ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • yc পাঠ ৫ পৃষ্ঠা ১২-১৩
  • যি ভাল চমূৱেলে তাকে কৰিছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যি ভাল চমূৱেলে তাকে কৰিছিল
  • আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • মিল থকা বিষয়
  • এটা সৰু লʼৰাৰ সেৱা
    বাইবেলৰ কাহিনী
  • প্ৰথম চমূৱেল কিতাপৰ আলোকপাত
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • চমূৱেলৰ জীৱনৰপৰা শিক্ষা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আপোনাৰ সন্তানক শিক্ষা দিয়ক
yc পাঠ ৫ পৃষ্ঠা ১২-১৩

৫

যি ভাল চমূৱেলে তাকে কৰিছিল

সৰুৰেপৰা চমূৱেলে ঈশ্বৰৰ ঘৰতে থাকি কাম কৰিছিল। ঈশ্বৰৰ ঘৰ হৈছে এনে এখন ঠাই, যʼত লোকসকলে উপাসনা কৰিবলৈ গৈছিল। তুমি জানানে, কেনেকৈ চমূৱেলে ঈশ্বৰৰ ঘৰত কাম কৰিবলৈ সুযোগ পাইছিল? আহাঁ, প্ৰথমে আমি চমূৱেলৰ মাতৃ হান্নাৰ বিষয়ে কিছু কথা শিকোঁ।

মাতৃ হিচাপে হান্নাই সন্তানৰ আশা কৰিছিল, কিন্তু বহুবছৰ ধৰি তাইৰ কোনো সন্তান হোৱা নাছিল। গতিকে, তাই সন্তানৰ বাবে যিহোৱা ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল। হান্নাই প্ৰতিজ্ঞা কৰিছিল যে যদি তাইৰ এটি পুত্ৰ সন্তান জন্ম হয়, তেনেহʼলে সেই পুত্ৰক ঈশ্বৰৰ ঘৰত থাকিবলৈ আৰু কাম কৰিবলৈ দিব। যিহোৱাই হান্নাৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে। সঁচাকৈ তাইৰ এটি পুত্ৰ জন্ম হʼল আৰু তাৰ নাম চমূৱেল ৰাখিলে। প্ৰতিজ্ঞা কৰাৰ দৰে, তিনি বা চাৰি বছৰ হওঁতে হান্নাই চমূৱেলক ঈশ্বৰৰ ঘৰত সেৱা কৰিবলৈ লৈ গʼল।

সেই সময়ত এলী নামৰ মহাপুৰোহিতে ঈশ্বৰৰ ঘৰত সেৱা কৰিছিল। তেওঁৰ দুজন পুতেকেও তাতে পুৰোহিত হিচাপে সেৱা কৰিছিল। তোমাৰ নিশ্চয় মনত আছে যে ঈশ্বৰৰ ঘৰ হৈছে লোকসকলৰ উপাসনা কৰা এখন ঠাই আৰু ইয়াত সেৱা কৰা লোকসকলে যি ভাল তাকে কৰাৰ প্ৰয়োজন আছিল। কিন্তু এলীৰ পুত্ৰকেইজনে ঈশ্বৰৰ ঘৰত বেয়া কামবোৰ কৰিছিল। তেওঁলোকক বেয়া কাম কৰা চমূৱেলে দেখিছিল। এলীৰ পুত্ৰকেইজনৰ দৰে চমূৱেলেও বেয়া কামবোৰ কৰিছিলনে?— তেওঁ কৰা নাছিল। পিতৃ-মাতৃয়ে শিকোৱাৰ দৰে চমূৱেলে যি ভাল তাকে কৰিছিল।

তুমি কি ভাবা, এলীয়ে তেওঁৰ পুত্ৰ দুজনক কি কৰা উচিত আছিল?— এলীয়ে তেওঁলোকক শাস্তি দিয়াৰ প্ৰয়োজন আছিল। তেওঁলোকক ঈশ্বৰৰ ঘৰত কাম কৰিবলৈ দিয়া উচিত নাছিল। কিন্তু এলীয়ে এইদৰে নকৰিলে। সেইবাবে, যিহোৱা ঈশ্বৰে এলী আৰু তেওঁৰ পুত্ৰকেইজনৰ ওপৰত ক্ৰোধিত হʼল। যিহোৱাই তেওঁলোকক শাস্তি দিবলৈ নিৰ্ণয় লয়।

মহাপুৰোহিত এলীৰ লগত চমূৱেলে কথা পাতিছ

চমূৱেলে যিহোৱাৰ বাৰ্তা এলীক জনাইছিল

এদিন ৰাতি চমূৱেলে শুই থকাৰ সময়ত, কোনোবাই তেওঁক নাম ধৰি মতা যেন শুনিলে: ‘চমূৱেল!’ সি দৌৰি এলীৰ ওচৰলৈ গʼল আৰু সুধিলে। কিন্তু এলীয়ে উত্তৰ দিলে: ‘মই তোমাক মতা নাই।’ এইদৰে দুবাৰ হʼল। তৃতীয়বাৰ এইদৰে হোৱাৰ পাছত, এলীয়ে চমূৱেলক কʼলে যে যদি তেওঁ সেই মাত আকৌ শুনে তেনেহʼলে এইদৰে কʼব লাগে: “হে যিহোৱা কওক, আপোনাৰ দাসে শুনিছে।” চমূৱেলে সেইদৰেই কৰিলে। ইয়াৰ পাছত যিহোৱাই চমূৱেলক কʼলে: ‘এলীক কোৱা যে বেয়া কাম কৰাৰ বাবে মই তেওঁৰ পৰিয়ালৰ লোকসকলক শাস্তি দিম।’ তুমি কি ভাবা, এলীক এই খবৰ দিয়াটো চমূৱেলৰ বাবে সহজ আছিলনে?— ইমান সহজ নাছিল। চমূৱেলে যদিও ভয় খাইছিল, তথাপি তেওঁ যিহোৱাই কোৱাৰ দৰে কৰিছিল আৰু ঠিক সেইদৰেই ঘটিল। এলী আৰু তেওঁৰ দুজন পুত্ৰৰ মৃত্যু হʼল।

চমূৱেলে আমাৰ সকলোৰে বাবে এটা ভাল উদাহৰণ ৰাখিলে। চমূৱেলে আন লোকসকলক বেয়া কাম কৰা দেখিছিল, তথাপিও তেওঁ যি ভাল তাকে কৰিছিল। তোমাৰ বিষয়েনো কি? তুমিও চমূৱেলৰ দৰে যি ভাল তাকে কৰিবানে? যদি তুমি এইদৰে কৰা, তেনেহʼলে তুমিও তোমাৰ পিতৃ-মাতৃ আৰু যিহোৱা ঈশ্বৰক সুখী কৰিব পাৰিবা।

তোমাৰ বাইবেলৰপৰা পঢ়া

  • ১ চমূৱেল ২:২২-২৬; ৩:১-২১

প্ৰশ্ন:

  • চমূৱেলৰ মাকে কি প্ৰতিজ্ঞা কৰিছিল?

  • ঈশ্বৰৰ ঘৰত চমূৱেলে এলীৰ দুজন পুত্ৰক কি কৰা দেখিছিল?

  • যিহোৱা ঈশ্বৰে চমূৱেলক কি কৰিবলৈ কৈছিল?

  • চমূৱেল আমাৰ সকলোৰে বাবে কিয় এটা ভাল উদাহৰণ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক