ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ৪০ পৃষ্ঠা ৯৮-পৃষ্ঠা ৯৯ অনু. ২
  • দায়ূদ আৰু গলিয়াথ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দায়ূদ আৰু গলিয়াথ
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • দায়ূদ আৰু গলিয়াথ
    বাইবেলৰ কাহিনী
  • দায়ূদে ভয় কৰা নাছিল
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • ইস্ৰায়েলীসকলে এজন ৰজা বিচাৰিলে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • ঈশ্বৰে দায়ূদক নিৰ্ব্বাচন কৰে
    বাইবেলৰ কাহিনী
আৰু চাওক
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ৪০ পৃষ্ঠা ৯৮-পৃষ্ঠা ৯৯ অনু. ২
দায়ূদে ফিংগাত শিলগুটি থৈ গলিয়াথৰ ফালে মাৰি পঠিয়াইছে

পাঠ ৪০

দায়ূদ আৰু গলিয়াথ

যিহোৱাই চমূৱেলক কʼলে, ‘যিচয়ৰ ঘৰলৈ যোৱা আৰু তেওঁৰ লʼৰাবিলাকৰ মাজৰ এজনক মই ইস্ৰায়েলৰ পাছৰ ৰজা হʼবলৈ বাছনি কৰিছোঁ।’ সেইবাবে, চমূৱেলে যিচয়ৰ ঘৰলৈ গʼল। যেতিয়া তেওঁ যিচয়ৰ সকলোতকৈ ডাঙৰ লʼৰাজনক দেখিলে, তেতিয়া তেওঁ ভাবিলে, ‘যিহোৱাই নিশ্চয় এই ডেকাজনক বাছনি কৰিছে।’ কিন্তু যিহোৱাই চমূৱেলক কʼলে যে তেওঁ এইজনক বাছনি কৰা নাই। যিহোৱাই কʼলে, ‘এজন মানুহ বাহিৰৰ পৰা দেখাত কেনেকুৱা, তেওঁ সেয়া নাচায়। ইয়াৰ পৰিৱৰ্তে তেওঁৰ হৃদয় চায়।’

চমূৱেলে দায়ূদৰ অভিষেক কৰি আছে

যিচয়ে নিজৰ আৰু ছজন লʼৰাক চমূৱেলৰ ওচৰলৈ লৈ আনিলে। কিন্তু চমূৱেলে কʼলে, ‘যিহোৱাই এওঁলোকৰ মাজৰ এজনকো বাছনি কৰা নাই। তোমাৰ আৰু লʼৰা আছে নে?’ যিচয়ে কʼলে, ‘মোৰ সকলোতকৈ সৰু আৰু এটা লʼৰা আছে। তাৰ নাম দায়ূদ। সি মোৰ ভেড়াবোৰ চৰাবলৈ গৈছে।’ যেতিয়া দায়ূদ ঘৰলৈ আহিল, তেতিয়া যিহোৱাই চমূৱেলক কʼলে, ‘মই ইয়াকে বাছনি কৰিছোঁ!’ চমূৱেলে দায়ূদৰ মূৰত তেল ঢালি তেওঁৰ অভিষেক কৰিলে যাতে তেওঁ পাছত ইস্ৰায়েলৰ ৰজা হʼব পাৰে।

গলিয়াথ

কিছু সময়ৰ পাছত ইস্ৰায়েলীসকল আৰু পলেষ্টীয়াবিলাকৰ মাজত যুদ্ধ হʼব লগীয়া আছিল। পলেষ্টীয়াবিলাকৰ এজন সৈনিক বহুত ওখ-পাখ আছিল। তেওঁৰ নাম গলিয়াথ আছিল। তেওঁ প্ৰতিদিনে ইস্ৰায়েলীসকলক ঠাট্টা কৰিছিল। তেওঁ চিঞৰি কৈছিল, ‘মোৰ লগত যুদ্ধ কৰিবলৈ এজন মানুহ পঠিয়া। যদি সি জিকে, তেনেহʼলে আমি তহঁতৰ দাস হʼম। কিন্তু মই যদি জিকোঁ, তেনেহʼলে তহঁতি আমাৰ দাস হʼবি।’

দায়ূদৰ ককায়েকসকল সৈনিক আছিল। দায়ূদে তেওঁলোকৰ কাৰণে খোৱাবস্তু লৈ ইস্ৰায়েলীসকলৰ ছাউনীত আহিলে। তেওঁ গলিয়াথৰ কথা শুনিলে আৰু কʼলে, ‘মই তাৰ লগত যুদ্ধ কৰিম।’ কিন্তু ৰজা চৌলে কʼলে, ‘তুমি দেখোন এটা সৰু লʼৰা।’ দায়ূদে কʼলে, ‘যিহোৱাই মোক সহায় কৰিব।’

চৌলে নিজৰ কাপোৰ আৰু অস্ত্ৰ দায়ূদক দিলে। দায়ূদে কʼলে, ‘মই এইবোৰ পিন্ধি যুদ্ধ কৰিব নোৱাৰোঁ।’ দায়ূদে ফিংগা লʼলে আৰু নদীৰ কাষলৈ গʼল। তেওঁ তাৰ পৰা পাঁচটা শীতল শীতল শিলগুটি তুলি লʼলে আৰু নিজৰ বেগত ভৰালে। গলিয়াথে চিঞৰি কʼলে, ‘তই মোৰ ওচৰলৈ আহ, মই তোক মাৰি চৰাই আৰু বনৰীয়া জন্তুবোৰক খোৱাম।’ কিন্তু দায়ূদে ভয় নাখালে। দায়ূদেও চিঞৰি কʼলে, ‘তুমি তৰোৱাল আৰু বৰছা লৈ আহিছা। কিন্তু মই যিহোৱাৰ নামেৰে আহিছোঁ। তুমি আমাৰ লগত নহয়, ঈশ্বৰৰ লগত যুদ্ধ কৰিছা। ইয়াত যিমান লোক আছে সকলোৱে দেখিবলৈ পাব যে যিহোৱাই তৰোৱাল বা বৰছাতকৈ বহুত বেছি শক্তিশালী। আজি যিহোৱাই তোমালোক সকলোকে আমাৰ হাতত দি দিব।’

দায়ূদে নিজৰ ফিংগাত শিলগুটি থৈ খুব জোৰেৰে ঘূৰাই মাৰি পঠিয়ালে। এই শিলগুটিয়ে চিধা গৈ গলিয়াথৰ কপালত লাগিল আৰু ভিতৰলৈ সোমাই গʼল। ইয়াৰ আঁৰত যিহোৱাৰ হাত আছিল। গলিয়াথ মৰি গʼল আৰু মাটিত পৰি গʼল। তেতিয়া পলেষ্টীয়াবিলাকে নিজৰ জীৱন বচাই পলাই গʼল। তুমিও দায়ূদৰ দৰে যিহোৱাৰ ওপৰত ভৰসা ৰাখা নে?

“মানুহৰ কাৰণে এয়া অসম্ভৱ, কিন্তু ঈশ্বৰৰ কাৰণে নহয়। কিয়নো ঈশ্বৰৰ কাৰণে সকলো সম্ভৱ।”—মাৰ্ক ১০:২৭

প্ৰশ্ন: যিহোৱাই কাক ইস্ৰায়েলৰ পাছৰ ৰজা হিচাপে বাছনি কৰিলে? দায়ূদে কেনেকৈ গলিয়াথক হৰুৱালে?

১ চমূৱেল ১৬:১-১৩; ১৭:১-৫৪

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক