ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • hf অংশ ৩ পৃষ্ঠা ৯-১১
  • সমস্যাবোৰ কেনেকৈ সমাধান কৰিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সমস্যাবোৰ কেনেকৈ সমাধান কৰিব
  • এক সুখী পৰিয়াল—সম্ভৱনে?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ১ সমস্যাবোৰৰ বিষয়ে আলোচনা কৰক
  • ২ ভালদৰে শুনক আৰু বুজি লওক
  • ৩ নিৰ্ণয় লোৱাৰ অনুসৰি কাৰ্য্য কৰক
  • নিজৰ সংগীক সন্মান কৰক
    প্ৰহৰীদুৰ্গ: নিজৰ সংগীক সন্মান কৰক
  • এজনে-আনজনৰ বিশ্বাসী হওক
    এক সুখী পৰিয়াল—সম্ভৱনে?
  • সুখী বিবাহিত জীৱনৰ বাবে ঈশ্বৰৰ সহায় লওক
    এক সুখী পৰিয়াল—সম্ভৱনে?
  • আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত কেনেকৈ শান্তি বজাই ৰাখিব
    এক সুখী পৰিয়াল—সম্ভৱনে?
এক সুখী পৰিয়াল—সম্ভৱনে?
hf অংশ ৩ পৃষ্ঠা ৯-১১
পত্নীয়ে প্ৰকাশ কৰা অনুভূতিবোৰ স্বামীয়ে ধ্যান দি শুনিছে

ভাগ ৩

সমস্যাবোৰ কেনেকৈ সমাধান কৰিব

“তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা, কিয়নো প্ৰেমে পাপসমূহ ঢাকে।”—১ পিতৰ ৪:৮

আপোনালোক দুয়োজনে যেতিয়া বিবাহিত জীৱনৰ পাতনি মেলে, তেতিয়া বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে। আপোনালোকৰ চিন্তা-ধাৰা আৰু পৃষ্ঠভূমি বেলেগ বেলেগ হোৱাৰ বাবে এনে সমস্যা আহে। কিছুমান সমস্যা বাহিৰৰপৰা আৰু কিছুমান সমস্যা দুৰ্ঘটনাৰ ফলত হʼব পাৰে।

এই সত্যতাৰপৰা আঁতৰি থাকিবলৈ হয়তো আপুনি চেষ্টা কৰিব পাৰে। কিন্তু সমস্যাবোৰৰ সন্মুখীন হʼবলৈ বাইবেলে আমাক পৰামৰ্শ দিছে। (মথি ৫:২৩, ২৪) বাইবেলত দিয়া সিদ্ধান্তবোৰ পালন কৰাৰ যোগেদি আপুনি সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হʼব।

১ সমস্যাবোৰৰ বিষয়ে আলোচনা কৰক

বাইবেলত কি উল্লেখ আছে: “প্ৰত্যেক বিষয়ৰেই . . . কথা কবৰ সময় আছে।” (উপদেশক ৩:১, ৭) সমস্যাবোৰ আলোচনা কৰিবলৈ সময় উলিয়াওক। সেই বিষয়ে আপুনি কেনে অনুভৱ কৰে আৰু কি চিন্তা কৰে, ইয়াৰ বিষয়ে আপোনাৰ সংগীক জনাওক। সদায় আপোনাৰ সংগীক “সত্য” কথা কওক। (ইফিচীয়া ৪:২৫) কেতিয়াবা কেতিয়াবা আপুনি আৱেগিক হোৱাটো স্বাভাৱিক, তথাপিও তৰ্ক-বিতৰ্ক কৰাৰপৰা দূৰে থাকক। যদি আপুনি শান্ত মনেৰে উত্তৰ দিয়ে, তেনেহʼলে আপোনাৰ ঘৰখন ৰণক্ষেত্ৰ নহʼব।—হিতোপদেশ ১৫:৪; ২৬:২০.

আপোনাৰ সংগীৰ কিছুমান কথাত আপুনি সন্মত নহʼব পাৰে, তথাপিও আপোনাৰ সংগীৰ প্ৰতি দয়া, প্ৰেম আৰু সন্মান দেখুৱাবলৈ নাপাহৰিব। (কলচীয়া ৪:৬) যিমান সোনকালে পাৰে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু কথা পাতিবলৈ কেতিয়াও বন্ধ নকৰিব।—ইফিচীয়া ৪:২৬.

বিবাহিত সংগীয়ে সমস্যাবোৰৰ বিষয়ে একেলগে আলোচনা কৰিছে

আপুনি কি কৰিব পাৰে:

  • সমস্যাবোৰৰ বিষয়ে আলোচনা কৰিবলৈ উচিত সময় নিৰ্ধাৰণ কৰক

  • আপোনাৰ সংগীয়ে কথা কোৱাৰ সময়ত আপুনি ভালদৰে শুনক আৰু তেওঁৰ কথাত বাধা নিদিব। আপুনিও কʼবলৈ সুযোগ পাব

২ ভালদৰে শুনক আৰু বুজি লওক

বাইবেলত কি উল্লেখ আছে: “ভ্ৰাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হোৱা আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হোৱা।” (ৰোমীয়া ১২:১০) সংগীৰ কথা আপুনি কেনেদৰে শুনে সেয়া অতি গুৰুত্বপূৰ্ণ। ‘এজনে-আনজনৰ ভাৱনাৰ বিষয়ে বুজি আৰু নম্ৰ মনৰ’ হৈ আপোনাৰ সংগীৰ দৃষ্টিভঙ্গীৰে চাবলৈ চেষ্টা কৰক। (১ পিতৰ ৩:৮; যাকোব ১:১৯) সংগীৰ কথা কেৱল শুনাৰ ভাও নধৰিব। যদি সম্ভৱ হয়, তেনেহʼলে আপুনি যি কাম কৰি আছে, তাক কিছুসময়ৰ বাবে এৰি আপোনাৰ সংগীৰ কথা ভালদৰে শুনক অথবা সুধক যে এই বিষয়ত পাছত আলোচনা কৰিব পাৰি নেকি। সংগীক শত্ৰু ভবাৰ পৰিৱৰ্তে যদি আপুনি তেওঁক বন্ধু বুলি ভাবে, তেতিয়া আপোনাৰ “হঠাতে খং” নুঠিব।—উপদেশক ৭:৯.

আপুনি কি কৰিব পাৰে:

  • যদিও আপোনাৰ সংগীৰ কথা আপোনাক শুনিবলৈ ভাল লগা নাই, তথাপিও আপোনাৰ সংগীৰ কথা ভালদৰে শুনক

  • আপোনাৰ সংগীয়ে কোৱা কথাৰ অৰ্থ বুজিবলৈ চেষ্টা কৰক। আপোনাৰ সংগীৰ আও-ভাও আৰু কথা কোৱা সুৰলৈ লক্ষ্য কৰক

৩ নিৰ্ণয় লোৱাৰ অনুসৰি কাৰ্য্য কৰক

বাইবেলত কি উল্লেখ কৰিছে: “সকলো বিধ পৰিশ্ৰমত লাভ আছে, কিন্তু গপ কথাই কেৱল অভাৱ ঘটায়।” (হিতোপদেশ ১৪:২৩) দুয়োজনে এক সঠিক মীমাংসাত উপনিত হোৱাটোৱেই যথেষ্ট নহয়। আপোনালোকে দুয়োজনে যি নিৰ্ণয় লʼলে, সেয়া কাৰ্য্য কৰাও প্ৰয়োজন আছে। এনে কৰিবলৈ হয়তো আপোনালোকক কঠোৰ পৰিশ্ৰম আৰু চেষ্টা কৰিবলগীয়া হʼব পাৰে, কিন্তু মনত ৰাখিব যে এনে কৰিলে আপোনালোকে লাভৱান হʼব। (হিতোপদেশ ১০:৪) যদি আপোনালোকে এটা দল হিচাপে একেলগে কাম কৰে, তেতিয়া এই কঠোৰ পৰিশ্ৰমৰ বাবে আপোনালোকে “সুফল” লাভ কৰিব।—উপদেশক ৪:৯.

আপুনি কি কৰিব পাৰে:

  • আপোনালোক দুয়োজনে সমস্যাৰ সমাধান কৰিবলৈ ব্যক্তিগতভাৱে কি কি ব্যৱহাৰিক পদক্ষেপ লʼব তাক নিৰ্ণয় কৰক

  • সময়ে সময়ে নিজে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰিছে তাৰ ওপৰত ধ্যান দিয়ক

একলগ হৈ সমস্যাবোৰৰ সন্মুখীন হওক

দুয়োজনে একেলগে কাৰ্য্যকৰাৰ যোগেদি আপোনালোকৰ বিবাহিত জীৱন দুখ আৰু হতাশাৰ পৰিৱৰ্তে সুখ আৰু আনন্দময় হʼব। (হিতোপদেশ ২৪:৩) ভৱিষ্যতৰ বিষয়ে চিন্তা কৰক আৰু হৈ যোৱা সমস্যাবোৰৰ বিষয়ে পুনৰ আলোচনা নকৰিব। (হিতোপদেশ ১৭:৯) যেতিয়া আপোনালোক দুয়ো সংগীয়ে, এজনে-আনজনক সহযোগ কৰি বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰিব, তেতিয়া আপোনালোকে যিকোনো সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হʼব।

নিজকে সুধক . . .

  • মোৰ সংগীৰ লগত মই আলোচনা কৰিবলৈ বিচৰা জৰুৰী বিষয়টো কি?

  • এই সমস্যাৰ বিষয়ে মোৰ সংগীয়ে কি ভাবিছে, তাক মই কেনেকৈ জানিব পাৰিম?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক