ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • hf অংশ ১ পৃষ্ঠা ৩-৫
  • সুখী বিবাহিত জীৱনৰ বাবে ঈশ্বৰৰ সহায় লওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সুখী বিবাহিত জীৱনৰ বাবে ঈশ্বৰৰ সহায় লওক
  • এক সুখী পৰিয়াল—সম্ভৱনে?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ১ যিহোৱা ঈশ্বৰে দিয়া নিজৰ ভূমিকা পালন কৰক
  • ২ আপোনাৰ সংগীৰ আৱেগ-অনুভূতিৰ প্ৰতি মনোযোগ দিয়ক
  • ৩ এটা দল হিচাপে চিন্তা কৰক
  • নিজৰ সংগীক সন্মান কৰক
    প্ৰহৰীদুৰ্গ: নিজৰ সংগীক সন্মান কৰক
  • এজনে-আনজনৰ বিশ্বাসী হওক
    এক সুখী পৰিয়াল—সম্ভৱনে?
  • আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত কেনেকৈ শান্তি বজাই ৰাখিব
    এক সুখী পৰিয়াল—সম্ভৱনে?
  • সমস্যাবোৰ কেনেকৈ সমাধান কৰিব
    এক সুখী পৰিয়াল—সম্ভৱনে?
আৰু চাওক
এক সুখী পৰিয়াল—সম্ভৱনে?
hf অংশ ১ পৃষ্ঠা ৩-৫
বিবাহৰ দিনত স্বামী আৰু স্ত্ৰী

ভাগ ১

সুখী বিবাহিত জীৱনৰ বাবে ঈশ্বৰৰ সহায় লওক

‘সৃষ্টিকৰ্তাই তেওঁলোকক আদিতে পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজিলে।’—মথি ১৯:৪

প্ৰথম বিবাহ যিহোৱাa ঈশ্বৰে ব্যৱস্থা কৰিছিল। বাইবেলে বৰ্ণনা কৰিছে যে যিহোৱা ঈশ্বৰে প্ৰথম তিৰোতাক সৃষ্টি কৰি “মানুহৰ ওচৰলৈ আনিলে।” এই তিৰোতা গৰাকীক দেখি আনন্দত মতলীয়া হৈ আদমে এইদৰে কৈছিল: “এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ।” (আদিপুস্তক ২:২২, ২৩) আৰম্ভণিৰ দৰে, বৰ্তমান সময়তো বিবাহিত লোকসকলে সুখ আৰু আনন্দত থকাটো যিহোৱা ঈশ্বৰে বিচাৰে।

আপোনাৰ বিবাহৰ সময়ত, আপোনাৰ সংসাৰখন সুখৰ হʼব বুলি আপুনি কল্পনা কৰিছিল। স্বামী আৰু স্ত্ৰীৰ মাজত গভীৰ প্ৰেম থকাৰ সত্ত্বেও, তেওঁলোকৰ মাজত কিছুমান সমস্যা অহাটো স্বাভাৱিক। (১ কৰিন্থীয়া ৭:২৮) এই ব্ৰচাৰখনত বাইবেলৰ সিদ্ধান্তবোৰ পঢ়িবলৈ পাব আৰু এই সিদ্ধান্তবোৰ পালন কৰিলে, আপোনাৰ বিবাহ আৰু পৰিয়াল জীৱন সুখী হʼব।—গীতমালা ১৯:৮-১১.

১ যিহোৱা ঈশ্বৰে দিয়া নিজৰ ভূমিকা পালন কৰক

বাইবেলত কি উল্লেখ আছে: স্বামী হৈছে পৰিয়ালৰ মুৰব্বী।—ইফিচীয়া ৫:২৩.

যদি আপুনি এজন স্বামী হয়, তেনেহʼলে আপুনি নিজৰ পত্নীক যত্ন লোৱাটো যিহোৱা ঈশ্বৰে বিচাৰে। (১ পিতৰ ৩:৭) যিহোৱা ঈশ্বৰে তাইক আপোনাৰ সহকাৰিণী হিচাপে সৃষ্টি কৰিছে আৰু সেইবাবে তাইক প্ৰেম আৰু আদৰেৰে যত্ন লোৱাটো তেওঁ বিচাৰে। (আদিপুস্তক ২:১৮) আপোনাৰ পত্নীক আপুনি ইমানেই প্ৰেম কৰা উচিত যে তাইৰ পছন্দক নিজৰ পছন্দ বুলি ভাবিব লাগিব।—ইফিচীয়া ৫:২৫-২৯.

যদি আপুনি এগৰাকী পত্নী হয়, তেনেহʼলে আপুনি নিজৰ স্বামীক গভীৰভাৱে সন্মান কৰা আৰু তেওঁ নিজৰ ভূমিকা ভালদৰে পালন কৰিবলৈ সহায় কৰাটো যিহোৱা ঈশ্বৰে বিচাৰে। (১ কৰিন্থীয়া ১১:৩; ইফিচীয়া ৫:৩৩) স্বামীয়ে লোৱা নিৰ্ণয়বোৰ সমৰ্থন কৰক আৰু পূৰ্ণহৃদয়েৰে তেওঁৰ লগত সহযোগিতা আগবঢ়াওক। (কলচীয়া ৩:১৮) আপুনি এইদৰে কৰিলে, আপোনাৰ স্বামী আৰু যিহোৱা ঈশ্বৰৰ দৃষ্টিত আপোনাৰ শোভা বাঢ়িব।—১ পিতৰ ৩:১-৬.

আপুনি কি কৰিব পাৰে:

  • এজন ভাল স্বামী বা পত্নী হʼবলৈ, কি কৰাৰ প্ৰয়োজন আছে, তাৰ বিষয়ে এজনে-আনজনক সুধক। এজনে-আনজনৰ কথা ভালদৰে শুনক আৰু কোনো বিষয়ত উন্নতি কৰিবলগীয়া থাকিলে তাক কৰক

  • ধৈৰ্য্য ধৰক। এজনে-আনজনক সুখী কৰিবলৈ সময়ৰ প্ৰয়োজন

২ আপোনাৰ সংগীৰ আৱেগ-অনুভূতিৰ প্ৰতি মনোযোগ দিয়ক

বাইবেলত কি উল্লেখ আছে: আপোনাৰ বিবাহিত জীৱনত এজনে-আনজনৰ ভালপোৱা বিষয়বোৰৰ প্ৰতি ধ্যান দিয়াৰ প্ৰয়োজন। (ফিলিপীয়া ২:৩, ৪) আপোনাৰ সংগীক মূল্যৱান বুলি গণ্য কৰক। মনত ৰাখিব যে ঈশ্বৰৰ সেৱকসকলে “সকলোলৈকে মৃদুশীল” হোৱাটো যিহোৱাই বিচাৰে। (২ তীমথিয় ২:২৪) “কোনো কোনোৱে অবিবেচনাৰূপে অস্ত্ৰাঘাতস্বৰূপ কথা কয়, কিন্তু জ্ঞানৱানবিলাকৰ জিবা সুস্থজনক।” গতিকে, আপুনি ভাবি-চিন্তি কথা কোৱা উচিত। (হিতোপদেশ ১২:১৮) যিহোৱা ঈশ্বৰৰ পবিত্ৰ আত্মাই আপোনাক প্ৰেম আৰু নম্ৰতাৰে কথা পাতিবলৈ সহায় কৰিব।—গালাতীয়া ৫:২২, ২৩; কলচীয়া ৪:৬.

আপুনি কি কৰিব পাৰে:

  • কিবা গভীৰ বিষয় আলোচনা কৰাৰ আগতে, শান্ত আৰু খোলা মনেৰে কথা পাতিবলৈ যিহোৱা ঈশ্বৰক প্ৰাৰ্থনা কৰক

  • কি কʼব আৰু কেনেকৈ কʼব তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰা উচিত

৩ এটা দল হিচাপে চিন্তা কৰক

বাইবেলত কি উল্লেখ আছে: বিবাহৰ পাছত আপোনালোক দুয়োজনে “এক দেহ” হৈ পৰে। (মথি ১৯:৫) কিন্তু এতিয়াও আপোনালোক বেলেগ বেলেগ ব্যক্তি হয় আৰু সেইবাবে আপোনালোকৰ মতামতো বেলেগ বেলেগ হʼব। গতিকে, দুয়োজনৰ চিন্তা-ভাৱনা আৰু অনুভূতি একে হʼবলৈ শিকিব লাগিব। (ফিলিপীয়া ২:২) কোনো এটা বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত, দুয়োজনৰ মতামত এক হোৱা উচিত। বাইবেলে উল্লেখ কৰিছে যে “মন্ত্ৰণাৰ দ্বাৰাই কল্পনা সিদ্ধ হয়।” (হিতোপদেশ ২০:১৮) আপোনালোক দুয়োজনে গুৰুত্বপূৰ্ণ নিৰ্ণয়বোৰ লোৱাৰ সময়ত, বাইবেলৰ সিদ্ধান্তবোৰৰ সহায় লওক।—হিতোপদেশ ৮:৩২, ৩৩.

কাপোৰ আৰু বাচন-বৰ্তন ধোৱাৰ কামত বিবাহিত দম্পতীয়ে এটা দল হিচাপে কাম কৰিছে

আপুনি কি কৰিব পাৰে:

  • আপোনাৰ সংগীক কিবা বিষয়, কেৱল জনোৱা বা মতামত দিয়াই নহয় কিন্তু আপোনাৰ আৱেগ-অনুভূতিও প্ৰকাশ কৰক

  • আনক কিবা কথা দিয়াৰ আগতে আপোনাৰ সংগীৰ লগত আলোচনা কৰক

a বাইবেলত ঈশ্বৰৰ নাম যিহোৱা বুলি উল্লেখ কৰিছে।

প্ৰয়োজনতকৈ বেছি আশা নকৰিব

নিজৰ আৰু সংগীৰ পৰা কেতিয়াও সিদ্ধতা আশা নকৰিব। (গীতমালা ১০৩:১৪; যাকোব ৩:২) আপোনাৰ সংগীৰ ভাল গুণবোৰৰ প্ৰতি ধ্যান দিয়ক। বাইবেলৰ সিদ্ধান্তবোৰে সহায় কৰিব বুলি বিশ্বাস ৰাখক আৰু ধৈৰ্য্য ধৰক। (২ তীমথিয় ৩:১৬) যিহোৱা ঈশ্বৰৰ নিৰ্দেশনাবোৰ পালন কৰিবলৈ চেষ্টা কৰিলে, তেওঁ আপোনাক আশীৰ্ব্বাদ কৰিব আৰু আপোনাৰ বৈবাহিক সম্বন্ধ দিনক দিনে দৃঢ় হʼব।—গালাতীয়া ৬:৯.

নিজকে সুধক . . .

  • মই নিজতকৈ তাই বা তেওঁক যত্ন লওঁ বুলি মোৰ সংগীয়ে অনুভৱ কৰেনে?

  • সংগীৰ প্ৰতি মোৰ প্ৰেম আৰু সন্মান দেখুৱাবলৈ মই আজি কি কৰিলোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক