আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ আগষ্ট ১
“আপুনি হয়তো নেতাবিলাকে আৰমাগেদনৰ বিষয়ে কথোপকথন কৰা নিশ্চয়ে শুনিছে। আপুনি কেতিয়াবা সেই আৰমাগেদন কি বুলি ভাবিছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত প্ৰকাশিত বাক্য ১৬:১৪, ১৬ পদটো পঢ়ক।] ‘আমি আৰমাগেদনৰ বিষয়ে শুনি ভয়ভিত হোৱা উচিতনে?’ বুলি উদয় হোৱা প্ৰশ্নটোৰ উত্তৰ এই সংখ্যাৰ আলোচনীখনত দিয় হৈছে।” আলোচনীখনৰ ২২ পৃষ্ঠাত দিয়া লেখটোৰ ওপৰত গৃহস্থক মনোযোগ দিবলৈ আগ্ৰহ কৰক।
সচেতন! আগষ্ট ২২
“আপুনি জানেনে যে পৰ্য্যটন উদ্যোগক বিশ্বৰ এক নম্বৰ নিয়োগকৰ্তা বুলি কোৱা হয়? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] পৰ্য্যটকৰ সংখ্যাত হোৱা বৃদ্ধিয়ে লাভ আৰু সমস্যা কঢ়িয়াই আনিছে। এই আলোচনীখনত বৰ্তমান সময়ৰ পৰ্য্যটন উদ্যোগৰ সপক্ষে আৰু প্ৰবঞ্চনাৰ বিষয়ে আলোচনা কৰা হৈছে। তদুপৰি ইয়াত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকসকলৰ বাবে কিছুমান সহায় আগবঢ়োৱা হৈছে।”
প্ৰহৰীবুৰুজ ছেপ্টেম্বৰ ১
“বৰ্তমান জগতে আনুগত্য গুণটোক কৰ্ম্মত অভ্যাস কৰাৰ সলনি অধিককৈ মূল্যাঙ্কন কৰে। যদি বেছিভাগ ব্যক্তিয়ে ইয়াত বৰ্ণনা কৰা বন্ধুজনৰ দৰে হয়, তেন্তে আচৰিত হোৱাৰ বিষয় নহয়নে? [হিতোপদেশ ১৭:১৭ পদটো পঢ়ক আৰু উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] পৰিয়াল আৰু আমাৰ বন্ধু-বান্ধৰ মাজত আনুগত্য বজাই ৰাখি পোৱা লাভসমূহৰ বিষয়ে এই আলোচনীখনত আলোচনা কৰা হৈছে।”
সচেতন! ছেপ্টেম্বৰ ৮
“প্ৰাকৃতিত দেখিবলৈ পোৱা সহযোগিতা লক্ষ্য কৰি আপুনি হয়তো আচৰিত হৈছে। [আলোচনীখনত দিয়া এটা উদাহৰণ উল্লেখ কৰক।] কিন্তু মানুহৰ মাজত তেনে সহযোগিতা দেখিবলৈ নোপোৱাটো এটা দুখৰ বিষয় নহয়নে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনত বৰ্ণনা কৰা হৈছে যে ঈশ্বৰে শীঘ্ৰেই আমাৰ পৃথিৱীখনৰ সামঞ্জস্যত শান্তি স্থাপন কৰিব।” তাৰ পিছত যিচয়া ১১:৯ পদটো পঢ়ক।