কাহিনী ৫৭
ঈশ্বৰে দায়ূদক নিৰ্ব্বাচন কৰে
ছবিখনত কি দেখিছা বাৰু? লʼৰাটোৱে ভালুকৰ মুখৰপৰা ভেড়া পোৱালিটোক ৰক্ষা কৰিলে। ভালুকটোৱে ভেড়া পোৱালিটোক খাবলৈ জাকৰপৰা লৈ গৈছিল। কিন্তু লʼৰাটোৱে ভালুকটোৰ পিছে পিছে খেদি গৈ ভেড়া পোৱালিটোক উদ্ধাৰ কৰিলে। ভালুকে লʼৰাটোক উভতি আক্ৰমণ কৰাত, সি তাক বধ কৰিলে। আন এক সময়ত লʼৰাটোৱে ভেড়া এটাক সিংহৰ মুখৰপৰা উদ্ধাৰ কৰিছিল। এই লʼৰাটো বৰ সাহসী নহয়নে? তাৰ নাম কি হয় তুমি জানানে?
লʼৰাটোৰ নাম হৈছে দায়ূদ আৰু তাৰ ঘৰ বৈৎলেহমত। দায়ূদৰ ককাদেউতাৰ নাম আছিল ওবেদ। ওবেদ হৈছে ৰূথ আৰু বোৱজৰ পুত্ৰ। ৰূথ আৰু বোৱজৰ কথা তোমাৰ নিশ্চয় মনত আছে। দায়ূদৰ দেউতাকৰ নাম হৈছে যিচয়। দায়ূদে দেউতাকৰ ভেড়াবোৰক চোৱা-চিতা কৰে। যিহোৱাই চৌলক ৰজা হিচাপে নিৰ্ব্বাচন কৰাৰ ১০ বছৰৰ পাছত দায়ূদৰ জন্ম হৈছিল।
যিহোৱা ঈশ্বৰে ভাববাদী চমূৱেলক কʼলে: ‘তুমি সুগন্ধিযুক্ত তেল লগত লৈ বৈৎলেহমত থকা যিচয়ৰ ঘৰলৈ যোৱা। মই তেওঁৰ পুত্ৰবিলাকৰ এজনক ৰজা হʼবলৈ নিৰ্ব্বাচন কৰিছোঁ।’ চমূৱেলে যিচয়ৰ ঘৰলৈ আহি তেওঁৰ বৰ পুত্ৰ ইলীয়াবক দেখি নিজকে কʼলে: ‘নিশ্চয় এই মানুহজনেই যিহোৱাৰ অভিষিক্তজন।’ কিন্তু যিহোৱাই চমূৱেলক কʼলে: ‘তুমি ইয়াৰ মুখ আৰু দেহলৈ দৃষ্টি নকৰিবা। কাৰণ মই তাক অগ্ৰাহ্য কৰিলো।’
যিচয়ই নিজৰ দ্বিতীয় পুত্ৰ অবীনাদবক চমূৱেলৰ ওচৰলৈ আনিলে। কিন্তু চমূৱেলে উত্তৰ দিলে: ‘যিহোৱাই ইয়াকো মনোনীত কৰা নাই।’ ইয়াৰ পাছত যিচয়ই তেওঁৰ তৃতীয় পুত্ৰ চম্মাক লৈ আনিলে। চমূৱেলে কʼলে: ‘যিহোৱাই ইয়াকো মনোনীত কৰা নাই।’ এজন এজনকৈ যিচয়ই নিজৰ সাতজন পুত্ৰক চমূৱেলৰ ওচৰলৈ আনিলে। কিন্তু যিহোৱাই এই সাতজনৰ ভিতৰত কাকো নিৰ্ব্বাচন নকৰিলে। চমূৱেলে যিচয়ক সুধিলে: ‘তোমাৰ লʼৰা এইকেইটাইনে?’
যিচয়ই উত্তৰ দিলে: ‘কেৱল সৰুজনহে বাকী আছে। সি ভেড়াবোৰক চৰাইছে।’ দায়ূদক চমূৱেলৰ ওচৰলৈ মাতি অনা হʼল। চমূৱেলে দায়ূদক দেখি আচৰিত হʼল, কিয়নো দায়ূদ দেখিবলৈ বৰ সুন্দৰ আছিল। যিহোৱাই চমূৱেলক কʼলে: ‘উঠা, ইয়াকে অভিষেক কৰা। কিয়নো ইয়েই সেই মানুহ।’ ঈশ্বৰৰ আজ্ঞা অনুসৰি চমূৱেলে দায়ূদক অভিষেক কৰিলে। সঠিক সময়ত দায়ূদ ইস্ৰায়েলৰ ৰজা হʼব।
১ চমূৱেল ১৭:৩৪, ৩৫; ১৬:১-১৩.