পাঠ ৬
মৃত লোকসকলৰ বাবে কি আশা আছে?
১. মৃত লোকসকলৰ বাবে কি ভাল খবৰ আছে?
যীচুয়ে যেতিয়া যিৰূচালেমৰ ওচৰত থকা বৈথনিয়া নামৰ ঠাইখনত উপস্থিত হৈছিল, তেতিয়া লাজাৰৰ মৃত্যু হোৱা চাৰি দিন হʼল। মাৰ্থা আৰু মৰিয়মৰ লগত যীচুয়ে লাজাৰক কবৰ দিয়া মৈদামলৈ গʼল। চাওঁতে চাওঁতে মানুহ গোট খাবলৈ ধৰিলে। যীচুয়ে লাজাৰক পুনৰাই জীয়াই তুলিলে। মৃত লাজাৰক আকৌ জীৱিত দেখি মাৰ্থা আৰু মৰিয়মৰ আনন্দৰ বিষয়ে আপুনি কল্পনা কৰিব পাৰিবনে?–যোহন ১১:২১-২৪, ৩৮-৪৪ পঢ়ক।
মৃত লোকসকলৰ বাবে থকা ভাল খবৰৰ বিষয়ে মাৰ্থাই আগতেই জানিছিল। তাই জানিছিল যে এই পৃথিৱীত পুনৰ জীয়াই থাকিবলৈ মৃত লোকসকলক যিহোৱা ঈশ্বৰে পুনৰুত্থান কৰিব।—ইয়োব ১৪:১৪, ১৫ পঢ়ক।
২. মৃত্যু হʼলে আমাৰ কি হয়?
ঈশ্বৰে আদমক কৈছিল: “তুমি ধূলি মাথোন, পুনৰায় ধূলিলৈকে উলটি যাবা।”—আদিপুস্তক ৩:১৯.
মাটিৰ ধূলিৰে মানুহক নিৰ্ম্মাণ কৰা হৈছিল। (আদিপুস্তক ২:৭; ৩:১৯) আমাৰ শৰীৰত কোনো অমৰ আত্মা নাথাকে। সেইবাবে, আমাৰ মৃত্যু হোৱাৰ পাছত কোনো অংশ জীয়াই নাথাকে। যেতিয়া আমাৰ মৃত্যু হয়, তেতিয়া আমাৰ মগজুয়ে কাম নকৰে। আমাৰ স্মৃতিশক্তি আৰু অনুভূতি এই সকলোবোৰ লুপ্ত হয়। মৃত্যুৰ পাছত কি হৈছিল, সেই বিষয়ে লাজাৰে পুনৰুত্থানৰ পাছত একো কোৱা নাছিল। গতিকে আমি কʼব পাৰোঁ যে মৃত লোকসকলে একোকেই নাজানে।—গীতমালা ১৪৬:৪; উপদেশক ৯:৫, ৬, ১০ পঢ়ক।
মৃত লোকসকলক ঈশ্বৰে জ্বলি থকা জুইত শাস্তি দিয়ে নেকি? বাইবেলে উল্লেখ কৰিছে যে মৃত লোকসকলে একোৱেই নাজানে। গতিকে আমি কʼব পাৰোঁ যে নৰকৰ শাস্তি হৈছে এক মিছা শিক্ষাৰ ভাগ আৰু ইয়ে ঈশ্বৰৰ নামৰ ওপৰত কলঙ্ক আনে। জ্বলি থকা জুইত শাস্তি দিয়া বিষয়টো ঈশ্বৰৰ দৃষ্টিত অতি ঘৃণনীয়।—যিৰিমিয়া ৭:৩১ পঢ়ক।
৩. মৃত লোকসকলে আমাৰ লগত কথা পাতিব পাৰেনে?
মৃত লোকসকলে কথা পাতিব বা শুনিব নোৱাৰে। (গীতমালা ১১৫:১৭) কিন্তু কিছুমান দুষ্ট স্বৰ্গদূতে মানুহৰ লগত কথা পাতিব পাৰে। এই দুষ্ট স্বৰ্গদূতসকলে মৃত লোকসকলৰ ভাও ধৰি এনেদৰে কথা পাতে, যেন কোনো মৃত ব্যক্তিয়েহে কথা পাতিছে। প্ৰকৃততে কোনো মৃত ব্যক্তিয়ে নহয়, দুষ্ট স্বৰ্গদূতেহে কথা পাতে। (২ পিতৰ ২:৪) মৃত লোকসকলৰ অৱস্থাৰ বিষয়ে জনাৰ চেষ্টা নকৰিবলৈ যিহোৱা ঈশ্বৰে আমাক আজ্ঞা দিছে।—দ্বিতীয় বিবৰণ ১৮:১০, ১১ পঢ়ক।
৪. কাক পুনৰুত্থান কৰা হʼব?
মৃত্যুৰ কবলত থকা লাখ লাখ লোকক এই পৃথিৱীত পুনৰুত্থান কৰা হʼব। ইয়াৰ উপৰিও যিহোৱা ঈশ্বৰক নাজানি বেয়া কামত লিপ্ত হোৱা লোকসকলকো পুনৰুত্থান কৰা হʼব।—লূক ২৩:৪৩; পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পঢ়ক।
পুনৰুত্থান কৰা লোকসকলে ঈশ্বৰৰ সত্যতাৰ বিষয়ে শিকিব আৰু যীচু খ্ৰীষ্টৰ আজ্ঞা পালন কৰাৰ যোগেদি তেওঁলোকে নিজৰ বিশ্বাস দেখুৱাব পাৰিব। (প্ৰকাশিত বাক্য ২০:১১-১৩) পুনৰুত্থান হোৱা লোকসকলে যদি ভাল কাম কৰে, তেনেহʼলে তেওঁলোকে এই পৃথিৱীত অনন্তকাল জীয়াই থাকিবলৈ সুযোগ পাব।—যোহন ৫:২৮, ২৯ পঢ়ক।
৫. পুনৰুত্থানে যিহোৱা ঈশ্বৰৰ বিষয়ে কি বৰ্ণনা কৰে?
নিজৰ একমাত্ৰ পুত্ৰক আমাৰ বাবে বলিদান দি যিহোৱা ঈশ্বৰে মৃত লোকসকলৰ বাবে আশা দিছে। পুনৰুত্থানৰ আশাই আমাক যিহোৱা ঈশ্বৰৰ প্ৰেম আৰু তেওঁৰ অনুগ্ৰহ প্ৰকাশ কৰে। যেতিয়া লোকসকলক পুনৰুত্থান কৰা হʼব, তেতিয়া আপুনি কাক লগ পাব বিচাৰিব?–যোহন ৩:১৬; ৰোমীয়া ৬:২৩ পঢ়ক।