ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ypq প্ৰশ্ন ৫ পৃষ্ঠা ১৫-১৭
  • স্কুলত কোনোবাই গুণ্ডাগিৰি কৰিলে মই কি কৰিব পাৰোঁ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • স্কুলত কোনোবাই গুণ্ডাগিৰি কৰিলে মই কি কৰিব পাৰোঁ?
  • কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন
  • মিল থকা বিষয়
  • কোনোবাই আমনি কৰিলে যিহোৱাৰ ওপৰত ভৰসা ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন
ypq প্ৰশ্ন ৫ পৃষ্ঠা ১৫-১৭
শণীত আন আন ল’ৰা-ছাৱালীৰ সন্মুখত এজন ল’ৰাক ভয় দেখুৱা হৈছ

প্ৰশ্ন ৫

স্কুলত কোনোবাই গুণ্ডাগিৰি কৰিলে মই কি কৰিব পাৰোঁ?

ইয়াৰ বিষয়ে জনা কিয় গুৰুত্বপূৰ্ণ

আপুনি যি কৰিব, তাৰদ্বাৰা পৰিস্থিতি ভালো হʼব পাৰে বা বেয়াও হʼব পাৰে।

আপুনি কি কৰিব?

কল্পনা কৰক: ৰবিয়ে আজি স্কুললৈ যাবলৈ বিচৰা নাই। আনকি আগলৈও নাযাওঁ বুলি কৈছে। প্ৰায় তিনিমাহৰ আগতে কেইজনমান সহপাঠীয়ে তেওঁৰ বিষয়ে কিছুমান উৰা-বাতৰি প্ৰচাৰ কৰাৰ পাছৰেপৰা, তেওঁ এনেদৰে কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পাছত তেওঁলোকে ৰবিক বেলেগ বেলেগ নাম দি জোকাবলৈ ধৰিছে। কেতিয়াবা কেতিয়াবা ৰবিৰ হাতৰপৰা কিতাপ পেলাই দিয়ে আৰু ভুলতে হৈ গʼল বুলি কয়। কিছুমান লʼৰাই ৰবিক পাছফালৰপৰা ঠেলা মাৰে। কিন্তু যেতিয়ালৈকে তেওঁ ঘূৰি চাই, পাছফালে কাকো দেখা নাপায়। কিন্তু যোৱা কালি যি হʼল, সেয়া সীমাৰ বাহিৰত আছিল। কোনোবাই ৰবিক ইন্টাৰনেটৰ যোগেদি ধমকি দিছে . . .

যদি আপুনি ৰবিৰ ঠাইত হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন?

ক্ষন্তেক ৰওক আৰু চিন্তা কৰক!

আপুনি নিজকে দুৰ্বল বুলি নাভাবিব। কাজিয়া নকৰাকৈ আপুনি গুণ্ডাগিৰি কৰা ব্যক্তিৰ বিৰুদ্ধে থিয় দিব পাৰিব। কেনেকৈ বাৰু?

  • কোনো প্ৰতিক্ৰিয়া নকৰিব। পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “অজ্ঞান লোকে নিজৰ আটাই ক্ৰোধ প্ৰকাশ কৰে; কিন্তু জ্ঞানৱানে তাক দমন কৰি ক্ষান্ত কৰে।” (হিতোপদেশ ২৯:১১) যদি আপুনি যিমান পাৰে সিমান ক্ষান্ত হৈ থাকে, তেনেহʼলে গুণ্ডাগিৰি কৰাজনে আপোনাক আমনি কৰিবলৈ লাহে লাহে এৰি দিব।

  • প্ৰতিশোধ নলʼব। পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা।” (ৰোমীয়া ১২:১৭) প্ৰতিশোধ লʼবলৈ চেষ্টা কৰিলে পৰিস্থিতি আৰু বেয়ালৈ ঢাল খাব।

  • সমস্যাক মাতি নানিব। পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “বিবেচক লোকে আপদ দেখি নিজকে লুকুৱায়; কিন্তু নিৰ্ব্বোধে আগলৈ গৈ দুখত পৰে।” (হিতোপদেশ ২২:৩) যিমান সম্ভৱ হয় সমস্যা সৃষ্টি কৰিব পৰা লোকৰপৰা আঁতৰি থাকক আৰু সমস্যা সৃষ্টি কৰিব পৰা পৰিস্থিতিৰপৰা দূৰৈত থাকক।

  • এনে কাৰ্য্য কৰক যি তেওঁলোকে আশা কৰা নাই। পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে।” (হিতোপদেশ ১৫:১) তেওঁলোকৰ কথা হাঁহিত উৰুৱাই দিয়ক। উদাহৰণস্বৰূপে, যদি আপোনাক কোনোবাই শকত বুলি কয়, তেনেহʼলে আপুনি এইদৰে উত্তৰ দিব পাৰে, “কেই কেজিমান কম কৰিলে হʼবনে?”

  • তাৰপৰা আঁতৰি আহক। ১৯ বছৰীয়া নোৰাই এইদৰে কয়, “যেতিয়া মনে মনে থাকে তেতিয়া আপুনি পৰিপক্ক আৰু অত্যাচাৰ কৰা ব্যক্তিজনতকৈয়ো শক্তিশালী বুলি পৰিচয় দিয়ে। এনে কৰিলে আপোনাৰ আত্মসংযম আছে, কিন্তু গুণ্ডাগিৰি কৰা ব্যক্তিজনৰ আত্মসংযম নাই বুলি প্ৰকাশ কৰিব।”—২ তীমথিয় ২:২৪.

  • নিজৰ আত্মবিশ্বাস বঢ়াওক। সাধাৰণতে গুণ্ডাগিৰি কৰা সকলে, ভয়াতুৰ আৰু ওলোটাই নোকোৱা লোকক সহজে চিনাক্ত কৰিব পাৰে। কিন্তু যদি আপুনি তেওঁলোকৰ প্ৰভাৱত পৰা নাই বুলি উমান দিয়ে, তেনেহʼলে গুণ্ডাগিৰি কৰা সকলে আপোনাক হাৰাশাস্তি কৰিবলৈ এৰি দিব।

  • কাৰোবাক কওক। আগতে স্কুলত পঢ়োৱা এগৰাকী শিক্ষয়িত্ৰীয়ে এইদৰে কয়, “যেতিয়া কোনো ছাত্ৰই গুণ্ডাগিৰি কৰা লʼৰাৰ কবলত পৰে, মই কওঁ যে এই বিষয়ে তেওঁলোকে কাৰোবাক কোৱা উচিত। এইদৰে কৰিলে আন আন ছাত্ৰ-ছাত্ৰীসকলেও, গুণ্ডাগিৰি কৰা সকলৰপৰা ৰক্ষা পৰিব।”

এজন ল’ৰাই আত্মবিশ্বাসেৰে গুডাগিৰি কৰা ল’ৰাজনৰ সন্মুখীন হৈছ

যদি আপোনাৰ ওচৰত আত্মবিশ্বাস আছে, তেনেহʼলে আপুনি গুণ্ডাগিৰি কৰা সকলতকৈয়ো শক্তিশালী

আপুনি জানেনে?

মাৰ-ধৰ কৰাৰ উপৰিও গুণ্ডাগিৰিত জড়িত আছে:

  • গুডাগিৰি কৰাজনৰ মুখৰপৰা জুইৰ নিচিনা শব্দ ওলাইছ

    কটুবাক্য ব্যৱহাৰ কৰা। “মোক যি নামেৰে তেওঁলোকে মাতিছিল আৰু যি কথাবিলাক কৈছিল, তাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মোৰ এনে অনুভৱ হʼবলৈ ধৰিছিল যেন মই কোনো কামৰ যোগ্য নহওঁ, মোৰ কোনো প্ৰয়োজন নাই আৰু মই জীৱনত একো কৰিব নোৱাৰিম। তেওঁলোকে মোক মাৰি পেলালেই ভাল আছিল!”—চেলীন, ২০ বছৰ।

  • সমনীয়াসকলে সংগ নিদিয়াৰ বাবে এজন ল’ৰাই অকলশৰীয়াকৈ বহি আছ

    অকলশৰীয়াকৈ এৰি দিয়া। “মোৰ সহপাঠীসকলে মোৰ সংগ এৰিবলৈ ধৰিলে। লাঞ্চৰ বাবে তেওঁলোকে এনেদৰে বহিছিল যে মোৰ বাবে কোনো ঠাই নাথাকে। গোটেই বছৰজুৰি মই কান্দিছিলোঁ আৰু অকলশৰীয়াকৈ লাঞ্চ কৰিছিলোঁ।”—হেলী, ১৮ বছৰ।

  • ইন্টাৰনেটৰ গুডাগিৰি বাৰা পীড়িত হোৱাৰ বাবে এজনী ছাৱালীয়ে লেপটপটাৰপৰা আঁতৰি আহিছ

    ইন্টাৰনেটৰ যোগেদি হাৰাশাস্তি কৰা। “কাৰোবাৰ ভাল নামৰ ওপৰত কলংক আনিবলৈ বা কাৰোবাৰ জীৱন শেষ কৰিবলৈ কম্পিউটাৰৰ কেইটামান বুতামত হেঁচা দিলেই হʼল। আপুনি হয়তো ভাবিব পাৰে মই কিবা বেছিকৈ কৈছোঁ, কিন্তু এইদৰে হʼব পাৰে।”—দানিয়েল, ১৪ বছৰ।

আপোনাৰ উত্তৰ কি হʼব?

শুদ্ধ নে অশুদ্ধ

উত্তৰ

১ প্ৰাচীন সময়ৰেপৰা গুণ্ডাগিৰি হৈছিল।

১ শুদ্ধ। উদাহৰণস্বৰূপে, পবিত্ৰ শাস্ত্ৰই নাফিলবিলাকৰ বিষয়ে বৰ্ণনা কৰিছে। এই নাফিলবিলাকে আন লোকসকলক তাড়না কৰিছিল।—আদিপুস্তক ৬:৪.

২ গুণ্ডাগিৰি কৰা সকলে বেছি নহয়, অলপহে ক্ষতি কৰে।

২ অশুদ্ধ। গুণ্ডাগিৰি কৰা সকলৰ বাবে বহুতো কিশোৰ-কিশোৰীয়ে আত্মহত্যা কৰে।

৩ তেওঁলোকৰ কাৰ্য্য বন্ধ কৰাৰ এটাই উপায় হৈছে, তেওঁলোকৰ বিৰুদ্ধে থিয় দিয়া।

৩ অশুদ্ধ। গুণ্ডাগিৰি কৰা সকল সাধাৰণতে ওখ-ডাঙৰ হয়। তেওঁলোকৰ বিৰোধ কৰিলে কোনো লাভ নহʼব।

৪ যদি আপোনাৰ আগত কাৰোবাক হাৰাশাস্তি কৰা হৈছে, তেনেহʼলে আওকাণ কৰা উচিত।

৪ অশুদ্ধ। দেখিও নেদেখাৰ ভাও ধৰা পাপ হয়। যদি আপুনি কাৰোবাক হাৰাশাস্তি কৰা দেখে আৰু একো নকয়, তেনেহʼলে বেছিহে সমস্যা হʼব।

৫ তেওঁলোকে গৰ্বেৰে কথা কয়, কিন্তু ভিতৰৰপৰা অসুৰক্ষিত অনুভৱ কৰে।

৫ শুদ্ধ। গুণ্ডাগিৰি কৰা কিছুমানে গৰ্ব কৰিব পাৰে, কিন্তু তেওঁলোকৰ আত্মবিশ্বাস নাই। আনক দমন কৰাৰ দ্বাৰা নিজে আনন্দিত হয়।

৬ গুণ্ডাগিৰি কৰা সকলে পৰিৱৰ্তন হʼব পাৰে।

৬ শুদ্ধ। সহায় কৰিলে তেওঁলোকৰ চিন্তা-ভাৱনা সলনি কৰিব পাৰি।

আপোনাৰ পৰিকল্পনা

  • যদি মই গুণ্ডাগিৰি কৰা লোকৰ সন্মুখীন হওঁ, তেনেহʼলে মই কি কʼব পাৰোঁ বা কি কৰিব পাৰোঁ?

অধিক জানিবলৈ!

কাজিয়া নকৰাকৈ আপুনি গুডাগিৰি কৰা ব্যক্তিৰ বিৰুদ্ধে থিয় দিব পাৰিব।

www.pr418.com ৱেবচাইটত থকা বুদ্ধি লগাওক আৰু দুষ্টক খেদাওক, হোৱাইট বোৰ্ড এনিমেশ্বন চাওক। (বাইবেলৰ শিক্ষাবোৰ > লʼৰা-ছোৱালী চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক