ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • hf অংশ ৫ পৃষ্ঠা ১৫-১৭
  • আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত কেনেকৈ শান্তি বজাই ৰাখিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত কেনেকৈ শান্তি বজাই ৰাখিব
  • এক সুখী পৰিয়াল—সম্ভৱনে?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ১ আপোনাৰ সম্বন্ধীয় লোকসকলৰ প্ৰতি সঠিক মনোবৃত্তি ৰাখক
  • ২ আপোনাৰ বৈবাহিক জীৱনৰ দায়িত্ব আপুনি লওক
  • এজনে-আনজনৰ বিশ্বাসী হওক
    এক সুখী পৰিয়াল—সম্ভৱনে?
  • সুখী বিবাহিত জীৱনৰ বাবে ঈশ্বৰৰ সহায় লওক
    এক সুখী পৰিয়াল—সম্ভৱনে?
  • নিজৰ সংগীক সন্মান কৰক
    প্ৰহৰীদুৰ্গ: নিজৰ সংগীক সন্মান কৰক
  • সমস্যাবোৰ কেনেকৈ সমাধান কৰিব
    এক সুখী পৰিয়াল—সম্ভৱনে?
আৰু চাওক
এক সুখী পৰিয়াল—সম্ভৱনে?
hf অংশ ৫ পৃষ্ঠা ১৫-১৭
শাহুয়েকে নিজৰ বোৱাৰীৰ ৰন্ধা-বঢ়া কৰাৰ পদ্ধতিক ভালদৰে লʼব পৰা নাই

ভাগ ৫

আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত কেনেকৈ শান্তি বজাই ৰাখিব

“কৰুণাময় স্নেহ, . . . নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা।”—কলচীয়া ৩:১২

বিবাহে এক নতুন পৰিয়ালৰ পাতনি মেলে। নিঃসন্দেহ, আপুনি আপোনাৰ পিতৃ-মাতৃক প্ৰেম আৰু সন্মান কৰে, কিন্তু এতিয়া আপোনাৰ সংগীয়েই হʼব পৃথিৱীৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। হয়তো ইয়াৰ বাবে আপোনাৰ সম্বন্ধীয় লোকসকলে ভাল নাপাবও পাৰে। কিন্তু আপুনি আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত শান্তি বজাই ৰাখিবলৈ আৰু নতুনকৈ হোৱা নিজৰ পৰিয়ালৰ সম্বন্ধক দৃঢ় কৰিবলৈ, বাইবেলৰ সিদ্ধান্তবোৰে আপোনাক সন্তুলন বজাই ৰাখিবলৈ সহায় কৰিব।

১ আপোনাৰ সম্বন্ধীয় লোকসকলৰ প্ৰতি সঠিক মনোবৃত্তি ৰাখক

এহাল দম্পতীয়ে নিজৰ পিতৃ-মাতৃৰ লগত সময় কটাইছে

বাইবেলত কি উল্লেখ আছে: “নিজৰ পিতৃ-মাতৃক সন্মান” কৰক। (ইফিচীয়া ৬:২) আপোনাৰ বয়স যিমানেই নহওক কিয়, আপুনি সদায় নিজৰ পিতৃ-মাতৃক সন্মান আৰু আদৰ কৰা উচিত। মনত ৰাখিব যে আপোনাৰ সংগীয়েও কাৰোবাৰ লʼৰা বা ছোৱালী হয় আৰু সেইবাবে তেওঁ নিজৰ পিতৃ-মাতৃক যত্ন লʼব লাগিব। বাইবেলত উল্লেখ কৰিছে যে “প্ৰেমে ঈৰ্ষা নকৰে।” গতিকে, সংগীৰ পিতৃ-মাতৃৰ লগত থকা তেওঁৰ সম্বন্ধৰ ওপৰত কেতিয়াও ঈৰ্ষা নকৰিব।—১ কৰিন্থীয়া ১৩:৪; গালাতীয়া ৫:২৬.

আপুনি কি কৰিব পাৰে:

  • কিছুমান কথা কোৱাৰ পৰা দূৰে থাকক। যেনে: “আপোনাৰ পৰিয়ালে মোক সদায় ঠাট্টা কৰি কথা কয়” বা “আপোনাৰ মাতৃয়ে মই কৰা একো কামেই ভাল নাপায়”

  • কিছুমান বিষয় আপোনাৰ সংগীৰ দৃষ্টিভংগীৰে চাবলৈ চেষ্টা কৰক

২ আপোনাৰ বৈবাহিক জীৱনৰ দায়িত্ব আপুনি লওক

বাইবেলত কি উল্লেখ আছে: “মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি, নিজ তিৰোতাত আসক্ত হব, আৰু সিবিলাক দুয়ো একদেহ হব।” (আদিপুস্তক ২:২৪) আপোনাৰ বিবাহৰ পাছতো আপোনাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ দায়িত্ব হয় বুলি ভাবি, আপোনাৰ পৰিয়ালৰ বিষয়বোৰত জড়িত হʼব পাৰে।

কিন্তু এয়া আপোনালোক দুয়োজনে নিৰ্ণয় কৰিব যে তেওঁলোকে পৰিয়ালৰ কি কি বিষয়ত জড়িত হʼব পাৰিব। আপোনালোকৰ নিৰ্ণয় তেওঁলোকক প্ৰেমেৰে জনোৱা উচিত। খঙেৰে কথা পতাৰ পৰিৱৰ্তে আপোনালোকে মুকলিভাৱে কথা পাতক। (হিতোপদেশ ১৫:১) নম্ৰতা, মৃদুতা, ধৈৰ্য্য আদি গুণবোৰে আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আৰু “যোগ্য আচৰণ” কৰিবলৈ আপোনাক সহায় কৰিব।—ইফিচীয়া ৪:২.

স্বামী আৰু স্ত্ৰীয়ে একেলগে আলোচনা কৰিছে; এহাল দম্পতীয়ে নিজৰ পিতৃ-মাতৃক উপহাৰ দিছে

আপুনি কি কৰিব পাৰে:

  • যদি আপুনি ভাবে যে আপোনাৰ সম্বন্ধীয় লোকসকলে আপোনাৰ বিবাহিত জীৱনত বেছিকৈ জড়িত হৈ পৰিছে, তেনেহʼলে আপুনি শান্তভাৱে আপোনাৰ সংগীৰ লগত এই বিষয়ে আলোচনা কৰক

  • এই বিষয়টো কেনেকৈ সমাধান কৰিব পাৰি, তাৰ বাবে দুয়োজনে এটা সিদ্ধান্তত উপনিত হওক

বুজিবলৈ চেষ্টা কৰক

আপোনাৰ পিতৃ-মাতৃৰ অনুভূতি আৰু তেওঁলোকৰ দৃষ্টিভংগীৰ বিষয়ে বুজিবলৈ চেষ্টা কৰক। তেওঁলোকে আপোনালোকৰ বিবাহিত জীৱনত জড়িত হোৱাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে আপোনালোকৰ কিবা অনিষ্ট কৰিব বিচাৰে। তেওঁলোকে সঁচাকৈ আপোনালোকৰ হিতৰ বাবে চিন্তা কৰে। কিন্তু এতিয়া আপোনালোকৰ যে এটা নিজৰ পৰিয়াল হৈছে, এই কথা বুজিবলৈ পিতৃ-মাতৃৰ হয়তো অসুবিধা হʼব পাৰে। হয়তো আপোনালোকে তেওঁলোকক ত্যাগ দিছে বুলি ভাবিব পাৰে। কিন্তু বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰিলে আৰু আপোনাৰ পিতৃ-মাতৃৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিলে, আপোনাৰ বিবাহিত জীৱনত কোনো সমস্যা নোহোৱাকৈ আপুনি তেওঁলোকক আদৰ কৰিব পাৰিব।

নিজকে সুধক . . .

  • মোৰ সংগীৰ পিতৃ-মাতৃয়ে আমাৰ বিবাহিত জীৱনত জড়িত হোৱাটো কিয় স্বাভাৱিক?

  • মই কেনেকৈ মোৰ জীৱনত সংগীক প্ৰথম স্থান দিব পাৰোঁ আৰু লগতে, কেনেকৈ মোৰ পিতৃ-মাতৃকো সন্মান কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক