ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • yc পাঠ ৬ পৃষ্ঠা ১৪-১৫
  • দায়ূদে ভয় কৰা নাছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দায়ূদে ভয় কৰা নাছিল
  • আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • মিল থকা বিষয়
  • দায়ূদ আৰু গলিয়াথ
    বাইবেলৰ পৰা শিকোঁ আহা
  • দায়ূদ আৰু গলিয়াথ
    বাইবেলৰ কাহিনী
  • ইস্ৰায়েলীসকলে এজন ৰজা বিচাৰিলে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • জীৱনত পৰিৱৰ্তনশীল অৱস্থাৰ সম্মুখীন হোৱাৰ সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মাত ভাৰসা ৰাখক
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আপোনাৰ সন্তানক শিক্ষা দিয়ক
yc পাঠ ৬ পৃষ্ঠা ১৪-১৫

৬

দায়ূদে ভয় কৰা নাছিল

তোমাৰ ভয় লাগিলে তুমি কি কৰা?— হয়তো সহায়ৰ বাবে তুমি পিতৃ-মাতৃৰ ওচৰলৈ যোৱা। কিন্তু তোমাক সহায় কৰিব পৰা আৰু এজনা আছে। তেওঁ সকলোতকৈ শক্তিশালী। তেওঁ কোন হয় তুমি জানানে?— তেওঁ হৈছে যিহোৱা ঈশ্বৰ। আহাঁ, আমি এতিয়া অলপ সময় বাইবেলত উল্লেখ থকা দায়ূদ নামৰ এজন ডেকা লʼৰাৰ বিষয়ে কিছু কথা শিকোঁ। যিহোৱা ঈশ্বৰে তেওঁক সদায় সহায় কৰিব বুলি দায়ূদে বিশ্বাস কৰিছিল আৰু সেইবাবে তেওঁ ভয় কৰা নাছিল।

সৰুৰেপৰা পিতৃ-মাতৃয়ে দায়ূদক যিহোৱা ঈশ্বৰক ভাল পাবলৈ শিকাইছিল আৰু ইয়ে তেওঁক যিকোনো ভয়ানক পৰিস্থিতিৰ সন্মুখীন হʼবলৈ সহায় কৰিছিল। দায়ূদে জানিছিল যে যিহোৱা ঈশ্বৰ তেওঁৰ বন্ধু হয় আৰু সকলো সময়তে তেওঁক সহায় কৰিব। এদিনাখন দায়ূদে ভেড়া চৰায় থাকোঁতে, হঠাতে এটা ডাঙৰ সিংহ ওলাল আৰু এটা ভেড়াক থাপ মাৰি ধৰিলে। তুমি জানানে দায়ূদে তেতিয়া কি কৰিলে? তেওঁ সিংহটোক খেদি গৈ খালী হাতেৰে বধ কৰিলে। আন এদিনাখনৰ কথা। এটা ভালুকে ভেড়াজাকক আক্ৰমণ কৰিবলৈ আহোঁতে, দায়ূদে সেই ভালুকটোকো বধ কৰিলে। তুমি কি ভাবা, দায়ূদক কোনে সহায় কৰিছিল?— নিশ্চয় যিহোৱা ঈশ্বৰে দায়ূদক সহায় কৰিছিল।

আন এক সময়তো দায়ূদে নিজৰ সাহস দেখুৱাইছিল। ইস্ৰায়েলী আৰু পলেষ্টীয়াসকলৰ মাজত এখন যুদ্ধ হৈছিল। পলেষ্টীয়াসকলৰ এজন বৰ ওখ-ডাঙৰ সৈনিক আছিল। তেওঁৰ নাম আছিল গলিয়াথ। তেওঁ যিহোৱা ঈশ্বৰ আৰু ইস্ৰায়েলী সৈনিকসকলক উপলুঙা কৰিছিল। গলিয়াথে ইস্ৰায়েলী সৈনিকসকলক তেওঁৰ লগত যুদ্ধ কৰিবলৈ আহ্বান কৰিছিল। কিন্তু ইস্ৰায়েলীসকলে তেওঁৰ লগত যুদ্ধ কৰিবলৈ ভয় কৰিছিল। এই বিষয়ে যেতিয়া দায়ূদে শুনিলে, তেতিয়া তেওঁ গলিয়াথক কৈছিল: ‘মই তোমাৰ লগত যুদ্ধ কৰিম। যিহোৱাই মোক যুদ্ধত জয়ী হʼবলৈ সহায় কৰিব আৰু মই তোমাক পৰাজয় কৰিম।’ তুমি কি ভাবা, দায়ূদ সাহসী আছিলনে?— নিশ্চয় তেওঁ সাহসী আছিল। ইয়াৰ পাছত কি হʼল তুমি জানিব বিচাৰানে?

দায়ূদে নিজৰ ফিংগা অৰ্থাৎ শিল দলিওৱা ৰছীডাল আৰু পাঁচটা শিল লʼলে। ইয়াৰ পাছত তেওঁ গলিয়াথৰ ওচৰলৈ যুদ্ধ কৰিবলৈ গʼল। দায়ূদক দেখাৰ লগে লগে গলিয়াথে ঠাট্টা কৰিবলৈ ধৰিলে। ইয়াকে দেখি দায়ূদে কʼলে: ‘তুমি তৰোৱাল, বৰছা আৰু যাঠী লৈ মোৰ ওচৰলৈ আহিছা। কিন্তু মই হʼলে যিহোৱাৰ নামেৰে আহিছোঁ।’ ইয়াৰ পাছত দায়ূদে ফিংগাত শিল এটা ভৰাই দৌৰি গৈ গলিয়াথলৈ মাৰি পঠালে। শিলটো গৈ গলিয়াথৰ কপালত লাগিল। লগে লগে সি মাটিত বাগৰি পৰিল আৰু তাৰ মৃত্যু হʼল। ইয়াকে দেখি পলেষ্টীয়াসকলে ভয় খালে আৰু যুদ্ধক্ষেত্ৰৰপৰা পলাই গʼল। ডেকা দায়ূদে কেনেকৈ ইমান ওখ-ডাঙৰ মানুহজনক পৰাজয় কৰিব পাৰিলে?— যিহোৱা ঈশ্বৰে তেওঁক সহায় কৰিলে। যিহোৱা ঈশ্বৰ গলিয়াথতকৈ বহুগুণে শক্তিশালী।

দায়ূদে গলিয়াথক বধ কৰিলে

যিহোৱা ঈশ্বৰে তেওঁক সদায় সহায় কৰিব বুলি দায়ূদে বিশ্বাস কৰিছিল আৰু সেইবাবে তেওঁ ভয় কৰা নাছিল

দায়ূদৰ কাহিনীৰপৰা তুমি কি শিকিলা?— যিহোৱা ঈশ্বৰ সকলোতকৈ শক্তিশালী আৰু তেওঁ তোমাৰ বন্ধু হয়। গতিকে মনত ৰাখিবা, তোমাৰ ভয় লগাৰ সময়ত যিহোৱা ঈশ্বৰে তোমাক সাহসী হʼবলৈ সহায় কৰিব।

তোমাৰ বাইবেলৰপৰা পঢ়া

  • গীতমালা ৫৬:৩, ৪

  • ১ চমূৱেল ১৭:২০-৫৪

প্ৰশ্ন:

  • এটা সিংহ আৰু ভালুকে ভেড়াজাকক আক্ৰমণ কৰাৰ সময়ত দায়ূদে কি কৰিছিল?

  • গলিয়াথে যিহোৱা ঈশ্বৰক উপলুঙা কৰাৰ সময়ত দায়ূদে কি কৈছিল?

  • দায়ূদে গলিয়াথক কেনেকৈ পৰাজয় কৰিছিল?

  • সিংহ, ভালুক আৰু গলিয়াথক দায়ূদে কিয় ভয় কৰা নাছিল?

  • দায়ূদৰ কাহিনীৰপৰা তুমি কি শিকিলা?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক