পাঠ ১৩
ধৰ্মবিলাকৰ কি হʼব?
১. সকলো ধৰ্মই ভালনে?
সকলো ধৰ্মতে নম্ৰ লোক আছে। আনন্দৰ বিষয় যে ঈশ্বৰে এই নম্ৰ লোকসকলৰ প্ৰতি মনোযোগ দিয়ে আৰু যত্ন লয়। কিন্তু দুখৰ বিষয় যে আজি ধৰ্মৰ নামত বহুতো বেয়া কাৰ্য্য কৰা হৈছে। (২ কৰিন্থীয়া ৪:৩, ৪; ১১:১৩-১৫) বাতৰিৰ মাধ্যমেৰে জানিবৈল পোৱা যায় যে কিছুমান ধৰ্মই সন্ত্ৰাসবাদ, গণহত্যা আৰু যুদ্ধত লিপ্ত হৈছে। ইয়াৰ উপৰিও কিছুমান ধৰ্মই সৰু সৰু লʼৰা-ছোৱালীৰ লগত যৌন কাৰ্য্যত লিপ্ত হোৱা লোকসকলক আশ্ৰয় দিছে। এনে ঘটনাবোৰে নিশ্চয় ঈশ্বৰক বিশ্বাস কৰা নম্ৰ লোকসকলৰ মনত দুখ দিয়ে!–মথি ২৪:৩-৫, ১১, ১২ পঢ়ক।
সত্য ধৰ্মই ঈশ্বৰক আনন্দিত কৰে, কিন্তু মিছা ধৰ্মই তেওঁক অসন্তুষ্ট কৰে। মিছা ধৰ্মৰ শিক্ষাবোৰ বাইবেলৰ আধাৰত নহয়। তেওঁলোকে ঈশ্বৰ আৰু মৃত লোকসকলৰ বিষয়ে ভুল শিক্ষা দিয়ে। কিন্তু প্ৰকৃততে সত্যনো কি, তাৰ বিষয়ে লোকসকলে জনাটো যিহোৱা ঈশ্বৰে বিচাৰে।—যিহিষ্কেল ১৮:৪; ১ তীমথিয় ২:৩-৫ পঢ়ক।
২. ধৰ্মবিলাকৰ কি হʼব?
যি ধৰ্মই ঈশ্বৰক ভালপাওঁ বুলি দাবি কৰে, কিন্তু প্ৰকৃততে চয়তানৰ পৃথিৱীকহে ভালপায়, তেওঁলোকৰ দাবিত ঈশ্বৰ পতিয়ন নাযায়। (যাকোব ৪:৪) সকলো মিছা ধৰ্মক ঈশ্বৰৰ বাক্যই “মহা-বাবিল” বুলি আখ্যা দিছে। বাবিল হৈছে এখন পুৰণি চহৰৰ নাম। নোহৰ জল-প্লাৱনৰ পাছত সেই চহৰখনৰপৰাই মিছা ৰ্ধমৰ আৰম্ভ হৈছিল। মানৱজাতিক অত্যাচাৰ, উৎপীড়ন আৰু ভুল পথলৈ পৰিচালিত কৰা ধৰ্মবিলাকক ঈশ্বৰে হঠাতে বিনাশ কৰিব।—প্ৰকাশিত বাক্য ১৭:১, ২, ৫, ১৬, ১৭; ১৮:৮ পঢ়ক।
কেৱল ইয়ে নহয় আৰু ভাল খবৰ আছে। গোটেই পৃথিৱীজোৰি মিছা ধৰ্মৰ মাজত সিচৰিত হৈ থকা নম্ৰ লোকসকলক ঈশ্বৰে পাহৰি যোৱা নাই। সত্য শিকোৱাৰ যোগেদি যিহোৱা ঈশ্বৰে তেওঁলোকক একত্ৰিত কৰিছে।—মীখা ৪:২, ৫ পঢ়ক।
৩. নম্ৰ লোকসকলে কি কৰা উচিত?
সত্য ধৰ্মই মানুহক একতা কৰে
সত্য আৰু নম্ৰতাক ভালপোৱা লোকসকলক যিহোৱা ঈশ্বৰে যত্ন লয়। ঈশ্বৰে তেওঁলোকক মিছা ধৰ্মৰপৰা ওলাই আহিবলৈ আহ্বান কৰিছে। ঈশ্বৰক ভালপোৱা লোকসকলে, নিজৰ জীৱনত পৰিৱৰ্ত্তন কৰি তেওঁক আনন্দিত কৰিবলৈ সাজু থাকে।—প্ৰকাশিত বাক্য ১৮:৪ পঢ়ক।
প্ৰথম শতাব্দীত যীচু খ্ৰীষ্টৰ শিষ্যসকলে যেতিয়া নম্ৰ লোকসকলক শুভবাৰ্ত্তা জনাইছিল, তেতিয়া তেওঁলোকে আনন্দেৰে গ্ৰহণ কৰিছিল। যিহোৱা ঈশ্বৰৰপৰা এই লোকসকলে এক আশা আৰু উদ্দেশ্যপূৰ্ণ জীৱনৰ বিষয়ে শিকিছিল। তেওঁলোকে নিজৰ জীৱনত ঈশ্বৰক প্ৰথম স্থান দিয়াৰ যোগেদি শুভবাৰ্ত্তা গ্ৰহণ কৰিছিল। তেওঁলোকে আমাৰ বাবে এটা ভাল উদাহৰণ ৰাখিলে।—১ থিচলনীকীয়া ১:৮, ৯; ২:১৩ পঢ়ক।
মিছা ধৰ্মৰপৰা ওলাই অহা লোকসকলক যিহোৱা ঈশ্বৰে তেওঁৰ পৰিয়াল অৰ্থাৎ সত্য উপাসকসকলৰ মাজলৈ আদৰণি জনাইছে। যদি আপুনি তেওঁৰ আহ্বান গ্ৰহণ কৰে, তেনেহʼলে আপুনি তেওঁৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰিব। ইয়াৰ উপৰিও, আপুনি ঈশ্বৰৰ পৰিয়ালৰ ভাগ হʼব আৰু অনন্ত জীৱন লাভ কৰিব পাৰিব।—মাৰ্ক ১০:২৯, ৩০; ২ কৰিন্থীয়া ৬:১৭, ১৮ পঢ়ক।
৪. গোটেই পৃথিৱীজোৰি ঈশ্বৰে কেনেকৈ আনন্দ কঢ়িয়াই আনিব?
মিছা ধৰ্মৰ ওপৰত আহিবলগীয়া বিনাশ হৈছে আমাৰ বাবে এটা আনন্দৰ খবৰ। গোটেই পৃথিৱীজোৰি অত্যাচাৰ আৰু উৎপীড়নত ভুগি থকা লোকসকলক ঈশ্বৰে মুক্ত কৰিব। ভৱিষ্যতে আৰু কেতিয়াও মিছা ধৰ্মই মানৱজাতিক বিভাজন বা ভুল পথলৈ পৰিচালিত কৰিব নোৱাৰিব। পৃথিৱীত জীয়াই থকা সকলো লোকে একতাৰে কেৱল যিহোৱা ঈশ্বৰক উপাসনা কৰিব।—প্ৰকাশিত বাক্য ১৮:২০, ২১; ২১:৩, ৪ পঢ়ক।