ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • hf অংশ ৬ পৃষ্ঠা ১৮-২১
  • সন্তানে কেনেকৈ বিবাহিত জীৱনলৈ পৰিৱৰ্তন আনে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সন্তানে কেনেকৈ বিবাহিত জীৱনলৈ পৰিৱৰ্তন আনে
  • এক সুখী পৰিয়াল—সম্ভৱনে?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ১ সন্তানে জীৱনলৈ কেনেকৈ পৰিৱৰ্তন আনে, তাক আপুনি বুজক
  • ২ আপোনাৰ সম্বন্ধ দৃঢ় কৰক
  • ৩ আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • সুখী বিবাহিত জীৱনৰ বাবে ঈশ্বৰৰ সহায় লওক
    এক সুখী পৰিয়াল—সম্ভৱনে?
এক সুখী পৰিয়াল—সম্ভৱনে?
hf অংশ ৬ পৃষ্ঠা ১৮-২১
এজনী নাৰ্চে নৱজন্ম কেঁচুৱাটিক পিতৃ-মাতৃৰ ওচৰলৈ  আনিছে

ভাগ ৬

সন্তানে কেনেকৈ বিবাহিত জীৱনলৈ পৰিৱৰ্তন আনে

“সন্তানবিলাক যিহোৱাই দিয়া আধিপত্য।”—গীতমালা ১২৭:৩

সন্তানৰ জন্মই দম্পতীৰ জীৱনলৈ বহুতো আনন্দ কঢ়িয়াই আনে। নতুনকৈ হোৱা সন্তানক চোৱা-চিতা কৰিবলৈ আপোনালোকৰ যথেষ্ট শক্তি আৰু সময় ব্যৱহাৰ হোৱাৰ বাবে হয়তো আপোনালোক আচৰিত হʼব পাৰে। কম টোপনি আৰু মানসিক পৰিৱৰ্তনৰ বাবে আপোনালোকৰ বিবাহিত জীৱনত সমস্যা আহিব পাৰে। নিজৰ সন্তানক চোৱা-চিতা কৰিবলৈ আৰু বৈবাহিক সম্বন্ধ দৃঢ় কৰিবলৈ দুয়োজনে প্ৰয়োজনীয় পৰিৱৰ্তন কৰা উচিত। এনেধৰণৰ সমস্যাবোৰ সন্মুখীন হʼবলৈ বাইবেলৰ পৰামৰ্শবোৰে আপোনালোকক কেনেকৈ সহায় কৰিব?

১ সন্তানে জীৱনলৈ কেনেকৈ পৰিৱৰ্তন আনে, তাক আপুনি বুজক

বাইবেলত কি উল্লেখ আছে: “প্ৰেমে অনেক দিন সহে, মৰমো কৰে।” ইয়াৰ উপৰিও প্ৰেমে “নিজৰ লাভ নিবিচাৰে, ক্ৰোধত উত্তেজিত নহয়।” (১ কৰিন্থীয়া ১৩:৪-৬) নিঃসন্দেহ, মাতৃ হোৱাৰ বাবে আপোনাৰ সম্পূৰ্ণ মনোযোগ সন্তানৰ ওপৰত হোৱাটো স্বাভাৱিক। ইয়াৰ বাবে হয়তো আপোনাৰ স্বামীয়ে তেওঁক আওকাণ কৰিছে বুলি ভাবিব পাৰে। কিন্তু মনত ৰাখিব যে তেওঁকো আপুনি সমানে মনোযোগ দিয়া উচিত। আপুনি ধৈৰ্য্য আৰু দয়াৰে স্বামীৰ প্ৰয়োজন আছে বুলি তেওঁক অনুভৱ কৰিবলৈ সহায় কৰক আৰু সন্তানক যত্ন লোৱাৰ ক্ষেত্ৰত তেওঁকো জড়িত কৰক।

এজন পিতৃয়ে কেঁচুৱাটিক আহাৰ খোৱাইছে আৰু নিশাৰ ভাগত যত্ন লৈছে

“হে পুৰুষবিলাক . . . তেওঁবিলাকে সৈতে জ্ঞানমতে সহবাস কৰি, তেওঁবিলাকক সমাদৰ কৰা।” (১ পিতৰ ৩:৭) আপোনাৰ পত্নীয়ে সন্তানক চোৱা-চিতা কৰিবলৈ যে যথেষ্ট শক্তি আৰু সময় দিবলগীয়া হৈছে, এই বিষয়ে আপুনি বুজা উচিত। এই নতুন দায়িত্ব পোৱাৰ বাবে তাই ভাগৰি পৰা, নিৰাশ আৰু চিন্তিত হোৱাটো স্বাভাৱিক। হয়তো পত্নীয়ে অযথা কাৰণে আপোনাক কেতিয়াবা বেয়া পাবও পাৰে। কিন্তু আপুনি শান্ত হৈ থাকিবলৈ চেষ্টা কৰিব, কিয়নো “ক্ৰোধত ধীৰ লোক বীৰতকৈয়ো উত্তম।” (হিতোপদেশ ১৬:৩২) নিজৰ বিচাৰ-বুদ্ধি ব্যৱহাৰ কৰি তাইক প্ৰয়োজনীয় সহায় আগবঢ়াওক।—হিতোপদেশ ১৪:২৯.

আপুনি কি কৰিব পাৰে:

  • পিতৃসকল: আপোনাৰ সন্তানক চোৱা-চিতা কৰিবলৈ পত্নীক সহায় কৰক, আনকি নিশাৰ ভাগতো। আজৰি সময়খিনি অন্যান্য কাম-কাজত বেছি অতিবাহিত কৰাৰ পৰিৱৰ্তে, আপুনি নিজৰ পত্নী আৰু সন্তানৰ লগত সময় কটাওক

  • মাতৃসকল: আপোনাৰ স্বামীয়ে যেতিয়া আপোনাক সহায় কৰিব বিচাৰে, তেতিয়া সহায় গ্ৰহণ কৰক। যদি স্বামীয়ে সেই কাম ভালদৰে কৰিব নোৱাৰে, আপুনি তেওঁক সমালোচনা নকৰিব। তাৰ পৰিৱৰ্তে, ভালদৰে বুজাই দিয়ক

২ আপোনাৰ সম্বন্ধ দৃঢ় কৰক

বাইবেলত কি উল্লেখ আছে: “সিবিলাক দুয়ো একদেহ হব।” (আদিপুস্তক ২:২৪) যদিও আপোনালোকৰ পৰিয়ালত নতুন সদস্যৰ আগমন হৈছে, কিন্তু মনত ৰাখিব যে আপোনালোক দুয়ো এতিয়াও “একদেহ” হয়। সেইবাবে আপোনালোকৰ সম্বন্ধ দৃঢ় কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰক।

পত্নীসকল, স্বামীয়ে কৰা সহায়ৰ বাবে কৃতজ্ঞ হওক। আপোনাৰ কৃতজ্ঞতা ভৰা বাক্যই তেওঁক ‘সুস্থ’ কৰি তুলিব। (হিতোপদেশ ১২:১৮) স্বামীসকল, আপুনি পত্নীক কিমান প্ৰেম আৰু আদৰ কৰে, তাক কথাৰে প্ৰকাশ কৰক। পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে পত্নীক প্ৰশংসা কৰক।—হিতোপদেশ ৩১:১০, ২৮.

“প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক।” (১ কৰিন্থীয়া ১০:২৪) আপোনাৰ সংগীৰ বাবে যিটো ভাল তাকে কৰক। এজনে-আনজনক প্ৰশংসা কৰিবলৈ আৰু কথা পাতিবলৈ সময় উলিয়াওক। এজনে-আনজনৰ কথা ভালদৰে শুনক। শাৰীৰিক সম্বন্ধৰ বাবে স্বাৰ্থপৰ নহʼব। আপোনাৰ সংগীৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ দিয়ক। বাইবেলে উল্লেখ কৰিছে যে “স্বামীয়ে ভাৰ্য্যাক, আৰু সেইদৰে ভাৰ্য্যায়ো স্বামীক তেওঁৰ পাব লগা দিয়ক। . . . তোমালোকে ইজনে সিজনক বঞ্চিত নকৰিবা।” (১ কৰিন্থীয়া ৭:৩-৫) এই বিষয়ে আপোনালোক দুয়োজনে আলোচনা কৰক। আপোনাৰ ধৈৰ্য্য আৰু বুজাবুজিয়ে আপোনালোকৰ সম্বন্ধ দৃঢ় কৰিব।

কেঁচুৱাটি শুৱাৰ পাছত স্বামী আৰ স্ত্ৰীয়ে একেলগে সময় কটাইছে

আপুনি কি কৰিব পাৰে:

  • এজনে-আনজনক সময় দিবলৈ কেতিয়াও নাপাহৰিব

  • কিছুমান কামৰ যোগেদি নিজৰ প্ৰেম প্ৰকাশ কৰক, যেনে মেচেজ পঠিওৱা বা সৰু-সুৰা উপহাৰ দিয়া আদি

৩ আপোনাৰ সন্তানক শিক্ষা দিয়ক

এজনী মাতৃয়ে কেঁচুৱাটিক পঢ়ি শুনাইছে

বাইবেলত কি উল্লেখ আছে: “যি পবিত্ৰ শাস্ত্ৰে . . . পৰিত্ৰাণৰ অৰ্থে তোমাক জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশু-কালৰে পৰা জানি আছা।” (২ তীমথিয় ৩:১৫) আপোনাৰ সন্তানক শিক্ষা দিবলৈ কি কৰিব, তাৰ বিষয়ে ভালদৰে পৰিকল্পনা কৰক। জন্ম হোৱাৰ আগত, সন্তানৰ শিকাৰ দক্ষতা থাকে। গৰ্ভত থকা অৱস্থাত সন্তানে আপোনাৰ কথা শুনিব পাৰে আৰু অনুভূতিৰ প্ৰতিক্ৰিয়া দেখুৱাব পাৰে। কেঁচুৱা অৱস্থাৰ পৰাই সন্তানক পঢ়ি শুনাওক। আপুনি যি পঢ়িছে, তাক হয়তো সন্তানে বুজি নাপাবও পাৰে, কিন্তু ডাঙৰ হʼলে সি পঢ়িবলৈ আগ্ৰহী হʼব।

আপোনাৰ সন্তান সৰু হৈ আছে বুলি ভাবি, আপুনি ঈশ্বৰৰ বিষয়ে কʼবলৈ এৰি নিদিব। সন্তানৰ লগত প্ৰাৰ্থনা কৰক। (দ্বিতীয় বিবৰণ ১১:১৯) আনকি খেলা-ধূলাৰ সময়তো, যিহোৱা ঈশ্বৰে সৃষ্টি কৰা বস্তুবোৰৰ বিষয়ে জনাওক। (গীতমালা ৭৮:৩, ৪) সন্তান ডাঙৰ হোৱাৰ লগে লগে, সি যিহোৱা ঈশ্বৰৰ প্ৰতি থকা আপোনাৰ প্ৰেম দেখিবলৈ পাব আৰু নিজেও যিহোৱা ঈশ্বৰক প্ৰেম কৰিবলৈ শিকিব।

আপুনি কি কৰিব পাৰে:

  • আপোনাৰ সন্তানক শিক্ষা দিবলৈ প্ৰজ্ঞা বিচাৰি প্ৰাৰ্থনা কৰক

  • সন্তানৰ আগত কিছুমান গুৰুত্বপূৰ্ণ কথা বাৰে বাৰে কৈ থাকক, যাতে সৰুৰেপৰা সি শিকিবলৈ আৰম্ভ কৰিব

সন্তানৰ জন্মই বিবাহিত সম্বন্ধ দৃঢ় কৰিব পাৰে

সময় অতিবাহিত হোৱাৰ লগে লগে আপুনি আৰু আপোনাৰ সংগীয়ে, পিতৃ-মাতৃ হিচাপে নিজৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হʼব। সন্তানক লালন-পালন কৰাৰ যোগেদি আপোনালোক দুয়োজনে মৰমিয়াল, ধৈৰ্য্যশীল আৰু দয়ালু হৈ পৰিব। যদি দুয়োজনে মিলিজুলি কাম কৰে আৰু এজনে-আনজনক সহায় কৰে, তেনেহʼলে সন্তান থকাৰ সত্ত্বেও আপোনালোকৰ সম্বন্ধ দৃঢ় হʼব। গীতমালা ১২৭:৩ পদত উল্লেখ কৰা বাক্যশাৰী আপোনাৰ বাবে সত্য হৈ পৰিব: “গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ।”

নিজকে সুধক . . .

  • মোৰ স্বামী বা পত্নীয়ে পৰিয়ালৰ বাবে যি কৰিলে, তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ যোৱা সপ্তাহত মই কি কৰিলোঁ?

  • কেৱল সন্তানৰ বিষয়ে কথা পতাৰ পৰিৱৰ্তে, মই কেতিয়া আমাৰ দুয়োজনৰ বিষয়ে কথা পাতিছিলোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক