ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • yc পাঠ ২ পৃষ্ঠা ৬-৭
  • ৰিবেকাই যিহোৱাক সুখী কৰিব বিচাৰিছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ৰিবেকাই যিহোৱাক সুখী কৰিব বিচাৰিছিল
  • আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • মিল থকা বিষয়
  • ৰিবেকা এগৰাকী ঈশ্বৰলৈ ভয় ৰাখা তিৰোতা আছিল
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ইচ্‌হাকৰ বাবে পত্নী
    বাইবেলৰ কাহিনী
  • যঁজা কিন্তু মিল নাই
    বাইবেলৰ কাহিনী
আপোনাৰ সন্তানক শিক্ষা দিয়ক
yc পাঠ ২ পৃষ্ঠা ৬-৭
ইলীয়েজৰ, ৰিবেকা আৰু দাসকেইজনে, দহটা উটৰ সৈতে কনান দেশলৈ যাত্ৰা কৰিছ

২

ৰিবেকাই যিহোৱাক সুখী কৰিব বিচাৰিছিল

ৰিবেকাই যিহোৱা ঈশ্বৰক ভাল পাইছিল। তাইৰ স্বামীৰ নাম ইচহাক আছিল। ইচহাকেও যিহোৱাক ভাল পাইছিল। ৰিবেকাৰ বিয়া ইচহাকৰ লগত কেনেকৈ হৈছিল? ৰিবেকাই কেনেকৈ দেখুৱালে যে তাই যিহোৱাক সুখী কৰিব বিচাৰিছিল? আহাঁ, আমি তাইৰ বিষয়ে বেছিকৈ শিকোঁ।

ইচহাকৰ দেউতাকৰ নাম অব্ৰাহাম আৰু মাকৰ নাম চাৰা আছিল। তেওঁলোকে কনান নামৰ দেশত বাস কৰিছিল। সেই দেশৰ লোকসকলে যিহোৱা ঈশ্বৰক উপাসনা নকৰিছিল। কিন্তু অব্ৰাহামে নিজৰ লʼৰাক যিহোৱাৰ উপাসনা কৰা এজনী ছোৱালীক বিয়া কৰাটো বিচাৰিছিল। সেইবাবে, তেওঁ নিজৰ দাস ইলীয়েজৰক ইচহাকৰ বাবে যোগ্য ছোৱালী বিচাৰিবলৈ হাৰণ নামৰ নগৰখনলৈ পঠাইছিল। সেই ঠাইখনত অব্ৰাহামৰ কিছুমান সম্বন্ধীয় লোক আছিল।

ইলীয়েজৰৰ উটকেইটাক ৰিবেকাই পানী দিছ

ৰিবেকাই ইলীয়েজৰৰ লগত কনান দেশলৈ গৈ ইচহাকৰ লগত বিয়া হৈছিল

অব্ৰাহামৰ আন আন দাসৰ সৈতে ইলীয়েজৰে হাৰণ নগৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। সেই নগৰখন বহুত দূৰৈত আছিল। তেওঁলোকে দহটা উট লগত নিছিল। সেই উটকেইটাই খোৱা বস্তু আৰু উপহাৰ কঢ়িয়াই নিছিল। ইচহাকৰ বাবে কোনজনী ছোৱালী যোগ্য হʼব, তাৰ বিষয়ে ইলীয়েজৰে কেনেকৈ জানিব? ইলীয়েজৰ আৰু তেওঁৰ লগত থকা লোকসকলে হাৰণ নামৰ নগৰখনত পোৱাৰ পাছত, তেওঁলোকে এটা নাদৰ কাষত ৰʼল। তেওঁলোকে জানিছিল যে নাদৰপৰা পানী নিবলৈ লোকসকলে তালৈ আহিব। ইলীয়েজৰে যিহোৱাক প্ৰাৰ্থনা কৰিলে: ‘তুমি কলহ নমাই মোক পানী খাবলৈ দিয়া, এই কথা মই যি ছোৱালীক কম, সেই ছোৱালীয়ে যদি কয়, খাওক আৰু আপোনাৰ উটবোৰকো খুৱাম, তেন্তে সেই ছোৱালীয়েই আপোনাৰ দাস ইচ্‌হাকৰ নিমিত্তে আপোনাৰ নিৰূপিত কন্যা হওক আৰু ইয়াৰ দ্বাৰাই মই জানিম।’

সেই সময়তে ৰিবেকা নাদৰ কাষলৈ আহিল। বাইবেলে উল্লেখ কৰিছে যে তাই দেখিবলৈ বৰ ধুনীয়া আছিল। ইলীয়েজৰে তাইক পানী খুজিলে। তাই উত্তৰ দিলে: ‘নিশ্চয়, মই আপোনাক পানী দিম, লগতে আপোনাৰ উটবোৰকো খুৱাম।’ উটবোৰে কিমান পানী খাব পাৰে, তুমি জানানে? পিয়াহত আতুৰ হৈ থকা উটবোৰে বহুত পানী খাব পাৰে। তাৰ বাবে ৰিবেকাই নাদৰপৰা বাৰে বাৰে পানী তুলি উটবোৰক দিছিল। তাই কিমান কষ্ট কৰিছে তুমি ছবিখনত দেখা পাইছানে?— যিহোৱা ঈশ্বৰে এইদৰে তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়াৰ বাবে ইলীয়েজৰে আচৰিত হৈছিল।

ইলীয়েজৰে ৰিবেকাক বহুতো উপহাৰ দিলে। ইলীয়েজৰ আৰু তেওঁৰ লগত থকা দাসসকলক ৰিবেকাই নিজৰ ঘৰলৈ আহিবলৈ অনুৰোধ কৰিলে। অব্ৰাহামে ইলীয়েজৰক কিয় পঠিয়াইছে আৰু যিহোৱা ঈশ্বৰে কেনেকৈ তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে, এই সকলো কথা ইলীয়েজৰে ৰিবেকাৰ পৰিয়ালৰ লোকসকলক ভাঙি-পাতি কʼলে। তেতিয়া তেওঁলোকে আনন্দেৰে ইচহাকৰ লগত ৰিবেকাৰ বিয়াৰ অনুমতি দিলে।

উটবোৰৰ বাবে পানী আনিবলৈ ৰিবেকাই স্ব-ইচ্ছাৰে কষ্ট কৰিছিল

তুমি কি ভাবা, ইচহাকৰ লগত ৰিবেকাৰ বিয়া হʼলনে?— ৰিবেকাই জানিছিল যে যিহোৱাই ইলীয়েজৰক তালৈ পঠাইছিল। যেতিয়া পৰিয়ালৰ লোকসকলে ৰিবেকাক কনান দেশলৈ গৈ ইচহাকৰ লগত বিয়া হোৱাৰ বিষয়ে সুধিছিল, তেতিয়া তাই উত্তৰ দিছিল: ‘হয়, মই যাম।’ তাই লগে লগে ইলীয়েজৰৰ লগত যাত্ৰা আৰম্ভ কৰিলে। কনান দেশত উপস্থিত হোৱাৰ পাছত, ইচহাকৰ লগত তাইৰ বিয়া হʼল।

যিহোৱা ঈশ্বৰৰ ইচ্ছা অনুসৰি কাম কৰাৰ বাবে যিহোৱাই তাইক আশীৰ্ব্বাদ কৰিছিল। বহুবছৰৰ পাছত তাইৰ পৰিয়ালৰ যোগেদি যীচুৰ জন্ম হৈছিল। যদি তুমি ৰিবেকাৰ দৰে যিহোৱাৰ মনক আনন্দিত কৰা, তেনেহʼলে তেওঁ তোমাকো আশীৰ্ব্বাদ কৰিব।

তোমাৰ বাইবেলৰপৰা পঢ়া

  • আদিপুস্তক ১২:৪, ৫; ২৪:১-৫৮, ৬৭

প্ৰশ্ন:

  • ৰিবেকা কোন আছিল?

  • ইচহাকে কনান দেশৰ ছোৱালীক বিয়া কৰাটো অব্ৰাহামে কিয় বিচৰা নাছিল?

  • ইচহাকৰ বিয়াৰ বাবে ৰিবেকাই যে যোগ্য কন্যা হয় তাক ইলীয়েজৰে কেনেকৈ জানিছিল?

  • ৰিবেকাৰ দৰে হʼবলৈ আমি কি কৰিব লাগিব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক