ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • hf অংশ ২ পৃষ্ঠা ৬-৮
  • এজনে-আনজনৰ বিশ্বাসী হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এজনে-আনজনৰ বিশ্বাসী হওক
  • এক সুখী পৰিয়াল—সম্ভৱনে?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ১ আপোনাৰ বৈবাহিক জীৱনক বিশেষ স্থান দিয়ক
  • ২ আপোনাৰ হৃদয়ক সুৰক্ষিত কৰক
  • সুখী বিবাহিত জীৱনৰ বাবে ঈশ্বৰৰ সহায় লওক
    এক সুখী পৰিয়াল—সম্ভৱনে?
  • নিজৰ সংগীক সন্মান কৰক
    প্ৰহৰীদুৰ্গ: নিজৰ সংগীক সন্মান কৰক
  • আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত কেনেকৈ শান্তি বজাই ৰাখিব
    এক সুখী পৰিয়াল—সম্ভৱনে?
  • সমস্যাবোৰ কেনেকৈ সমাধান কৰিব
    এক সুখী পৰিয়াল—সম্ভৱনে?
আৰু চাওক
এক সুখী পৰিয়াল—সম্ভৱনে?
hf অংশ ২ পৃষ্ঠা ৬-৮
গাড়ীখনত উঠাৰ সময়ত স্বামীয়ে পত্নীৰ বাবে ছাতিটো ধৰিছে

ভাগ ২

এজনে-আনজনৰ বিশ্বাসী হওক

“ঈশ্বৰে যাক যোগ কৰি দিলে, তাক মানুহে বিয়োগ নকৰক।”—মাৰ্ক ১০:৯

যিহোৱা ঈশ্বৰে আমাক “দয়া” দেখুৱাবলৈ উৎসাহিত কৰিছে। (মীখা ৬:৮) বাইবেলে শিকায় যে এজনে-আনজনৰ প্ৰতি প্ৰেম থকাৰ বাবে এই গুণ বিকশিত হয়। বিবাহিত জীৱনত এই গুণ অতি আৱশ্যক, কিয়নো দয়াৰ অবিহনে বিশ্বাসী হৈ থকা অসম্ভৱ। সেইবাবে, এজনে-আনজনৰ প্ৰতি প্ৰেম গভীৰ হʼবলৈ বিশ্বাসী হোৱা উচিত।

বৰ্তমান সময়ত, বিবাহিত জীৱনত এজনে-আনজনৰ প্ৰতি বিশ্বাসী হৈ থকাটো কঠিন হৈ পৰিছে। আপোনাৰ বৈবাহিক সম্বন্ধক সুৰক্ষিত কৰিবলৈ আপুনি দুটা পদক্ষেপ লোৱা অতি আৱশ্যক।

১ আপোনাৰ বৈবাহিক জীৱনক বিশেষ স্থান দিয়ক

বাইবেলত কি উল্লেখ আছে: ‘যি যি শ্ৰেষ্ঠ, তোমালোকে পৰীক্ষা কৰিবা।’ (ফিলিপীয়া ১:৯) বিবাহ হৈছে আপোনাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াক বিশেষ স্থান দিয়া উচিত।

আপুনি সংগীক মনোযোগ দিয়া আৰু একেলগ হৈ জীৱনত “আনন্দ” লোৱাটো যিহোৱাই বিচাৰে। (উপদেশক ৯:৯) ঈশ্বৰে স্পষ্টৰূপে উল্লেখ কৰিছে যে আপুনি সংগীক কেতিয়াও আওকাণ নকৰিব, কিন্তু ইয়াৰ পৰিৱৰ্তে, এজনে-আনজনক সুখী কৰিবলৈ চেষ্টা কৰিব। (১ কৰিন্থীয়া ১০:২৪) আপোনাৰ সংগীক যে আপোনাৰ প্ৰয়োজন আছে আৰু আপুনি তেওঁক মূল্যৱান বুলি গণ্য কৰে, এই বিষয়ে এজনে-আনজনক অনুভৱ কৰিবলৈ সহায় কৰক।

স্বামীয়ে নিজৰ পত্নীৰ বাবে খাবলৈ কিবা গৰম বস্তু দিছে; এজন স্বামীয়ে ঘৰত সোমাইছে আৰু পত্নীক ৰন্ধা-বঢ়া কৰি থকা দেখা পাইছে

আপুনি কি কৰিব পাৰে:

  • আপুনি নিয়মীয়াকৈ আপোনাৰ সংগীৰ লগত সময় অতিবাহিত কৰিবলৈ নিশ্চিত কৰক আৰু এজনে-আনজনৰ কথা মনোযোগ দি শুনক

  • বিবাহৰ আগতে আপুনি নিজৰ নিৰ্ণয় নিজে লৈছিল, কিন্তু বিবাহৰ পাছত নিৰ্ণয় লওঁতে নিজৰ সংগীক কেতিয়াও নাপাহৰিব

স্বামী আৰু পত্নীয়ে একেলগে পিকনিকত সময় কটাইছে

২ আপোনাৰ হৃদয়ক সুৰক্ষিত কৰক

বাইবেলত কি উল্লেখ আছে: “যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।” (মথি ৫:২৮) যদি কোনোবাই অনৈতিক বিষয়বোৰ মনতে ভাবি থাকে, তেনেহʼলে তেওঁ নিজৰ সংগীৰ লগত বিশ্বাসঘাতকতা কৰা হʼব।

যিহোৱা ঈশ্বৰে কৈছে যে আপুনি নিজৰ “হৃদয়ক অধিক যত্নেৰে ৰক্ষা” কৰা উচিত। (হিতোপদেশ ৪:২৩; যিৰিমিয়া ১৭:৯) এনে কৰিবলৈ আপুনি নিজৰ চকুক পহৰা দিয়ক। (মথি ৫:২৯, ৩০) ইয়োবৰ উদাহৰণক অনুকৰণ কৰক। তেওঁ আন তিৰোতালৈ কু-দৃষ্টিৰে নাচাবলৈ নিজৰ চকুৰ সৈতে এক নিয়ম বান্ধিছিল। (ইয়োব ৩১:১) অশ্লীল ছবিবোৰ নাচাবলৈ দৃঢ় সংকল্প লওক। নিজৰ সংগীৰ বাহিৰে, আন কাৰোৰে লগত ৰোমান্টিক সম্পৰ্ক গঢ়ি তোলাৰপৰা আঁতৰি থাকক।

এজন স্বামীয়ে নিজৰ পত্নীৰ ছবি কাম কৰা ঠাইৰ কম্পিউটাৰ টেবুলত ৰাখিছে

আপুনি কি কৰিব পাৰে:

  • আনক এই বিষয়ে স্পষ্টৰূপে জানিবলৈ দিয়ক যে আপুনি আপোনাৰ সংগীৰ বাহিৰে আন কাৰোৰে প্ৰতি আগ্ৰহী নহয়

  • আপোনাৰ সংগীৰ আৱেগ-অনুভূতিৰ প্ৰতি মনোযোগ দিব আৰু আপোনাৰ সংগীয়ে বেয়া পোৱা যিকোনো ধৰণৰ সম্পৰ্ক অতি সোনকালে ত্যাগ কৰিব

নিজৰ দায়িত্ব পালন কৰক

নিজকে নিজে পৰীক্ষা কৰক আৰু নিজৰ দুৰ্ব্বলতাবোৰ চিনাক্ত কৰক। (গীতমালা ১৫:২) আনৰপৰা সহায় লʼবলৈ কেতিয়াও সংকোচ নকৰিব। (হিতোপদেশ ১:৫) যদি অনৈতিক বিষয়বোৰ মনলৈ আহে, তেনেহʼলে তাৰ বিৰুদ্ধে যুঁজ কৰক। কেতিয়াও হতাশ নহʼব। (হিতোপদেশ ২৪:১৬) আপোনাৰ সংগীৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ আপুনি কৰা প্ৰচেষ্টাৰ বাবে যিহোৱা ঈশ্বৰে আপোনাক আশীৰ্ব্বাদ কৰিব।

নিজকে সুধক . . .

  • সংগীৰ বাবে মই কেনেকৈ বেছি সময় দিব পাৰোঁ?

  • মোৰ সংগীয়ে মোৰ ঘনিষ্ঠ বন্ধু হয়নে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক