ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • fg পাঠ ১০ প্ৰশ্নবোৰ ১-৪
  • আপুনি সত্য উপাসনাক কেনেকৈ চিনাক্ত কৰিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি সত্য উপাসনাক কেনেকৈ চিনাক্ত কৰিব?
  • ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • মিল থকা বিষয়
  • ঈশ্বৰে গ্ৰহণ কৰা উপাসনা
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • আপুনি কেনেকৈ সত্য ধৰ্ম্ম বিচাৰি উলিয়াব পাৰে?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • ঈশ্বৰৰ উপাসনা কৰাৰ সঠিক উপায়
    বাইবেলে আমাক কি শিকায়?
  • ধৰ্মবিলাকৰ কি হʼব?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
আৰু চাওক
ঈশ্বৰৰপৰা এটা ভাল খবৰ!
fg পাঠ ১০ প্ৰশ্নবোৰ ১-৪

পাঠ ১০

আপুনি সত্য উপাসনাক কেনেকৈ চিনাক্ত কৰিব?

১. সত্য ধৰ্ম কেৱল এটাহে আছে নেকি?

যীচুৱে শিক্ষা দিছ

‘ভাঁৰি-কোৱা ভাববাদীসকলৰপৰা সাৱধান হওক।’—মথি ৭:১৫.

যীচুয়ে তেওঁৰ শিষ্যসকলক সত্য ধৰ্মৰ বিষয়ে শিক্ষা দিছিল। এই সত্য ধৰ্ম হৈছে অনন্ত জীৱনলৈ লৈ যোৱাৰ এটা পথ। এই পথৰ বাবে লোকসকলৰ সংখ্যা “তাকৰ” বুলি যীচুয়ে উল্লেখ কৰিছিল। (মথি ৭:১৪) কেৱল বাইবেলৰ ওপৰত আধাৰিত হোৱা উপাসনাক ঈশ্বৰে গ্ৰহণ কৰে। সত্য উপাসনা কৰা লোকসকলৰ মাজত একতা আছে, কিয়নো তেওঁলোকে একে ধৰণৰ শিক্ষাৰ ওপৰত বিশ্বাস কৰে।—যোহন ৪:২৩, ২৪; ১৪:৬; ইফিচীয়া ৪:৪, ৫ পঢ়ক।

২. মিছা খ্ৰীষ্টানসকলৰ বিষয়ে যীচুয়ে কি কৈছিল?

এজন পাদুৰিয়ে গীৰ্জাত বক্তৃতা দিছ। পিচত তেওঁ যুদ্ধলৈ যোৱা সৈনিকসকলক আৰ্শীবাদ দিছ।

“ঈশ্বৰক জানো বুলি তেওঁবিলাকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কাৰ্য্যৰে অস্বীকাৰ কৰে।”—তীত ১:১৬.

কিছুমান লোকে মিছা শিক্ষা দি ভুল পথলৈ পৰিচালিত কৰিব বুলি যীচুয়ে সত্য খ্ৰীষ্টানসকলক সতৰ্ক কৰিছিল। হয়তো এনে লাগিব, যেন তেওঁলোক প্ৰকৃততে সত্য উপাসক হয়। এই লোকসকলে নিজকে সত্য খ্ৰীষ্টান বুলি দাবী কৰিব পাৰে। কিন্তু তেওঁলোক প্ৰকৃততে কোন হয়, তাক আপুনি চিনাক্ত কৰিব পাৰিব। কেনেকৈ বাৰু? সত্য উপাসকসকলেহে কেৱল প্ৰকৃত খ্ৰীষ্টানৰ গুণসমূহ বিকশিত কৰে। গুণ আৰু কাৰ্য্যবোৰৰ যোগেদি সত্য খ্ৰীষ্টানসকলক চিনাক্ত কৰিব পাৰিব।—মথি ৭:১৩-২৩ পঢ়ক।

৩. সত্য উপাসকসকলক আপুনি কেনেকৈ চিনাক্ত কৰিব পাৰিব?

তলত উল্লেখ কৰা পাঁচটা চিনৰ বিষয়ে মনোযোগ দিয়ক:

  • সত্য উপাসকসকলে বাইবেলখন ঈশ্বৰৰ বাক্য বুলি বিশ্বাস কৰে। তেওঁলোকে বাইবেলৰ সিদ্ধান্ত অনুসৰি জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰে। সত্য উপাসনা কোনো মানুহৰ জ্ঞান আৰু বিচাৰধাৰাৰ ওপৰত আধাৰিত নহয়। (মথি ১৫:৭-৯) সত্য উপাসকসকলে বাক্যৰ অনুসৰি কাৰ্য্য কৰে।—যোহন ১৭:১৭; ২ তীমথিয় ৩:১৬, ১৭ পঢ়ক।

  • এজন যিহোৱাৰ সাক্ষীয়ে বাইবেলৰ পৰা ভাষণ দিছ। তেওঁ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছ, পাকৃতিক দূৰ্যোগত ভূগী থকা লোকসকলক, বয়সথ লোকসকলক সহায় কৰিছ।

    যীচুৰ শিষ্যসকলে ঈশ্বৰৰ নাম যিহোৱা হয় বুলি সন্মান কৰে। যীচুয়ে সকলোৰে আগত ঈশ্বৰৰ নাম প্ৰকাশ কৰাৰ যোগেদি সন্মান দেখুৱাইছিল। ঈশ্বৰৰ বিষয়ে লোকসকলক জানিবলৈ যীচুয়ে সহায় কৰিছিল আৰু প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ নাম পবিত্ৰকৰণ কৰিবলৈ শিকাইছিল। (মথি ৬:৯) আপুনি বাস কৰা ঠাইত, কোন ধৰ্মই ঈশ্বৰৰ নাম ঘোষণা কৰে?–গীতমালা ১৪৮:৫, ১৩; যোহন ১৭:২৬ পঢ়ক।

  • সত্য খ্ৰীষ্টানসকলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰে। ঈশ্বৰে যীচু খ্ৰীষ্টক ৰাজ্যৰ বিষয়ে ঘোষণা কৰিবলৈ পঠাইছিল। ঈশ্বৰৰ ৰাজ্যই হৈছে মানৱজাতিৰ বাবে একমাত্ৰ আশা। যীচুয়ে মৃত্যুৰ আগমুহূৰ্ত্তলৈকে ইয়াৰ বিষয়ে ঘোষণা কৰিছিল। (লূক ৪: ৪৩; ৮:১; ২৩:৪২, ৪৩) তেওঁ কৈছিল যে তেওঁৰ শিষ্যসকলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিব। যদি কোনোবাই আপোনাক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বৰ্ণনা কৰে, তেওঁ কোন ধৰ্মৰ হয় আপুনি কʼব পাৰিবনে?–মথি ২৪:১৪ পঢ়ক।

  • যীচুৰ শিষ্যসকল এই জগতৰ ভাগ নহয়। আপুনি তেওঁলোকক সহজতে চিনাক্ত কৰিব পাৰিব, কিয়নো তেওঁলোকে ৰাজনীতি বা সামাজিক সংঘৰ্ষবোৰত ভাগ নলয়। (যোহন ১৭:১৬; ১৮:৩৬) ইয়াৰ উপৰিও, তেওঁলোকে জগতৰ অসৎ কাৰ্য্যবোৰত লিপ্ত নহয়।—যাকোব ৪:৪ পঢ়ক।

  • সত্য খ্ৰীষ্টানসকলৰ মাজত প্ৰকৃত প্ৰেম দেখিবলৈ পোৱা যায়। তেওঁলোকে ঈশ্বৰৰ বাক্যৰপৰা সকলো জাতি-জনজাতিৰ লোকসকলক প্ৰেম কৰিবলৈ শিকায়। মিছা ধৰ্মই পৃথিৱীত হৈ থকা যুদ্ধবোৰক সমৰ্থন কৰে, কিন্তু সত্য খ্ৰীষ্টানসকলে যুদ্ধত ভাগ নলয়। (মীখা ৪:১-৩) ইয়াৰ পৰিৱৰ্ত্তে তেওঁলোকে নিস্বাৰ্থভাৱে নিজৰ সময় আৰু ধন-সম্পত্তি আনক সহায় কৰিবলৈ ব্যৱহাৰ কৰে।—যোহন ১৩:৩৪, ৩৫; ১ যোহন ৪:২০ পঢ়ক।

৪. আপুনি সত্য ধৰ্মক চিনাক্ত কৰিব পাৰিবনে?

কোন ধৰ্মৰ শিক্ষাবোৰ বাইবেলৰ ওপৰত আধাৰিত? কোন ধৰ্মই ঈশ্বৰৰ নামক সন্মান কৰে? কোন ধৰ্মই ঈশ্বৰৰ ৰাজ্যই কেৱল মানৱজাতিৰ একমাত্ৰ আশা বুলি ঘোষণা কৰে? কোন ধৰ্মই এজনে-আনজনৰ প্ৰতি প্ৰেম দেখুৱাই আৰু যুদ্ধত ভাগ নলয়? এই বিষয়ে আপুনি কি ভাৱে?—১ যোহন ৩:১০-১২ পঢ়ক।

ইয়াৰ বিষয়ে অধিক জানিবলৈ, বাইবেলে প্ৰকৃততে কি শিকায়? কিতাপৰ ১৫ অধ্যায়ত চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক