ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জানুৱাৰী পৃষ্ঠা ১৩
  • চমূৱেলৰ জীৱনৰপৰা শিক্ষা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চমূৱেলৰ জীৱনৰপৰা শিক্ষা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • যি ভাল চমূৱেলে তাকে কৰিছিল
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • এটা সৰু লʼৰাৰ সেৱা
    বাইবেলৰ কাহিনী
  • প্ৰথম চমূৱেল কিতাপৰ আলোকপাত
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জানুৱাৰী পৃষ্ঠা ১৩
ছবি: “তেওঁলোকৰপৰা শিকক—চমূৱেল” নামৰ ভিডিঅʼখনৰ উদাহৰণবোৰ। ১. ডেনি। ২. সৰু চমূৱেল।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

চমূৱেলৰ জীৱনৰপৰা শিক্ষা

চমূৱেলে গোটেই জীৱন যিহোৱাৰ বিশ্বাসী হৈ থাকিল। সৰু থাকোতে তেওঁ এলীৰ পুত্ৰ হফনী আৰু পীনহচৰ নিচিনা দুষ্ট নহʼল। (১চমূ ২:২২-২৬) চমূৱেল ডাঙৰ হোৱা লগে লগে যিহোৱাই তেওঁক সহায় কৰি থাকিল। (১চমূ ৩:১৯) চমূৱেলে বৃদ্ধ বয়সতো যিহোৱাৰ সেৱা কৰি থাকিল। কিন্তু তেওঁৰ পুত্ৰসকলে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিছিল।—১চমূ ৮:১-৫.

চমূৱেলৰপৰা আপুনি কি শিকিব পাৰে? আপুনিও যদি সৰু হৈ আছে, তেনেহʼলে বিশ্বাস কৰক যে আপুনি কি কি সমস্যাৰ সন্মুখীন হৈ আছে আৰু আপুনি কেনে অনুভৱ কৰিছে, সেয়া যিহোৱাই ভালদৰে জানে। তেওঁ আপোনাক সাহস দিব। (যিচ ৪১:১০, ১৩) যদি আপুনি পিতৃ-মাতৃ হয় আৰু আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিছে, তেনেহʼলে চমূৱেলৰ উদাহৰণে আপোনাক সহায় কৰিব পাৰে। মনত ৰাখক যে চমূৱেলে নিজৰ পুত্ৰসকলক যিহোৱাৰ সেৱা কৰিবলৈ হেঁচা দিয়া নাছিল। তেওঁ সকলো যিহোৱাৰ ওপৰত এৰি দিলে আৰু তেওঁ কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব, তাৰ ওপৰত মন দিলে। এইদৰে তেওঁ যিহোৱাক আনন্দিত কৰিলে। আপোনাৰ ভাল উদাহৰণ দেখি হয়তো আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ ওচৰলৈ উভতি আহিব পাৰে।

তেওঁলোকৰপৰা শিকক—চমূৱেল নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • “তেওঁলোকৰপৰা শিকক—চমূৱেল” নামৰ ভিডিঅʼখনৰ দৃশ্য। সৰু চেমুৱেলে তম্বুৰ চোতালত খৰি কঢ়িয়াই লৈ গৈছে।

    চমূৱেলে সৰুতে কেনেকৈ সাহসেৰে কাম কৰিলে?

  • “তেওঁলোকৰপৰা শিকক—চমূৱেল” নামৰ ভিডিঅʼখনৰ দৃশ্য। ডেনিয়ে তেওঁৰ দাদায়েকৰ ওচৰলৈ গৈ তেওঁ জীৱন-যাপন কৰা দুতৰপীয়া জীৱনৰ বিষয়ে সুধিছে।

    ডেনিয়ে কেনেকৈ সাহসেৰে কাম কৰিলে?

  • “তেওঁলোকৰপৰা শিকক—চমূৱেল” নামৰ ভিডিঅʼখনৰ দৃশ্য। ভৱিষ্যতবক্তা চেমুৱেল এতিয়া বৃদ্ধ হৈছে।

    চমূৱেলে বৃদ্ধ অৱস্থাতো কেনেকৈ এটা ভাল উদাহৰণ ৰাখিলে?

  • “তেওঁলোকৰপৰা শিকক—চমূৱেল” নামৰ ভিডিঅʼখনৰ দৃশ্য। ৰাজহুৱাভাৱে সাক্ষ্য দিয়াৰ পাছত ডেনি আৰু তেওঁ মা-দেউতা।

    যিসকলে সঠিক কাম কৰে, যিহোৱাই তেওঁলোকক সহায় কৰে

    ডেনিৰ মা-দেউতাই কেনেকৈ এটা ভাল উদাহৰণ ৰাখিলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক