ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • hf অংশ ৯ পৃষ্ঠা ২৯-৩১
  • পৰিয়াল হিচাপে যিহোৱা ঈশ্বৰক উপাসনা কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিয়াল হিচাপে যিহোৱা ঈশ্বৰক উপাসনা কৰক
  • এক সুখী পৰিয়াল—সম্ভৱনে?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ১ যিহোৱা ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক দৃঢ় কৰক
  • ২ পৰিয়াল উপাসনাৰ আনন্দ লওক
  • পৰিয়াল উপাসনা কি হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • ঈশ্বৰৰ মণ্ডলীৰ এক অংশ হিচাবে পৰিয়ালে তেওঁৰ স্তুতি কৰক
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • পৰিয়ালে একেলগে হৈ নিতৌ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • সত্য উপাসনা কৰি আনন্দিত থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আৰু চাওক
এক সুখী পৰিয়াল—সম্ভৱনে?
hf অংশ ৯ পৃষ্ঠা ২৯-৩১
এহাল দম্পতীয়ে একেলগে বাইবেল অধ্যয়ন কৰিছে

ভাগ ৯

পৰিয়াল হিচাপে যিহোৱা ঈশ্বৰক উপাসনা কৰক

“স্বৰ্গ, পৃথিবী . . . এই সকলোৰে সৃষ্টিকৰ্ত্তাক প্ৰণিপাত কৰাহঁক।”—প্ৰকাশিত বাক্য ১৪:৭

এই ব্ৰচাৰখনৰপৰা আপুনি জানিবলৈ সক্ষম হʼল যে বাইবেলত এনে বহুতো সিদ্ধান্ত উল্লেখ আছে যিয়ে আপোনাক আৰু আপোনাৰ পৰিয়ালক সহায় কৰিব পাৰে। আপুনি আনন্দত থকাটো যিহোৱা ঈশ্বৰে বিচাৰে। যদি আপুনি যিহোৱা ঈশ্বৰৰ উপাসনাক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে, তেনেহʼলে তেওঁ প্ৰতিজ্ঞা কৰিছে যে ‘এই সকলো আপোনাকো দিয়া হʼব।’ (মথি ৬:৩৩) যিহোৱা ঈশ্বৰে, আপুনি তেওঁৰ বন্ধু হোৱাটো বিচাৰে। ঈশ্বৰৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ পোৱা যিকোনো সুযোগ এৰি নিদিব। সঁচাকৈ, এজন ব্যক্তিৰ বাবে যিহোৱা ঈশ্বৰে দিয়া ই এক মহান সুযোগ!—মথি ২২:৩৭, ৩৮.

১ যিহোৱা ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক দৃঢ় কৰক

স্বামী আৰু স্ত্ৰীয়ে একেলগে ঘোষণা কাৰ্য্য কৰিছে

বাইবেলত কি উল্লেখ আছে: “মই . . . তোমালোকৰ পিতৃ হম, আৰু তোমালোকো মোৰ পো-জী হবা; ইয়াক সৰ্ব্বশক্তিমান প্ৰভুৱে কৈছে।” (২ কৰিন্থীয়া ৬:১৮) আপুনি ঈশ্বৰৰ ঘনিষ্ঠ বন্ধু হোৱাটো তেওঁ বিচাৰে। প্ৰাৰ্থনাৰ যোগেদি আপুনি এই বন্ধুত্ব গঢ়ি তুলিব পাৰিব। আপুনি “নিৰন্তৰে প্ৰাৰ্থনা” কৰাটো ঈশ্বৰে বিচাৰে। (১ থিচলনীকীয়া ৫:১৭) তেওঁ আপোনাৰ চিন্তা-ভাৱনা আৰু অন্তৰৰ কথা জানিবলৈ আগ্ৰহী। (ফিলিপীয়া ৪:৬) পৰিয়ালৰ সৈতে প্ৰাৰ্থনা কৰোঁতে তেওঁলোকে লক্ষ্য কৰিব যে আপোনাৰ বাবে যিহোৱা ঈশ্বৰ কিমান বাস্তৱ।

প্ৰাৰ্থনাৰ যোগেদি যিহোৱা ঈশ্বৰৰ লগত কথা পতাৰ উপৰিও, আপুনিও তেওঁৰ কথা শুনাৰ প্ৰয়োজন। বাইবেল আৰু ইয়াৰ আধাৰিত প্ৰকাশনবোৰ অধ্যয়ন কৰাৰ যোগেদি আপুনি তেওঁৰ কথা শুনিব পাৰে। (গীতমালা ১:১, ২) আপুনি শিকা বিষয়বোৰ ধ্যান কৰক। (গীতমালা ৭৭:১১, ১২) ইয়াৰ উপৰিও নিয়মীয়াকৈ সভাবোৰলৈ আহিলে আপুনি ঈশ্বৰৰ কথা শুনিব পাৰিব।—গীতমালা ১২২:১-৪.

যিহোৱা ঈশ্বৰৰ বিষয়ে আনক জনোৱাৰ যোগেদিও আপুনি তেওঁৰ লগত আপোনাৰ সম্পৰ্ক দৃঢ় কৰিব পাৰিব। আপুনি এই কাৰ্য্যত যিমানেই ব্যস্ত থাকিব, ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক সিমানেই দৃঢ় হʼব।—মথি ২৮: ১৯, ২০.

আপুনি কি কৰিব পাৰে:

  • প্ৰতিদিনে বাইবেল পঢ়িবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ আছুতীয়াকৈ সময় ৰাখক

  • এটা পৰিয়াল হিচাপে মনোৰঞ্জন আদি বিষয়বোৰত বেছি গুৰুত্ব দিয়াতকৈ, আধ্যাত্মিক বিষয়বোৰত প্ৰথম স্থান দিয়ক

২ পৰিয়াল উপাসনাৰ আনন্দ লওক

এজন পিতৃয়ে নিজৰ পৰিয়ালৰ সৈতে অধ্যয়ন কৰিবলৈ তৈয়াৰী কৰিছে আৰু পাছত পৰিয়াল উপাসনাৰ আনন্দ লৈছে

বাইবেলত কি উল্লেখ আছে: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” (যাকোব ৪:৮) পৰিয়াল উপাসনা কৰিবলৈ এখন তালিকা থকাৰ প্ৰয়োজন আৰু সেই তালিকা অনুসৰি আপুনি নিয়মীয়াকৈ পৰিয়াল উপাসনা কৰা উচিত। (আদিপুস্তক ১৮:১৯) কিন্তু ঈশ্বৰৰ কাষ চাপিবলৈ কেৱল ইয়ে যথেষ্ট নহয়। আপোনাৰ দৈনন্দিন জীৱনত যিহোৱা ঈশ্বৰ এক ভাগ হোৱা উচিত। ঈশ্বৰৰ লগত আপোনাৰ পৰিয়ালৰ সম্পৰ্ক দৃঢ় কৰিবলৈ, আপুনি নিজৰ পৰিয়ালৰ লগত “বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোঁতে” ঈশ্বৰৰ “বিষয়ে কথা-বতৰা” হওক। (দ্বিতীয় বিবৰণ ৬:৬, ৭) যিহোচূৱাৰ দৰে আপুনিও এইদৰে কʼব পাৰে: “মই আৰু মোৰ পৰিয়ালে হলে যিহোৱাৰ আৰাধনা কৰিম।”—যিহোচূৱা ২৪:১৫.

আপুনি কি কৰিব পাৰে:

  • পৰিয়ালৰ প্ৰতিজন সদস্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান ৰাখি, তেওঁলোকক নিয়মীয়াকৈ শিক্ষা দিবলৈ এখন তালিকা প্ৰস্তুত কৰক

মাকে নিজৰ লʼৰাক পঢ়ি শুনাইছে; এটা পৰিয়ালে বাইবেলৰ চৰিত্ৰৰ ওপৰত নাটক কৰিছে; পিতৃয়ে ছোৱালীৰ সৈতে অধ্যয়ন কৰিছে

যিহোৱা ঈশ্বৰৰ আনন্দিত সেৱকসকল

যিহোৱা ঈশ্বৰক উপাসনা কৰাৰ বাহিৰে আন কোনো উত্তম কাম নাই। আপুনি আৰু আপোনাৰ পৰিয়ালে সম্পূৰ্ণ হৃদয়েৰে তেওঁক সেৱা কৰাৰ বাবে যিহোৱা ঈশ্বৰ আনন্দিত। এইদৰে সেৱা কৰিলে, যিহোৱা ঈশ্বৰৰ প্ৰতি আপোনাৰ প্ৰেম গভীৰ হʼব আৰু তেওঁক ভালদৰে অনুকৰণ কৰিব পাৰিব। (মাৰ্ক ১২:৩০; ইফিচীয়া ৫:১) আপোনাৰ বিবাহিত জীৱনত যিহোৱা ঈশ্বৰক জড়িত কৰিলে, আপোনাৰ আৰু সংগীৰ সম্বন্ধ দৃঢ় হʼব। (উপদেশক ৪:১২; যিচয়া ৪৮:১৭) আপুনি আৰু আপোনাৰ পৰিয়ালে এই বিষয়ে জানি আনন্দিত হʼব যে আপোনালোকক ‘ঈশ্বৰ যিহোৱাই  . . . আশীৰ্ব্বাদ দিব।’—দ্বিতীয় বিবৰণ ১২:৭.

নিজকে সুধক . . .

  • দম্পতী হিচাপে আমি কেতিয়া একেলগে প্ৰাৰ্থনা কৰিছিলোঁ?

  • মই মোৰ পৰিয়ালৰ লগত এনে কি বিষয়ে অধ্যয়ন কৰিম, যাৰদ্বাৰা যিহোৱা ঈশ্বৰৰ লগত আমাৰ সম্পৰ্ক দৃঢ় হʼব?

পৰিয়ালৰ মুৰব্বীসকলৰ বাবে পৰামৰ্শ

  • আপোনাৰ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব

  • পৰিয়াল উপাসনাত আলোচনা কৰিবলগীয়া বিষয়বোৰ আপুনি আগতিয়াকৈ পৰিয়ালক জনাওক, যাতে তেওঁলোকে ভালদৰে প্ৰস্তুত কৰিব পাৰে।

  • পৰিয়ালৰ প্ৰতিজন সদস্যই উপস্থিত থকাটো নিশ্চিত কৰক

  • পৰিয়ালৰ সকলো সদস্যই যাতে আনন্দ লাভ কৰিব পাৰে, তাৰ বাবে এক শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তোলক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক