে সাক্ষ্য দিবলৈ বিশেষ ব্যৱস্থা কৰা নগৰবোৰত পঠোৱা হয়। কিছুমান ভাইসকলে আগলৈ গৈ চাবচটিটিউট চাৰ্কিট ওভাৰচিয়াৰ, চাৰ্কিট ওভাৰচিয়াৰ আৰু পূৰ্ণসময়ৰ প্ৰচাৰ কৰা মিচনেৰী হিচাপে সেৱা কৰি আছে। যিহোৱাৰ সংগঠনত বহুতো কাম আছে, আপুনিও ভৱিষ্যতবক্তা যিচয়াৰ দৰে উৎসাহ দেখুৱাই এইদৰে কʼব পাৰে, “মই আছোঁ, মোকে পঠাওক।”—যিচ ৬:৮.

পূৰ্ণসময়ৰ প্ৰচাৰ কৰা মিচনেৰীসকল—শস্য দোৱাৰ বনুৱা হয় নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘পূৰ্ণসময়ৰ প্ৰচাৰ কৰা মিচনেৰীসকল—শস্য দোৱাৰ বনুৱা হয়’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। এহাল পূৰ্ণসময়ৰ প্ৰচাৰ কৰা মিচনেৰী দম্পত্তিয়ে ৰাস্তাত খোজ কাঢ়ি কাঢ়ি প্ৰচাৰ কাৰ্য্য কৰি আছে।

    পূৰ্ণসময়ৰ প্ৰচাৰ কৰা মিচনেৰীসকলক কেনেকৈ নিযুক্ত কৰা হয়?

  • ‘পূৰ্ণসময়ৰ প্ৰচাৰ কৰা মিচনেৰীসকল—শস্য দোৱাৰ বনুৱা হয়’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। এগৰাকী পূৰ্ণসময়ৰ প্ৰচাৰ কৰা মিচনেৰী ভনীয়ে আন এগৰাকী ভনীৰ লগত তিৰোতা এজনীক বাইবেল অধ্যয়ন কৰিছে।

    মিচনেৰী ভাই-ভনীসকলে কি ভাল কাম কৰি আছে?

  • ‘পূৰ্ণসময়ৰ প্ৰচাৰ কৰা মিচনেৰীসকল—শস্য দোৱাৰ বনুৱা হয়’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। এজন পূৰ্ণসময়ৰ মিচনেৰী ভাইয়ে সাংকেতিক ভাষা কোৱা মণ্ডলীত আন এজন ভাইৰ লগত বিশেষ প্ৰচাৰ কাৰ্য্যৰ ব্যৱস্থাৰ বাবে কথা পাতিছে।

    মিচনেৰী সেৱা কৰা ভাই-ভনীসকলে কি কি আশীৰ্বাদ লাভ কৰিছে?

আপুনি এই স্কুলত উপস্থিত হোৱা কিছুমান বিদ্যাৰ্থীৰপৰা জানিব বিচাৰেনে, তেওঁলোকে কি কি আশীৰ্বাদ লাভ কৰিলে? jw.org ৱেবছাইটত লাইবেৰী > ভিডিঅʼ > সাক্ষাৎকাৰ আৰু অনুভৱ > পূৰ্ণসময়ৰ সেৱা কৰাৰপৰা লাভ কৰা আশীৰ্বাদ ভাগত যাওক আৰু ভিডিঅʼ চাওক: ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত লাভ কৰা প্ৰতুল আশীৰ্বাদ, এনে শিক্ষা যি দিয়ে প্ৰচুৰ আনন্দ আৰু আনন্দিত আছোঁ যে যিহোৱাই মোক ব্যৱহাৰ কৰিলে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক