পাঠ ২৯
মৃত্যু হোৱাৰ পাছত আমাৰ কি হয়?
যেতিয়া পৰিয়ালৰ লোক বা ঘনিষ্ঠ বন্ধুৰ মৃত্যু হয়, তেতিয়া আমাৰ বহুত দুখ লাগে। আপুনিও কেতিয়াবা নিজৰ পৰিয়ালৰ লোক বা ঘনিষ্ঠ বন্ধুক মৃত্যুত হেৰুৱাইছেনে? হয়তো আপোনাৰ মনলৈ এই প্ৰশ্নবোৰ আহে, ‘মৃত্যুৰ পাছত এজন ব্যক্তিৰ কি হয়? মৃত্যুত হেৰুৱা আমাৰ পৰিয়ালৰ লোক আৰু ঘনিষ্ঠ বন্ধুক আকৌ জীয়াই তোলা হʼবনে? আমি তেওঁলোকক পুনৰ লগ পামনে?’ এই পাঠ আৰু পৰৱৰ্তী পাঠত এই প্ৰশ্নবোৰৰ উত্তৰ বাইবেলৰপৰা দিয়া হৈছে। ইয়াৰ বিষয়ে জানি আপুনি শান্ত্বনা লাভ কৰিব।
১. মৃত্যুৰ পাছত আমাৰ কি হয়?
যীচুৱে মৃত্যুক গভীৰ টোপনিৰ লগত তুলনা কৰিছিল। কিয় বাৰু? কিয়নো যেতিয়া এজন ব্যক্তি গভীৰ টোপনিত থাকে, তেতিয়া তেওঁৰ আশে-পাশে কি হৈ আছে, তেওঁ একোৱেই গম নাপায়। ঠিক সেইদৰে, মৃত্যুৰ পাছত এজন ব্যক্তিয়ে একোৱেই গম নাপায় আৰু তেওঁ কোনো দুখ-কষ্টও অনুভৱ কৰিব নোৱাৰে। সেইবাবে, বাইবেলত এইদৰে লিখা আছে, “মৃত লোকবিলাকে একোকেই নাজানে।”—উপদেশক ৯:৫ পঢ়ক।
২. মৃত্যুৰ বিষয়ে সত্যতা জানিলে কি লাভ হʼব?
বহুতোলোকে মৰিবলৈ ভয় কৰে আৰু মৃত লোকসকলে আহি তেওঁলোকক হানি কৰিব বুলিও তেওঁলোকে ভয় কৰে। বাইবেলত মৃত্যুৰ বিষয়ে যি কোৱা হৈছে, সেয়া জানি আপোনাৰ ভয় নাইকিয়া হʼব আৰু আপুনি শান্ত্বনা লাভ কৰিব। যীচুৱে এইদৰে কৈছিল, “সত্যেই তোমালোকক মুক্ত কৰিব।” (যোহন ৮:৩২) বহুতো ধৰ্মই শিকায় যে মানুহৰ শৰীৰত এটা আত্মা থাকে আৰু মৃত্যুৰ পাছতো সেই আত্মা জীয়াই থাকে। কিন্তু বাইবেলে এইদৰে নিশিকায়। তেনেহʼলে মৃত্যুৰ পাছত এজন ব্যক্তিয়ে কেনেকৈ কষ্ট পাব পাৰে? ইয়াৰ উপৰিও, মৃত লোকসকলে একোৱেই নাজানে। সেইবাবে, তেওঁলোকে আমাক একো হানি কৰিব নোৱাৰে। গতিকে, মৃত লোকসকলক আনন্দিত কৰিবলৈ সকাম পতা, তেওঁলোকক পূজা কৰা আৰু তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি কিবা লাভ হʼবনে?
কিছুমান লোকে কয় যে তেওঁলোকে মৃত লোকসকলৰ লগত কথা পাতিব পাৰে। কিন্তু এয়া কেনেকৈ সম্ভৱ? কিয়নো আমি শিকিলোঁ যে “মৃত লোকবিলাকে একোকেই নাজানে।” যদি তেওঁলোকে মৃত লোকসকলৰ লগত কথা নাপাতে, তেনেহʼলে কাৰ লগত কথা পাতে? তেওঁলোকে প্ৰকৃততে দুষ্ট স্বৰ্গদূতবিলাকৰ লগত কথা পাতে। কিয়নো দুষ্ট স্বৰ্গদূতবিলাকে মানুহক ভুল পথলৈ পৰিচালিত কৰিবলৈ মৃত লোকসকলৰ মাত উলিয়াই কথা পাতে। মৃত্যুৰ বিষয়ে সত্যতা জানিলে আমি দুষ্ট স্বৰ্গদূতবিলাকৰপৰা বাচি থাকিব পাৰিম। যিহোৱাই আমাক সাৱধান কৰিছে যে আমি মৃত লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰাটো উচিত নহয়। কিয়নো তেওঁ ভালদৰে জানে যে দুষ্ট স্বৰ্গদূতবিলাকে আমাক হানি কৰিব পাৰে।—দ্বিতীয় বিবৰণ ১৮:১০-১২ পঢ়ক।
গভীৰভাৱে ধ্যান কৰক
বাইবেলত মৃত্যুৰ বিষয়ে আৰু কি উল্লেখ কৰা হৈছে? যদি ঈশ্বৰে লোকসকলক প্ৰেম কৰে, তেনেহʼলে মৃত্যুৰ পাছত তেওঁলোকক শাস্তি দিবনে? আহক এই বিষয়ে আলোচনা কৰোঁ।
৩. মৃত্যুৰ পাছত এজন ব্যক্তিৰ কি হয়?
মৃত্যুৰ পাছত এজন ব্যক্তিৰ কি হয়, এই বিষয়ে গোটেই পৃথিৱীৰ লোকসকলৰ বেলেগ বেলেগ বিশ্বাস আছে। কিন্তু এই সকলো কথা কেনেকৈ সঁচা হʼব পাৰে?
আপুনি বাস কৰা এলেকাৰ লোকসকলে কি বিশ্বাস কৰে?
বাইবেলে কি কয়, এই বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক।
উপদেশক ৩:২০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
এই পদৰ অনুসৰি মৃত্যুৰ পাছত এজন ব্যক্তিৰ কি হয়?
আমাৰ শৰীৰ মৰি যায় আৰু আত্মা জীয়াই থাকে বুলি ইয়াত লিখা আছেনে?
যীচুৰ প্ৰিয় বন্ধু লাজাৰৰ মৃত্যুৰ বিষয়ে বাইবেলত উল্লেখ আছে। যোহন ১১:১১-১৪ পঢ়ক, পদবোৰ পঢ়াৰ সময়ত মন কৰক যে যীচুৱে লাজাৰৰ অৱস্থাৰ বিষয়ে কি কৈছিল। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
যীচুৱে মৃত্যুৰ তুলনা কিহৰ লগত কৰিছিল?
ইয়াৰপৰা আমি মৃত লোকসকলৰ অৱস্থাৰ বিষয়ে কি জানিব পাৰোঁ?
আপুনি কি ভাবে, বাইবেলত মৃত্যু হোৱা লোকসকলৰ বিষয়ে যি লিখা আছে, সেয়া সঁচা হয়নে?
৪. মৃত্যুৰ বিষয়ে সত্যতা জানিলে কি লাভ হʼব?
মৃত্যুৰ বিষয়ে সত্যতা জানিলে আমি মৃত লোকসকলক ভয় নকৰিম। উপদেশক ৯:১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
মৃত লোকসকলে আমাক ক্ষতি কৰিব পাৰেনে?
মৃত্যুৰ বিষয়ে সত্যতা জানিলে আৰু এটা লাভ আছে। আজি বহুতোলোকে মৃত লোকসকলক আনন্দিত কৰিবলৈ তেওঁলোকক পূজা কৰে। সেইবাবে, তেওঁলোকে বহুতো ৰীতি-নীতি পালন কৰে। কিন্তু বাইবেলৰপৰা সত্যতা জানিলে আমি এইবোৰৰপৰা আঁতৰি থাকিব পাৰিম। যিচয়া ৮:১৯ আৰু প্ৰকাশিত বাক্য ৪:১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
আপুনি কি ভাবে, যেতিয়া মৃত লোকসকলক কোনোবাই পূজা কৰে বা তেওঁলোকৰপৰা সহায় বিচাৰে, তেতিয়া যিহোৱাক কেনেকুৱা লাগে?
মৃত্যুৰ বিষয়ে সত্যতা জানিলে যিহোৱাই ভাল নোপোৱা ৰীতি-নীতিৰপৰা আমি আঁতৰি থাকিব পাৰোঁ
৫. মৃত্যুৰ বিষয়ে সত্যতা জানিলে আমি শান্ত্বনা লাভ কৰিম
বহুতোলোকক এইদৰে শিকোৱা হয় যে যদি এজন ব্যক্তিয়ে বেয়া কাম কৰে, তেনেহʼলে তেওঁক মৃত্যুৰ পাছত শাস্তি দিয়া হʼব। কিন্তু এয়া সঁচা নহয়। বাইবেলত এইদৰে লিখা আছে যে মৃত্যুৰ পাছত কোনো ব্যক্তিক শাস্তি দিয়া নহয়। আনকি বেয়া কাম কৰা লোকসকলকো শাস্তি দিয়া নহয়। ৰোমীয়া ৬:৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
ইয়াত লিখা আছে যে মৃত্যুৰ পাছত এজন ব্যক্তিয়ে পাপৰপৰা মুক্ত হয়। তেনেহʼলে আপুনি কি ভাবে, পাপৰপৰা মুক্ত হোৱাৰ পাছতো তেওঁক কʼৰবাত শাস্তি দিয়া হৈছেনে?
যিমানেই আমি যিহোৱাৰ বিষয়ে শিকি থাকিম, সিমানেই আমাৰ বিশ্বাস বাঢ়িব যে যিহোৱাই মৃত লোকসকলক কেতিয়াও শাস্তি নিদিয়ে আৰু শাস্তি ভোগ কৰিবলৈ এৰিও নিদিয়ে। দ্বিতীয় বিবৰণ ৩২:৪ আৰু ১ যোহন ৪:৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
এই পদবোৰত যিহোৱাৰ কি কি গুণৰ বিষয়ে উল্লেখ আছে? যদি যিহোৱাৰ এই গুণবোৰ আছে, তেনেহʼলে মৃত্যুৰ পাছত এজন ব্যক্তিয়ে শাস্তি পোৱাটো যিহোৱাই বিচাৰিবনে?
বাইবেলত মৃত লোকসকলৰ বিষয়ে যি সত্যতা লিখা আছে, সেয়া জানি আপুনি শান্ত্বনা লাভ কৰিলেনে? আপুনি এইদৰে কিয় ভাবে?
কিছুমান লোকে কয়: “মৃত লোকসকলে মোক ক্ষতি কৰিব বুলি মোৰ ভয় লাগে।”
আপুনি তেওঁক শান্ত্বনা দিবলৈ বাইবেলৰ কোনটো পদ দেখুৱাব পাৰে?
আমি কি শিকিলোঁ
মৃত্যু হোৱাৰ পাছত এজন ব্যক্তিয়ে একো কৰিব নোৱাৰে। মৃত লোকসকলে কʼতো শাস্তি ভুগি থকা নাই আৰু তেওঁলোকে জীৱিত লোকসকলক একো হানিও কৰিব নোৱাৰে।
আপুনি কেনেকৈ উত্তৰ দিব?
মৃত্যুৰ পাছত এজন ব্যক্তিৰ কি হয়?
মৃত্যুৰ বিষয়ে সত্যতা জানিলে আমি কেনেকৈ লাভৱান হʼম?
মৃত্যুৰ বিষয়ে সত্যতা জানিলে আমি কেনেকৈ শান্ত্বনা লাভ কৰিম?
বেছিকৈ জানক
মানুহৰ শৰীৰত “আত্মা” থাকেনে, যি মৃত্যুৰ পাছতো জীয়াই থাকে? বাইবেলে ইয়াৰ বিষয়ে কি কয়, আহক চাওঁ।
ঈশ্বৰে দুষ্ট লোকসকলক শাস্তি দিবলৈ তেওঁলোকক নৰকত ভুগি থাকিবলৈ দিয়েনে? আহক এই বিষয়ে চাওঁ।
মৃত্যুৰ পাছত এজন ব্যক্তিৰ কি হয়, এই বিষয়ে সত্যতা জনাৰ বাবে এজন ব্যক্তিয়ে শান্ত্বনা লাভ কৰিলে। তেওঁৰ জীৱন কাহিনী পঢ়ক।