ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bhs অধ্যায় ১৬ পৃষ্ঠা ১৬৪-১৭৩
  • ঈশ্বৰৰ উপাসনা সঠিকভাৱে কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ উপাসনা সঠিকভাৱে কৰক
  • বাইবেলে আমাক কি শিকায়?
  • বাইবেল শিকায় পঢ়ক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • প্ৰতিমা আৰু পূৰ্বপুৰুষসকলৰ উপাসনা
  • আমি বৰদিন পালন কৰা উচিতনে?
  • আমি জন্মদিন পালন কৰা উচিতনে?
  • আমাৰ বাবে কিবা অৰ্থ ৰাখে নেকি?
  • আনৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰক
  • আপোনাৰ পৰিয়ালৰ বিষয়নো কি?
  • সঠিকভাৱে উপাসনা কৰক
  • যিহোৱা সকলো উৎসৱৰপৰা আনন্দিত হয়নে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • যিবোৰ উৎসৱে ঈশ্বৰক অসন্তুষ্ট কৰে
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • যিহোৱাৰ সাক্ষীসকলে বৰদিন কিয় পালন নকৰে?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • যিবিলাক বিশ্বাস আৰু ৰীতি-নীতিয়ে ঈশ্বৰক অসন্তুষ্ট কৰে
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
বাইবেলে আমাক কি শিকায়?
bhs অধ্যায় ১৬ পৃষ্ঠা ১৬৪-১৭৩

ষোল অধ্যায়

ঈশ্বৰৰ উপাসনা সঠিকভাৱে কৰক

১, ২. আপুনি নিজকে কি প্ৰশ্ন কৰা উচিত আৰু কিয়?

আপুনি বাইবেল অধ্যয়ন কৰাৰ যোগেদি বুজিব পাৰিলে যে বহুতো লোকে ঈশ্বৰক বিশ্বাস কৰোঁ বুলি দাবী কৰে, কিন্তু তেওঁলোকে এনে শিক্ষা দিয়ে বা এনে কাম কৰে যি ঈশ্বৰে ঘৃণা কৰে। (২ কৰিন্থীয়া ৬:১৭) সেইবাবে, যিহোৱা ঈশ্বৰে আমাক “মহা-বাবিল” অৰ্থাৎ মিছা ধৰ্ম ত্যাগ কৰিবলৈ আজ্ঞা দিছে। (প্ৰকাশিত বাক্য ১৮:২, ৪) আপুনি এই আজ্ঞা পালন কৰিবনে? আমি প্ৰতিজনে এই নিৰ্ণয় লোৱা উচিত। আমি নিজকে প্ৰশ্ন কৰা উচিত, ‘মই ঈশ্বৰে বিচৰা অনুসৰি তেওঁৰ উপাসনা কৰিবলৈ বিচাৰোঁনে? বা মই আজিলৈকে যেনেকৈ উপাসনা কৰিছিলোঁ, তেনেকৈ কৰিব বিচাৰোঁনে?’

২ যদি আপুনি মিছা ধৰ্ম ত্যাগ কৰিছে, তেনেহ’লে এয়া ভাল কথা। কিন্তু আপুনি মিছা ধৰ্মৰ লগত জড়িত থকা নীতি-নিয়ম বা কাম আজিও ভাল পাব পাৰে। আহক কিছুমান নীতি-নিয়মৰ বিষয়ে আলোচনা কৰোঁ আৰু এই ক্ষেত্ৰত ঈশ্বৰৰ দৃষ্টিভংগী ৰখাটো কিয় প্ৰয়োজন তাৰ ওপৰত ধ্যান দিওঁ।

প্ৰতিমা আৰু পূৰ্বপুৰুষসকলৰ উপাসনা

৩. (ক) কিছুমান লোকক প্ৰতিমাৰ অবিহনে উপাসনা কৰাটো কিয় কঠিন লাগিব পাৰে? (খ) উপাসনাত প্ৰতিমা ব্যৱহাৰৰ বিষয়ে বাইবেলত কি কৈছে?

৩ বহুবছৰৰপৰা লোকসকলে ঈশ্বৰক উপাসনা কৰিবলৈ প্ৰতিমা আৰু মন্দিৰ ব্যৱহাৰ কৰি আছে। আপুনিও যদি এনে কৰে, তেন্তে সেই বস্তুবোৰৰ অবিহনে ঈশ্বৰৰ উপাসনা কৰিবলৈ অসম্ভৱ বা ভুল যেন লাগিব পাৰে। কিন্তু মনত ৰাখিব যে যিহোৱাই আমাক শিকায় যে তেওঁৰ উপাসনা কেনেকৈ কৰিব লাগে। তেওঁ বাইবেলত স্পষ্টৰূপে কৈছে যে তেওঁৰ উপাসনাত প্ৰতিমা ব্যৱহাৰ কৰাটো তেওঁ নিবিচাৰে।—যাত্ৰাপুস্তক ২০:৪, ৫ পঢ়ক; গীতমালা ১১৫:৪-৮; যিচয়া ৪২:৮; ১ যোহন ৫:২১

৪. (ক) আমি পূৰ্বপুৰুষৰ উপাসনা কিয় কৰা উচিত নহয়? (খ) মৃত লোকসকলৰ লগত কথা নাপাতিবলৈ যিহোৱা ঈশ্বৰে নিজৰ লোকসকলক কিয় কৈছিল?

৪ কিছুমান লোকে নিজৰ পূৰ্বপুৰুষক সুখী কৰিবলৈ বহুতো সময় আৰু শক্তি ব্যৱহাৰ কৰে। তেওঁলোকে হয়তো তেওঁৰ উপাসনাও কৰিব। কিন্তু, আমি শিকিছিলোঁ যে যিসকলৰ মৃত্যু হৈছে, তেওঁলোকে আমাক সহায় কৰিব নোৱাৰে অথবা আমাৰ হানিও কৰিব নোৱাৰে। তেওঁলোকে ক’তো জীয়াই থকা নাই। তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰাটো বিপদজনক। কিয়নো মৃত লোকসকলৰ মাতেৰে যিসকলে কথা পাতে, তেওঁলোক আচলতে দুষ্ট স্বৰ্গদূত হয়। সেইবাবে, যিহোৱাই নিজৰ লোকসকল অৰ্থাৎ ইস্ৰায়েলীসকলক আজ্ঞা দিছিল যে তেওঁলোকে মৃত লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰা বা মায়াকৰ্মত ভাগ লোৱাটো উচিত নহয়।—দ্বিতীয় বিবৰণ ১৮:১০-১২; “যাদুবিদ্যা” আৰু “দুষ্ট স্বৰ্গদূত” চাওক।

৫. প্ৰতিমা বা পূৰ্বপুৰুষৰ উপাসনা ত্যাগ কৰিবলৈ কি কথাই আপোনাক সহায় কৰিব?

৫ প্ৰতিমা বা পূৰ্বপুৰুষৰ উপাসনাক ত্যাগ কৰিবলৈ কি কথাই আপোনাক সহায় কৰিব পাৰে? যিহোৱাৰ দৃষ্টিভংগী কি তাক জানিবলৈ আপুনি বাইবেল পঢ়া আৰু গভীৰভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছে। যিহোৱাৰ দৃষ্টিত এই বস্তুবোৰ “ঘিণলগা”। (দ্বিতীয় বিবৰণ ২৭:১৫) প্ৰতিদিনে যিহোৱাৰপৰা সহায় বিচাৰক যাতে আপুনি এই বস্তুবোৰক যিহোৱাৰ দৃষ্টিভংগীৰে চাব পাৰে আৰু তেওঁৰ ইচ্ছাৰ অনুসৰি আপুনি তেওঁক উপাসনা কৰিব পাৰিব। (যিচয়া ৫৫:৯) মিছা উপাসনাৰ লগত জড়িত থকা সকলো বস্তু আপোনাৰ জীৱনৰপৰা দূৰ কৰিবলৈ আপোনাক যিহোৱা ঈশ্বৰে সহায় কৰিব বুলি আপুনি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে।

আমি বৰদিন পালন কৰা উচিতনে?

৬. যীচুৰ জন্মদিন পালন কৰিবলৈ ২৫ ডিচেম্বৰৰ দিনটো কিয় নিৰ্বাচন কৰা হৈছিল?

৬ বৰদিন এক জনপ্ৰিয় উৎসৱ। বহুতোলোকে যীচু খ্ৰীষ্টৰ জন্মদিন হিচাপে বৰদিন পালন কৰে। কিন্তু, এয়া মিছা উপাসনাৰ লগত জড়িত থকা এক উৎসৱ। এখন বিশ্বকোষে উল্লেখ কৰিছে যে ৰোমৰ লোকসকলে মিছা দেৱী-দেৱতাক উপাসনা কৰিছিল আৰু তেওঁলোকে ২৫ ডিচেম্বৰ দিনা সূৰ্য দেৱতাৰ জন্মদিন হিচাপে পালন কৰিছিল। গীৰ্জাৰ পাদুৰীবৰ্গই নিৰ্ণয় ল’লে যে এই তাৰিখটো যীচুৰ জন্মদিন হিচাপে পালন কৰা হ’ব, কিন্তু যীচুৱে এই দিনাখন জন্ম হোৱা নাছিল। তেওঁলোকে বিচাৰিছিল যে মিছা উপাসনা কৰা লোকসকল খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। (লূক ২:৮-১২) যীচুৰ শিষ্যসকলে কেতিয়াও বৰদিন পালন কৰা নাছিল। এখন কিতাপে উল্লেখ কৰিছে যে যীচু খ্ৰীষ্টৰ জন্মৰপৰা ২০০ বছৰলৈকে “তেওঁৰ জন্মৰ বিষয়ে কোনোৱে নাজানিছিল বা কোনোৱে জানিবলৈ ইচ্ছা কৰা নাছিল।” (“গুপ্ত বিষয়বোৰ পবিত্ৰ আৰম্ভণি,” ইংৰাজী) বৰদিন পালন কৰাৰ আৰম্ভণি যীচুৰ জন্মৰ প্ৰায় ৩০০ বছৰৰ পাছত হৈছিল।

৭. ঈশ্বৰৰ সত্য উপাসকসকলে বৰদিন কিয় পালন নকৰে?

৭ বহুতোলোকে জানে যে বৰদিন আৰু ইয়াৰ লগত জড়িত থকা পৰম্পৰাবোৰ মিছা ধৰ্মৰপৰা আহিছে, যেনে, বৰদিনৰ ভোজ ৰখা আৰু উপহাৰ দিয়া। এয়া এক কাৰণ হৈছে যে এটা সময়ত গোটেই ইংলেণ্ডত আৰু আমেৰিকাৰ কিছুমান ঠাইত বৰদিন পালন কৰিবলৈ বন্ধ কৰা হৈছিল। যিসকলে ইয়াক পালন কৰিছিল, তেওঁলোকক শাস্তি দিয়া হৈছিল। কিন্তু, লাহে লাহে লোকসকলে পুনৰ বৰদিন পালন কৰিবলৈ ধৰিলে। ঈশ্বৰৰ সত্য উপাসকসকলে বৰদিন কিয় পালন নকৰে? কিয়নো তেওঁলোকে যিহোৱা ঈশ্বৰক আনন্দিত কৰিব বিচাৰে।

আমি জন্মদিন পালন কৰা উচিতনে?

৮, ৯. প্ৰথম শতিকাত যীচুৰ শিষ্যসকলে কিয় জন্মদিন পালন কৰা নাছিল?

৮ বহুতোলোকে জন্মদিন পালন কৰে। যিহোৱাৰ উপাসনা কৰা লোকসকলে জন্মদিন পালন কৰা উচিতনে? বাইবেলত কেৱল দুজন ব্যক্তিৰ জন্মদিনৰ বিষয়ে উল্লেখ আছে, যিসকলে যিহোৱাক উপাসনা কৰা নাছিল। (আদিপুস্তক ৪০:২০; মাৰ্ক ৬:২১) মিছা দেৱতাবিলাকক সন্মান কৰিবলৈ জন্মদিন পালন কৰা হৈছিল। সেইবাবে, প্ৰথম শতিকাত যীচুৰ শিষ্যসকলে “বিশ্বাস কৰিছিল যে জন্মদিন পালন কৰাটো মিছা ধৰ্মৰ এটা পৰম্পৰা।”—দ্য ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়া।

৯ প্ৰাচীন সময়ত ৰোমান আৰু গ্ৰীক লোকসকলৰ অন্ধবিশ্বাস আছিল যে সকলো ব্যক্তিৰ যি দিনা জন্ম হয়, সেইদিনা কোনোবা এজন দেৱতাৰ জন্মদিন থাকে। সেই দেৱতাৰ লগত যি আত্মাৰ সম্পৰ্ক থাকে, সেই আত্মা ব্যক্তিজনৰ জন্মৰ সময়ত উপস্থিত থাকে। সেইবাবে, যদি ব্যক্তিজনে বিচাৰে যে সেই আত্মাই গোটেই জীৱন তেওঁৰ ৰক্ষা কৰে, তেনেহ’লে তেওঁ নিজৰ জন্মদিন পালন কৰিব লাগিব।

১০. ঈশ্বৰৰ উপাসকসকলে কিয় জন্মদিন পালন নকৰে?

১০ মিছা ধৰ্মৰ লগত জড়িত থকা উৎসৱবোৰ যিহোৱা ঈশ্বৰে গ্ৰহণ কৰেনে? (যিচয়া ৬৫:১১, ১২) তেওঁ নকৰে। সেইবাবে, আমি জন্মদিন আৰু মিছা ধৰ্মৰ লগত জড়িত থকা এনে কোনো উৎসৱ পালন নকৰোঁ।

আমাৰ বাবে কিবা অৰ্থ ৰাখে নেকি?

১১. (ক) কিছুমান লোকে কিয় উৎসৱবোৰ পালন কৰে? (খ) আমি কি কথা মনোযোগ দিয়া উচিত?

১১ কিছুমান লোকে জানে যে বৰদিনৰ দৰে উৎসৱবোৰৰ আৰম্ভণি মিছা ধৰ্মৰপৰা আহিছে, তথাপিও তেওঁলোকে ইয়াক পালন কৰে। তেওঁলোকে ভাবে যে এই উৎসৱবোৰ পালন কৰিলে, তেওঁলোকে নিজৰ পৰিয়ালৰ লগত ভাল সময় অতিবাহিত কৰিবলৈ সুযোগ পায়। আপুনিও এইদৰে ভাবেনে? নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰাটো কোনো ভুল নহয়। কিয়নো, যিহোৱা ঈশ্বৰে পৰিয়ালৰ আৰম্ভণি কৰিছে, পৰিয়ালৰ সকলো সদস্যৰ লগত আমাৰ সম্পৰ্ক ভাল থকাটো তেওঁ বিচাৰে। (ইফিচীয়া ৩:১৪, ১৫) কিন্তু, মিছা ধৰ্মৰ লগত জড়িত থকা উৎসৱবোৰ পালন কৰি নিজৰ পৰিয়ালক সুখী কৰাৰ পৰিৱৰ্তে, আমি যিহোৱা ঈশ্বৰৰ লগত আমাৰ সম্পৰ্ক দৃঢ় কৰিবলৈ চেষ্টা কৰা উচিত। পৌলে এইদৰে কৈছিল, “প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় কৰি, পোহৰৰ সন্তানবিলাকৰ দৰে আচৰণ কৰা।”—ইফিচীয়া ৫:৯.

১২. যিহোৱাই কোনবোৰ উৎসৱক গ্ৰহণ নকৰে?

১২ বহুতোলোকৰ বাবে উৎসৱবোৰ ক’ৰপৰা আৰম্ভ হৈছে, ইয়াৰ কোনো অৰ্থ নাৰাখে। কিন্তু, যিহোৱাৰ বাবে ই অৰ্থ ৰাখে। তেওঁ মিছা ধৰ্মৰ লগত জড়িত থকা উৎসৱবোৰ গ্ৰহণ নকৰে। তেওঁ এনে কোনো দিৱসবোৰ গ্ৰহণ নকৰে, যাৰ যোগেদি এজন ব্যক্তিৰ বা দেশৰ প্ৰশংসা কৰা হয়। উদাহৰণস্বৰূপে, প্ৰাচীন সময়ৰ মিচৰৰ লোকসকলে নিজৰ মিছা দেৱতাবিলাকৰ বাবে উৎসৱ পালন কৰিছিল। সেইবাবে, যেতিয়া ইস্ৰায়েলীসকলক মিচৰ দেশৰপৰা উলিয়াই অনা হৈছিল, তেতিয়া তেওঁলোকে মিচৰৰ এটা উৎসৱ অনুকৰণ কৰিছিল। তেওঁলোকে সেই উৎসৱক “যিহোৱাৰ উদ্দেশে উৎসৱ” বুলি কৈছিল। কিন্তু, যিহোৱাই তেওঁলোকক ইয়াৰ বাবে শাস্তি দিছিল। (যাত্ৰাপুস্তক ৩২:২-১০) আমি ভৱিষ্যতবক্তা যিচয়াৰ কথা পালন কৰা উচিত। তেওঁ এইদৰে কৈছিল, “কোনো অশুচি বস্তু নুচুবা”—যিচয়া ৫২:১১.

আনৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰক

১৩. আপুনি যেতিয়া উৎসৱ আৰু জন্মদিন পালন নকৰাৰ নিৰ্ণয় ল’ব, তেতিয়া আপোনাৰ মনত কি কি প্ৰশ্ন আহিব পাৰে?

১৩ আপুনি যেতিয়া উৎসৱ আৰু জন্মদিন পালন নকৰাৰ নিৰ্ণয় ল’ব, তেতিয়া আপোনাৰ মনত বহুতো প্ৰশ্ন আহিব পাৰে। উদাহৰণস্বৰূপে, যদি মোৰ সহকৰ্মীয়ে মোক প্ৰশ্ন কৰে যে মই কিয় উৎসৱ পালন নকৰোঁ, তেতিয়া মই তেওঁক কি উত্তৰ দিয়া উচিত? যদি কোনোবাই উৎসৱৰ বাবে কিবা উপহাৰ দিয়ে, তেতিয়া মই কি কৰা উচিত? যদি মোৰ স্বামী বা পত্নীয়ে মই উৎসৱ পালন কৰাটো আশা কৰে, তেনেহ’লে মই কি কৰা উচিত? মই নিজৰ ল’ৰা-ছোৱালীক কেনেকৈ সহায় কৰিব পাৰোঁ, যাতে তেওঁলোকে জন্মদিন বা উৎসৱ পালন নকৰাৰ বাবে দুখী নহয়?

১৪, ১৫. আপোনাক যদি কোনোবাই কিবা উৎসৱৰ বাবে শুভেচ্ছা জনায় বা কিবা উপহাৰ দিয়ে, তেতিয়া আপুনি কি কৰা উচিত?

১৪ এনে পৰিস্থিতিত আপুনি কি উত্তৰ দিব, তাৰ বাবে আপুনি বুদ্ধিমতাৰে কাম কৰক। উদাহৰণস্বৰূপে, আপোনাক যদি কোনোবাই কিবা উৎসৱৰ বাবে শুভেচ্ছা জনায়, তেতিয়া উত্তৰ নিদিয়াকৈ তাৰপৰা আঁতৰি যোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, আপুনি তেওঁক ধন্যবাদ ক’ব পাৰে। কিন্তু, কেতিয়াবা হয়তো লোকসকলে জানিব বিচাৰে যে আপুনি কিয় উৎসৱ পালন নকৰে। এনে পৰিস্থিতিত আপুনি তেওঁক উৎসৱ পালন নকৰাৰ কাৰণ ক’ব পাৰে। কিন্তু মনত ৰাখিব যে আপুনি তেওঁৰ লগত প্ৰেমেৰে, সন্মানেৰে আৰু ভাবি-চিন্তি কথা পাতে। বাইবেলত এইদৰে উল্লেখ কৰিছে, “কাক কেনেকৈ উত্তৰ দিব লাগে, তাক যেন তোমালোকে জানিব পাৰা, এই নিমিত্তে তোমালোকৰ আলাপ সদায় অনুগ্ৰহযুক্ত আৰু লোণৰ আস্বাদযুক্ত হওক।” (কলচীয়া ৪:৬) আপুনি তেওঁক বুজাব পাৰে যে আপুনি আনৰ লগত সময় অতিবাহিত কৰিবলৈ আৰু উপহাৰ দিবলৈ ভাল পায়, কিন্তু কেৱল উৎসৱৰ দিনা আপুনি এইদৰে নকৰে।

১৫ আপোনাক যদি কোনোবাই এটা উপহাৰ দিব বিচাৰে, তেতিয়া আপুনি কি কৰা উচিত? পৰিস্থিতি বেলেগ বেলেগ হ’ব পাৰে। উদাহৰণস্বৰূপে, আপোনাক উপহাৰ দিওঁতাজনে হয়তো নাজানে যে আপুনি উৎসৱ পালন নকৰে। হয়তো এনে হ’ব পাৰে যে তেওঁ কয়, “মই জানোঁ আপুনি উৎসৱ পালন নকৰে, তথাপিও মই আপোনাক এই উপহাৰ দিব বিচাৰোঁ।” এনে পৰিস্থিতিত আপুনি কি কৰিব, তাৰ বিষয়ে বাইবেলত উল্লেখ নাই। কিন্তু বাইবেলত উল্লেখ আছে যে আমি আমাৰ বিবেক শুদ্ধ ৰখা উচিত। (১ তীমথিয় ১:১৮, ১৯) সেইবাবে, আপুনি নিজে নিৰ্ণয় ল’ব লাগিব যে আপুনি উপহাৰ ল’ব নে নলয়। আপুনি যিয়ে নিৰ্ণয় লয় আপোনাৰ বিবেক শুদ্ধ ৰখা উচিত। আমি এনে কোনো কাম কৰিব নিবিচাৰোঁ, যিয়ে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কত প্ৰভাৱ পৰে।

আপোনাৰ পৰিয়ালৰ বিষয়নো কি?

এটা পৰিয়ালে শুভবাৰ্তা প্ৰচাৰ কৰি আছে, খ্ৰীষ্টান সভাত একেলগে উপাসনা কৰি আছে আৰু পিকনিকত এজনে-আনজনক উপহাৰ দি আছে

যিহোৱা ঈশ্বৰৰ উপাসনা কৰা লোকসকল আনন্দিত

১৬. আপোনাৰ পৰিয়ালে যদি কিবা উৎসৱ পালন কৰিব বিচাৰে, তেতিয়া আপুনি কি কৰা উচিত?

১৬ আপোনাৰ পৰিয়ালে যদি কিবা উৎসৱ পালন কৰিব বিচাৰে, তেতিয়া আপুনি কি কৰা উচিত? আপুনি তেওঁলোকৰ লগত তৰ্ক কৰাৰ প্ৰয়োজন নাই। মনত ৰাখিব যে তেওঁলোকে কি কৰিব বিচাৰে, তাৰ বিষয়ে নিৰ্ণয় লোৱা তেওঁলোকৰ অধিকাৰ আছে। যিদৰে আপোনাৰ নিৰ্ণয় তেওঁলোকে সন্মান কৰাটো আপুনি বিচাৰে, ঠিক সেইদৰে আপুনিও তেওঁলোকৰ নিৰ্ণয়ক সন্মান কৰক। (মথি ৭:১২ পঢ়ক।) কিন্তু, আপোনাৰ পৰিয়ালে যদি উৎসৱৰ সময়ত আপুনি তেওঁলোকৰ লগত সময় অতিবাহিত কৰাটো বিচাৰে, তেনেহ’লে আপুনি কি কৰিব? প্ৰথমে, যিহোৱালৈ প্ৰাৰ্থনা কৰক যাতে তেওঁ আপোনাক সঠিক নিৰ্ণয় ল’বলৈ সহায় কৰে। ইয়াৰ উপৰিও, চিন্তা কৰক যে উৎসৱৰ সময়ত পৰিয়ালৰ লগত সময় অতিবাহিত কৰাত কি কি জড়িত আছে। ইয়াৰ বিষয়ে অনুসন্ধান কৰক। মনত ৰাখিব, আপুনি সদায় যিহোৱাক আনন্দিত কৰিব বিচাৰে।

১৭. আপুনি নিজৰ ল’ৰা-ছোৱালীক কেনেকৈ সহায় কৰিব পাৰে, যাতে তেওঁলোকে আনক উৎসৱ পালন কৰা দেখি মনত দুখ নকৰে?

১৭ আপোনাৰ ল’ৰা-ছোৱালীয়ে যেতিয়া আনক উৎসৱ পালন কৰা দেখে, তেতিয়া তেওঁলোকে হয়তো মনত দুখ কৰিব পাৰে। আপুনি কি কৰিব পাৰে, যাতে তেওঁলোকে এনে অনুভৱ নকৰে? কেতিয়াবা কেতিয়াবা আপুনি তেওঁলোকৰ বাবে কিবা বিশেষ কৰিব পাৰে। আপুনি তেওঁলোকক উপহাৰ দিব পাৰে। তেওঁলোকৰ বাবে আপোনাৰ আটাইতকৈ উত্তম উপহাৰ হৈছে, আপোনাৰ প্ৰেম আৰু সময়।

সঠিকভাৱে উপাসনা কৰক

১৮. আমি খ্ৰীষ্টান সভাত কিয় উপস্থিত হোৱা উচিত?

১৮ যিহোৱা ঈশ্বৰক আনন্দিত কৰিবলৈ হ’লে আমি মিছা ধৰ্ম আৰু ইয়াৰ লগত জড়িত থকা পৰম্পৰা আৰু উৎসৱবোৰক ত্যাগ কৰা উচিত। কেৱল ইমানেই যথেষ্ট নহয়। আমি সঠিকভাৱে উপাসনা কৰা উচিত। কিন্তু, আমি কেনেকৈ কৰিব পাৰোঁ? এটা উপায় হৈছে, খ্ৰীষ্টান সভাত নিয়মীয়াকৈ উপস্থিত হোৱা। (ইব্ৰী ১০:২৪, ২৫ পঢ়ক।) সত্য উপাসনাৰ বাবে সভা এক গুৰুত্বপূৰ্ণ ভাগ। (গীতমালা ২২:২২; ১২২:১) যেতিয়া আমি সভাত উপস্থিত হওঁ, তেতিয়া আমি এজনে-আনজনক উৎসাহিত কৰিব পাৰোঁ।—ৰোমীয়া ১:১২.

১৯. বাইবেলৰ সত্যতাৰ বিষয়ে আনক জনোৱা কিয় প্ৰয়োজন?

১৯ সত্য উপাসনা কৰাত আৰু এটা কথা জড়িত আছে। আমি বাইবেলৰপৰা যি শিকোঁ সেয়া আনক জনোৱা উচিত। বহুতোলোকে পৃথিৱীত হৈ থকা দুষ্টতাক দেখি চিন্তিত হৈছে। আপুনি হয়তো তেওঁলোকক জানে। ভৱিষ্যতৰ আশাৰ বিষয়ে তেওঁলোকক জনাওক। আপুনি যেতিয়া খ্ৰীষ্টান সভাত উপস্থিত থাকিব আৰু বাইবেলৰ সত্যতাৰ বিষয়ে আনক জনাব, তেতিয়া আপুনি দেখিব যে মিছা ধৰ্মৰ লগত জড়িত থকা পৰম্পৰাত ভাগ লোৱা আপোনাৰ ইচ্ছা দূৰ হ’ব। আপুনি বিশ্বাস কৰিব পাৰে যে যদি আপুনি যিহোৱা ঈশ্বৰক সঠিকভাৱে উপাসনা কৰে, তেনেহ’লে আপুনি আনন্দিত হ’ব আৰু তেওঁ আপোনাক বহুতো আশীৰ্বাদ দিব।—মলাখী ৩:১০.

আপুনি কি শিকিলে?

প্ৰথম সত্যতা: মিছা উপাসনাৰপৰা দূৰে থাকক

“তোমালোক সিহঁতৰ মাজৰ পৰা ওলাই আহি পৃথক হোৱা, আৰু কোনো অশুচিকে নুচুবা।”—২ কৰিন্থীয়া ৬:১৭

প্ৰতিমা আৰু পূৰ্বপূৰুষৰ উপাসনা কৰাটো কিয় উচিত নহয়?

  • যাত্ৰাপুস্তক ২০:৪, ৫; ১ যোহন ৫:২১

    আমি উপাসনাত প্ৰতিমা ব্যৱহাৰ কৰাটো যিহোৱা ঈশ্বৰে নিবিচাৰে।

  • দ্বিতীয় বিবৰণ ১৮:১০-১২

    যিসকলে মৃত লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰে, তেওঁলোকে আচলতে দুষ্ট স্বৰ্গদূতৰ লগত কথা পাতে।

দ্বিতীয় সত্যতা: যিহোৱাই সকলো উৎসৱ গ্ৰহণ নকৰে

“প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় কৰি, পোহৰৰ সন্তানবিলাকৰ দৰে আচৰণ কৰা।”—ইফিচীয়া ৫:৯

আপুনি যিকোনো ধৰণৰ উৎসৱত ভাগ লোৱাটো উচিত হ’ব নে নহয়, তাৰ বিষয়ে আপুনি কেনেকৈ নিৰ্ণয় ল’ব পাৰে?

  • যিহিষ্কেল ৪৪:২৩; ২ কৰিন্থীয়া ৬:১৪, ১৫

    অনুসন্ধান কৰক ইয়াৰ আৰম্ভণি মিছা ধৰ্মৰপৰা হৈছে নে নাই।

  • যাত্ৰাপুস্তক ৩২:২-১০

    লোকসকলে যদিও ভাল মনোবৃত্তিৰে উৎসৱ পালন কৰে, কিন্তু ইয়াত প্ৰয়োজন নাই যে ঈশ্বৰৰ অনুমোদন থাকিব।

  • দানিয়েল ৩:১-২৭

    কোনো মানুহ, সংগঠন বা দেশক প্ৰশংসা কৰা দিৱস বা উৎসৱত ভাগ নল’ব।

  • ১ তীমথিয় ১:১৮, ১৯

    বুদ্ধিমতাৰে কাম কৰক আৰু যিহোৱা ঈশ্বৰৰ দৃষ্টিত শুদ্ধ বিবেক বজাই ৰখাত ধ্যান দিয়ক।

তৃতীয় সত্যতা: আপোনাৰ বিশ্বাসৰ বিষয়ে আনক মৰমেৰে জনাওক

“কাক কেনেকৈ উত্তৰ দিব লাগে, তাক যেন তোমালোকে জানিব পাৰা, এই নিমিত্তে তোমালোকৰ আলাপ সদায় অনুগ্ৰহযুক্ত আৰু লোণৰ আস্বাদযুক্ত হওক।”—কলচীয়া ৪:৬

আপোনাৰ বিশ্বাসৰ বিষয়ে আনক কেনেকৈ জনোৱা উচিত?

  • মথি ৭:১২

    আপোনাৰ নিৰ্ণয়ৰ প্ৰতি আনে সন্মান দেখুৱাটো আপুনি বিচাৰে, ঠিক সেইদৰে আনৰ নিৰ্ণয়ৰ প্ৰতি সন্মান দেখুৱাওক।

  • ২ তীমথিয় ২:২৪

    সদায় প্ৰেমেৰে ব্যৱহাৰ কৰক। নিজৰ বিশ্বাসৰ বিষয়ে আনক জনোৱাৰ সময়ত তৰ্ক কৰা উচিত নহয়।

  • ১ পিতৰ ৩:১৫

    কোমলতাৰে আৰু গভীৰ সন্মানেৰে নিজৰ বিশ্বাসৰ বিষয়ে কওক।

  • ইব্ৰী ১০:২৪, ২৫

    খ্ৰীষ্টান সভাত লোকসকলে আপোনাক উৎসাহিত কৰিব পাৰে। তেওঁলোকে আপোনাৰ বিশ্বাসৰ বিষয়ে আনক জনাবলৈ সহায় কৰিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক