আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ আগষ্ট ১
“আপুনি জানেনে যে এখন ৰিপৰ্টৰ অনুসৰি পৃথিৱীৰ জনসংখ্যাৰ ৫০ শতাংশতকৈ অধিক সংখ্যক লোকে দৰিদ্ৰতাত জীৱন-নিৰ্বাহ কৰিছে? এই সম্পৰ্কে কিবা কৰিব পৰা যায় বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে অলপ ৰওক।] এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনে বৰ্ণনা কৰিছে যে বাইবেলৰ অনুসৰি দৰিদ্ৰতা আঁতৰ কৰাৰ চিৰস্থায়ী সমাধান আছে।” গীতমালা ৭২:১২, ১৩, ১৬ পদটো পঢ়ক।
সচেতন! আগষ্ট ২২
“যদি আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যই কেতিয়াবা অনাহকতে অত্যাচাৰৰ বলি হৈছে তেন্তে সেইটো আপোনাৰ বাবে এক মনোবেদনাৰ বিষয় নহয়নে বাৰু! [উত্তৰৰ বাবে অলপ ৰওক।] এই সংখ্যাৰ সচেতন! আলোচনীখনে অনাহকতে অত্যাচাৰৰ বলি হোৱা ব্যক্তিজনৰ বাবে কিছুমান ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছে। তদুপৰি ইয়াত এই বিষয়েও আলোচনা কৰা হৈছে যে ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে, তেওঁ অতি সোনকালে আমাৰ জীৱনটোক তেনে সমস্যাৰ পৰা মুক্ত কৰিব।” মীখা ৪:৪ পদটো পঢ়ক।
প্ৰহৰীবুৰুজ আগষ্ট ১
“‘শেষত সদায় সত্যই জয়ী হয়,’ বুলি কোৱা প্ৰসিদ্ধ প্ৰবচনটোত আপুনি নিশ্চয়ে মান্তি হʼব। সত্য কি? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু যোহন ১৭:১৭ পদটো পঢ়ক।] এই আলোচনীখনৰ ৯ পৃষ্ঠাৰ পৰা আৰম্ভ হোৱা দুটা লেখে দেখুৱাইছে যে সকলো ঠাইৰ লোকসকলে কেনেকৈ সত্যতাৰ জ্ঞানৰ পৰা লাভৱান হʼব পাৰে।”
সচেতন! ছেপ্টেম্বৰ ৮
“বৰ্তমান সময়ত ফেশ্বনৰ দিশটোৱে বহুতো লোকৰ জীৱনত গভীৰভাৱে প্ৰভাৱিত কৰিছে। কিছুমানে ভাবে যে লোকসকলে কৰা পৰিধান আৰু বাহ্যিক ৰূপটোত অত্যাধিক হেঁচা দিয়া হয়। এই বিষয়ে আপুনি কি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই সচেতন! নামৰ আলোচনীখনত বৰ্ণনা কৰিছে যে ফেশ্বনৰ ওপৰত আমি কেনে যুক্তিসঙ্গত দৃষ্টিভঙ্গী বজাই ৰখা উচিত।” কলচীয়া ৩:১২ পদতো পঢ়ক।